Acts 6:14 in Assamese 14 কিয়নো আমি তেওঁক কোৱা শুনিছো যে, এই নাচৰতীয়া যীচুৱে এই ঠাই নষ্ট কৰিব আৰু মোচিয়ে আমাক দিয়া বিধানও সলনি কৰিব।”
Other Translations King James Version (KJV) For we have heard him say, that this Jesus of Nazareth shall destroy this place, and shall change the customs which Moses delivered us.
American Standard Version (ASV) for we have heard him say, that this Jesus of Nazareth shall destroy this place, and shall change the customs which Moses delivered unto us.
Bible in Basic English (BBE) For he has said in our hearing that this Jesus of Nazareth will put this place to destruction and make changes in the rules which were handed down to us by Moses.
Darby English Bible (DBY) for we have heard him saying, This Jesus the Nazaraean shall destroy this place, and change the customs which Moses taught us.
World English Bible (WEB) For we have heard him say that this Jesus of Nazareth will destroy this place, and will change the customs which Moses delivered to us."
Young's Literal Translation (YLT) for we have heard him saying, That this Jesus the Nazarean shall overthrow this place, and shall change the customs that Moses delivered to us;'
Cross Reference Isaiah 65:15 in Assamese 15 মোৰ মনোনীত লোকসকলৰ বাবে শাও দিবলৈ তোমালোকে তোমালোকৰ নাম থৈ যাবা, আৰু মই, প্ৰভু যিহোৱাই তোমাক মৃত্যু দিম, আৰু নিজ দাসসকল আন নামেৰে মাতিব।
Isaiah 66:1 in Assamese 1 যিহোৱাই এই কথা কৈছে, “স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিবী মোৰ ভৰিৰ পীৰা; তোমালোকে মোৰ অৰ্থে কেনেকুৱা গৃহ নিৰ্ম্মাণ কৰিবা? মই বিশ্রাম ল’ব পৰা স্থান ক’ত?
Isaiah 66:19 in Assamese 19 মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
Jeremiah 7:4 in Assamese 4 এইবোৰ “যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ!” এই বুলি কোৱা কথাত তোমালোকে বিশ্বাস নকৰিবা।
Jeremiah 26:6 in Assamese 6 তেনেহ’লে মই এই গৃহক চীলোৰ দৰে কৰিম, আৰু এই নগৰক পৃথিৱীৰ আটাই জাতিৰ শাওৰ বিষয় কৰিম।
Jeremiah 26:12 in Assamese 12 তেতিয়া যিৰিমিয়াই সকলো প্ৰধান লোক আৰু আটাই প্ৰজাৰ আগত ক’লে, “এই গৃহ আৰু নগৰৰ বিৰুদ্ধে তোমালোকে শুনা আটাইবোৰ ভাববাণী প্ৰচাৰ কৰিবলৈ যিহোৱাই মোক পঠিয়ালে।
Jeremiah 26:18 in Assamese 18 তেওঁলোকে ক’লে, “যিহূদাৰ হিষ্কিয়া ৰজাৰ ৰাজত্বৰ কালত মোৰেষ্টিয়া মীখায়াই ভাববাণী প্ৰচাৰ কৰিছিল। তেওঁ যিহূদাৰ আটাই লোকক কৈছিল, ‘বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছিল: “চিয়োনক পথাৰৰ দৰে চহোৱা হ’ব, যিৰূচালেম ভগ্নৰাশি হ’ব আৰু গৃহটি থকা পৰ্ব্বতটো কাঠনিৰ ওখ ঠাইৰ দৰে হ’ব।”
Daniel 9:26 in Assamese 26 বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।
Hosea 3:4 in Assamese 4 কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।
Micah 3:12 in Assamese 12 এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।
Zechariah 11:1 in Assamese 1 হে লিবানোন, অগ্নিয়ে তোমাৰ এৰচ গছবোৰ গ্ৰাস কৰিবৰ কাৰণে তোমাৰ দুৱাৰবোৰ মুকলি কৰা!
Zechariah 14:2 in Assamese 2 কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।
Matthew 24:1 in Assamese 1 যীচু ধৰ্মধামৰ পৰা ওলাই যাওঁতে, তেওঁৰ শিষ্য সকলে তেওঁক মন্দিৰৰ গাঁথনিবোৰ দেখুৱাবলৈ ওচৰলৈ আহিল।
Matthew 26:61 in Assamese 61 “এওঁ কৈছিল, ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি, তিন দিনৰ ভিতৰতে তাক সাজিব পাৰোঁ’।”
Mark 14:58 in Assamese 58 “‘হাতে সজা এই মন্দিৰ মই নষ্ট কৰি, তিন দিনৰ ভিতৰত হাতেৰে নসজা আন এটা সাজিম’৷ তেওঁ এনে কথা কোৱা আমি শুনিছিলোঁ!”
Luke 13:34 in Assamese 34 হে যিৰূচালেম! যিৰূচালেম! যি জনে ভাৱবাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলৰ ওপৰত শিল দলিয়াই৷ বহু বাৰ মই তোমাৰ এই ল’ৰা ছোৱালীবোৰক বচাব খুজিছিলোঁ, কুকুৰাই যেনেকৈ নিজ পোৱালিবোৰক ডেউকাৰ তলত সুৰক্ষা দি ৰাখে তেনেকৈ ৰাখিব খুজিছিলোঁ: কিন্তু তুমি সন্মত নহ’লা৷
Luke 21:6 in Assamese 6 “এই যিবোৰ বস্তু দেখিছা; যেতিয়া সময় আহিব, ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হ’ব।”
Luke 21:24 in Assamese 24 তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।
John 4:21 in Assamese 21 যীচুৱে তেওঁক ক’লে, “হে নাৰী, মোৰ কথা বিশ্বাস কৰা! এনে কাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ আৰাধনা এই পর্বতত নাইবা যিৰূচালেমত নকৰিবা।
Acts 15:1 in Assamese 1 যিহূদা প্রদেশৰ পৰা কেইজনমান লোক আহি বিশ্বাসী ভাই সকলক এই শিক্ষা দিলে যে, “মোচিৰ বিধান অনুসাৰে চুন্নৎ কার্য নকৰিলে, আপোনালোকে পৰিত্ৰাণ নাপাব।”
Acts 21:21 in Assamese 21 কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সম্বাদ পালে; তুমি বোলে, অনা-ইহুদী সকলৰ মাজত থকা ইহুদী লোকক মোচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে, তেওঁলোকে লৰাৰ চুন্নৎ কৰিব নালাগে আৰু ৰীতি মতে আচৰণ কৰিব নালাগে।
Acts 25:8 in Assamese 8 তেতিয়া পৌলে নিজৰ পক্ষে উত্তৰ দি ক’ব ধৰিলে, “ইহুদী সকলৰ বিধানৰ, বা মন্দিৰৰ, বা চীজাৰৰ বিৰুদ্ধ মই একো পাপ কৰা নাই।”
Acts 26:3 in Assamese 3 ইহুদী সকলৰ মাজত বিশেষকৈ যিবোৰ নীতি-নিয়ম আৰু বাদ-বিচাৰ আছে, সেই বিষয়ে আপোনাৰ জ্ঞান আছে; সেই বাবেই বিনয় কৰোঁ, আপুনি যেন ধৈর্য ধৰি মোৰ কথাবোৰ শুনে৷
Acts 28:17 in Assamese 17 তিন দিনৰ পাছত পৌলে ইহুদী সকলৰ প্ৰধান লোক সকলক মতাই আনি গোট খুৱালে আৰু তেওঁলোক গোট খোৱাত, তেওঁ ক’লে, “হে ভাই সকল, মই আমাৰ জাতিৰ নাইবা পূর্বপুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই; তথাপি যিৰূচালেমৰ পৰা নিয়া হৈ ৰোমীয় লোক সকলৰ হাতত মই বন্দী হিচাপে সমর্পিত হৈছোঁ৷
Galatians 3:19 in Assamese 19 তেনেহলে ঈশ্বৰে বিধান কিয় দিলে? বিধান লঙ্ঘন কৰাৰ দ্বাৰা অপৰাধ বুজিবলৈ বিধান দিয়া হৈছিল; যি জনৰ ওচৰত ঈশ্বৰে প্রতিজ্ঞা কৰিছিল, অব্রাহামৰ সেই বংশ নহালৈকে, তাতে বর্তি থাকিবলৈ বিধান দিয়া হৈছিল। স্বর্গৰ দূত সকলৰ যোগেদি এজন মধ্যস্থকাৰীৰ দ্বাৰাই এই বিধান নিৰূপিত কৰা হৈছিল।
Galatians 3:23 in Assamese 23 খ্রীষ্টত এই বিশ্বাস অহাৰ আগেয়ে, যেতিয়ালৈকে ঈশ্বৰে আমাৰ ওচৰত বিশ্বাসৰ সেই কথা প্রকাশ নকৰিলে, আমি বিধানৰ অধীনত বন্দী আৰু ৰক্ষিত আছিলোঁ।
Galatians 4:3 in Assamese 3 এনেকৈ আমি যেতিয়া শিশু অৱস্থাত আছিলোঁ, আমিও তেনেকৈ পৰৰ মৌলিক সৰ্বশ্ৰেষ্ঠ বিশ্ব জগতৰ বিধিৰ অধীনত দাস আছিলোঁ;
Hebrews 7:11 in Assamese 11 লেবীয়া পৌৰহিত্যৰ অধীনত লোক সকলে বিধান পালে; এতেকে সেই লেবীয়া পুৰোহিতৰ কার্যৰ দ্বাৰাই যদি পূৰ্ণতা লাভ কৰিব পাৰি, তেনেহলে আন এজন পুৰোহিতৰ প্রয়োজন নহ’লহেঁতেন, যি জন প্রথম লেবীয়া পুৰোহিত হাৰোণৰ ৰীতিৰ নিচিনা নহয়, কিন্তু মল্কিচেদকৰ ৰীতিৰ নিচিনা আছিল।
Hebrews 8:6 in Assamese 6 কিন্তু এতিয়া, খ্ৰীষ্টক যি কার্যত নিয়োগ কৰা হৈছে, সেয়া সেই মহা-পুৰোহিত সকলতকৈয়ো অধিক গুণে উত্তম৷ কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে, যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ৷ এই বিধান, শ্ৰেষ্ঠ বিষয়ৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত স্থাপিত হৈছে৷
Hebrews 9:9 in Assamese 9 ই আজিৰ কাৰণে এটা দৃষ্টান্ত স্বৰূপ; উৎসৰ্গিত বলি আৰু উপহাৰে উপাসনাকাৰীৰ বিবেকক সম্পূৰ্ণ ৰূপে নিখুঁত কৰিব পৰা নাই৷
Hebrews 10:1 in Assamese 1 কিয়নো বিধান ভাবি মঙ্গলৰ ছায়া বিশিষ্ট হৈ, বিধান সেইবোৰ বিষয়ৰ প্ৰকৃত ৰূপ নহয়৷ সেয়েহে যি সকল পুৰোহিতে ঈশ্বৰৰ উপাসনা কৰিবলৈ আহে, তেওঁলোকে বছৰ বছৰ একে ৰূপে বাৰে বাৰে বলিদান কৰে; কিন্তু বিধানে সেইবোৰৰ দ্বাৰাই চাপি যোৱা সকলক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে।
Hebrews 12:26 in Assamese 26 তেতিয়া তেওঁৰ ধ্বনিয়ে জগত লৰাইছিল; কিন্তু এতিয়া তেওঁ প্ৰতিজ্ঞা কৰি কৈছে যে, পুনৰ এবাৰ কেৱল মই জগত লৰাম, এনে নহয় আকাশকো লৰাম।