Acts 6:1 in Assamese 1 সেই সময়ত শিষ্য সকলৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ আছিল। গ্ৰীকভাষী ইহুদী সকলে স্থানীয় ইব্ৰী ভাষী ইহুদী সকলৰ বিৰুদ্ধে অভিযোগ আনিলে যে, খাদ্য বিতৰণৰ সময়ত প্ৰতিদিনে তেওঁলোকৰ বিধৱা সকলক অৱহেলা কৰা হৈছে।
Other Translations King James Version (KJV) And in those days, when the number of the disciples was multiplied, there arose a murmuring of the Grecians against the Hebrews, because their widows were neglected in the daily ministration.
American Standard Version (ASV) Now in these days, when the number of the disciples was multiplying, there arose a murmuring of the Grecian Jews against the Hebrews, because their widows were neglected in the daily ministration.
Bible in Basic English (BBE) Now in those days, when the number of the disciples was increasing, protests were made by the Greek Jews against the Hebrews, because their widows were not taken care of in the distribution of food every day.
Darby English Bible (DBY) But in those days, the disciples multiplying in number, there arose a murmuring of the Hellenists against the Hebrews because their widows were overlooked in the daily ministration.
World English Bible (WEB) Now in those days, when the number of the disciples was multiplying, a complaint arose from the Grecian Jews against the Hebrews because their widows were neglected in the daily service.
Young's Literal Translation (YLT) And in these days, the disciples multiplying, there came a murmuring of the Hellenists at the Hebrews, because their widows were being overlooked in the daily ministration,
Cross Reference Deuteronomy 24:19 in Assamese 19 আপোনালোকৰ খেতিৰ শস্য দোৱাৰ সময়ত যদি শস্যৰ কোনো মুঠি লগত আনিবলৈ পাহৰি যায়, তেন্তে তাক আনিবলৈ উলটি নাযাব; সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে হ’ব। তাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কাৰ্য্যতে আপোনালোকক আশীৰ্ব্বাদ কৰিব।
Deuteronomy 26:12 in Assamese 12 প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, আপোনালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত আপোনালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিব। তাতে সেই সকলোৱে আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱ-বোৱা কৰি তৃপ্ত হ’ব।
Job 29:13 in Assamese 13 বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল; মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ।
Job 31:16 in Assamese 16 মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ, আৰু বিধৱাৰ চকু জলকা লগালোঁ,
Psalm 72:16 in Assamese 16 পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।
Psalm 110:3 in Assamese 3 যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে, পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব; ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ঁৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।
Isaiah 1:17 in Assamese 17 ভাল কৰ্ম কৰিবলৈ শিকা। ন্যায়বিচাৰ বিচৰা, আৰু নিপীড়িতক সহায় কৰা, পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া।”
Isaiah 27:6 in Assamese 6 ভবিষ্যত দিনত যাকোবে শিপা ধৰিব; ইস্ৰায়েলে কলি ধৰিব আৰু ফুলিব, আৰু তেওঁলোকে ভূ-মণ্ডলক ফলেৰে পৰিপূৰ্ণ কৰিব।”
Jeremiah 30:19 in Assamese 19 আৰু সেইবোৰৰ পৰা স্তুতি-গীত আৰু আমোদকাৰীসকলৰ ধ্বনি উঠিব, মই তেওঁলোকক বৃদ্ধি কৰিম, তেতিয়া তেওঁলো কম নহ’ব; মই তেওঁলোকক গৌৰৱযুক্তও কৰিম, তাতে তেওঁলোক সামান্য নহ’ব।
Ezekiel 22:7 in Assamese 7 তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
Malachi 3:5 in Assamese 5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
Matthew 23:13 in Assamese 13 কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
Acts 2:41 in Assamese 41 তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ল’লে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷
Acts 2:45 in Assamese 45 আৰু তেওঁলোকৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।
Acts 2:47 in Assamese 47 আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।
Acts 4:4 in Assamese 4 কিন্তু যিসকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসী সকলৰ সংখ্যা হিচাপ কৰোঁতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল।
Acts 4:35 in Assamese 35 পাছত বিশ্বাসী সকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনি সকলে সকলোকে ভগাই দিয়ে।
Acts 5:14 in Assamese 14 কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে।
Acts 5:28 in Assamese 28 “এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপি তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।”
Acts 6:7 in Assamese 7 তাৰ পাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গ’ল আৰু শিষ্য সকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰি ইহুদী পুৰোহিত সকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ল’লে।
Acts 9:29 in Assamese 29 তাতে তেওঁ গ্ৰীকভাষী ইহুদী সকলৰ সৈতে কথোপকথন আৰু বাদ-বিবাদ কৰিলে, কিন্তু তেওঁলোকে তেওঁক বধ কৰিবলৈ চেষ্টা কৰিব ধৰিলে।
Acts 9:39 in Assamese 39 তেতিয়া পিতৰ উঠি তেওঁলোকৰ লগত গৈ তাত উপস্থিত হোৱাত, লোক সকলে তেওঁক ওপৰৰ কোঠালিলৈ নিলে আৰু বিধৱা সকলে তেওঁৰ ওচৰত থিয় হৈ কান্দি কান্দি, দৰ্কাই তেওঁলোকৰ লগত থাকোতে প্ৰস্তুত কৰা চোলা আদি কাপোৰ দেখুৱাবলৈ ধৰিলে।
Acts 9:41 in Assamese 41 তাতে তেওঁ টাবিথাক হাতত ধৰি তুলিলে; আৰু বিশ্বাসীসকলৰ লগতে বিধৱা সকলক তেওঁ মাতি আনিলে আৰু তেওঁলোকৰ আগত জীয়াই উঠা দেখুৱালে।
Acts 11:20 in Assamese 20 কিন্তু তেওঁলোকৰ মাজৰ কুপ্ৰ আৰু কুৰীণীৰ কিছুমান আন্তিয়খিয়ালৈ আহি গ্ৰীকভাষী সকলৰ আগত প্ৰভু যীচুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে৷
1 Corinthians 10:10 in Assamese 10 তেওঁলোকৰ কিছুমান লোকে অভিযোগ কৰি ধ্বংসকাৰী স্বর্গৰ দূতৰ কবলত মৃত্যু হ’ল, আপোনালোক তেনেকৈ অভিযোগ নকৰিব৷
2 Corinthians 11:22 in Assamese 22 তেখেত সকল ইব্ৰী লোক নে? মইয়ো হওঁ। তেখেত সকল ইস্ৰায়েলীয়া নে? মইয়ো হওঁ। তেখেত সকল অব্ৰাহামৰ বংশ নে? মইয়ো হওঁ।
Philippians 3:5 in Assamese 5 মই অষ্টম দিনত চুন্নৎ হোৱা ইস্ৰায়েল জাতিৰ, বিন্যামীন ফৈদৰ, ইব্ৰী সকলৰ মাজত এজন প্ৰকৃত ইব্ৰী, আৰু বিধানৰ সম্বন্ধে এজন ফৰীচী৷
1 Timothy 5:4 in Assamese 4 কিন্তু যদি কোনো বিধৱাৰ সন্তান বা নাতি-নাতিনী থাকে, তেনেহলে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোক সকলৰ প্রতি শ্রদ্ধা-ভক্তি দেখুৱাবলৈ আৰু নিজ পিতৃ-মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এয়ে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয়।
1 Timothy 5:9 in Assamese 9 এগৰাকী বিধৱা বুলি এনে মহিলা সকলৰ নাম তালিকাভুক্ত হওক: যি গৰাকীৰ বয়স ষাঠিতকৈ কম নহয় আৰু তেওঁ এজন স্বামীৰ ভার্যা আছিল।
Hebrews 13:1 in Assamese 1 ভাতৃ-প্ৰেম চলি থাকক।
James 1:27 in Assamese 27 মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু জগতৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।
James 4:5 in Assamese 5 অথবা ধৰ্মশাস্ত্ৰৰ বচনে অনৰ্থকৰূপে কয় বুলি আপোনালোকে ভাবিছে নে? যি আত্মা তেওঁ আমাত নিবাস কৰাইছিল, সেই আত্মাই ঈৰ্ষালৈ অতিশয় হাবিয়াহ কৰে নে?
James 5:9 in Assamese 9 হে ভাই সকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে আৰ্ত্তস্বৰ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।