Acts 5:4 in Assamese 4 সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই ক্ষমতাৰ অধীনত নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেনেহলে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা ক’লা।”
Other Translations King James Version (KJV) Whiles it remained, was it not thine own? and after it was sold, was it not in thine own power? why hast thou conceived this thing in thine heart? thou hast not lied unto men, but unto God.
American Standard Version (ASV) While it remained, did it not remain thine own? and after it was sold, was it not in thy power? How is it that thou hast conceived this thing in thy heart? thou has not lied unto men, but unto God.
Bible in Basic English (BBE) While you had it, was it not your property? and after you had given it in exchange, was it not still in your power? how has this purpose come into your mind? you have been false, not to men, but to God.
Darby English Bible (DBY) While it remained did it not remain to *thee*? and sold, was [it not] in thine own power? Why is it that thou hast purposed this thing in thine heart? Thou hast not lied to men, but to God.
World English Bible (WEB) While you kept it, didn't it remain your own? After it was sold, wasn't it in your power? How is it that you have conceived this thing in your heart? You haven't lied to men, but to God."
Young's Literal Translation (YLT) while it remained, did it not remain thine? and having been sold, in thy authority was it not? why `is' it that thou didst put in thy heart this thing? thou didst not lie to men, but to God;'
Cross Reference Exodus 16:8 in Assamese 8 মোচিয়ে পুনৰ ক’লে, “যিহোৱাই গধূলি যেতিয়া আপোনালোকক খাবলৈ মাংস, আৰু ৰাতিপুৱা উপচি পৰাকৈ পিঠা দিব, তেতিয়া যিহোৱাৰ বিৰুদ্ধে আপোনালোকে কৰা অভিযোগ তেওঁ যে শুনিলে, সেই কথা আপোনালোকে বুজি পাব। হাৰোণ আৰু মই কোন? আপোনালোকৰ অভিযোগ আমাৰ বিৰুদ্ধে নহয়; যিহোৱাৰ বিৰুদ্ধেহে।”
Exodus 35:21 in Assamese 21 যিসকলৰ হৃদয়ত প্রবৃত্তি আৰু মনত ইচ্ছা জন্মিল তেওঁলোকে যিহোৱাৰ বাবে উপহাৰ আনিলে। তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ, তম্বুৰ সম্পৰ্কীয় সকলো সামগ্রীৰ, আৰু পবিত্ৰ বস্ত্ৰৰ বাবে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে।
Exodus 35:29 in Assamese 29 ইস্ৰায়েলৰ সকলোলোকে ইচ্ছাকৃত ভাৱে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। প্রত্যেক পুৰুষ আৰু মহিলাই ইচ্ছাকৃতভাৱে উপহাৰ প্রদান কৰিলে। যিহোৱাই মোচিক যিসকলো কৰিবলৈ আজ্ঞা কৰিছিল, সেই সকলো উপহাৰ সামগ্রীৰ সহায়ত মোচিয়ে তৈয়াৰ কৰিলে।
Numbers 16:11 in Assamese 11 সেইবাবে তুমি আৰু তোমাৰ গোটেই দলে যিহোৱাৰ বিৰুদ্ধে গোট খাইছা। গতিকে কিয় তোমালোকে হাৰোণৰ বিৰুদ্ধে আপত্তি কৰিছা, যিজনে যিহোৱাক মানি চলে?”
Joshua 7:25 in Assamese 25 পাছত যিহোচূৱাই ক’লে, “তুমি আমাক কিয় দুখত পেলালা? যিহোৱাই আজি তোমাকো দুখত পেলাব।” পাছত সমুদায় ইস্ৰায়েলে তাক আৰু তাৰ সকলোকে শিল দলিয়াই বধ কৰিলে আৰু সকলোকে জুইত পুৰিলে৷
1 Samuel 8:7 in Assamese 7 যিহোৱাই চমূৱেলক ক’লে, “এইলোক সকলে তোমাৰ আগত যি যি কথা কৈছে, সেই সকলো কথা শুনা; কিয়নো সিহঁতে যে তোমাক অগ্ৰাহ্য কৰিলে, এনে নহয়, কিন্তু মই যেন সিহঁতৰ ওপৰত ৰাজত্ব নকৰোঁ, এই আশয়েৰে মোকেই অগ্ৰাহ্য কৰিলে।
2 Kings 5:25 in Assamese 25 তাৰ পাছত তেওঁ ভিতৰলৈ গৈ নিজৰ প্ৰভুৰ সন্মুখত থিয় হ’ল। তেতিয়া ইলীচাই তেওঁক সুধিলে, “গেহজী, তুমি ক’ৰ পৰা আহিলা?” তেওঁ উত্তৰ দিলে, “আপোনাৰ দাস ক’লৈকো যোৱা নাই।”
1 Chronicles 29:3 in Assamese 3 মোৰ ঈশ্বৰৰ গৃহৰ কাৰণে মই আনন্দিত হ’লো, আৰু মোৰ ব্যক্তিগত ভঁৰালৰ পৰা সোণ, ৰূপ ইয়াৰ বাবে দান দিছোঁ। ইয়াৰ উপৰিও পবিত্র মন্দিৰৰ কাৰণে মই সকলো কৰিবলৈ প্রস্তুত।
1 Chronicles 29:5 in Assamese 5 সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, আৰু শিল্পকৰ্ম্ম কৰোঁতাসকলে কৰা সকলো ধৰণৰ কামৰ কাৰণে মই সকলো বস্তু দান কৰিলোঁ। আজি কোনে যিহোৱালৈ বৰঙণি দিব আৰু নিজকে তেওঁলৈ উৎসৰ্গ কৰিব?
1 Chronicles 29:9 in Assamese 9 তেওঁলোকে নিজ ইচ্ছাৰে আৰু সকলো হৃদয়েৰে যিহোৱাৰ উদ্দেশ্যে দান দিয়াৰ কাৰনে প্ৰজাসকলে আনন্দ কৰিলে। ৰজা দায়ূদেও মহা-আনন্দ কৰিলে।
1 Chronicles 29:17 in Assamese 17 হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তুষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ।
Job 15:35 in Assamese 35 সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে; সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।”
Psalm 7:14 in Assamese 14 ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে; সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।
Psalm 139:4 in Assamese 4 কিয়নো হে যিহোৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেয়েই তুমি সেই সকলো জানা।
Isaiah 59:4 in Assamese 4 কোনেও ধাৰ্ম্মিকতাৰে গোচৰ নকৰে, আৰু কোনেও সত্যতাৰে প্ৰতিবাদ নকৰে; তেওঁলোকে অসাৰ কথাত ভাৰসা কৰে, আৰু মিছা কথা কয়, তেওঁলোকে সমস্যা গৰ্ভধাৰণ কৰি অধৰ্ম্ম প্ৰসৱ কৰে।
Ezekiel 38:10 in Assamese 10 প্ৰভু যিহোৱাই এইদৰে কৈছে: ‘সেই দিনা তোমাৰ মনত নানা ভাৱ উদয় হ’ব আৰু তুমি কু-কল্পনা কৰিবা।’
Luke 10:16 in Assamese 16 যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”
Acts 5:3 in Assamese 3 তেতিয়া পিতৰে তেওঁক ক’লে, “হে অননিয়, পবিত্ৰ আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা?
Acts 5:9 in Assamese 9 তেতিয়া পিতৰে চাফীৰাক ক’লে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হ’লা? চোৱা, যিসকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব।”
Acts 8:21 in Assamese 21 আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই, যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়।
1 Corinthians 8:8 in Assamese 8 খোৱা বস্তুৰ দ্বাৰা আমি ঈশ্বৰৰ আগত গ্রহণযোগ্য নহওঁ। আমি নাখালেও আমাৰ ক্ষতি নহয় বা খালেও আমাৰ লাভ নহয়।
1 Corinthians 9:5 in Assamese 5 অন্যান্য পাঁচনি আৰু প্ৰভুৰ নিজৰ ভায়েকসকলৰ লগতে কৈফায়ো যেনেকৈ কৰে, তেনেকৈ আমাৰ জানো কোনো বিশ্বাসীক ভাৰ্যা হিচাপে লগত লৈ যাবলৈ ক্ষমতা নাই?
1 Thessalonians 4:8 in Assamese 8 এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যি জনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।
Philemon 1:14 in Assamese 14 কিন্তু তোমাৰ অনুমতি অবিহনে মই একো কৰিবলৈ আৱশ্যক নেদেখিলোঁ, সেয়েহে তোমাৰ সৎ গুণ উপায়ন্তৰ হৈ কৰা নহওক, কিন্তু স্ব-ইচ্ছাৰে হওক।
James 1:15 in Assamese 15 তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷