Acts 4:27 in Assamese 27 হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী লোক সকলৰ সৈতে একেলগ হৈছিল।
Other Translations King James Version (KJV) For of a truth against thy holy child Jesus, whom thou hast anointed, both Herod, and Pontius Pilate, with the Gentiles, and the people of Israel, were gathered together,
American Standard Version (ASV) for of a truth in this city against thy holy Servant Jesus, whom thou didst anoint, both Herod and Pontius Pilate, with the Gentiles and the peoples of Israel, were gathered together,
Bible in Basic English (BBE) For, truly, in this town, against your holy servant, Jesus, who was marked out by you as Christ, Herod, and Pontius Pilate, with the Gentiles and the people of Israel, came together,
Darby English Bible (DBY) For in truth against thy holy servant Jesus, whom thou hadst anointed, both Herod and Pontius Pilate, with [the] nations, and peoples of Israel, have been gathered together in this city
World English Bible (WEB) For truly, in this city against your holy servant, Jesus, whom you anointed, both Herod and Pontius Pilate, with the Gentiles and the people of Israel, were gathered together
Young's Literal Translation (YLT) for gathered together of a truth against Thy holy child Jesus, whom Thou didst anoint, were both Herod and Pontius Pilate, with nations and peoples of Israel,
Cross Reference Job 14:4 in Assamese 4 অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে।
Job 15:14 in Assamese 14 মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে?
Job 25:4 in Assamese 4 তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্ম্মিক হ’ব পাৰে? আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?
Psalm 2:2 in Assamese 2 যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;
Psalm 2:6 in Assamese 6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
Psalm 45:7 in Assamese 7 তুমি ধাৰ্ম্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।
Isaiah 49:7 in Assamese 7 ইস্রায়েলৰ মুক্তিদাতা, তেওঁলোকৰ পবিত্র জনা,যিহোৱাই এই কথা কৈছে, যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘিণ কৰে, যি জনা অধিপতিসকলৰ দাস: কাৰণ বিশ্বাসীযোগ্য যিহোৱাই, তাৰ ওপৰিও ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক মনোনীত কৰিলে। তেওঁৰেই বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব।
Isaiah 53:3 in Assamese 3 তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই প্রত্যাখ্যিত; শোকাতুৰ আৰু যাতনা পৰিচিত ব্যক্তি। যাৰ পৰা মানুহে মুখ লুকাই ৰাখে, তেওঁ তাৰ দৰে; তেওঁক তুচ্ছ জ্ঞান কৰা হল, আৰু আমি তেওঁক বিশেষত্বহীন বুলি বিবেচনা কৰিলো।
Isaiah 61:1 in Assamese 1 প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।
Zechariah 11:7 in Assamese 7 তেতিয়া বেচোঁতাসকলৰ বধ কৰিবলগীয়া সেই ভেড়াৰ-জাকবোৰৰ ৰখীয়া মই হ’লো, আৰু মই নিজৰ কাৰণে দুডাল লাখুটি ললোঁ; এডালৰ নাম “দয়া” আৰু আনডালৰ নাম “একতা” ৰাখিলোঁ। এইদৰে মই ভেড়া-জাকটো চৰাবলৈ ধৰিলোঁ।
Matthew 2:13 in Assamese 13 তেওঁলোক যোৱাৰ পাছত, প্ৰভুৰ এজন দূতে সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে, “উঠা, শিশু আৰু তেওঁৰ মাকক লৈ, মিচৰ দেশলৈ পলাই যোৱা আৰু মই তোমাক নোকোৱা পর্যন্ত সেই ঠাইতে থাকিবা, উলটি নাহিবা; কিয়নো ল’ৰা জনক বিনাশ কৰিবৰ কাৰণে হেৰোদে তেওঁক বিচাৰি আছে।”
Matthew 14:1 in Assamese 1 সেই সময়ত গালীলৰ শাসনকর্তা হেৰোদে যীচুৰ সুখ্যাতিৰ বিষয়ে শুনিলে।
Matthew 20:18 in Assamese 18 “চোৱা, আমি যিৰূচালেমলৈ গৈ আছোঁ; তাত মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব; তাতে তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিব;
Matthew 21:28 in Assamese 28 “কিন্তু আপোনালোকে কি ভাবে? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথম জনৰ ওচৰলৈ গৈ ক’লে, ‘বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ’।
Matthew 23:37 in Assamese 37 “যিৰূচালেম, যিৰূচালেম, যি জনে ভাৱবাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমাৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই ল’বলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।
Matthew 26:3 in Assamese 3 তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;
Matthew 26:59 in Assamese 59 তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷
Matthew 27:2 in Assamese 2 তেওঁক বান্ধিলে আৰু পীলাত নামেৰে দেশাধিপতিৰ হাতত শোধাই দিলে।
Matthew 27:11 in Assamese 11 পাছত যীচুক সেই দেশাধিপতিৰ সন্মুখত থিয় কৰোঁৱাত, দেশাধিপতিয়ে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা নে?” যীচুৱে তেওঁক ক’লে, “ঠিক তুমিয়েই কৈছা।”
Matthew 27:40 in Assamese 40 “হে’ৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে ক্ৰুচৰ পৰা নামি আহা।”
Mark 10:33 in Assamese 33 “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব৷ তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিব, আৰু অনা-ইহুদী সকলৰ হাতত শোধাই দিব৷
Mark 14:1 in Assamese 1 নিস্তাৰপৰ্ব আৰু খমিৰ নোহোৱা পিঠাৰ পৰ্বলৈ দুদিন আছিল; এনে সময়ত প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক গোপনে ধৰি বধ কৰিব পাৰে, সেই বিষয়ে উপায় বিচাৰিলে;
Mark 14:43 in Assamese 43 তেতিয়া যীচুৱে এই কথা কৈ থাকোতেই, বাৰ জনৰ মাজৰ যিহুদা আৰু তেওঁৰে সৈতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকলৰ লগত তৰোৱাল আৰু টাঙোন লৈ থকা মানুহৰ এটা দল ওচৰ চাপি আহিল৷
Mark 15:1 in Assamese 1 পাছত ৰাতিপুৱা প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে গোটেই মহাসভাই মন্ত্ৰণা কৰিলে৷ তেখেত সকলে যীচুক বান্ধিলে আৰু পীলাতৰ হাতত শোধাই দিলে।
Mark 15:31 in Assamese 31 সেইদৰে প্ৰধান পুৰোহিত সকলে বিধানৰ অধ্যাপক সকলৰ সৈতে ঠাট্টা-বিদ্ৰূপ কৰি পৰস্পৰৰ মাজত ক’লে, “সি আন লোকক ৰক্ষা কৰিছিল, কিন্তু নিজকেই ৰক্ষা কৰিব নোৱাৰে।
Luke 1:35 in Assamese 35 তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হ’ব,
Luke 4:18 in Assamese 18 ‘প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক (নিৰ্যাতিতসকলক) মুকলি কৰিবলৈ পঠালে।
Luke 9:22 in Assamese 22 আৰু তেওঁ ক’লে, “মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব লাগিব আৰু পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ দ্বাৰাই তেওঁ অগ্ৰাহ্য আৰু হত হৈ তৃতীয় দিনা উত্থিত হ’ব লাগিব।”
Luke 13:31 in Assamese 31 কিছু সময়ৰ পাছত কেইজনমান ফৰীচীয়ে আহি তেওঁক ক’লে, “তুমি ইয়াৰ পৰা অাতৰি যোৱা; কাৰণ হেৰোদে তোমাক বধ কৰিবলৈ বিচাৰি আছে।”
Luke 18:31 in Assamese 31 পাছত তেওঁ বাৰ জন পাঁচনিক লগত লৈ তেওঁলোকক ক’লে, “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে ভাৱবাদী সকলৰ দ্বাৰাই যি যি লিখা আছে, সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ’ব।
Luke 20:13 in Assamese 13 তেতিয়া দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ক’লে, ‘মই কি কৰিম? মোৰ প্ৰিয় পুত্ৰক পঠাই দিম; কিজানি তেওঁলোকে তেওঁক আদৰ কৰিব’!
Luke 22:1 in Assamese 1 সেই সময় খমিৰ নোহোৱা পর্বৰ ওচৰ হোৱাত, (এই পর্বক নিস্তাৰপৰ্ব বোলা হয়),
Luke 22:47 in Assamese 47 তেওঁ কথা কৈ থাকোতেই, বাৰ জন পাঁচনিৰ লগৰ যিহূদাৰ নেতৃত্বত এদল মানুহ আহি সেই ঠাইত উপস্থিত হ’ল। তাতে তেওঁ চুমা খাবলৈ যীচুৰ ওচৰ চাপি গ’ল।
Luke 22:63 in Assamese 63 পাছত যি সকল লোকে যীচুক ধৰি ৰাখিছিল, তেওঁলোকে তেওঁক বিদ্ৰূপ কৰি কোবালে;
Luke 23:7 in Assamese 7 পাছত তেওঁক হেৰোদ ৰজাৰ ক্ষমতাধীন এলেকাৰ ভিতৰৰ বুলি পীলাতে জানিবলৈ পোৱাত, তেওঁক হেৰোদৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো সেই সময়ত তেৱোঁ যিৰূচালেমতে আছিল।
John 1:11 in Assamese 11 যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে।
John 10:36 in Assamese 36 তেনেহলে যি জনক পিতৃয়ে পবিত্র কৰিলে আৰু জগতলৈ পঠালে, তেওঁক আপোনালোকে কয় নেকি যে ‘তুমি ঈশ্বৰ নিন্দা কৰিছা,’ কাৰণ ময়ো ক’লো যে ‘মই ঈশ্বৰৰ পুত্ৰ’?
John 18:1 in Assamese 1 যীচুৱে এইবোৰ কথা কৈ, কিদ্ৰোণ উপত্যকাৰ সিপাৰে য’ত এখন বাগিছা আছিল, সেই ঠাইলৈ তেওঁ শিষ্য সকলৰ সৈতে তালৈ ওলাই গ’ল; আৰু সেই বাগিচাত তেওঁ আৰু তেওঁৰ শিষ্য সকল সোমাল।
John 18:19 in Assamese 19 তেতিয়া মহা-পুৰোহিতে যীচুক, তেওঁৰ শিষ্য সকলৰ আৰু শিক্ষাৰ বিষয়ে সুধিলে।
John 18:28 in Assamese 28 ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰপৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
John 19:34 in Assamese 34 তথাপি সৈন্য সকলৰ এজনে বৰছাৰে খোঁচ মাৰি তেওঁৰ কোষ হানিলে; আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
Acts 2:27 in Assamese 27 কিয়নো তুমি মৃতলোকত মোৰ প্ৰাণক নেৰিবা, আৰু তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷
Acts 3:13 in Assamese 13 যি জন যীচুক আপোনালোকে সিদ্ধান্ত কৰি শত্ৰুৰ হাতত শোধাই দিলে আৰু পীলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে; অব্ৰাহাম, ইচহাক, যাকোবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচু খ্ৰীষ্টক মহিমাম্বিত কৰিলে।
Acts 4:30 in Assamese 30 তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া।”
Acts 10:38 in Assamese 38 সেয়ে এই যে, যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা আৰু শক্তিৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷
Hebrews 7:26 in Assamese 26 এনেকুৱা নিষ্পাপ, শুদ্ধ, পবিত্ৰ, পাপী সকলৰ পৰা পৃথক হোৱা এজন মহা-পুৰোহিত আমাৰ বাবে প্রয়োজন আছিল। আকাশ-মণ্ডলৰ উর্দ্ধতো তেওঁক তুলি নিয়া হৈছিল।