Acts 26:22 in Assamese 22 এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছোঁ আৰু সকলোৰে সন্মূখত সাক্ষ্য দিছোঁ৷ সেই মহান জনাৰ বিষয়ে ক’বলৈ যাওতে ভাববাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে আন একো কথা কোৱা নাই;
Other Translations King James Version (KJV) Having therefore obtained help of God, I continue unto this day, witnessing both to small and great, saying none other things than those which the prophets and Moses did say should come:
American Standard Version (ASV) Having therefore obtained the help that is from God, I stand unto this day testifying both to small and great, saying nothing but what the prophets and Moses did say should come;
Bible in Basic English (BBE) And so, by God's help, I am here today, witnessing to small and great, saying nothing but what the prophets and Moses said would come about;
Darby English Bible (DBY) Having therefore met with [the] help which is from God, I have stood firm unto this day, witnessing both to small and great, saying nothing else than those things which both the prophets and Moses have said should happen,
World English Bible (WEB) Having therefore obtained the help that is from God, I stand to this day testifying both to small and great, saying nothing but what the prophets and Moses said would happen,
Young's Literal Translation (YLT) `Having obtained, therefore, help from God, till this day, I have stood witnessing both to small and to great, saying nothing besides the things that both the prophets and Moses spake of as about to come,
Cross Reference 1 Samuel 7:12 in Assamese 12 তাৰ পাছত চমূৱেলে এটা শিল লৈ মিস্পা আৰু চেনৰ মাজ ঠাইত স্থাপন কৰিলে; আৰু “এতিয়ালৈকে যিহোৱাই আমাক সহায় কৰিলে” এইবুলি তাৰ নাম এবেন-এজৰ ৰাখিলে।
Ezra 8:31 in Assamese 31 প্ৰথম মাহৰ দ্বাদশ দিনা, আমি যিৰূচালেমলৈ যাবৰ বাবে অহবা নদীৰ পৰা যাত্রা কৰিলোঁ। আমাৰ ওপৰত আমাৰ ঈশ্বৰৰ হাত থকা বাবে তেওঁ শত্ৰুবোৰৰ ওপৰত আৰু বাটত খাপ দি থকা ডকাইতসকলৰ হাতৰ পৰা আমাক ৰক্ষা কৰিলে।
Psalm 18:47 in Assamese 47 তেৱেঁই আন জাতিবোৰক মোৰ অধীন কৰি বশীভুত কৰিলে, তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে।
Psalm 66:12 in Assamese 12 তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।
Psalm 118:10 in Assamese 10 সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
Psalm 124:1 in Assamese 1 ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেতেঁন,
Psalm 124:8 in Assamese 8 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।
Matthew 17:4 in Assamese 4 তেতিয়া পিতৰে মাত লগাই যীচুক ক’লে, “প্ৰভু, ভালেই হৈছে যে, আমি ইয়াত আছোঁ৷ আপোনাৰ ইচ্ছা হ’লে, মই ইয়াত তিনিটা পঁজা সাজিম, এটা আপোনাৰ, এটা মোচিৰ আৰু এটা এলিয়াৰ কাৰণে।”
Luke 16:29 in Assamese 29 কিন্তু অব্ৰাহামে তেওঁক ক’লে, তেওঁলোকৰ বাবে মোচি আৰু ভাৱবাদী সকল আছে; তেওঁলোকৰ কথা শুনক’৷
Luke 24:27 in Assamese 27 পাছত তেওঁ মোচিৰ পৰা আৰু সকলো ভাববাদীৰে পৰা আৰম্ভ কৰি গোটেই ধৰ্মশাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে।
Luke 24:44 in Assamese 44 আৰু তেওঁ তেওঁলোকক ক’লে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।”
Luke 24:46 in Assamese 46 আৰু তেওঁ তেওঁলোকক ক’লে, “এইদৰে লিখা আছে, যে খ্ৰীষ্টে দুখভোগ কৰি তৃতীয় দিনা মৃত লোকৰ মাজৰ পৰা পুনৰায় উঠিব৷
John 1:17 in Assamese 17 কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল।
John 1:45 in Assamese 45 ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, “মোচি আৰু ভাৱবাদী সকলে যি জনৰ বিষয়ে বিধান-শাস্ত্ৰত লিখিছিল, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু।
John 3:14 in Assamese 14 মোচিয়ে যেনেকৈ মৰুপ্রান্তত সাপক ওপৰত তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যেই ওপৰত উঠোৱা হ’ব,
John 5:39 in Assamese 39 আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে যে, সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। কিন্তু সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে;
John 5:46 in Assamese 46 আপোনালোকে যদি মোচিক বিশ্বাস কৰে, তেনেহলে মোকো বিশ্বাস কৰিলেহেঁতেন; কিয়নো মোচিয়ে মোৰেই বিষয়ে লিখিছে।
Acts 3:21 in Assamese 21 ঈশ্বৰে পবিত্ৰ ভাৱবাদী সকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল, এই সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীচু খ্রীষ্টক গ্রহণ কৰাৰ আৱশ্যক আছে।
Acts 10:43 in Assamese 43 তেওঁৰ পক্ষে সকলো ভাববাদীয়েও সাক্ষ্য দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ-মোচন পায়৷”
Acts 14:19 in Assamese 19 ইয়াৰ পাছত আন্তিয়খিয়া আৰু ইকনিয়ৰ পৰা কেইজনমান ইহুদী লোক আহি তাত থকা লোক সকলক প্রৰোচিত কৰাত মানুহবোৰে পৌললৈ শিল দলিয়ালে আৰু পাছত তেওঁ মৰিল বুলি ভাবি তেওঁক নগৰৰ বাহিৰলৈ চোঁচৰাই লৈ গ’ল।
Acts 16:25 in Assamese 25 তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল।
Acts 18:9 in Assamese 9 প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি ক’লে, “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;
Acts 20:20 in Assamese 20 আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা ক’বলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুহকিলো;
Acts 21:31 in Assamese 31 এইদৰেই তেওঁলোকে তেওঁক বধ কৰিবলৈ যত্ন কৰোঁতেই, যিৰূচালেম নগৰৰ সকলোতে হুলস্থুল লাগিল, তেতিয়া এই কথা সৈন্য দলৰ হাজাৰৰ সেনাপতিয়ে শুনিলে,
Acts 23:10 in Assamese 10 তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুৰ্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷
Acts 23:16 in Assamese 16 কিন্তু পৌলৰ ভাগিনিয়েকে (ভনীয়েকৰ পুতেকে) তেওঁলোকৰ এই খাপ দিয়া কথা শুনিলে, আৰু তেওঁ দুৰ্গলৈ আহি পৌলক এই বিষয়ে ক’লে৷
Acts 24:14 in Assamese 14 কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধান-শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি, এখেত সকলে যি পথক বিধৰ্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷
Acts 26:6 in Assamese 6 “ঈশ্ৱৰে আমাৰ পূর্বপুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছোঁ ৷
Acts 26:17 in Assamese 17 তোমাক মই যি লোকসকলৰ পৰা উদ্ধাৰ কৰিলোঁ, সেই লোকসকল আৰু অনা-ইহুদী সকলে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়,
Acts 28:23 in Assamese 23 পাছত তেওঁলোকে তেওঁলৈ এটা দিন নির্ধাৰণ কৰিলে আৰু বহুলোকে তেওঁক লগ পাবলৈ তেওঁ বসতি কৰা ঠাইলৈ আহিল৷ তেওঁ সেই মানুহবোৰৰ আগত এই বিষয়ে ঘোষণা কৰিলে, আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে সাক্ষ্য প্ৰদান কৰিলে। এইদৰে তেওঁ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মোচিৰ বিধান-শাস্ত্ৰ আৰু ভাৱবাদীৰ পুস্তকৰ পৰা কথা উলিয়াই যীচুৰ বিষয়ে তেওঁলোকক নিশ্চিত প্ৰত্যয় জন্মাবলৈ চেষ্টা কৰিলে৷
Romans 3:21 in Assamese 21 কিন্তু এতিয়া, যি বিষয়ত বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলে সাক্ষ্য দিলে, ঈশ্বৰে এনে বিষয়ত ধাৰ্মিকতা বিনাবিধানে প্ৰকাশিত কৰিছে;
2 Corinthians 1:8 in Assamese 8 কিয়নো, হে ভাই সকল, এচিয়াত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হ’লোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।
2 Timothy 3:11 in Assamese 11 তাড়না আৰু দুখভোগ, সেই সকলোৰে অনুগামী হলা, আৰু আন্তিয়খিয়া, ইকনিয়, আৰু লুস্ত্ৰাত মোলৈ কি ঘটনা ঘটিছিল, সেই বিষয়েও তুমি জানা৷ মই এনে ধৰণৰ তাড়না সহন কৰিছোঁ যে, সেইবোৰ তাড়নাৰ পৰা ঈশ্ৱৰেহে মোক উদ্ধাৰ কৰিলে৷
2 Timothy 4:17 in Assamese 17 কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা ৰক্ষা পালোঁ।
Revelation 11:18 in Assamese 18 আৰু অনা-ইহুদী সকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল, আৰু মৃত সকলৰ সোধ-বিচাৰৰ আৰু তোমাৰ দাস ভাববাদী সকলক, পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।”
Revelation 15:3 in Assamese 3 সেই লোক সকলে ঈশ্বৰৰ দাস মোচিৰ গীত আৰু সেই মেষ পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে জাতিবোৰ ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷
Revelation 20:12 in Assamese 12 সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত পুনৰ এখন পুস্তক মেলা হ’ল, এয়া জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।