Acts 24:5 in Assamese 5 কিয়নো আমি দেখিবলৈ পালোঁ, যে এই মানুহটো মহামাৰী স্বৰূপ আৰু গোটেই জগত নিবাসী ইহুদী সকলৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা আৰু নাচৰতীয়া সকলৰ দলৰ এজন অগ্ৰণী নেতা৷
Other Translations King James Version (KJV) For we have found this man a pestilent fellow, and a mover of sedition among all the Jews throughout the world, and a ringleader of the sect of the Nazarenes:
American Standard Version (ASV) For we have found this man a pestilent fellow, and a mover of insurrections among all the Jews throughout the world, and a ringleader of the sect of the Nazarenes:
Bible in Basic English (BBE) For this man, in our opinion, is a cause of trouble, a maker of attacks on the government among Jews through all the empire, and a chief mover in the society of the Nazarenes:
Darby English Bible (DBY) For finding this man a pest, and moving sedition among all the Jews throughout the world, and a leader of the sect of the Nazaraeans;
World English Bible (WEB) For we have found this man to be a plague, an instigator of insurrections among all the Jews throughout the world, and a ringleader of the sect of the Nazarenes.
Young's Literal Translation (YLT) for having found this man a pestilence, and moving a dissension to all the Jews through the world -- a ringleader also of the sect of the Nazarenes --
Cross Reference 1 Samuel 22:7 in Assamese 7 তাতে চৌলে চাৰিওফালে থিয় হৈ থকা তেওঁৰ দাসসকলক ক’লে, “বিন্যামীনৰ লোকসকল শুনা! যিচয়ৰ পুত্ৰই তোমালোকৰ প্ৰতিজনকে শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী দিব নে? আৰু তোমালোক সকলোকে সহস্ৰপতি ও শতপতিৰ পাতিব নে?
1 Kings 18:17 in Assamese 17 যেতিয়া আহাবে এলিয়াক দেখিলে তেতিয়া তেওঁ ক’লে, “ইস্ৰায়েলক দুখ দিয়া লোকজন তুমি হয় নে?”
Ezra 4:12 in Assamese 12 মহাৰাজক জানিবলৈ দিওঁ যে, যি যিহূদীলোকসকল আপোনাৰ পৰা আঁতৰি গৈ, পুনৰ যিৰূচালেমলৈ আহি আমাৰ বিৰুদ্ধে বিদ্রোহী নগৰ নিৰ্ম্মাণ কৰিছে। তেওঁলোকে দেৱালবোৰ সম্পূৰ্ণ কৰিলে আৰু ভিত্তিমূল মেৰামতি কৰিলে।
Nehemiah 6:5 in Assamese 5 পঞ্চমবাৰ চনবল্লটে এখন খোলা চিঠিৰ সৈতে একে দৰেই নিজৰ দাসক মোৰ ওচৰলৈ পঠালে।
Esther 3:8 in Assamese 8 তাৰ পাছত হামনে ৰজা অহচবেৰোচক ক’লে, “আপোনাৰ ৰাজ্যৰ সকলো প্ৰদেশৰ মাজত কিছুমান লোক ছিন্ন-ভিন্ন হৈ বিভিন্ন স্থানত আছে। তেওঁলোকৰ বিধি আন লোকসকলৰ পৰা পৃথক; আৰু তেওঁলোকে ৰজাৰ বিধি পালন নকৰে। সেয়েহে তেওঁলোকক ৰজাই থাকিবলৈ দিয়া উচিত নহয়।
Jeremiah 38:4 in Assamese 4 তাতে প্ৰধান লোকসকলে ৰজাক ক’লে, “আমি মিনতি কৰোঁ, এই মানুহৰ প্ৰাণ দণ্ড কৰিবলৈ আজ্ঞ দিয়ক; কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ, এই নগৰৰ অৱশিষ্ট যুদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্ব্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মঙ্গললৈ চেষ্টা নকৰি, কেৱল অমঙ্গললৈ চেষ্টা কৰে।”
Amos 7:10 in Assamese 10 তাৰ পাছত বৈৎ-এলৰ পুৰোহিত অমচিয়াই ইস্ৰায়েলৰ ৰজা যাৰাবিয়ামৰ ওচৰলৈ এই খবৰ কৈ পঠালে: “ইস্ৰায়েলৰ বংশৰ মাজত আপোনাৰ বিৰুদ্ধে আমোচে চক্ৰান্ত কৰিছে; দেশৰ লোকসকলে তেওঁৰ কোনো কথা সহিব পৰা নাই।
Matthew 2:23 in Assamese 23 আৰু তাত নাচৰৎ নামৰ এখন নগৰত বসবাস কৰিব ধৰিলে। তেওঁক নাচৰতীয়া বুলি মতা হ’ব, এই যি বচন ভাববাদী সকলৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হ’বৰ বাবে এইদৰে ঘটিল।
Matthew 5:11 in Assamese 11 যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা ক’ব, তেতিয়া তোমালোক ধন্য।
Matthew 10:25 in Assamese 25 শিষ্য যদি গুৰুৰ দৰে আৰু দাস যদি নিজৰ প্ৰভুৰ দৰে হ’ব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীকে যেতিয়া তেওঁলোকে বেলচবূব বুলিলে, তেনেহলে তেওঁৰ পৰিয়ালৰ আন লোকসকলক কিমান অধিক বুলিব!
Luke 23:2 in Assamese 2 তেওঁলোকে তেওঁক অপবাদ দি কবলৈ ধৰিলে, বোলে, “আমি দেখিছোঁ যে এই মানুহ জন চীজাৰক কৰ দিবলৈ নিষেধ কৰোঁতা আৰু নিজকে নিজে অভিষিক্ত(খ্ৰীষ্ট) ৰজা বুলি আমাৰ দেশীয় মানুহক বিপথে নিওঁতা৷”
Luke 23:5 in Assamese 5 কিন্তু তেওঁলোকে পুনৰ ক’লে, “এই মানুহ জনে গালীল প্ৰদেশৰ পৰা আৰম্ভ কৰি গোটেই যিহুদীয়াত আৰু এতিয়া এই ঠাইতো লোক সকলক উপদেশ দি উচতাই আছে।”
Luke 23:19 in Assamese 19 সেই বাৰাব্বাই নগৰৰ মাজত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে তাক বন্দীশালত থোৱা হৈছিল।
Luke 23:25 in Assamese 25 পাছত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে বন্দীশালত থোৱা যি জনক তেওঁলোকে খুজিছিল, সেই জনক তেওঁ মুকলি কৰি দিলে৷ কিন্তু যীচুক তেওঁলোকৰ ইচ্ছাত শোধাই দিলে।
Acts 5:17 in Assamese 17 কিন্তু মহা-পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোক সকল ঈর্ষাত জ্বলি উঠিল
Acts 6:13 in Assamese 13 তেওঁলোকে মিছা সাক্ষী দি থিয় কৰালে আৰু ক’লে, “এই মানুহ জনে পবিত্ৰ স্থান আৰু বিধানৰ বিৰুদ্ধে নিন্দাজনক কথা ক’বলৈ নেৰে।
Acts 15:5 in Assamese 5 কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।”
Acts 16:20 in Assamese 20 তাৰ পাছত তেওঁলোকক শাসনকর্তা সকলৰ ওচৰলৈ আনি ক’লে, “এওঁলোক ইহুদী মানুহ আৰু আমাৰ নগৰত এওঁলোকে গণ্ডগোল আৰম্ভ কৰিছে।
Acts 17:6 in Assamese 6 কিন্তু তাত তেওঁলোকক নাপাই যাচোন আৰু কোনো কোনো ভাইক টানি আনি চহৰৰ শাসনকর্তাৰ আগলৈ লৈ গ’ল আৰু চিঞৰি ক’বলৈ ধৰিলে, “যি লোক সকলে সমগ্র জগত উলট-পালট কৰিছে, তেওঁলোক এতিয়া ইয়াতো উপস্থিত হৈছে,
Acts 21:28 in Assamese 28 “হে ইস্ৰায়েলৰ সন্তান সকল, সহায় কৰা; যি মানুহে আমাৰ জাতিৰ, বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আটাই ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে, এই জনেই সেই লোক। ইয়াৰ বাহিৰেও গ্ৰীক মানুহকো মন্দিৰৰ ভিতৰলৈ আনি, এই পবিত্ৰ ঠাই অশুচি কৰিলে।”
Acts 22:22 in Assamese 22 এইখিনিলৈকে তেওঁৰ কথা শুনি, তেওঁলোকে চিঞৰি ক’লে, “এনে মানুহক পৃথিৱীৰ পৰা দূৰ কৰক: কিয়নো সি জীয়াই থকাৰ যোগ্য নহয়৷”
Acts 24:14 in Assamese 14 কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধান-শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি, এখেত সকলে যি পথক বিধৰ্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷
Acts 26:5 in Assamese 5 ইয়াৰ উপৰি তেখেত সকলে ইয়াকো জানে যে, মই ফৰীচী হৈয়ো কিদৰে আমাৰ ধর্মৰ সকলো কঠিন নিয়মবোৰ পালন কৰি প্ৰকৃত ফৰীচী এজনৰ দৰেই জীৱন-যাপন কৰিছিলোঁ৷ এই বিষয়ে তেখেত সকলে সাক্ষীও দিব পাৰে৷”
Acts 28:22 in Assamese 22 কিন্তু তোমাৰ মত কি, সেই বিষয়ে আমি তোমাৰ পৰা শুনিবলৈ খোজো; কিয়নো এই মতৰ বিষয়ে আমি জানো যে, ই সকলো ঠাইতে নিন্দিত হৈছে৷”
1 Corinthians 4:13 in Assamese 13 কোনোৱে নিন্দা কৰিলে, বিনম্রতাৰে কথা পাঁতো। এতিয়ালৈকে আমি যেন জগতৰ আৱর্জনা আৰু আটাইতকৈ মলিয়ন বস্তুস্বৰূপ হৈ আছোঁ।
1 Corinthians 11:19 in Assamese 19 কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ (প্ৰকৃত) মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।
1 Peter 2:12 in Assamese 12 আপোনালোকক অনা-ইহুদী সকলে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে আপোনালোকৰ সৎকৰ্ম্ম দেখি কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত আপোনালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।
1 Peter 2:19 in Assamese 19 কিয়নো কোনোৱে যদি ঈশ্বৰৰ উদ্দেশ্যে বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ সহন কৰে, তেনেহলে সেয়েই প্ৰশংসনীয়।