Acts 23:12 in Assamese 12 পাছদিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷
Other Translations King James Version (KJV) And when it was day, certain of the Jews banded together, and bound themselves under a curse, saying that they would neither eat nor drink till they had killed Paul.
American Standard Version (ASV) And when it was day, the Jews banded together, and bound themselves under a curse, saying that they would neither eat nor drink till they had killed Paul.
Bible in Basic English (BBE) And when it was day, the Jews came together and put themselves under an oath that they would take no food or drink till they had put Paul to death.
Darby English Bible (DBY) And when it was day, the Jews, having banded together, put themselves under a curse, saying that they would neither eat nor drink till they should kill Paul.
World English Bible (WEB) When it was day, some of the Jews banded together, and bound themselves under a curse, saying that they would neither eat nor drink until they had killed Paul.
Young's Literal Translation (YLT) And day having come, certain of the Jews having made a concourse, did anathematize themselves, saying neither to eat nor to drink till they may kill Paul;
Cross Reference Leviticus 27:29 in Assamese 29 মানুহৰ মাজত যাক বৰ্জিত কৰি দিয়া হয়, সেই বৰ্জিত লোকক মোকলোৱা নাযাব; নিশ্চয়ে তেওঁক বধ কৰা হ’ব।
Joshua 6:26 in Assamese 26 সেই সময়ত যিহোচূৱাই শপত খাই লোকসকলক ক’লে, “যি কোনোৱে উঠি পুনৰায় যিৰীহো নগৰ নিৰ্ম্মাণ কৰিব, সি যিহোৱাৰ সাক্ষাতে অভিশপ্ত হওঁক; সি ভিত্তিমূল স্থাপন কৰি দণ্ডস্বৰূপে বৰ পুতেকক আৰু তাৰ দুৱৰি লগাই দণ্ডস্বৰূপে সৰু পুতেকক দিব।”
Joshua 7:1 in Assamese 1 কিন্তু ইস্রায়েলৰ সন্তানসকলে ধ্বংস কৰিবলগীয়া বর্জিত বস্তুৰ বিষয়ত অবিশ্বাসযোগ্য লোকৰ দৰে কৰ্ম কৰিলে। কর্মীৰ পুত্ৰ আখান (কৰ্মী হ’ল জব্দীৰ পুত্র আৰু জব্দী হ’ল জেৰহৰ পুত্ৰ), এই আখান যিহূদা জনগোষ্ঠীৰ। এওঁ ধ্বংস হ’বলগীয়া বৰ্জিত বস্তুৰ কিছুমান নিজৰ লগত লৈ গৈছিল; সেয়েহে যিহোৱাৰ ক্রোধ ইস্ৰায়েলৰ সন্তানসকলৰ ওপৰত জ্বলি উঠিল।
Joshua 7:15 in Assamese 15 তাতে বৰ্জিত বস্তু লোৱা যি জন ধৰা পৰিব, তাক আৰু তাৰ সকলোকে জুইত পোৰা যাব; কিয়নো তেওঁ যিহোৱাৰ নিয়মটি লঙ্ঘন কৰি ইস্ৰায়েলৰ মাজত অপমানজনক কাম কৰিলে।”
1 Samuel 14:24 in Assamese 24 সেইদিনা ইস্ৰায়েল লোকসকল ক্লেশত পৰিলে কাৰণ চৌলে তেওঁলোকক শপত দি ক’লে, “মই শত্ৰুবোৰক প্ৰতিশোধ নোলোৱলৈকে সন্ধ্যাৰ আগেয়ে যি কোনোৱে আহাৰ কৰিব, সি অভিশপ্ত হ’ব।” এই কাৰণে কোনোও আহাৰ গ্ৰহণ নকৰিলে।
1 Samuel 14:27 in Assamese 27 কিন্তু যোনাথনে তেওঁৰ পিতৃয়ে লোকসকলক দিয়া শপতৰ কথা শুনা নাছিল। সেই কাৰণে তেওঁ নিজৰ হাতত থকা লাখুটিৰ আগ মৌ-ছাকৰ মাজত সোমোৱাই দিলে আৰু হাতত লৈ মুখত দিলে; তাতে তেওঁৰ চকু উজ্জ্বল হ’ল।
1 Samuel 14:40 in Assamese 40 পাছত তেওঁ গোটেই ইস্ৰায়েলক ক’লে, “তোমালোক এফালে থাকা, মই আৰু মোৰ পুত্ৰ যোনাথন আনফালে থাকিম।” তাতে লোকসকলে চৌলক ক’লে, “আপোনাৰ দৃ্ষ্টিত যি ভাল দেখে, তাকেই কৰক।”
1 Kings 19:2 in Assamese 2 তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাসকলে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
2 Kings 6:31 in Assamese 31 পাছত তেওঁ ক’লে, “আজি চাফটৰ পুতেক ইলীচাৰ মূৰ যদি তেওঁৰ কান্ধৰ ওপৰত থাকে, তেন্তে ঈশ্বৰে যেন মোক দণ্ড দিয়ে, আৰু সেয়া অধিকৰূপেই দিয়ক।”
Nehemiah 10:29 in Assamese 29 তেওঁলোকৰ ভাইসকল আৰু প্ৰধান লোকসকলৰ সৈতে তেওঁলোক একেলগ হৈ ঈশ্ৱৰৰ দাস মোচিয়ে দিয়া শাও আৰু প্রতিজ্ঞাৰ যোগেদি বাধ্যত পৰি ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে চলিলে। আমাৰ যিহোৱাৰ আজ্ঞা, শাসন প্ৰণালী, আৰু বিধিবোৰ নিৰিক্ষণ কৰি পালন কৰিবলৈ প্রতিজ্ঞাৱদ্ধ হ’ল।
Psalm 2:1 in Assamese 1 কিয় অস্থিৰ হৈ জাতিসমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোকসমূহে অনর্থক ষড়যন্ত্র কৰিছে?
Psalm 31:13 in Assamese 13 মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত আহিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে! তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে, মোৰ প্ৰাণ লবলৈ ষড়যন্ত্র কৰিছে।
Psalm 64:2 in Assamese 2 দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা; দুৰাচাৰীসকলৰ মানসিক উত্তেজনাৰ অপৰাধ বোৰৰপৰা মোক গুপুতে ৰাখা।
Isaiah 8:9 in Assamese 9 হে লোকসকল, তোমালোক ডোখৰ ডোখৰ হ’বা। সকলো দূৰত থকা দেশবোৰ শুনা, যুদ্ধৰ বাবে নিজকে সুসজ্জিত কৰা, আৰু ডোখৰ ডোখৰকৈ ভঙা হ’বা।
Jeremiah 11:19 in Assamese 19 কিন্তু মই, বধ কৰিবলৈ নিয়া মৰমৰ ভেড়া পোৱালিৰ দৰে আছিলোঁ; আৰু ‘ফলে সৈতে গছডাল কাটোহঁক’, তেওঁৰ নাম সোঁৱৰণ আৰু নহবৰ কাৰণে আমি জাতিবোৰৰ দেশৰ পৰা তাক উচ্ছন্ন কৰোহঁক বুলি কৈ তেওঁলোকে যে মোৰ বিৰুদ্ধে কু-আলচ পাতিছিল, তাক মই জনা নাছিলোঁ।
Matthew 26:4 in Assamese 4 তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷
Matthew 26:74 in Assamese 74 তেতিয়া তেওঁ শাও দি আৰু শপত খাই ক’লে, “মই সেই মানুহক চিনিয়ে নাপাওঁ।” তেতিয়াই কুকুৰাই ডাক দিলে।
Matthew 27:25 in Assamese 25 তেতিয়া সকলোৱে উত্তৰ দি ক’লে, “তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক।”
Mark 6:23 in Assamese 23 আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”
Acts 23:14 in Assamese 14 তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলৰ ওচৰলৈ গৈ ক’লে, “পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ৷
Acts 23:21 in Assamese 21 এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক চল্লিশ জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন-পান নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে আৰু এই প্ৰতিজ্ঞাৰে নিজকে বান্ধি খাপ দি আছে৷ আনকি তেওঁলোক সাঁজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে৷”
Acts 23:30 in Assamese 30 পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ’ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তুক দেখি, মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলোঁ আৰু এওঁৰ গুচৰীয়া সকলকো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ৷ ইতি।”
Acts 25:3 in Assamese 3 এনে উদ্দেশ্যেৰে ফীষ্টক অনুগ্ৰহ যাচনা কৰি নিবেদন কৰিলে, যাতে তেওঁ মানুহ পঠাই পৌলক যিৰূচালেমলৈ লৈ আহে, আৰু তেওঁলোকে যেন বাটতে খাপ দি পৌলক বধ কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে।
1 Corinthians 16:22 in Assamese 22 কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷
Galatians 3:13 in Assamese 13 খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠ(ক্ৰুচত)ত অৰাঁ হয়, তেওঁ শাপগ্ৰস্ত।”