Acts 22:14 in Assamese 14 পাছত তেওঁ মোক ক’লে, ‘আমাৰ ওপৰ-পুৰুষ সকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে, যাতে তুমি ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিক জনক দেখা পোৱা৷ এতিয়া তেওঁৰ মুখৰ বাক্য শুনা;
Other Translations King James Version (KJV) And he said, The God of our fathers hath chosen thee, that thou shouldest know his will, and see that Just One, and shouldest hear the voice of his mouth.
American Standard Version (ASV) And he said, The God of our fathers hath appointed thee to know his will, and to see the Righteous One, and to hear a voice from his mouth.
Bible in Basic English (BBE) And he said, You have been marked out by the God of our fathers to have knowledge of his purpose, and to see the Upright One and to give ear to the words of his mouth.
Darby English Bible (DBY) And he said, The God of our fathers has chosen thee beforehand to know his will, and to see the just one, and to hear a voice out of his mouth;
World English Bible (WEB) He said, 'The God of our fathers has appointed you to know his will, and to see the Righteous One, and to hear a voice from his mouth.
Young's Literal Translation (YLT) and he said, The God of our fathers did choose thee beforehand to know His will, and to see the Righteous One, and to hear a voice out of his mouth,
Cross Reference Exodus 3:13 in Assamese 13 মোচিয়ে ঈশ্বৰক ক’লে, “মই যেতিয়া ইস্ৰায়েলী লোকসকলক ক’ম যে, তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে; তেতিয়া তেওঁলোকে মোক ক’ব, ‘তেওঁৰ নাম কি?’ তেতিয়া মই কি উত্তৰ দিম?”
Exodus 15:2 in Assamese 2 যিহোৱা মোৰ বল আৰু গান; তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল; তেওঁ মোৰ ঈশ্বৰ, আৰু মই তেওঁৰ প্ৰশংসা কৰিম; তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম।
2 Kings 21:22 in Assamese 22 তেওঁৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক তেওঁ ত্যাগ কৰিলে আৰু যিহোৱাৰ পথত নচলিলে।
1 Chronicles 12:17 in Assamese 17 দায়ূদে তেওঁলোকক সাক্ষাৎ কৰিবৰ বাবে বাহিৰ ওলাই তেওঁলোকক সম্বোধন কৰি ক’লে, “যদি তোমালোকে মোক শান্ত্ৱনা দিবৰ বাবে মোৰ ওচৰলৈ আহিছা, তেনেহ’লে তোমালোকে মোৰ সৈতে যোগ দিব পাৰা। কিন্তু, যদি বিশ্বাস-ঘাত কৰি মোৰ শত্রুবোৰক মোক শোধাই দিবলৈ আহিছা, তেনেহ’লে আমাৰ ওপৰ-পিতৃসকলৰ ঈশ্ৱৰে চাওক আৰু তোমালোকক দণ্ড দিয়ক, কাৰণ এতিয়ালৈকে মই একো ভুল কৰা নাই।”
1 Chronicles 29:18 in Assamese 18 আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম, ইচহাক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ লোকসকলৰ মনত এই চিন্তাধাৰা সদায় ৰাখক। তেওঁলোকৰ হৃদয় আপোনাতেই মনোনিবেশ কৰক।
2 Chronicles 28:25 in Assamese 25 তেওঁ ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ প্ৰত্যেক নগৰত পবিত্ৰ ঠাইবোৰ সাজি তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ক্ৰোধিত হ’বলৈ এইদৰে উত্তেজিত কৰিছিল৷
2 Chronicles 30:19 in Assamese 19 যিকোনোৱে ধৰ্ম্মধাম শুচি কৰা বিধি অনুসাৰে নিজকে শুচি নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে।”
Ezra 7:27 in Assamese 27 আমাৰ পূৰ্ব্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ প্রশংসা হওক; তেওঁ যিৰূচালেমত যিহোৱাৰ গৃহৰ গৌৰৱাম্বিত কৰিবলৈ এই সকলো ৰজাৰ হৃদয়ত ইচ্ছা স্থাপন কৰিলে,
Jeremiah 1:5 in Assamese 5 বোলে, “তোমাৰ মাতৃৰ গৰ্ভত তোমাক নিৰ্ম্মাণ কৰাৰ পূৰ্ব্বেই মই তোমাক জানিলোঁ। আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱা পূৰ্ব্বেই মোৰ গৌৰৱৰ অৰ্থেই মই তোমাক পৃথক কৰিলোঁ; আৰু মই তোমাক মোৰ ভাববাদী হবলৈ নিযুক্ত কৰিলোঁ গোটেই জাতিবোৰৰ বাবে।”
Daniel 2:23 in Assamese 23 হে মোৰ পূৰ্বপুৰুষ পিতৃসকলৰ ঈশ্বৰ, মই আপোনাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ; কাৰণ আপুনি মোক প্রজ্ঞা আৰু শক্তি দিলে। আমি প্রাৰ্থনাত আপোনাৰ পৰা যি বিচাৰিছিলোঁ; এতিয়া আপুনি মোক জনালে; ৰজাৰ চিন্তনীয় বিষয় আপুনি আমাক জনালে।”
John 15:16 in Assamese 16 তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।
Acts 3:13 in Assamese 13 যি জন যীচুক আপোনালোকে সিদ্ধান্ত কৰি শত্ৰুৰ হাতত শোধাই দিলে আৰু পীলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে; অব্ৰাহাম, ইচহাক, যাকোবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচু খ্ৰীষ্টক মহিমাম্বিত কৰিলে।
Acts 5:30 in Assamese 30 যি জনক আপোনালোকে কাঠ(ক্ৰুচ)ত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষ সকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে।
Acts 7:52 in Assamese 52 এনে কোনোবা ভাববাদী আছিল নে, যি জনক আপোনালোকৰ পূর্বপুৰুষ সকলে নির্যাতন কৰা নাছিল? যি সকল ভাববাদীয়ে ধাৰ্মিক জনৰ আগমণৰ কথা আগেয়ে কৈছিলে, সেই ভাববাদী সকলকো তেওঁলোকে হত্যা কৰিলে আৰু এতিয়া আপোনালোকে সেই ধার্মিক জনকো শত্রুৰ হাতত শোধাই দি হত্যা কৰালে।
Acts 9:15 in Assamese 15 কিন্তু প্ৰভুৱে তেওঁক ক’লে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।
Acts 9:17 in Assamese 17 তেতিয়া অননিয় সেই ঠাইলৈ গ’ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে৷ তাৰ পাছত তেওঁ চৌলৰ গাত হাত দি ক’লে, “হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যিজন প্ৰভু যীচুৱে অাপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।”
Acts 13:17 in Assamese 17 এই ইস্ৰায়েলীয় সকলৰ ঈশ্বৰে আমাৰ ওপৰ-পুৰুষ সকলক মনোনীত কৰিলে আৰু মিচৰ দেশত প্ৰবাসী হৈ থকা সময়ত মানুহবোৰৰ উন্নতি সাধন কৰি, তাৰ পৰা নিজ পৰাক্ৰমেৰে তেওঁলোকক বাহিৰ কৰি আনিলে৷
Acts 22:18 in Assamese 18 তাতে তেওঁ মোক কোৱা শুনিলো, ‘তুমি লৰালৰিকৈ যিৰূচালেমৰ পৰা বেগাই ওলাই যোৱা, কিয়নো এই মানুহবোৰে তুমি মোৰ বিষয়ে দিয়া সাক্ষ্য গ্ৰহণ নকৰিব’৷
Acts 24:14 in Assamese 14 কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধান-শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি, এখেত সকলে যি পথক বিধৰ্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷
Acts 26:16 in Assamese 16 এতিয়া উঠা, আৰু তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো এই উদ্দেশ্যেৰে মই তোমাৰ সন্মুখত উপস্থিত হ’লো, তোমাক যিদৰে দর্শনত মই দেখা দিম, আৰু পাছতো মই যি বিষয় তোমাক জনাম, সেই সকলো বিষয়ৰ সাক্ষী হ’বৰ বাবে তোমাক দাস আৰু সাক্ষী ৰূপে মনোনীত কৰিবলৈ মই দর্শন দিলোঁ;
Romans 1:1 in Assamese 1 মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি;
1 Corinthians 9:1 in Assamese 1 মই স্বাধীন নহয় নে? মই পাঁচনি নহয় নে? আমাৰ প্ৰভু যীচুক মই জানো দেখা নাই? প্ৰভুত কৰা মোৰ কৰ্মৰ ফল আপোনালোকেই জানো নহয়?
1 Corinthians 11:23 in Assamese 23 কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ, সেয়ে এই, “প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল,
1 Corinthians 15:3 in Assamese 3 কিয়নো মই যি শিক্ষা পালোঁ, তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে, ধৰ্মশাস্ত্ৰৰ বচন অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল;
1 Corinthians 15:8 in Assamese 8 সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিলে।
2 Corinthians 5:21 in Assamese 21 তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ’বলৈ, পাপ নকৰা জনকে পাপী কৰি, তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসর্গ কৰিলে।
Galatians 1:12 in Assamese 12 কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই; কিন্তু যীচু খ্ৰীষ্টই নিজে এই বিষয়ে মোৰ আগত প্রকাশ কৰিলে।
Galatians 1:15 in Assamese 15 কিন্তু ঈশ্বৰে মোক মাতৃ-গৰ্ভৰে পৰা বাছি ল’লে আৰু তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে।
2 Timothy 1:1 in Assamese 1 মই পৌল, খ্ৰীষ্ট যীচুত থকা জীৱনৰ প্ৰতিজ্ঞা অনুসৰি, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ পাঁচনি;
Titus 1:1 in Assamese 1 মই পৌল, ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ পাঁচনি; ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰ সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ৷
1 Peter 2:22 in Assamese 22 তেওঁ কোনো পাপ নকৰিলে; তেওঁৰ মুখত কোনো ছলনা পোৱা নগ’ল;
1 John 2:1 in Assamese 1 হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা* ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।