Acts 21:20 in Assamese 20 এই কাৰ্যবোৰ শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক ক’লে, “হে ভাই, তুমি জানা যে, ইহুদী লোকৰ মাজত বিশ্বাস কৰা সকলৰ যি লোক আছে আৰু তেওঁলোক সকলোৱে বিধানত উৎসাহী।
Other Translations King James Version (KJV) And when they heard it, they glorified the Lord, and said unto him, Thou seest, brother, how many thousands of Jews there are which believe; and they are all zealous of the law:
American Standard Version (ASV) And they, when they heard it, glorified God; and they said unto him, Thou seest, brother, how many thousands there are among the Jews of them that have believed; and they are all zealous for the law:
Bible in Basic English (BBE) And hearing it, they gave praise to God; and they said to him, You see, brother, what thousands there are among the Jews, who have the faith; and they all have a great respect for the law:
Darby English Bible (DBY) And they having heard [it] glorified God, and said to him, Thou seest, brother, how many myriads there are of the Jews who have believed, and all are zealous of the law.
World English Bible (WEB) They, when they heard it, glorified God. They said to him, "You see, brother, how many thousands there are among the Jews of those who have believed, and they are all zealous for the law.
Young's Literal Translation (YLT) and they having heard, were glorifying the Lord. They said also to him, `Thou seest, brother, how many myriads there are of Jews who have believed, and all are zealous of the law,
Cross Reference Psalm 22:23 in Assamese 23 তোমালোক যিসকলে যিহোৱাক ভয় কৰা, তেওঁৰ প্ৰশংসা কৰা! হে যাকোবৰ সমুদায় বংশধৰসকল, তোমালোকে তেওঁৰ গৌৰৱ-প্রশংসা কৰা; ইস্ৰায়েলৰ সমুদায় বংশধৰসকল, তোমালোকে ভয়েৰে সৈতে তেওঁৰ আগত থিয় হোৱা।
Psalm 22:27 in Assamese 27 পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো জনগোষ্ঠীয়ে তেওঁক প্ৰণিপাত কৰিব।
Psalm 72:17 in Assamese 17 ৰজাৰ নাম চিৰস্থায়ী হব; সূৰ্য্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলি ক’ব।
Psalm 98:1 in Assamese 1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে।
Isaiah 55:10 in Assamese 10 কাৰণ যি দৰে বৰষুণ আৰু হিম আকাশৰ পৰা নামি আহে, আৰু পৃথিবীক যেতিয়ালৈকে নিভিজাই তেতিয়ালৈকে ঘুৰি নাযায়, ই উৎপন্ন কৰিবলৈ আৰু গজালি মেলিবলৈ ভূমি প্রস্তুত কৰে, গুটি সিঁচোতাক ফল দিয়ে আৰু খাওঁতাক আহাৰ দিয়ে,
Isaiah 66:9 in Assamese 9 যিহোৱাই সুধিছে, মই প্ৰসৱৰ সময়লৈকে আনি জানো সন্তান প্ৰসৱ নকৰাম? তোমাৰ ঈশ্বৰে সুধিছে, “প্ৰসৱ কৰাওঁতা যি মই, মই জানো গৰ্ভ বন্ধ কৰিম?”
Matthew 13:31 in Assamese 31 যীচুৱে তেওঁলোকক আন এটা দৃষ্টান্ত দিলে। তেওঁ ক’লে, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা; সেই গুটি কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিচিঁলে।
Luke 12:1 in Assamese 1 এনেতে অসংখ্য লোক গোট খোৱাত, লোক সকলৰ মাজত গচকা-গচকি হ’ল৷ তেতিয়া যীচুৱে প্ৰথমে তেওঁৰ শিষ্য সকলক ক’বলৈ ধৰিলে, “যি কপট, সেই ফৰীচী সকলৰ খমিৰলৈ সাৱধান হবা।
Luke 15:3 in Assamese 3 তেতিয়া তেখেত সকলক এই দৃষ্টান্ত দি তেওঁ ক’লে, “এশ মেষ থকা কোনো মানুহৰ যদি এটা হেৰায়,
Luke 15:32 in Assamese 32 কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জীয়াই উঠিল; হেৰোৱা হৈয়ো পালোঁ; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে’৷”
John 12:24 in Assamese 24 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি মৰি নাযায়, তাতে সি অকল এটা গুটি হৈয়েই থাকে; কিন্তু যদি মৰে, তেনেহলে তাত অনেক গুটি ধৰে।
Acts 2:41 in Assamese 41 তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ল’লে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷
Acts 4:4 in Assamese 4 কিন্তু যিসকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসী সকলৰ সংখ্যা হিচাপ কৰোঁতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল।
Acts 4:21 in Assamese 21 পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু যোহনক যাবলৈ এৰি দিলে। কিয়নো তেওঁলোকে পিতৰ আৰু যোহনক শাস্তি দিবলৈ একো উপায় নাপালে, ইয়াৰ উপৰি তেওঁলোকে কৰা কার্যবোৰ দেখি লোক সকলে ঈশ্বৰৰ স্তুতি কৰি আছিল৷
Acts 6:7 in Assamese 7 তাৰ পাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গ’ল আৰু শিষ্য সকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰি ইহুদী পুৰোহিত সকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ল’লে।
Acts 11:18 in Assamese 18 এই কথা শুনি তেওঁলোকে কোনো সহাঁৰি নিদি বৰং ঈশ্বৰৰ স্তুতি কৰি ক’লে, “তেনেহলে, ঈশ্বৰে অনা-ইহুদী লোককো জীৱন পাবৰ অৰ্থে মন-পালটন দান কৰিলে৷”
Acts 15:1 in Assamese 1 যিহূদা প্রদেশৰ পৰা কেইজনমান লোক আহি বিশ্বাসী ভাই সকলক এই শিক্ষা দিলে যে, “মোচিৰ বিধান অনুসাৰে চুন্নৎ কার্য নকৰিলে, আপোনালোকে পৰিত্ৰাণ নাপাব।”
Acts 15:5 in Assamese 5 কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।”
Acts 15:24 in Assamese 24 আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা কেইজনমান লোকে গৈ আপোনালোকক আমাৰ আজ্ঞাৰ অবিহনে শিক্ষা দি প্ৰাণ অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।
Acts 22:3 in Assamese 3 “মই ইহুদী মানুহ, কিলিকিয়া দেশৰ তাৰ্চ নগৰ মোৰ ওপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ, গমলীয়েল অধ্যাপকৰ চৰণত ঠিকমতে আমাৰ পূৰ্ব-পুৰুষ সকলৰ পৰা প্ৰচলিত বিধানৰ শিক্ষা পালোঁ; আৰু আজি আপোনালোক যেনে হৈ আছে, ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছিলোঁ।
Romans 10:2 in Assamese 2 ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়।
Romans 15:6 in Assamese 6 এইদৰে আপোনালোকে এক মনেৰে আৰু একস্বৰেৰে আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰক৷
Romans 15:9 in Assamese 9 আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, ‘এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম।”
Galatians 1:14 in Assamese 14 ইহুদী ধর্ম চর্চ্চাত মোৰ সমসাময়িক আনসকলতকৈ মই অনেক আগবাঢ়ি গৈছিলোঁ। পূর্বপুৰুষ সকলৰ পৰম্পৰাগত ৰীতি-নীতি পালনত মই যথেষ্ট উৎসাহী আছিলোঁ।
Galatians 1:24 in Assamese 24 আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।
2 Thessalonians 1:10 in Assamese 10 সেইদিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হবলৈ আহিব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; আপোনালোকো সেই বিশ্বাসী সকলৰ মাজত আছে, কাৰণ আপোনালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলে।
Revelation 19:6 in Assamese 6 পাছত বৃহৎ এদল মানুহৰ মাতৰ নিচিনা, নিনাদিত কৰা পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ-গৰ্জ্জনৰ মাতৰ দৰে এই বাণী শুনিলোঁ, “হাল্লিলুয়া! কিয়নো যি জন প্ৰভু আৰু পৰমেশ্বৰ, আমাৰ সকলোৰে শাসনকর্তা, তেওঁ ৰাজত্ব গ্ৰহণ কৰিছে।