Acts 2:10 in Assamese 10 ফিৰুগিয়া, পাম্ফুলিয়া, মিচৰ, এই সকলো দেশৰ মানুহ আৰু কুৰীণীৰ ওচৰৰ লুবিয়াৰ সীমাত থকা সকল, ৰোম নগৰৰ পৰা অহা ইহুদী সকল আৰু ইহুদী ধৰ্ম লোৱা বিদেশী লোক সকল,
Other Translations King James Version (KJV) Phrygia, and Pamphylia, in Egypt, and in the parts of Libya about Cyrene, and strangers of Rome, Jews and proselytes,
American Standard Version (ASV) in Phrygia and Pamphylia, in Egypt and the parts of Libya about Cyrene, and sojourners from Rome, both Jews and proselytes,
Bible in Basic English (BBE) In Phrygia and Pamphylia, in Egypt and the parts of Libya about Cyrene, and those who have come from Rome, Jews by birth and others who have become Jews,
Darby English Bible (DBY) both Phrygia and Pamphylia, Egypt, and the parts of Libya which adjoin Cyrene, and the Romans sojourning [here], both Jews and proselytes,
World English Bible (WEB) Phrygia, Pamphylia, Egypt, the parts of Libya around Cyrene, visitors from Rome, both Jews and proselytes,
Young's Literal Translation (YLT) Phrygia also, and Pamphylia, Egypt, and the parts of Libya, that `are' along Cyrene, and the strangers of Rome, both Jews and proselytes,
Cross Reference Genesis 12:10 in Assamese 10 পাছত কনান দেশত আকাল হ’ল; আকাল অতিশয়ৰূপে বৃদ্ধি হোৱাত অব্ৰামে মিচৰ দেশত প্ৰবাস কৰিবলৈ নামি গ’ল।
Esther 8:17 in Assamese 17 প্ৰত্যেক প্ৰদেশত আৰু প্ৰত্যেক নগৰৰ যি যি ঠাইত ৰজাৰ সেই আজ্ঞা পত্র পালে, সেই সকলো ঠাইত ইহুদী লোকসকলৰ মাজত আনন্দ, উল্লাস, ভোজ আৰু পবিত্র দিন হ’ল। সেই দেশৰ বিভিন্ন জাতিৰ লোক সকলৰ মাজৰ বহুতো লোক ইহুদী হ’ল; কাৰণ তেওঁলোকে ইহুদী লোকৰ প্রতি ভয় কৰিছিল।
Isaiah 19:23 in Assamese 23 সেই দিনা সেই ঠাইত মিচৰ দেশৰ পৰা অচূৰলৈকে এটা ৰাজপথ হ’ব, তাতে অচূৰীয়া লোকে মিচৰলৈ, আৰু মিচৰীয়া লোকে অচোৰলৈ অহা যোৱা কৰিব; আৰু মিচৰীয়াসকলে অচূৰীয়াসকলৰ সৈতে অৰাধনা কৰিব।
Jeremiah 9:26 in Assamese 26 মই মিচৰ, যিহূদা, ইদোম, অম্মোনৰ সন্তানসকল, মোৱাৱ আৰু কুমৰ গুড়িত ডাঢ়ি-চুলি কটা অৰণ্য-নিবাসী লোকসকলক দণ্ড দিম। কিয়নো সেই আটাই জাতিসকল অচুন্নৎ, আৰু ইস্ৰায়েলৰ গোটেই বংশ হৃদয়ত অচুন্নৎ’।”
Jeremiah 46:9 in Assamese 9 হে ঘোঁৰাবিলাক, উঠি যোৱা, হে ৰথবিলাক, বাতুলৰ নিচিনাকৈ লৰি যোৱা: বীৰসকল ঢালধাৰী কূচ আৰু পূট আৰু ধনুৰ্দ্ধৰ ও ধনুত জোঁৰ দিয়া লূদীয়া লোকসকল বাহিৰ ওলাওঁক।
Ezekiel 30:5 in Assamese 5 কূচ, পূট, লূদ, মিহলি থকা আটাই লোকসমূহ কূব আৰু নিয়মটি পতা দেশৰ লোকসকল তেওঁলোকৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
Daniel 11:43 in Assamese 43 মিচৰ দেশৰ আটাই বহুমূল্য বস্তুৰ ওপৰত আৰু সোণ ৰূপৰ ভঁৰালৰ ওপৰত তেওঁৰ ক্ষমতা থাকিব। লিবিয়া(লুবিয়া) আৰু ইথ’পীয়া(কূচ) দেশীয়সকলে তেওঁৰ পৰিচৰ্যা কৰিব।
Hosea 11:1 in Assamese 1 ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্রেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।
Zechariah 8:20 in Assamese 20 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিবাস কৰা লোকসকলো আহিব।
Zechariah 8:23 in Assamese 23 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘সেই দিনা জাতিসকলৰ মাজৰ আটাই ভাষা ক’ব পৰা দহ জন লোকে এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি ক’ব, “আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে!”
Matthew 2:15 in Assamese 15 আৰু হেৰোদৰ মৃত্যুলৈকে তেওঁলোক সেই ঠাইতে থাকিল। “মিচৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলো” এই যি বচন ভাববাদীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হ’বলৈ এইদৰে ঘটিল।
Matthew 27:32 in Assamese 32 পাছত তেওঁলোক ওলাই যাওঁতে কুৰীণীৰ পৰা অহা চিমোন নামেৰে এজন মানুহক বিচাৰি পালে, তেওঁলোকে তেওঁক যীচুৰ ক্ৰুচ বৈ নিবলৈ ধৰি নিলে।
Mark 15:21 in Assamese 21 সেই সময়ত মানুহবোৰে কুৰীণীয়া দেশৰ পৰা অহা চিমোন নামৰ (এই জন আলেকজেন্দাৰ আৰু ৰুফৰ বাপেক) লোক এজনক জবৰদস্তিৰে যীচুৰ ক্ৰুচটো কঢ়িয়াই নিবলৈ ধৰি আনিলে৷
Acts 6:5 in Assamese 5 তেওঁলোকৰ এই প্রস্তাৱ শুনি সকলোৱে সন্তোষ পালে অাৰু তেওঁলোকে তেতিয়া এই লোক সকলক মনোনীত কৰিলে, স্তিফান, (তেওঁ বিশ্বাসী আৰু পবিত্ৰ আত্মাৰে পূর্ণ আছিল); ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পার্মিনা আৰু আন্তিয়খিয়াৰ নিকলায় (এই ব্যক্তি জনে ইহুদী ধৰ্ম গ্রহণ কৰিছিল)।
Acts 6:9 in Assamese 9 কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ সৈতে কুৰীণীয়া আৰু আলেকজেন্দ্রিয়া নগৰৰ লগতে কিলকিয়া আৰু এচিয়া প্ৰদেশৰ পৰা অহা কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিব ধৰিলে।
Acts 11:20 in Assamese 20 কিন্তু তেওঁলোকৰ মাজৰ কুপ্ৰ আৰু কুৰীণীৰ কিছুমান আন্তিয়খিয়ালৈ আহি গ্ৰীকভাষী সকলৰ আগত প্ৰভু যীচুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে৷
Acts 13:1 in Assamese 1 আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল৷ তেওঁলোক হ’ল, - বাৰ্ণব্বা, চিমোন, যি জনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, ৰজা হেৰোদৰ লগত প্ৰতিপালিত হোৱা মনহেম আৰু চৌল৷
Acts 13:13 in Assamese 13 ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰ কেইজনে পাফঃ নগৰৰ পৰা সমুদ্ৰ-পথেদি পাম্ফুলিয়া দেশৰ পৰ্গা নগৰলৈ গ’ল৷ কিন্তু যোহনে তেওঁলোকক এৰি, যিৰূচালেমলৈ উলটি আহিল৷
Acts 13:43 in Assamese 43 তেতিয়া নাম-ঘৰৰ সমাজ ভাঙিলত, অনেক ইহুদী আৰু ইহুদী ধৰ্ম লোৱা ভক্ত সকলে পৌল আৰু বাৰ্ণব্বাক অনুসৰণ কৰিলে, তাতে তেওঁলোকৰ সৈতে কথা-বতৰা হৈ, ঈশ্বৰৰ অনুগ্ৰহত থিৰ হৈ থাকিবলৈ তেওঁলোকক উদগণি দিলে৷
Acts 14:24 in Assamese 24 ইয়াৰ পাছত তেওঁলোক পিচিদিয়া প্রদেশৰ মাজেদি পাম্ফুলিয়ালৈ আহিল।
Acts 15:38 in Assamese 38 কিন্তু পৌলে ভাৱিলে, মার্কক লগত নিয়াটো ভাল নহ’ব, কাৰণ পাম্ফুলিয়াত মার্কে তেওঁলোকৰ লগ এৰি উভতি গৈছিল। পাছত তেওঁলোকৰ লগত কাম কৰিবলৈও নগ’ল।
Acts 16:6 in Assamese 6 পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফৰুগিয়া আৰু গালাতীয়া প্ৰদেশৰ মাজেদি গ’ল।
Acts 18:2 in Assamese 2 তাতে তেওঁ পন্ত প্ৰদেশত জন্মা আক্কিলা নামৰ এজন ইহুদীক দেখা পালে; সেই সময়ত তেওঁ, তেওঁৰ ভার্যা প্রিষ্কিল্লাক লৈ ইটালী দেশৰ পৰা আহিছিল, কাৰণ ক্লৌদিয়ই সকলো ইহুদীকে ৰোম এৰি যাবলৈ আদেশ দিছিল। পৌল তেওঁলোকৰ ওচৰলৈ আহিল।
Acts 18:23 in Assamese 23 তেওঁ কিছুদিন তাতে থাকি, তাৰ পৰা গালাতীয়া আৰু ফৰুগিয়া প্ৰদেশেদি ফুৰি ফুৰি সকলো শিষ্যক উৎসাহিত কৰিলে।
Acts 23:11 in Assamese 11 তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”
Acts 27:5 in Assamese 5 পাছত কিলিকিয়া আৰু পাম্ফুলিয়াৰ সন্মুখত থকা সাগৰ পাৰ হৈ, লুকিয়া দেশৰ মুৰা নগৰ পালোঁ৷
Acts 28:15 in Assamese 15 তাৰ পৰা ভাই সকলে আমাৰ সম্বাদ শুনি, আমাক আগবঢ়াই নিবলৈ ‘অপ্পিয় বজাৰ’ আৰু ‘থ্ৰি ইন্’ নগৰলৈকে আহিছিল; পৌলে তেওঁলোকক দেখি ঈশ্ৱৰৰ স্তুতি কৰিলে, আৰু উৎসাহিত হ’ল৷
Romans 1:7 in Assamese 7 ৰোমত থকা ঈশ্ৱৰৰ যি প্ৰিয় লোক আৰু পবিত্ৰ লোকসকল; আপোনালোকলৈ আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অনুগ্ৰহ আৰু শান্তি হওক।
Romans 1:15 in Assamese 15 এই হেতুকে ৰোমত থকা যি আপোনালোক, অাপোনালোকৰ আগতো মই শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ।
2 Timothy 1:17 in Assamese 17 বৰং ৰোম নগৰত থাকোঁতে, তেওঁ অতি কষ্টেৰে মোক বিচাৰি পাইছিল,
Revelation 11:8 in Assamese 8 তাতে চদোম আৰু মিচৰ, এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্ৰুচত দিয়া হ’ল, সেই মহা-নগৰৰ আলিতে তেওঁলোকৰ মৰা শৱ পৰি থাকিব।