Acts 16:15 in Assamese 15 তাতে লুদীয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম ল’লে আৰু আমাক অনুৰোধ কৰি ক’লে, “যদিহে মোক আপোনালোকে প্রভুৰ বিশ্বাসকাৰিণী বুলি বিবেচনা কৰে তেনেহলে মোৰ ঘৰত আহি থাককহি।” এইদৰে তেওঁ আমাক বৰকৈ অনুৰোধ কৰিলে।
Other Translations King James Version (KJV) And when she was baptized, and her household, she besought us, saying, If ye have judged me to be faithful to the Lord, come into my house, and abide there. And she constrained us.
American Standard Version (ASV) And when she was baptized, and her household, she besought us, saying, If ye have judged me to be faithful to the Lord, come into my house, and abide `there'. And she constrained us.
Bible in Basic English (BBE) And when she and her family had had baptism, she made a request to us, saying, If it seems to you that I am true to the Lord, come into my house and be my guests. And she made us come.
Darby English Bible (DBY) And when she had been baptised and her house, she besought [us], saying, If ye have judged me to be faithful to the Lord, come into my house and abide [there]. And she constrained us.
World English Bible (WEB) When she and her household were baptized, she begged us, saying, "If you have judged me to be faithful to the Lord, come into my house, and stay." So she persuaded us.
Young's Literal Translation (YLT) and when she was baptized, and her household, she did call upon us, saying, `If ye have judged me to be faithful to the Lord, having entered into my house, remain;' and she constrained us.
Cross Reference Genesis 18:4 in Assamese 4 মই অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই লওঁক আৰু গছজোপাৰ তলতে বিশ্ৰাম লওঁক।
Genesis 19:3 in Assamese 3 কিন্তু বৰকৈ জোৰ কৰিবলৈ ধৰাত, তেওঁলোক লোটৰ লগত গৈ তেওঁৰ ঘৰত সোমাল; লোটে তেওঁলোকৰ কাৰণে খমিৰ নিদিয়া পিঠা সেকি এসাঁজ আহাৰ যুগুত কৰিলে আৰু তেওঁলোকক খাবলৈ দিলে।
Genesis 33:11 in Assamese 11 বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।
Judges 19:19 in Assamese 19 আমাৰ গাধবোৰৰ কাৰণে ধান-খেৰ আৰু দানা আছে; লগতে মোৰ কাৰণে আৰু এই বেটীৰ বাবে আৰু আপোনাৰ দাস-দাসীৰ সৈতে অহা এই ডেকাৰ বাবেও পিঠা দ্ৰাক্ষাৰস আছে, আমাৰ কোনো বস্তুৰ অভাৱ নাই।”
1 Samuel 28:23 in Assamese 23 কিন্তু চৌলে অমান্তি হ’ল আৰু ক’লে, “মই ভোজন নকৰোঁ।” তথাপি তেওঁৰ দাস সকলে আৰু সেই মহিলাই বৰকৈ মিনতি কৰিবলৈ ধৰিলে, তাতে তেওঁ সিহঁতৰ কথা শুনি মাটিৰ পৰা উঠি বিচনাত বহিল।
2 Kings 4:8 in Assamese 8 এদিন ইলীচাই খোজ কাঢ়ি কাঢ়ি চুনেমলৈ গৈছিল। সেই ঠাইত বাস কৰা এগৰাকী ধনী মহিলাই তেওঁক নিজৰ ঘৰত আহাৰ গ্রহণ কৰিবলৈ বৰকৈ মিনতি কৰাত, তেওঁ তাত আহাৰ কৰিলে। পাছত তেওঁ যিমানবাৰ চুনেমৰ মাজেদি যায়, সিমানবাৰ সেই ঘৰত খোৱা-বোৱা কৰিবলৈ সোমায়।
Matthew 10:41 in Assamese 41 এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাববাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব।
Luke 9:4 in Assamese 4 আৰু তোমালোকে যি ঘৰত সোমোৱা, তাতে থাকিবা আৰু তাৰ পৰাই ওলাই যাবা।
Luke 10:5 in Assamese 5 তোমালোকে যি ঘৰত সোমোৱা, তাত প্ৰথমে ক’বা, “এই ঘৰৰ কুশল হওক৷
Luke 14:23 in Assamese 23 তেতিয়া ঘৰৰ গৰাকীয়ে দাসক ক’লে, ‘ৰাজবাট আৰু আলিবাটলৈ ওলাই যোৱা আৰু মোৰ ঘৰ ভৰাবলৈ লোক সকলক উচতাই আনাগৈ’।
Luke 24:29 in Assamese 29 কিন্তু তেওঁলোকে যীচুক বৰকৈ অনুৰোধ কৰি ক’লে, “চাওক, এতিয়া দিনৰ শেষ; প্রায় সন্ধিয়া হ’বলৈ হৈছে। আপুনি আমাৰ সৈতে থাকি যাওঁক৷”
Acts 8:12 in Assamese 12 কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰোতে তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক যীচু খ্ৰীষ্টৰ নামত বাপ্তিস্ম দিয়া হ’ল।
Acts 8:38 in Assamese 38 তেতিয়া নপুংসক জনে ৰথ ৰাখিবলৈ আজ্ঞা কৰিলে৷ ফিলিপ আৰু নপুংসক বিষয়াজন পানীত নামিল; ফিলিপে তেওঁক বাপ্তিস্ম দিলে।
Acts 11:14 in Assamese 14 তাতে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে যাৰ দ্বাৰাই পৰিত্ৰাণ পাবা, সেই কথা তেওঁ তোমাক ক’ব’৷
Acts 16:33 in Assamese 33 কাৰাগাৰৰ অধ্যক্ষই সেই নিশাই পৌল আৰু চীলক লৈ গৈ তেওঁলোকৰ আঘাতৰ ঠাইবোৰ ধুই দিলে আৰু তেওঁ সপৰিয়ালে তেতিয়াই বাপ্তিস্ম গ্রহণ কৰিলে।
Acts 18:8 in Assamese 8 পৌলৰ কথা শুনি নাম-ঘৰৰ অধিকাৰী ক্ৰীষ্পে আৰু তেওঁৰ ঘৰৰ সকলোৱে প্ৰভুত বিশ্বাস কৰি বাপ্তিস্ম গ্ৰহণ কৰিলে৷ কৰিন্থীয়া সকলৰ মাজৰ বহুলোকে তেওঁৰ পৰা শুভবাৰ্তা শুনি বাপ্তিস্ম গ্ৰহণ কৰিলে।
Romans 16:23 in Assamese 23 মোৰ শুশ্ৰূষা কৰোঁতা গায় আৰু গোটেই মণ্ডলীয়ে আপোনালোকক মঙ্গলবাদ কৰিছে। এই নগৰৰ তত্বাৱধায়ক ইৰাস্তচে আৰু ক্বাৰ্ত্ত ভায়ে আপোনালোকক মঙ্গলবাদ কৰিছে।
1 Corinthians 1:13 in Assamese 13 তেনেহলে এইদৰে খ্রীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো আপোনালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল? আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল?
2 Corinthians 5:14 in Assamese 14 কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷
2 Corinthians 12:11 in Assamese 11 মই নির্বোধ হ’লো! এনে হ’বলৈ আপোনালোকে মোক বাধ্য কৰিলে, কিয়নো আপোনালোকৰ দ্বাৰাই মই প্ৰশংসিতহে হ’ব লাগিছিল; কিয়নো মই একো নহলেও, ‘অতি প্ৰধান পাঁচনি’ সকলতকৈ অলপো নিকৃষ্ট নাছিলো৷
Galatians 6:10 in Assamese 10 এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
Ephesians 1:1 in Assamese 1 মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ পাঁচনি। খ্ৰীষ্ট যীচুত বিশ্বাস কৰা ইফিচৰ পবিত্ৰ লোক সকলৰ সমীপলৈ;
Philippians 1:7 in Assamese 7 আপোনালোক সকলো বিষয়তে এনে ন্যায় ভাব ৰখা মোৰ উচিত; কাৰণ আপোনালোক মোৰ হৃদয়ত আছে৷ মই বন্দী অৱস্থাত থাকোতে আৰু শুভবাৰ্তাৰ পক্ষত উত্তৰ আৰু প্ৰমাণ দিয়া কথাত যি অনুগ্ৰহ পালোঁ, তাৰে আপোনালোকো সহভাগী হৈছে।
Philemon 1:17 in Assamese 17 যদি তুমি মোক সহভাগী বুলি গণ্য কৰা তেনেহলে মোৰ তুল্য বুলি তেওঁক গ্ৰহণ কৰিবা।
Hebrews 13:2 in Assamese 2 আপোনালোকে অতিথি সেৱা নাপাহৰিব; কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজনাকৈয়ে স্বৰ্গৰ দূত সকলকেই শুশ্ৰূষা কৰিলে।
1 Peter 5:12 in Assamese 12 মই চীলক বিশ্বাসী ভাই হিচাপে গণ্য কৰোঁ আৰু তেওঁৰ যোগেদি সংক্ষেপে এই পত্ৰ আপোনালোকলৈ লিখিলোঁ৷ আপোনালোকক প্ৰবোধ দিলোঁ আৰু এয়ে ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ বুলি সাক্ষ্যও দিলোঁ৷ মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ আৰু ঈশ্ৱৰৰ প্ৰকৃত অনুগ্ৰহৰ সাক্ষ্য দান কৰি, এই পত্ৰ লিখিলোঁ৷ ইয়াতে আপোনালোক দৃঢ় হৈ থাকক৷
2 John 1:10 in Assamese 10 যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব।
3 John 1:5 in Assamese 5 হে প্ৰিয়, আপুনি ভাই আৰু অচিনাকি ভাই সকলৰ কাৰণে যেতিয়া কর্ম কৰিলে, সেয়া আছিল আপোনাৰ বিশ্বাসযোগ্যতাৰ অনুশীলন,
3 John 1:8 in Assamese 8 এতেকে আমি সত্যৰ সহকাৰী হ’বলৈ, এনে লোক সকলক প্ৰতিপালন কৰা উচিত।