Acts 15:20 in Assamese 20 বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি পূজা বিষয়ক কোনো অশুচিতা*, ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।
Other Translations King James Version (KJV) But that we write unto them, that they abstain from pollutions of idols, and from fornication, and from things strangled, and from blood.
American Standard Version (ASV) but that we write unto them, that they abstain from the pollutions of idols, and from fornication, and from what is strangled, and from blood.
Bible in Basic English (BBE) But that we give them orders to keep themselves from things offered to false gods, and from the evil desires of the body, and from the flesh of animals put to death in ways against the law, and from blood.
Darby English Bible (DBY) but to write to them to abstain from pollutions of idols, and from fornication, and from what is strangled, and from blood.
World English Bible (WEB) but that we write to them that they abstain from the pollution of idols, from sexual immorality, from what is strangled, and from blood.
Young's Literal Translation (YLT) but to write to them to abstain from the pollutions of the idols, and the whoredom, and the strangled thing; and the blood;
Cross Reference Genesis 9:4 in Assamese 4 কিন্তু প্রাণে সৈতে অৰ্থাৎ তেজেৰে সৈতে তোমালোকে মঙহ নাখাবা।
Genesis 35:2 in Assamese 2 তেতিয়া যাকোবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো লোকক ক’লে, “তোমালোকৰ মাজত বিদেশৰ যিবোৰ দেৱ-দেৱী আছে, সেইবোৰ দূৰ কৰা আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধা।
Exodus 20:3 in Assamese 3 মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক।
Exodus 20:23 in Assamese 23 তোমালোকে মোৰ কাষত তোমালোকৰ বাবে আন কোনো ৰূপৰ বা সোণৰ দেৱমূৰ্তি নাসাজিবা।
Exodus 34:15 in Assamese 15 তুমি সেই দেশ নিবাসী সকলৰ সৈতে কোনো চুক্তি নকৰিবা; কাৰণ তেওঁলোকে ব্যভিচাৰ কৰে আৰু দেৱতাবোৰৰ আগত তেওঁলোকে বলিদান কৰে। তেওঁলোকে তেওঁলোকৰ নৈবেদ্য খাবলৈ তোমালোকক নিমন্ত্রণ কৰিব।
Leviticus 3:17 in Assamese 17 তোমালোকে তেল আৰু তেজ যে খাব নালাগে, এয়ে তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে বাস কৰা সকলো ঠাইতে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি’।”
Leviticus 7:23 in Assamese 23 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘তোমালোকে গৰুৰ, কি মেৰৰ, কি ছাগলীৰ তেল নাখাবা।
Leviticus 17:10 in Assamese 10 ইস্ৰায়েল বংশীয় যিকোনো লোক এজনে বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশীয়ে কোনো প্ৰকাৰৰ তেজ খাব, মই সেই তেজ খোৱা জনৰ পৰা বিমুখে থাকিম আৰু তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম।
Numbers 25:2 in Assamese 2 কিয়নো সেই জীয়ৰীসকলে তেওঁলোকক নিজ দেৱতাৰ বলিদান দিয়াবলৈ মাতিছিল। তেতিয়া লোকসকলে ভোজন কৰি তেওঁলোকৰ দেৱতাৰ আগত প্ৰণিপাত কৰিলে।
Deuteronomy 12:16 in Assamese 16 কিন্তু আপোনালোকে তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব।
Deuteronomy 12:23 in Assamese 23 কিন্তু সাৱধান! তেজ নাখাব; কিয়নো তেজেই হৈছে জীৱনৰ প্ৰাণ; এই হেতুকে মঙহেৰে সৈতে প্ৰাণ নাখাব।
Deuteronomy 14:21 in Assamese 21 নিজে মৰি পৰি থকা কোনো পশু আপোনালোকে নাখাব। কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিব আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা আপোনালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিব। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাব।
Deuteronomy 15:23 in Assamese 23 আপুনি কেৱল তাৰ তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব।
1 Samuel 14:32 in Assamese 32 তাতে লোকসকল লুভীয়া লোকৰ দৰে লুটদ্ৰব্যৰ ওচৰলৈ দৌৰি গৈ মেৰ, ছাগলী, গৰু, আৰু দামুৰি ধৰি মাটিত বধ কৰিলে আৰু তেজেৰে সৈতে মঙহ খাবলৈ ধৰিলে।
Psalm 106:37 in Assamese 37 এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে।
Ezekiel 4:14 in Assamese 14 তেতিয়া মই ক’লোঁ, “হায় হায় প্ৰভু যিহোৱা! চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই! কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে মৰা বা জন্তুৱে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।”
Ezekiel 20:30 in Assamese 30 এই হেতুকে তুমি ইস্ৰায়েল-বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলৰ দৰে তোমালোকে তোমালোকক অশুচি কৰা নাই নে? আৰু তেওঁলোকৰ ঘিণলগীয়া বস্তুৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা নাই নে?
Ezekiel 33:25 in Assamese 25 এই হেতুকে তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোক সতেজ হৈ মাংস খোৱা, মুৰ্ত্তিবোৰলৈ চকু তোলা আৰু ৰক্তপাত কৰা লোক; তেন্তে তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা নে?
Daniel 1:8 in Assamese 8 কিন্তু দানিয়েলে ৰজাৰ উওম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়।
Acts 15:29 in Assamese 29 আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”
Acts 21:25 in Assamese 25 আৰু অনা-ইহুদী সকলৰ মাজত বিশ্বাস কৰা সকলৰ বিষয়ে হ’লে, তেওঁলোকে মূৰ্তিক উৎসৰ্গ কৰি দিয়া প্ৰসাদ, টেটু-চেপা দি মৰা জন্তুৰ মাংস আৰু তেজ খোৱা আৰু ব্যভিচাৰৰ পৰা নিজকে ৰাখিবলৈ আমি নিশ্চয় কৰি নিৰ্দেশনা লিখি পঠালোঁ।”
1 Corinthians 5:11 in Assamese 11 মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে, খ্রীষ্টত বিশ্বাসী বুলি পৰিচিত কোনো ভাই যদি ব্যভিচাৰী, লুভীয়া, মূৰ্তিপূজক, নিন্দক, মতলীয়া, প্রৱঞ্চক হয়, তেনেহলে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিব।
1 Corinthians 6:9 in Assamese 9 যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই বিষয়ে আপোনালোকে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,
1 Corinthians 6:13 in Assamese 13 “পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;
1 Corinthians 6:18 in Assamese 18 ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে।
1 Corinthians 7:2 in Assamese 2 কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।
1 Corinthians 8:1 in Assamese 1 এইবাৰ মই দেৱতাৰ মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ বিষয়ে কৈছোঁ। আমি জানো যে “আমাৰ সকলোৰে জ্ঞান আছে”। জ্ঞানে অহংকাৰ জন্মায়, কিন্তু প্ৰেমে গঢ় দিয়ে।
1 Corinthians 8:4 in Assamese 4 মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ খোৱাৰ বিষয়ে কওঁ; আমি জানো যে “জগত খনত মূৰ্তি বুলি প্ৰকৃততে একোৱে নাই” আৰু “এজন ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই”।
1 Corinthians 10:7 in Assamese 7 তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল, আপোনালোক তেনে নহ’ব; সেই বিষয়ে এনেদৰে লিখা আছে; “মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল”।
1 Corinthians 10:14 in Assamese 14 এই কাৰণে, হে মোৰ প্ৰিয় ভাইসকল সকলো প্ৰকাৰৰ মূৰ্তিক উপাসনা কৰাৰ পৰা দূৰৈত থাকক৷
2 Corinthians 12:21 in Assamese 21 তাতে পুনৰ আহিলে, মোৰ ঈশ্বৰে আপোনালোকৰ আগত মোক সৰু কৰিব; আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব৷ কাৰণ যি সকলে আগেয়ে পাপ কৰিছিল, তেওঁলোকে সেই অশুচি কাৰ্যবোৰৰ পৰা মন-পালটন নকৰি, ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল, তেনেদৰে চলি থাকিল৷
Galatians 5:19 in Assamese 19 এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ,
Ephesians 5:3 in Assamese 3 আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;
Colossians 3:5 in Assamese 5 এতেকে আপোনালোকে জাগতিক সকলো বিষয়কে মাৰি পেলাওঁক; ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভৰ দৰে মূৰ্তিপূজা,
1 Thessalonians 4:3 in Assamese 3 কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে।
1 Timothy 4:4 in Assamese 4 কিয়নো ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম আৰু ধন্যবাদেৰে সৈতে গ্ৰহণ কৰিলে, একোৱেই অগ্ৰাহ্য নহয়,
Hebrews 12:16 in Assamese 16 বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো অধাৰ্মিক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিব।
Hebrews 13:4 in Assamese 4 সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।
1 Peter 4:3 in Assamese 3 যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰি আহিলে, সেয়াই যথেষ্ট৷
Revelation 2:14 in Assamese 14 কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কিছুমান কথা আছে, তুমি কিছুমান লোকক ৰাখিছা, যি সকলে নিবিড় ভাবে বিলিয়মৰ শিক্ষা ধৰি আছে; যি জনে ইস্রায়েলৰ সন্তান সকলৰ আগত বিঘিনি পেলাবলৈ বালাকক শিক্ষা দিছিল। সেইদৰে তেওঁলোকে মূর্তিৰ সন্মুখত বলিদান কৰা প্রসাদ খাইছিল আৰু ব্যভিচাৰ কৰিছিল।
Revelation 2:20 in Assamese 20 তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে - যি জনীয়ে নিজকে ভাৱবাদিনী বুলি কয়, সেই ঈজেবল মহিলাক তুমি সহন কৰি আছা। সেই মহিলাই মোৰ দাস সকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূর্তিলৈ বলিদান কৰা প্রসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে।
Revelation 9:20 in Assamese 20 এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ উপাসনা কৰিবলৈ নেৰিলে আৰু এই অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে।
Revelation 10:2 in Assamese 2 তেওঁৰ হাতত এটা পুথিৰ সৰু নুৰা আছিল আৰু তেওঁৰ সোঁ ভৰি সমুদ্ৰত, বাওঁ ভৰি মাটিত আছিল৷
Revelation 10:8 in Assamese 8 তেতিয়া মই শুনা সেই স্বৰ্গীয়-বাণীয়ে মোৰে সৈতে আকৌ কথা হৈ ক’লে, “সমুদ্ৰ আৰু মাটিৰ ওপৰত থিয় হৈ থকা সেই দূতৰ হাতত যি মেলা পুথিৰ নুৰা আছে, তুমি গৈ তাক লোৱা।”