Acts 14:23 in Assamese 23 পৌল আৰু বার্ণব্বাই প্রার্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচাৰক সকলক মনোনীত কৰিলে আৰু যি জন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।
Other Translations King James Version (KJV) And when they had ordained them elders in every church, and had prayed with fasting, they commended them to the Lord, on whom they believed.
American Standard Version (ASV) And when they had appointed for them elders in every church, and had prayed with fasting, they commended them to the Lord, on whom they had believed.
Bible in Basic English (BBE) And when they had made selection of some to be rulers in every church, and had given themselves to prayer and kept themselves from food, they put them into the care of the Lord in whom they had faith.
Darby English Bible (DBY) And having chosen them elders in each assembly, having prayed with fastings, they committed them to the Lord, on whom they had believed.
World English Bible (WEB) When they had appointed elders for them in every assembly, and had prayed with fasting, they commended them to the Lord, on whom they had believed.
Young's Literal Translation (YLT) and having appointed to them by vote elders in every assembly, having prayed with fastings, they commended them to the Lord in whom they had believed.
Cross Reference Mark 3:14 in Assamese 14 তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল), যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে,
Luke 23:46 in Assamese 46 পাছত যীচুৱে বৰ মাতেৰে ক’লে, “হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমর্পণ কৰিছোঁ৷” এই বুলি কৈ, তেওঁ প্ৰাণ ত্যাগ কৰিলে।
Acts 1:22 in Assamese 22 বাপ্তিস্ম লোৱা সেই লোকসকলৰ মাজৰ এজন লোক নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।”
Acts 11:30 in Assamese 30 পাছত সেইদৰে কাৰ্য কৰি, বাৰ্ণব্বা আৰু চৌলৰ হাতত পৰিচাৰক সকললৈ ধন পঠিয়াই দিলে৷
Acts 13:1 in Assamese 1 আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল৷ তেওঁলোক হ’ল, - বাৰ্ণব্বা, চিমোন, যি জনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, ৰজা হেৰোদৰ লগত প্ৰতিপালিত হোৱা মনহেম আৰু চৌল৷
Acts 14:26 in Assamese 26 তাৰ পৰা পৌল আৰু বার্ণব্বাই জাহাজেৰে আন্তিয়খিয়ালৈ আহিল। যি কার্য তেওঁলোকে এতিয়া সম্পূর্ণ কৰিলে, সেই কার্যৰ কাৰণে এই নগৰতে তেওঁলোকক ঈশ্বৰৰ অনুগ্রহলৈ সমর্পিত কৰা হৈছিল।
Acts 15:4 in Assamese 4 পাছত তেওঁলোক যেতিয়া যিৰূচালেম পায়হি, তেতিয়া মণ্ডলী, পাঁচনি আৰু পৰিচাৰক সকলে তেওঁলোকক আদৰণি জনালে। ঈশ্বৰে তেওঁলোকৰ লগত থাকি যি যি কৰিলে, সেই বিষয়ে তেওঁলোকে সকলো কথা জনালে।
Acts 15:6 in Assamese 6 পাছত পাঁচনি আৰু পৰিচাৰক সকলে এই বিষয়ে আলোচনা কৰিবলৈ একগোট হ’ল।
Acts 15:23 in Assamese 23 তেওঁলোকৰ হাতত এইদৰে এখন পত্র লিখি পঠালে: “আন্তিয়খিয়া, চিৰিয়া আৰু কিলকিয়াৰ অনা-ইহুদী বিশ্বাসী ভাই সকলৰ সমীপলৈ- পাঁচনি, পৰিচাৰক আৰু বিশ্বাসী ভাই সকলৰ শুভেচ্ছা।
Acts 20:17 in Assamese 17 পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ পৰিচাৰক সকলক মতাই আনিলে।
Acts 20:32 in Assamese 32 এতিয়া, যি ঈশ্বৰে আপোনালোকক বিশ্বাসত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰীকৃত হোৱা সকলৰ মাজত উত্তৰাধীকাৰ দিব পাৰে, তেওঁলৈ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যলৈ আপোনালোকক মই সমৰ্পন কৰি দিলোঁ।
1 Thessalonians 3:12 in Assamese 12 আপোনালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে আপোনালোকৰ প্ৰেম বঢ়াই উপচাই দিয়ক।
2 Thessalonians 2:16 in Assamese 16 এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যি জনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক;
1 Timothy 5:1 in Assamese 1 বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা৷
1 Timothy 5:17 in Assamese 17 যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য প্ৰচাৰ কৰাত আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।
1 Timothy 5:22 in Assamese 22 কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা।
2 Timothy 1:12 in Assamese 12 এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ (ন্যায় বিচাৰৰ দিনৰ) কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
2 Timothy 2:2 in Assamese 2 আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসযোগ্য লোক সকলক সমর্পণ কৰা।
Titus 1:5 in Assamese 5 অসম্পূৰ্ণ কার্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতী দ্বীপত মই তোমাক থৈ আহিলোঁ।
James 5:14 in Assamese 14 কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক;
1 Peter 5:1 in Assamese 1 মই আপোনালোকৰ মাজৰ পৰিচাৰক সকলক দৃঢ় আহ্বান জনাও যে, ময়ো সহকর্মী সকলৰ এজন পৰিচাৰক আৰু খ্ৰীষ্টৰ দুখভোগৰ এজন সাক্ষী; প্ৰকাশিত হ’বলৈ উদ্যত হোৱা গৌৰৱৰ সহভাগী৷
1 Peter 5:10 in Assamese 10 আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।
2 John 1:1 in Assamese 1 ঈশ্বৰৰ মনোনীত সেই ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তান সকলক মই সত্য প্ৰেম কৰোঁ; একমাত্ৰ ময়েই নহয়, কিন্তু যি সকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে৷
3 John 1:1 in Assamese 1 মই পৰিচাৰক, মই যি জনক সত্যৰে প্ৰেম কৰোঁ, সেই প্ৰিয় গায়ৰ সমীপলৈ৷