Cross Reference Genesis 1:1 in Assamese 1 আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।
Genesis 41:16 in Assamese 16 তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”
Exodus 20:11 in Assamese 11 কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ।
Deuteronomy 5:26 in Assamese 26 মৰ্ত্ত্য লোকৰ মাজত এনে কোন লোক আছে যে, আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কন্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে?
Deuteronomy 32:21 in Assamese 21 যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রুদ্ধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
Joshua 3:10 in Assamese 10 জীৱন্ত ঈশ্বৰ যে তোমালোকৰ মাজত আছে আৰু তেওঁ যে কনানীয়া, হিত্তীয়া, হিব্বীয়া, পৰিজ্জীয়া, গিৰ্গাচীয়া, ইমোৰীয়া আৰু যিবুচীয়া লোকসকলক তোমালোকৰ সন্মুখৰ পৰা নিশ্চয়ে যে দূৰ কৰিব, সেই বিষয়ে তোমালোকে ইয়াৰ দ্বাৰাই জানিবা।
1 Samuel 12:21 in Assamese 21 কোনো অসাৰ বস্তুৰ পাছত তোমালোক নাযাবা; সেয়া তোমালোকৰ কাৰণে লাভ জনক নহয় বা তোমালোকক ৰক্ষা নকৰে, কাৰণ এই সকলো অসাৰ।
1 Samuel 17:26 in Assamese 26 তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই ফিলিষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নত ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”
1 Samuel 17:36 in Assamese 36 আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ ফিলিষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”
1 Kings 16:13 in Assamese 13 বাচা আৰু তেওঁৰ পুত্ৰ এলাই নিজৰ অসাৰ প্ৰতিমাবোৰৰ দ্বাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্রোধত উত্তেজিত কৰাবলৈ যি যি পাপ কৰিছিল, সেই সকলো পাপৰ কাৰণে এই সকলো ঘটিল।
1 Kings 16:26 in Assamese 26 কিয়নো নবাটৰ পুত্ৰ যাৰবিয়াম যি কুপথত চলিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল আৰু তেওঁলোকৰ অসাৰ প্ৰতিমাবোৰৰ দ্ৱাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাইছিল, অম্ৰীৰেও ঠিক সেইদৰেই চলিল৷
2 Kings 19:4 in Assamese 4 আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
2 Kings 19:16 in Assamese 16 হে যিহোৱা, কাণ পাতি শুনক, হে যিহোৱা, চকু মেলি চাওঁক। জীৱন্ত ঈশ্বৰক নিন্দা কৰিবৰ কাৰণে চনহেৰীবে যি কথা কৈ পঠাইছে, সেয়া শুনক।
Psalm 31:6 in Assamese 6 যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰো; কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ।
Psalm 33:6 in Assamese 6 যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল, তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।
Psalm 124:8 in Assamese 8 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।
Psalm 146:5 in Assamese 5 যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।
Proverbs 8:23 in Assamese 23 অনাদি কালৰ পৰা, পৃথিবীৰ আৰম্ভণীৰে পৰা মই স্থাপিত হৈ আছোঁ।
Isaiah 44:9 in Assamese 9 কটা-মূৰ্ত্তি সাজোঁতাবোৰ সকলোৱে অসাৰ; তেওঁলোকে আনন্দ কৰা বিষয়বোৰ মূল্যহীন; তেওঁলোকৰ সাক্ষীবোৰে একো নেদেখে বা নাজানে, আৰু সেয়ে তেওঁলোকক লাজত পৰিব।
Isaiah 44:19 in Assamese 19 কোনো এজনে নাভাৱে নাইবা তেওঁলোকে হৃদয়ঙ্গম নকৰে আৰু ক’য়, মই সেই কাঠৰ এটা অংশ জুইত পুৰিলোঁ, হয়, তাৰ আঙঠাৰ ওপৰত মই পিঠা শেকিলোঁ, আৰু মই তাৰ আঙঠাৰ ওপৰত মাংস খৰিকাত দি খালোঁ। এতিয়া তাৰ অৱশিষ্ট ভাগেৰে সেৱা কৰিবলৈ মই কিবা এটা ঘিণলগীয়া বস্তু সাজিম নে? কাঠডোখৰৰ আগত মই প্ৰণিপাত কৰিম নে?”
Isaiah 45:18 in Assamese 18 কোনে পৃথিবী সৃষ্টি কৰিলে আৰু গঠন কৰিলে কোনে তাক স্থাপন কৰিলে। তেওঁ অনৰ্থকৰূপে সৃষ্টি কৰা নাই, কিন্তু বাসস্থানৰ বাবেহে তাক নিৰ্মাণ কৰিলে, আকাশ মণ্ডল সৃষ্টি কৰা সেই সত্য ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ময়েই যিহোৱা, মোৰ কোনো সমকক্ষ নাই।
Isaiah 45:20 in Assamese 20 জাতিবোৰৰ মাজৰ শৰণার্থীসকল, তোমালোক একগোটহৈ নিজকে সমবেত কৰা আৰু আহাঁ! যিসকলে কটা প্ৰতিমা ভাৰ বৈ ফুৰে, আৰু ৰক্ষা কৰিব নোৱাৰা দেৱতাৰ আগত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ কোনো জ্ঞানো নাই।
Isaiah 46:7 in Assamese 7 তেওঁলোকে তাক তেওঁলোকৰ কান্ধত উঠাই আৰু কঢ়িয়াই লৈ যায়, তেওঁলোকে নিজ ঠাইত তাক স্থাপন কৰে; তাতে সি থিয় হৈ থাকে, আৰু নিজৰ ঠাইৰ পৰা লৰচৰ নহয়। তেওঁলোকে তাৰ আগত কান্দে, কিন্তু উত্তৰ দিব নোৱাৰে, নাইবা তেওঁলোকক সঙ্কটৰ পৰা উদ্ধাৰ কৰিবও নোৱাৰে।
Jeremiah 8:19 in Assamese 19 চোৱা! অতি দূৰ দেশৰ পৰা মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাতৰোক্তিৰ স্বৰ শুনা গৈছে। যিহোৱা চিয়োনত নাই নে? তাৰ ৰজা তাৰ ভিতৰত নাই নে? তেওঁলোকে কটা প্ৰতিমা আৰু বিজাতীয় অসাৰ বস্তুবোৰৰ দ্বাৰাই মোক কিয় বেজাৰ দিছে?
Jeremiah 10:3 in Assamese 3 কিয়নো জাতিবোৰৰ ৰীতি-নীতিবোৰ অসাৰ। কাৰণ এজন মানুহে কাঠনিৰ পৰা এডাল গছ কাটি উলিয়ায়; সেয়ে কুঠাৰেৰে কৰা মানুহৰ হাতৰ কাৰ্য্য হৈ উঠে।
Jeremiah 10:8 in Assamese 8 কিন্তু তেওঁলোক সম্পূৰ্ণকৈ পশুতুল্য আৰু নিৰ্ব্বোধ; মূৰ্ত্তিবোৰৰ শিক্ষা লোৱা এডোখৰ কাঠ মাথোন।
Jeremiah 10:10 in Assamese 10 কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
Jeremiah 10:14 in Assamese 14 প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞান-শূন্য, প্ৰতিজন সোণাৰী আৰু কটা-প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়। কাৰণ তাৰ সাচত ঢলা মূৰ্ত্তিবোৰ মিছা; সেইবোৰৰ ভিতৰত কোনো নিশ্বাস-প্ৰশ্বাস নাই।
Jeremiah 14:22 in Assamese 22 জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে? বা আকাশে জানো নিজ জল বৰ্ষাব পাৰে? হে আমাৰ ঈশ্বৰ যিহোৱা, তুমিয়েই জানো এই জনা নোহোৱা? এই হেতুকে আমি তোমালৈ বাট চাই থাকিম; কিয়নো তুমিয়েই এই সকলো কৰিলা।
Jeremiah 32:17 in Assamese 17 “হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
Daniel 2:28 in Assamese 28 কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে; যিজনে গোপন কথা প্ৰকাশ কৰে, আৰু আহিব লগা দিনবোৰত কি ঘটিব, সেই সকলোকে তেওঁ আপোনাক জানিব দিব; আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ:
Daniel 6:26 in Assamese 26 মই এই আজ্ঞা কৰিছোঁ যে, মোৰ ৰাজ্যৰ সকলো ঠাইৰ লোকসকলে দানিয়েলৰ ঈশ্বৰৰ সাক্ষাতে কম্পমান হওক; আৰু তেওঁক ভয় কৰক; কাৰণ তেওঁ জীৱন্ত ঈশ্বৰ, আৰু চিৰকাললৈকে থাকে; আৰু তেওঁৰ ৰাজ্য উচ্ছন্ন নহ’ব, তেওঁৰ ৰাজত্ব শেষলৈকে থাকিব।
Amos 2:4 in Assamese 4 যিহোৱাই এই কথা কৈছে: “যিহূদাৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো তেওঁলোকে যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে; তেওঁৰ বিধিবোৰ পালন নকৰিলে; তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলে যি মিথ্যা দেৱতাবোৰৰ পাছত চলিছিল, তেওঁলোকো সেইদৰে বিপথে গ’ল।
Jonah 2:8 in Assamese 8 যিসকলে অসাৰ দেৱতাবোৰক মানে, তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা, তাক অৱহেলা কৰে।
Zechariah 12:1 in Assamese 1 ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বক্তব্য - এয়ে যিহোৱাৰ ঘোষণা, যি জন আকাশ মণ্ডল বিস্তাৰ কৰোঁতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা:
Matthew 16:16 in Assamese 16 তেতিয়া চিমোন পিতৰে উত্তৰ দি ক’লে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
John 5:26 in Assamese 26 কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ আধিকাৰী, তেনেকৈ তেওঁ পুত্রকো নিজে জীৱনৰ অধিকাৰী হ’বলৈ দিলে।
John 7:18 in Assamese 18 যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু যি জনে পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেওঁ সত্য, আৰু তেওঁৰ অন্তৰত একো অধাৰ্মিকতা নাই।
Acts 3:12 in Assamese 12 ইয়াকে দেখি পিতৰে লোক সকলক ক’লে, “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে?
Acts 4:24 in Assamese 24 এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰি ক’লে, “প্ৰভু, আকাশমণ্ডল, এই জগত, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই।
Acts 7:26 in Assamese 26 পাছদিনা দুজন ইস্ৰায়েলীয়ে নিজৰ মাজত যেতিয়া কাজিয়া কৰিছিল, তেতিয়া তেওঁ ওচৰলৈ গৈ তেওঁলোকক মিলন কৰিবৰ কাৰণে ক’লে, ‘হে লোক সকল, তোমালোক পৰস্পৰে ভাই হৈ, ইজনে সিজনৰ প্ৰতি কিয় অন্যায় ব্যৱহাৰ কৰিছা’?
Acts 10:26 in Assamese 26 কিন্তু পিতৰে তেওঁক তুলি ধৰি ক’লে, “উঠা; ময়ো মানুহহে৷”
Acts 12:22 in Assamese 22 তেতিয়া লোক সকলে ৰিঙিয়াই ক’লে, “এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!”
Acts 13:32 in Assamese 32 গতিকে আমাৰ পূৰ্ব-পুৰুষ সকলৰ আগত ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ বিষয়ে, আমি আপোনালোকক এই শুভবাৰ্তা জনাইছো:
Acts 14:7 in Assamese 7 তেওঁলোকে সেই ঠাইবোৰতো শুভবার্তা প্রচাৰ কৰিলে।
Acts 14:21 in Assamese 21 সেই নগৰত তেওঁলোকে শুভবার্তা প্রচাৰ কৰিলে আৰু বহু লোক যীচুৰ শিষ্য হ’ল। পুনৰ তেওঁলোক লুস্ত্রা, ইকনিয় আৰু আন্তিয়খিয়ালৈ উলটি গ’ল।
Acts 16:30 in Assamese 30 তেওঁলোকক বাহিৰলৈ আনি সুধিলে, “মহাশয় সকল, পৰিত্রাণ পাবলৈ হ’লে মই কি কৰিব লাগিব?”
Acts 17:16 in Assamese 16 আথিনী চহৰত পৌলে চীল আৰু তীমথিয়ৰ কাৰণে অপেক্ষাত থাকোতে, সেই চহৰ মূৰ্তিবোৰেৰে পূর্ণ হৈ থকা দেখিলে। তাতে তেওঁৰ আত্মা অতি ব্যথিত হৈ উঠিল।
Acts 17:24 in Assamese 24 ঈশ্বৰ, যি জন এই জগত আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু এই জগতৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে।
Acts 26:17 in Assamese 17 তোমাক মই যি লোকসকলৰ পৰা উদ্ধাৰ কৰিলোঁ, সেই লোকসকল আৰু অনা-ইহুদী সকলে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়,
Acts 27:10 in Assamese 10 তেওঁ ক’লে যে, “হে লোকসকল, মই দেখিছোঁ যে এই যাত্ৰাত আমাৰ বিপদ আৰু বহু ক্ষতি হ’ব; ইয়াত আমাৰ অকল সামগ্ৰী আৰু জাহাজৰে নহয়; আনকি আমাৰ প্ৰাণো সংকটত পৰিব৷”
Acts 27:21 in Assamese 21 তাতে তেওঁলোকে কেইবাদিনো লঘোনে থকাত, পৌলে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “হে লোকসকল, আপোনালোকৰ এই বিপদ আৰু ক্ষতি নহলেহেতেন যদি মোৰ কথা শুনি ক্ৰীতীৰ পৰা জাহাজ এৰি নিদিলেহেঁতেন৷
Acts 27:25 in Assamese 25 এই কাৰণে, হে মোৰ প্রিয়সকল, আপোনালোকে সাহস কৰক; কিয়নো মোক যেনেকৈ ক’লে, তেনেকৈ নিশ্চয় ঘটিব৷ ঈশ্ৱৰত মোৰ এনে বিশ্বাস আছে৷
Romans 1:20 in Assamese 20 কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে। তাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকক জনালে, যাতে পাছত একো নাজানো বুলি আপত্তি কৰিবলৈ কোনো কাৰণ নাথাকে;
1 Corinthians 8:4 in Assamese 4 মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ খোৱাৰ বিষয়ে কওঁ; আমি জানো যে “জগত খনত মূৰ্তি বুলি প্ৰকৃততে একোৱে নাই” আৰু “এজন ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই”।
Ephesians 4:17 in Assamese 17 এতেকে প্ৰভুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ।
1 Thessalonians 1:9 in Assamese 9 কাৰণ লোক সকলে আমাক জনাইছে যে, আপোনালোকে কিদৰে আমাক গ্ৰহণ কৰিছিল আৰু কি ভাবে আপোনালোকে মূর্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছে৷
1 Timothy 3:15 in Assamese 15 কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্ৱৰৰ গৃহ, সেয়ে জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনেদৰে জীৱন-যাপন কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল৷
Hebrews 3:12 in Assamese 12 ভাই সকল, আপোনালোকে সতর্কতাৰে চলিব যাতে, কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজন বিশ্বাসীৰে দুষ্ট হৃদয় নহয়।
James 5:17 in Assamese 17 এলিয়া, আমাৰ নিচিনা সুখ-দুখ অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল।
Revelation 14:7 in Assamese 7 তেওঁ বৰ মাতেৰে ক’লে, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা; কিয়নো তেওঁৰ সোধ-বিচাৰৰ সময় আহিল৷ যি জনে স্বৰ্গ, এই জগত, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্ত্তাক আৰাধনা কৰা।
Revelation 19:10 in Assamese 10 তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাৱবাণীৰ আত্মা।”
Revelation 19:19 in Assamese 19 পাছত সেই পশু আৰু পৃথিৱীৰ ৰজা সকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠা জনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল৷
Revelation 22:9 in Assamese 9 তেতিয়া তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মইয়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাৱবাদী সকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতা সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।”