Acts 13:2 in Assamese 2 যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই ক’লে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই সেৱাকৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷”
Other Translations King James Version (KJV) As they ministered to the Lord, and fasted, the Holy Ghost said, Separate me Barnabas and Saul for the work whereunto I have called them.
American Standard Version (ASV) And as they ministered to the Lord, and fasted, the Holy Spirit said, Separate me Barnabas and Saul for the work whereunto I have called them.
Bible in Basic English (BBE) And while they were doing the Lord's work, and going without food, the Holy Spirit said, Let Barnabas and Saul be given to me for the special work for which they have been marked out by me.
Darby English Bible (DBY) And as they were ministering to the Lord and fasting, the Holy Spirit said, Separate me now Barnabas and Saul for the work to which I have called them.
World English Bible (WEB) As they served the Lord and fasted, the Holy Spirit said, "Separate Barnabas and Saul for me, for the work to which I have called them."
Young's Literal Translation (YLT) and in their ministering to the Lord and fasting, the Holy Spirit said, `Separate ye to me both Barnabas and Saul to the work to which I have called them,'
Cross Reference Numbers 8:11 in Assamese 11 ইস্ৰায়েলৰ সন্তানসকলৰ পক্ষে হাৰোণে মোৰ আগত লেবীয়াসকলক উৎসৰ্গ কৰিব যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্য্যত নিযুক্ত হ’ব।
Deuteronomy 10:8 in Assamese 8 সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীর্বাদ কৰিবলৈ লেবীয়া জনগোষ্ঠীক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
1 Samuel 2:11 in Assamese 11 তাৰ পাছত ইলকানা নিজৰ ঘৰ ৰামালৈ গ’ল৷ কিন্তু তেওঁৰ সন্তান চমূৱেলে এলী পুৰোহিতৰ সাক্ষাতে যিহোৱাৰ পৰিচৰ্য্যা কৰিবলৈ ধৰিলে।
1 Chronicles 16:4 in Assamese 4 দায়ূদে যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত পৰিচৰ্য্যা কৰিবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গুণ গাবলৈ, আৰু তেওঁৰ ধন্যবাদ-প্ৰশংসা কৰিবলৈ, লেবীয়াসকলৰ কেইজনমানক নিযুক্ত কৰিলে।
1 Chronicles 16:37 in Assamese 37 প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে নিয়ম-চন্দুকৰ আগত একেৰাহে পৰিচৰ্য্যা কৰিবলৈ, তেওঁ আচফক আৰু তেওঁৰ ভাইসকলক যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত ৰাখিলে।
Daniel 9:3 in Assamese 3 তেতিয়া মই লঘোণ দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কিৰিলোঁ।
Matthew 6:16 in Assamese 16 যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
Matthew 9:14 in Assamese 14 তাৰ পাছত যোহনৰ শিষ্য সকলে যীচুৰ ওচৰলৈ আহি ক’লে, “আমি আৰু ফৰীচী সকলে প্রায়েই লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্য সকলে কিয় লঘোন নিদিয়ে?”
Matthew 9:38 in Assamese 38 এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”
Luke 2:37 in Assamese 37 পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে। তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল।
Luke 10:1 in Assamese 1 এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইত দুজন দুজনকৈ পঠিয়াই দিলে।
Acts 6:4 in Assamese 4 ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম।”
Acts 8:29 in Assamese 29 এনে সময়তে পবিত্ৰ আত্মাই ফিলিপক ক’লে, “তুমি কাষলৈ গৈ সেই ৰথৰ লগে লগে যোৱা।”
Acts 9:15 in Assamese 15 কিন্তু প্ৰভুৱে তেওঁক ক’লে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।
Acts 10:19 in Assamese 19 তেতিয়া পিতৰে সেই দৰ্শনৰ কথা ভাবি থাকোতেই, আত্মাই (পবিত্ৰ আত্মাই) তেওঁক ক’লে, “চোৱা, তিনি জন মানুহে তোমাক বিচাৰিছে৷
Acts 10:30 in Assamese 30 তেতিয়া কৰ্ণীলিয়ই ক’লে, “আজি চাৰি দিন হ’ল ঠিক এই সময়ত অৰ্থাৎ আবেলি তিনি মান বজাত প্ৰাৰ্থনা কৰি আছিলোঁ; তেতিয়া চাওক, উজ্জ্বল বস্ত্ৰ পিন্ধা এজন মানুহ মোৰ আগত থিয় হ’ল৷
Acts 13:3 in Assamese 3 তাতে তেওঁলোকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে৷
Acts 14:26 in Assamese 26 তাৰ পৰা পৌল আৰু বার্ণব্বাই জাহাজেৰে আন্তিয়খিয়ালৈ আহিল। যি কার্য তেওঁলোকে এতিয়া সম্পূর্ণ কৰিলে, সেই কার্যৰ কাৰণে এই নগৰতে তেওঁলোকক ঈশ্বৰৰ অনুগ্রহলৈ সমর্পিত কৰা হৈছিল।
Acts 16:6 in Assamese 6 পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফৰুগিয়া আৰু গালাতীয়া প্ৰদেশৰ মাজেদি গ’ল।
Acts 20:28 in Assamese 28 আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই লোক সকলৰ বাবে সাৱধান হওক, আৰু ঈশ্বৰে নিজে দান কৰা তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
Acts 22:21 in Assamese 21 কিন্তু তেওঁ মোক ক’লে, ‘যোৱা, কিয়নো মই তোমাক দুৰৈত থকা অনা-ইহুদী সকলৰ ওচৰলৈ পঠিয়াম’৷
Romans 1:1 in Assamese 1 মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি;
Romans 10:15 in Assamese 15 আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰিৰ পতা কেনে সুন্দৰ!”
Romans 15:16 in Assamese 16 অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হ’বলৈ মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ পুৰোহিতৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷
1 Corinthians 7:5 in Assamese 5 আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়।
1 Corinthians 12:11 in Assamese 11 কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি বৰ দিবলৈ মন কৰে, সেইদৰে তেওঁক ভাগ-বাঁটি দি সকলোকে সাধন কৰিছে।
2 Corinthians 6:5 in Assamese 5 কোব, বন্দীশালত থকা, হুৰামুৰা, কঠোৰ পৰিশ্ৰম, পৰ দিয়া, লঘোন,
2 Corinthians 11:27 in Assamese 27 পৰিশ্ৰম আৰু দুর্ভোগত আৰু বহু ৰাতিৰ টোপনি-খতিত, লঘোনে থকাত আৰু পিয়াহত আৰু একো খাদ্য নোহোৱাত, জাৰ পোৱাত আৰু উদঙে থকাত, মই এই সকলো ভোগ কৰিছিলোঁ৷
Galatians 1:15 in Assamese 15 কিন্তু ঈশ্বৰে মোক মাতৃ-গৰ্ভৰে পৰা বাছি ল’লে আৰু তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে।
Galatians 2:8 in Assamese 8 কিয়নো চুন্নৎ হোৱা সকলৰ প্ৰতি যি ঈশ্বৰে পিতৰৰ হৈ পাঁচনি পদৰ কার্য সাধন কৰিছে, তেওঁ অনা-ইহুদী সকলৰ কাৰণে মোৰ হৈয়ো একে পাঁচনি পদৰ কাৰ্য সাধন কৰিছে;
Ephesians 3:7 in Assamese 7 ঈশ্বৰে নিজৰ পৰাক্রম কাৰ্য সাধন কৰি মোক যি অনুগ্রহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবার্তা প্রচাৰ কৰাৰ কাৰণে মই এজন দাস হ’লো।
Colossians 4:17 in Assamese 17 আৰ্খিপ্পক এই কথা ক’ব, “আপুনি প্ৰভুত যি পৰিচৰ্যা পদ পালে, সেয়া সিদ্ধ কৰিবৰ কাৰণে তালৈ সাৱধান হ’ব।”
1 Timothy 2:7 in Assamese 7 এই সাক্ষ্য দিবৰ কাৰণে মোক এজন ঘোষণাকাৰী আৰু পাঁচনি ৰূপে নিযুক্ত কৰিলে৷ মই বিশ্বাস আৰু সত্যত অনা-ইহুদী সকলৰ শিক্ষক হলোঁ৷ মই সত্য কথা কওঁ; মই মিছা নকওঁ৷
2 Timothy 1:11 in Assamese 11 সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে।
2 Timothy 2:2 in Assamese 2 আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসযোগ্য লোক সকলক সমর্পণ কৰা।
2 Timothy 4:5 in Assamese 5 কিন্তু তুমি, সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবার্তা প্ৰচাৰকৰ কার্য কৰা, তোমাৰ পৰিচর্যা কর্ম সম্পূর্ণ কৰা।
2 Timothy 4:11 in Assamese 11 একমাত্ৰ লূকহে মোৰ লগত আছে। তুমি মার্কক লগত লৈ আহিবা; কিয়নো পৰিচর্যা কর্মত তেওঁ মোৰ বাবে উপকাৰী।
Hebrews 5:4 in Assamese 4 মহা-পুৰোহিত হোৱা সন্মানৰ বিষয় আৰু কোনেও এই সন্মান নিজে ল’ব নোৱাৰে। কিন্তু ঈশ্বৰে যি জনক আমন্ত্রণ কৰে তেৱেঁই সেই সন্মান পায়, যি দৰে হাৰোণক এই কার্যত আমন্ত্রণ কৰা হৈছিল।