Acts 13:17 in Assamese 17 এই ইস্ৰায়েলীয় সকলৰ ঈশ্বৰে আমাৰ ওপৰ-পুৰুষ সকলক মনোনীত কৰিলে আৰু মিচৰ দেশত প্ৰবাসী হৈ থকা সময়ত মানুহবোৰৰ উন্নতি সাধন কৰি, তাৰ পৰা নিজ পৰাক্ৰমেৰে তেওঁলোকক বাহিৰ কৰি আনিলে৷
Other Translations King James Version (KJV) The God of this people of Israel chose our fathers, and exalted the people when they dwelt as strangers in the land of Egypt, and with an high arm brought he them out of it.
American Standard Version (ASV) The God of this people Israel chose our fathers, and exalted the people when they sojourned in the land of Egypt, and with a high arm led he them forth out of it.
Bible in Basic English (BBE) The God of this people Israel made selection of our fathers, lifting the people up from their low condition when they were living in the land of Egypt, and with a strong arm took them out of it.
Darby English Bible (DBY) The God of this people Israel chose our fathers, and exalted the people in their sojourn in [the] land of Egypt, and with a high arm brought them out of it,
World English Bible (WEB) The God of this people{TR, NU add "Israel"} chose our fathers, and exalted the people when they stayed as aliens in the land of Egypt, and with an uplifted arm, he led them out of it.
Young's Literal Translation (YLT) the God of this people Israel did choose our fathers, and the people He did exalt in their sojourning in the land of Egypt, and with an high arm did He bring them out of it;
Cross Reference Genesis 12:1 in Assamese 1 যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা।
Genesis 17:7 in Assamese 7 এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
Exodus 1:7 in Assamese 7 ইস্ৰায়েলৰ সন্তান সকল বহুবংশ হৈ সংখ্যাত বৃদ্ধি পালে; আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ’ল। তেওঁলোকৰ দ্বাৰাই দেশ পৰিপূৰ্ণ হ’ল।
Exodus 6:1 in Assamese 1 তেতিয়া যিহোৱাই মোচিক ক’লে, “ফৌৰণলৈ মই কি কৰিম, এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে, মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোক সকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰৌণে নিজই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব।”
Exodus 13:14 in Assamese 14 পাছত আপোনালোকৰ পুত্ৰই যেতিয়া ‘ইয়াৰ অৰ্থ কি’ বুলি সুধিব?’ তেতিয়া আপুনি তাক ক’বা যে, “যিহোৱাই বাহুবলেৰে মিচৰৰ বন্দী ঘৰৰ পৰা আমাক উলিয়াই আনিলে।
Exodus 13:16 in Assamese 16 এয়ে আপোনালোকৰ হাতত, আৰু আপোনালোকৰ কপালত সোৱঁৰণী স্বৰূপে থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে আমাক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।”
Exodus 15:1 in Assamese 1 তাৰ পাছত মোচি আৰু ইস্ৰায়েলী লোকসকলে যিহোৱাৰ উদ্দেশ্যে এই স্তুতি গীত গাইছিল; তেওঁলোকে এইদৰে গাইছিল, “মই যিহোৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহা জয়েৰে গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহীক সমূদ্ৰত পেলালে।
Exodus 18:11 in Assamese 11 যিহোৱা যে সকলো দেৱতাবোৰতকৈ মহান, তাক মই এতিয়া জানিলোঁ; কাৰণ মিচৰীয়াসকলে যেতিয়া ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁৰ লোক সকলক তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল।
Deuteronomy 4:20 in Assamese 20 যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
Deuteronomy 4:34 in Assamese 34 ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্য্যৰ দ্বাৰাই ইজিপ্তিতত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?
Deuteronomy 4:37 in Assamese 37 কাৰণ তেওঁ আপোনাৰ পূর্বপুৰুষসকলক প্রেম কৰিছিল, এই কাৰণে আপোনাৰ অর্থাৎ তেওঁলোকৰ পাছত ভাৱি-পূৰুষসকলক মনোনিত কৰিছিল। এই কাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্রমেৰে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে;
Deuteronomy 7:6 in Assamese 6 কিয়নো আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ পবিত্ৰ লোক; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা, নিজৰ এক বিশেষ জাতি হ’বলৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোককহে মনোনীত কৰি আনিলে।
Deuteronomy 7:19 in Assamese 19 আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো দুখ-কষ্ট, অদ্ভুদ চিন, আচৰিত কার্য, শক্তিশালী আৰু ক্ষমতাশালী হাতৰ প্রদর্শনৰ দ্বাৰা আপোনালোকক বাহিৰ কৰি আনিছিল, তাক আপোনালোকে নিজ চকুৰে দেখিছিল। আপোনালোকে এতিয়া যি জাতিবোৰক দেখি ভয় খাইছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকলৈকো সেইদৰে কৰিব।
Deuteronomy 9:5 in Assamese 5 আপোনালোকৰ ধার্মিকতা বা অন্তৰৰ সততাৰ কাৰণেই যে আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবলৈ গৈছে, সেয়ে নহয়, বৰং এই জাতিবোৰৰ দুষ্টতাৰ কাৰণেহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাব যাতে আপোনালোকৰ তেওঁ আপোনালোকৰ পূর্বপুৰুষ অব্রাহাম, ইচহাক আৰু যাকোবৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, তাক পূর্ণ কৰিব পাৰে।
Deuteronomy 10:22 in Assamese 22 আপোনালোকৰ যি পূৰ্ব–পুৰুষসকল মিচৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্র সত্তৰ জন আছিল আৰু এতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।
Deuteronomy 14:2 in Assamese 2 কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা যিহোৱাই আপোনালোকক মনোনীত কৰিলে যাতে আপোনালোক তেওঁৰ নিজৰ বিশেষ সম্পত্তি হয়।
1 Samuel 4:8 in Assamese 8 আমাৰ এতিয়া সন্তাপ হ’ব; সেই পৰাক্ৰমী ঈশ্বৰৰ শক্তিৰ পৰা আমাক কোনে ৰক্ষা কৰিব? এইজনেই সেই ঈশ্বৰ, যিজনে অৰণ্যৰ মাজত বিভিন্ন প্ৰকাৰ উপদ্ৰৱেৰে মিছৰীয়াসকলক আঘাত কৰিছিল।
Nehemiah 9:7 in Assamese 7 আপুনি সেই ঈশ্ৱৰ যিহোৱা, যি জনে অব্ৰামক মনোনীত কৰি কলদীয়া সকলৰ দেশ উৰৰ পৰা উলিয়াই আনি তেওঁৰ নাম অব্ৰাহাম ৰাখিছিল।
Psalm 77:13 in Assamese 13 হে ঈশ্বৰ, তোমাৰ পথ পবিত্ৰ; আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে?
Psalm 78:12 in Assamese 12 ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল; মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল।
Psalm 78:42 in Assamese 42 তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে, মনত নাৰাখিলে সেই দিনৰ কথা- যিদিনা তেওঁ তেওঁলোকক শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল;
Psalm 105:6 in Assamese 6 তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ, তেওঁৰ মনোনীত যাকোবৰ সন্তান।
Psalm 105:23 in Assamese 23 তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল, যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে।
Psalm 105:26 in Assamese 26 তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে;
Psalm 105:42 in Assamese 42 তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে; তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে।
Psalm 106:7 in Assamese 7 মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে; তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে; বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চুফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে।
Psalm 114:1 in Assamese 1 ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,
Psalm 135:4 in Assamese 4 কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক, নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।
Psalm 135:8 in Assamese 8 তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তানসকলক আঘাত কৰিছিল; মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।
Psalm 136:10 in Assamese 10 যি জনাই মিচৰৰ প্ৰথমে জন্মাসকলক আঘাত কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Isaiah 41:8 in Assamese 8 কিন্তু হে মোৰ দাস ইস্ৰায়েল, যাকোব যাক মই মনোনীত কৰিলো, মোৰ বন্ধু অব্ৰাহামৰ সন্তান,
Isaiah 44:1 in Assamese 1 মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা ইস্ৰায়েল, এতিয়া শুনা।
Isaiah 63:9 in Assamese 9 তেওঁলোকৰ সমস্ত দূখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্ব্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
Jeremiah 32:20 in Assamese 20 তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা।
Jeremiah 33:24 in Assamese 24 “এই জাতিয়ে যি কৈছে, সেই বিষয়ে জানো তুমি ভু পোৱা নাই যেতিয়া তেওঁলোকে কৈছে, ‘যিহোৱাই নিজৰ মনোনীত এই দুই গোষ্ঠীক অগ্ৰাহ্য কৰিছে’; তেওঁলোকে নিজৰ আগত মোৰ প্ৰজাসকলক এক জাতি বুলি আৰু গণনা নকৰি এইদৰে হেয়জ্ঞান কৰে।’
Amos 2:10 in Assamese 10 সেই ইমোৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়েই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত লৈ ফুৰালোঁ।
Micah 6:4 in Assamese 4 কাৰণ মই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, আৰু বন্দীঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ; মই তোমালোকৰ ওচৰলৈ মোচি, হাৰোণ, আৰু মিৰিয়মক পঠিয়াইছিলোঁ।
Micah 7:15 in Assamese 15 তোমালোক মিচৰৰ দেশৰ পৰা ওলাই অহা দিনৰ দৰে, মই তেওঁলোকক আচৰিত কাৰ্য দেখুৱাম।
Acts 7:2 in Assamese 2 স্তিফানে ক’লে, “হে ভাই সকল আৰু পিতৃ সকল, মোৰ কথা শুনক। আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম হাৰোণত বসবাস কৰাৰ আগেয়ে যেতিয়া মেচোপতামিয়াত আছিল, সেই সময়ত গৌৰৱময় ঈশ্বৰে তেওঁক দেখা দি ক’লে,
1 Peter 2:9 in Assamese 9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে; এইদৰে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, যাতে আপোনালোকে তেওঁৰ আচৰিত কৰ্মবোৰ প্ৰকাশ কৰে৷ এই কাৰণে,