Acts 11:18 in Assamese 18 এই কথা শুনি তেওঁলোকে কোনো সহাঁৰি নিদি বৰং ঈশ্বৰৰ স্তুতি কৰি ক’লে, “তেনেহলে, ঈশ্বৰে অনা-ইহুদী লোককো জীৱন পাবৰ অৰ্থে মন-পালটন দান কৰিলে৷”
Other Translations King James Version (KJV) When they heard these things, they held their peace, and glorified God, saying, Then hath God also to the Gentiles granted repentance unto life.
American Standard Version (ASV) And when they heard these things, they held their peace, and glorified God, saying, Then to the Gentiles also hath God granted repentance unto life.
Bible in Basic English (BBE) And hearing these things they said nothing more, but gave glory to God, saying, Then to the Gentiles as to us has God given a change of heart, so that they may have life.
Darby English Bible (DBY) And when they heard these things they held their peace, and glorified God, saying, Then indeed God has to the nations also granted repentance to life.
World English Bible (WEB) When they heard these things, they held their peace, and glorified God, saying, "Then God has also granted to the Gentiles repentance to life!"
Young's Literal Translation (YLT) And they, having heard these things, were silent, and were glorifying God, saying, `Then, indeed, also to the nations did God give the reformation to life.'
Cross Reference Leviticus 10:19 in Assamese 19 তেতিয়া হাৰোণে মোচিক ক’লে, “চোৱা, এওঁলোক দুজনেই আজি যিহোৱাৰ উদ্দেশ্যে নিজ পাপাৰ্থক বলি আৰু নিজ হোমবলি উৎসৰ্গ কৰিলে, তথাপি মোলৈ এনে ঘটিল; যদি মই আজি পাপাৰ্থক বলি ভোজন কৰিলোঁহেতেন, তেন্তে যিহোৱাই তাত সন্তোষ পালেহেতেন নে?”
Joshua 22:30 in Assamese 30 যেতিয়া পীনহচ পুৰোহিত আৰু লোকসকলৰ অধক্ষ্যসকল অৰ্থাৎ তেওঁৰ লগৰ ইস্ৰায়েলৰ বংশৰ মুখীয়াল লোকসকলে ৰূবেণ, গাদৰ আৰু মনচিৰ সন্তানসকলৰ এই কথা শুনিলে, তেতিয়া তেওঁলোকে এই বিষয়টো বৰ ভাল দেখিলে।
Isaiah 60:21 in Assamese 21 মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্ম্মস্বৰূপ যি তোমাৰ লোক সকলোৱেই ধাৰ্ম্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব।
Isaiah 61:3 in Assamese 3 চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
Jeremiah 31:18 in Assamese 18 “মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
Ezekiel 36:26 in Assamese 26 মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম; আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম।
Zechariah 12:10 in Assamese 10 আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।
Acts 3:19 in Assamese 19 এই কাৰণে আপোনালোকে মন-পালটাই প্ৰভুলৈ ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
Acts 3:26 in Assamese 26 আপোনালোকৰ প্রতি জনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক নিযুক্ত কৰিলে আৰু প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে।”
Acts 5:31 in Assamese 31 সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্রাণকর্তা হিচাপে নিজৰ সোঁ হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন-পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে।
Acts 11:1 in Assamese 1 পাছত পাঁচনি সকল আৰু যিহুদীয়াত থকা ভাই সকলে শুনিবলৈ পালে যে, অনা-ইহুদী লোকেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে৷
Acts 13:47 in Assamese 47 কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, ‘তোমাক মই অনা-ইহুদী লোকৰ পোহৰ কৰি থলোঁ, যেন তুমি জগতৰ সীমালৈকে পৰিত্ৰাণস্বৰূপ হোৱা’৷
Acts 14:27 in Assamese 27 আন্তিয়খিয়া পোৱাৰ পাছত তেওঁলোকে মণ্ডলীৰ বিশ্বাসী সকলক একত্রিত কৰিলে। ঈশ্বৰে তেওঁলোকলৈ যি যি কৰিলে আৰু কেনেকৈ তেওঁ অনা-ইহুদী সকললৈ বিশ্বাসৰ দুৱাৰ মুকলি কৰি দিলে, সেই সকলো কথা বিৱৰি ক’লে।
Acts 15:3 in Assamese 3 এই সিদ্ধান্তৰে মণ্ডলীয়ে তেওঁলোকক যিৰূচালেমলৈ পঠাই দিলে। তেওঁলোকে ফৈনীকিয়া আৰু চমৰীয়া দেশৰ মাজেদি গ’ল আৰু অনা-ইহুদী সকল যে খ্রীষ্ট বিশ্বাসী হৈছে, সেই বিষয়ে ঘোষণা কৰিলে। এনেদৰে তেওঁলোকে বিশ্বাসী ভাই সকলক অতি আনন্দিত কৰিলে।
Acts 20:21 in Assamese 21 আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলক সাৱধান কৰি তেওঁলোকৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে।
Acts 21:20 in Assamese 20 এই কাৰ্যবোৰ শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক ক’লে, “হে ভাই, তুমি জানা যে, ইহুদী লোকৰ মাজত বিশ্বাস কৰা সকলৰ যি লোক আছে আৰু তেওঁলোক সকলোৱে বিধানত উৎসাহী।
Acts 22:21 in Assamese 21 কিন্তু তেওঁ মোক ক’লে, ‘যোৱা, কিয়নো মই তোমাক দুৰৈত থকা অনা-ইহুদী সকলৰ ওচৰলৈ পঠিয়াম’৷
Acts 26:17 in Assamese 17 তোমাক মই যি লোকসকলৰ পৰা উদ্ধাৰ কৰিলোঁ, সেই লোকসকল আৰু অনা-ইহুদী সকলে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়,
Romans 3:29 in Assamese 29 ঈশ্বৰ অকল ইহুদী সকলৰ ঈশ্বৰ নে? তেওঁ অনা-ইহুদী সকলৰো ঈশ্ৱৰ নহয় জনো? অৱশ্যে, অনা-ইহুদী সকলৰো ঈশ্বৰ হয়৷
Romans 9:30 in Assamese 30 তেনেহলে আমি কি ক’ম? অনা-ইহুদী সকলে ধাৰ্মিকতালৈ কার্য নকৰিও, বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতা পালে;
Romans 10:12 in Assamese 12 কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক আহ্বান কৰে, তেওঁলোকক তেওঁ আশীৰ্বাদ কৰে৷
Romans 15:9 in Assamese 9 আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, ‘এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম।”
2 Corinthians 3:18 in Assamese 18 আৰু আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ মহিমা (গৌৰৱ) চাওতে চাওতে, সেই মহিমাৰ পৰা মহিমা পাই, আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ, সেই একে প্ৰতিমূৰ্তিৰ হ’ব লাগিছোঁ।
2 Corinthians 7:10 in Assamese 10 কাৰণ ঈশ্বৰে বিচৰা মনোদুখে, অনুতপ্ত নোহোৱাকৈয়ে পৰিত্ৰাণলৈ মন-পালটন কৰায়; কিন্তু জগতৰ (সংসাৰৰ) মনোদুখে অপৰিৱৰ্তনীয় মৃত্যু সাধন কৰে।
Galatians 1:24 in Assamese 24 আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।
Galatians 3:26 in Assamese 26 কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে।
Ephesians 2:11 in Assamese 11 মনত ৰাখিব যে, মাংসত আপোনালোক অনা-ইহুদী লোক আছিল; মাংসত হাতেৰে যি সকলৰ চুন্নৎ কৰা হৈছে অর্থাৎ যি সকলে নিজকে চুন্নৎ কৰা লোক বুলি কয়, তেওঁলোকে আপোনালোকক অচুন্নৎ লোক বুলি কয়।
Ephesians 3:5 in Assamese 5 সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল।
2 Timothy 2:25 in Assamese 25 বিৰোধ কৰাবোৰক মৃদুভাবে শিক্ষা দিব লাগে৷ তেতিয়া সেই সত্যৰ তত্ব জ্ঞানৰ অর্থে ঈশ্বৰে তেওঁলোকক মন-পালটনৰ বৰ দিব;
James 1:16 in Assamese 16 হে মোৰ প্ৰিয় ভাই সকল, আপোনালোক ভ্ৰান্ত নহব।