2 Timothy 4:3 in Assamese 3 কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব।
Other Translations King James Version (KJV) For the time will come when they will not endure sound doctrine; but after their own lusts shall they heap to themselves teachers, having itching ears;
American Standard Version (ASV) For the time will come when they will not endure the sound doctrine; but, having itching ears, will heap to themselves teachers after their own lusts;
Bible in Basic English (BBE) For the time will come when they will not take the true teaching; but, moved by their desires, they will get for themselves a great number of teachers for the pleasure of hearing them;
Darby English Bible (DBY) For the time shall be when they will not bear sound teaching; but according to their own lusts will heap up to themselves teachers, having an itching ear;
World English Bible (WEB) For the time will come when they will not listen to the sound doctrine, but, having itching ears, will heap up for themselves teachers after their own lusts;
Young's Literal Translation (YLT) for there shall be a season when the sound teaching they will not suffer, but according to their own desires to themselves they shall heap up teachers -- itching in the hearing,
Cross Reference Exodus 32:33 in Assamese 33 যিহোৱাই মোচিক ক’লে, “যি জনে মোৰ বিৰুদ্ধে পাপ কৰিলে, সেই জনৰ নামহে মই মোৰ পুস্তকৰ পৰা বাহিৰ কৰিম।
1 Kings 18:22 in Assamese 22 তেতিয়া এলিয়াই লোকসকলক ক’লে, “যিহোৱাৰ এজন মাত্ৰ ভাববাদী মইহে অৱশিষ্ট আছোঁ, কিন্তু বালৰ ভাববাদী চাৰিশ পঞ্চাশজন লোক আছে।
1 Kings 22:8 in Assamese 8 এনেতে ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “এনে এজন আৰু ভাববাদী আছে যাৰ দ্বাৰাই আমি যিহোৱাৰ সহায়ৰ বাবে পৰামৰ্শ লব পাৰো; তেওঁ যিম্লাৰ পুত্র মীখায়া, কিন্তু মই তেওঁক ঘিণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, কেৱল অমঙ্গলহে প্ৰচাৰ কৰে।” তেতিয়া যিহোচাফটে ক’লে, “মহাৰাজে যেন সেই ধৰণে কথা নকওঁক।”
1 Kings 22:18 in Assamese 18 তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰি কেৱল অমঙ্গলহে প্ৰচাৰ কৰিব, সেই বিষয়ে জানো মই পুৰ্ব্বেই আপোনাৰ আগত কোৱা নাই?”
2 Chronicles 16:9 in Assamese 9 কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য্য কৰিলা৷ কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ’ব।”
2 Chronicles 18:4 in Assamese 4 যিহোচাফটে ইস্ৰায়েল ৰজাৰ আগত পুনৰ ক’লে, “মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি, সেই বিষয়ে তেওঁক সোধক৷”
2 Chronicles 24:20 in Assamese 20 পাছে যিহোয়াদা পুৰোহিতৰ পুত্ৰ জখৰিয়াৰ ওপৰত ঈশ্বৰৰ আত্মা স্থিতি হ’ল; তেওঁ লোকসকলতকৈ ওখ ঠাই এটাত থিয় হৈ তেওঁলোকক ক’লে, “ঈশ্বৰে এই কথা কৈছে: ‘তোমালোকে কিয় যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিছাহঁক? এইদৰে তোমালোকে কৃতকাৰ্য্য নহ’বা? যিহেতু তোমালোকে যিহোৱাক ত্যাগ কৰিলা, এই হেতুকে তেওঁ তোমালোককো ত্যাগ কৰিলে’৷”
2 Chronicles 25:15 in Assamese 15 তেতিয়া অমচিয়ালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ যিহোৱাই তেওঁৰ ওচৰলৈ এজন ভাববাদী পঠিয়ালে, তেওঁ ৰজাক ক’লে, “যি জাতিৰ দেৱতাবোৰে নিজ প্ৰজাসকলক তোমাৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নোৱাৰিলে, সেইবোৰক তুমি কিয় বিচাৰ কৰিছা?”
Isaiah 28:12 in Assamese 12 তেওঁ অতীতত তেওঁলোকক কৈছিল, “এয়ে জিৰণি, তোমালোকে ভাগৰোৱা জনক জিৰণি দিয়া, আৰু এয়ে বিশ্ৰাম;” কিন্তু তেওঁলোকে শুনা নাছিল।
Isaiah 33:9 in Assamese 9 দেশে শোক কৰিছে আৰু নষ্ট হৈছে; লিবানো বিবুদ্ধিত পৰিছে আৰু জঁই পৰিছে; চাৰোণ মৰুভূমিৰ দৰে হৈছে; বাচান আৰু কৰ্মিলে পাত সৰাইছে।
Jeremiah 5:31 in Assamese 31 ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে। আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব?
Jeremiah 6:16 in Assamese 16 যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
Jeremiah 18:18 in Assamese 18 তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
Jeremiah 23:16 in Assamese 16 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’
Jeremiah 27:9 in Assamese 9 কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’
Jeremiah 29:8 in Assamese 8 কাৰণ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘তোমালোকৰ মাজত থকা তোমালোকৰ ভাববাদী আৰু মঙ্গলতীসকলে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুউৱা কথালৈ কাণ নিদিবা।
Amos 7:10 in Assamese 10 তাৰ পাছত বৈৎ-এলৰ পুৰোহিত অমচিয়াই ইস্ৰায়েলৰ ৰজা যাৰাবিয়ামৰ ওচৰলৈ এই খবৰ কৈ পঠালে: “ইস্ৰায়েলৰ বংশৰ মাজত আপোনাৰ বিৰুদ্ধে আমোচে চক্ৰান্ত কৰিছে; দেশৰ লোকসকলে তেওঁৰ কোনো কথা সহিব পৰা নাই।
Micah 2:11 in Assamese 11 মিথ্যা আত্মা আৰু মিছা কথাৰে কোনো এজনে যদি তোমাৰ ওচৰলৈ আহি কয়, “মই দ্ৰাক্ষাৰস আৰু সুৰা পানৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম;” তেনেহ’লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ’বলৈ বিবেচনা কৰা হ’ব।
Luke 6:26 in Assamese 26 যেতিয়া সকলো মানুহে তোমালোকক শলাগিব, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তেওঁলোকৰ পূৰ্বপুৰুষ সকলে ভাঁৰিকোৱা ভাববাদী সকললৈও এনে ধৰণৰ ব্যৱহাৰ কৰিছিল।
Luke 20:19 in Assamese 19 বিধানৰ অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে তেওঁলোকৰ বিৰুদ্ধে যীচুৱে এই দৃষ্টান্ত ক’লে বুলি জানি, সেই সময়তেই তেওঁক হাতে-হাতে ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু লোক সকলৰ বাবে ভয় কৰিলে।
John 3:19 in Assamese 19 সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
John 8:45 in Assamese 45 মই সত্য কথা কওঁ বাবে আপোনালোকে মোক বিশ্বাস নকৰে।
Acts 17:21 in Assamese 21 আথিনীৰ লোক সকলে আৰু তাত থকা বিদেশী সকলেও মাত্র কিছুমান নিত্য নতুন বিষয় লৈ আলোচনা কৰি বা শুনি আজৰি সময় কটায়।
1 Corinthians 2:1 in Assamese 1 হে প্রিয় ভাইসকল, যেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগূঢ়-তত্ত্ব প্রচাৰ কৰিছিলোঁ, তেতিয়া মই শুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্রচাৰ কৰা নাছিলোঁ।
1 Corinthians 2:4 in Assamese 4 তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্রমাণ আছিল,
Galatians 4:16 in Assamese 16 এতিয়া আপোনালোকক সত্য কথা কোৱা বাবে, মই আপোনালোকৰ ওচৰত শত্ৰু হ’লোঁ নে?
1 Timothy 1:10 in Assamese 10 ব্যভিচাৰী, সমকামী, দাস বিক্ৰীৰ সৰবৰাহকাৰী, মিছলীয়া, মিছা সাক্ষী আৰু সত্য শিক্ষাৰ বিপৰীতে আন কাম কৰোতা,
1 Timothy 4:1 in Assamese 1 পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
2 Timothy 3:1 in Assamese 1 কিন্তু ইয়াকে জানিবা যে, শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হ’ব।
2 Peter 2:1 in Assamese 1 অতীতত ইস্রায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব, এয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক (মুক্তিৰ অৰ্থে) কিনি ল’লে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।