2 Timothy 4:17 in Assamese 17 কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা ৰক্ষা পালোঁ।
Other Translations King James Version (KJV) Notwithstanding the Lord stood with me, and strengthened me; that by me the preaching might be fully known, and that all the Gentiles might hear: and I was delivered out of the mouth of the lion.
American Standard Version (ASV) But the Lord stood by me, and strengthened me; that through me the message might me fully proclaimed, and that all the Gentiles might hear: and I was delivered out of the mouth of the lion.
Bible in Basic English (BBE) But the Lord was by my side and gave me strength; so that through me the news might be given out in full measure, and all the Gentiles might give ear: and I was taken out of the mouth of the lion.
Darby English Bible (DBY) But the Lord stood with [me], and gave me power, that through me the proclamation might be fully made, and all [those of] the nations should hear; and I was delivered out of the lion's mouth.
World English Bible (WEB) But the Lord stood by me, and strengthened me, that through me the message might be fully proclaimed, and that all the Gentiles might hear; and I was delivered out of the mouth of the lion.
Young's Literal Translation (YLT) and the Lord stood by me, and did strengthen me, that through me the preaching might be fully assured, and all the nations might hear, and I was freed out of the mouth of a lion,
Cross Reference 1 Samuel 17:37 in Assamese 37 দায়ূদে ক’লে, “যি জনাই সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই ফিলিষ্টীয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।” তাতে চৌলে দায়ূদক ক’লে, “যোৱা, যিহোৱা তোমাৰ সঙ্গী হওক।”
Psalm 22:21 in Assamese 21 সেই সিংহৰ মুখৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা! তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা ৰক্ষা কৰিলা।
Psalm 37:39 in Assamese 39 ধাৰ্ম্মিকসকলৰ পৰিত্ৰাণ যিহোৱাৰ পৰা আহে; সঙ্কটৰ কালত তেৱেঁই তেওঁলোকৰ আশ্ৰয়।
Psalm 109:31 in Assamese 31 কিয়নো, তেওঁ অভাৱীজনৰ সোঁফালে থিয় হৈ থাকে, যেন মৃত্যুদণ্ডৰ ৰায় দিব খোজা বিচাৰকৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পাৰে।
Proverbs 20:2 in Assamese 2 ৰজাৰ ক্রোধ যুবা সিংহৰ গৰ্জ্জনৰ দৰে; যিজনে তেওঁৰ খং তুলে, তেওঁ নিজৰ জীৱন হেৰুৱাই।
Proverbs 28:15 in Assamese 15 গৰ্জ্জনকাৰী সিংহ আৰু আক্রমণকাৰী ভালুক যেনে, দৰিদ্র লোকৰ ওপৰত দুষ্ট শাসনকৰ্ত্তাও তেনে।
Isaiah 41:10 in Assamese 10 ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
Isaiah 41:14 in Assamese 14 হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাৰ মুক্তিদাতা।
Jeremiah 2:30 in Assamese 30 মই তোমালোকৰ সন্তানসকলক বৃথা প্ৰহাৰ কৰিলোঁ; তেওঁলোকে শাস্তি নুবুজিলে; বৰং তোমালোকৰ নিজৰ তৰোৱালেই বিনাশক সিংহৰ দৰেই তোমালোকৰ ভাবাদীসকলক গ্ৰাস কৰিলে।
Jeremiah 15:20 in Assamese 20 মই এই জাতিৰ আগত তোমাক পিতলৰ দৃঢ় গড়স্বৰূপ কৰিম; তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক পৰাজয় কৰিব নোৱাৰিব। কিয়নো, যিহোৱাই কৈছে, তোমাৰ ত্ৰাণ আৰু উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগত আছোঁ।
Jeremiah 20:10 in Assamese 10 কিয়নো অনেকে দুৰ্ণাম কৰা মই শুনিলোঁ; চাৰিওফালে ত্ৰাস: ‘তোমালোকে তাৰ বিৰুদ্ধে কথা কোৱা, আৰু আমিও তাৰ বিৰুদ্ধে কথা কম,’ মই উজুটি খাবলৈ বাট চাই থকা মোৰ সকলো বন্ধু কয়, “কিজানি তাক ভুলুৱা যাব, তাতে আমি তাক বলে পাৰিম, আমি তাৰ ওপৰত প্ৰতিকাৰ সাধিম।’
Daniel 6:22 in Assamese 22 মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই; কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।”
Daniel 6:27 in Assamese 27 তেওঁ আমাক সুৰক্ষিত কৰে, আৰু উদ্ধাৰ কৰে; স্বৰ্গ আৰু পৃথিৱীত, তেওঁ আচৰিত কাৰ্য কৰে; তেওঁ সিংহৰ শক্তিৰ পৰা দানিয়েলক ৰক্ষা কৰে।”
Matthew 10:19 in Assamese 19 লোক সকলে যেতিয়া তোমালোকক শোধাই দিব, তেতিয়া কেনেকৈ, কি কথা ক’ব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা ক’ব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হ’ব।
Luke 21:15 in Assamese 15 কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।
Acts 9:15 in Assamese 15 কিন্তু প্ৰভুৱে তেওঁক ক’লে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।
Acts 18:9 in Assamese 9 প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি ক’লে, “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;
Acts 23:11 in Assamese 11 তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”
Acts 26:17 in Assamese 17 তোমাক মই যি লোকসকলৰ পৰা উদ্ধাৰ কৰিলোঁ, সেই লোকসকল আৰু অনা-ইহুদী সকলে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়,
Acts 27:23 in Assamese 23 কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে;
Romans 16:25 in Assamese 25 এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্ৰচাৰ কৰিলোঁ, সেই শুভবাৰ্তাত ঈশ্বৰে আপোনালোকক স্থিৰ ৰাখিব৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলোঁ৷
2 Corinthians 12:9 in Assamese 9 তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৰ্বহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷
Ephesians 3:8 in Assamese 8 ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই অনুগ্ৰহ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;
Philippians 1:12 in Assamese 12 এতিয়া হে ভাই সকল, আপোনালোকে এই কথা জানি লোৱাতো মই ইচ্ছা কৰোঁ যে, মোলৈ যি যি ঘটিল, সেইবোৰ সঁচাকৈ শুভবাৰ্তা বৃদ্ধি হ’বৰ বাবে সহায়ৰ অৰ্থেহে ঘটিল;
1 Timothy 1:12 in Assamese 12 যি জনাই মোক শক্তি দিলে আৰু মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদত নিযুক্ত কৰিলে, সেই প্ৰভু খ্ৰীষ্ট যীচুক মই ধন্যবাদ জনাওঁ৷
2 Timothy 3:11 in Assamese 11 তাড়না আৰু দুখভোগ, সেই সকলোৰে অনুগামী হলা, আৰু আন্তিয়খিয়া, ইকনিয়, আৰু লুস্ত্ৰাত মোলৈ কি ঘটনা ঘটিছিল, সেই বিষয়েও তুমি জানা৷ মই এনে ধৰণৰ তাড়না সহন কৰিছোঁ যে, সেইবোৰ তাড়নাৰ পৰা ঈশ্ৱৰেহে মোক উদ্ধাৰ কৰিলে৷
Hebrews 11:33 in Assamese 33 তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে,
1 Peter 5:8 in Assamese 8 সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্রু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।
2 Peter 2:9 in Assamese 9 গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।