2 Timothy 2:14 in Assamese 14 তুমি এই সকলো কথা তেখেত সকলক সোঁৱৰাই থাকিবা, আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেত সকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাগযুদ্ধবোৰে একো লাভ নজন্মাই কিন্তু শুনা লোক সকলক নাশ কৰে।
Other Translations King James Version (KJV) Of these things put them in remembrance, charging them before the Lord that they strive not about words to no profit, but to the subverting of the hearers.
American Standard Version (ASV) Of these things put them in remembrance, charging `them' in the sight of the Lord, that they strive not about words, to no profit, to the subverting of them that hear.
Bible in Basic English (BBE) Put these things before them, giving them orders in the name of the Lord to keep themselves from fighting about words, which is of no profit, only causing error in their hearers.
Darby English Bible (DBY) Of these things put in remembrance, testifying earnestly before the Lord not to have disputes of words, profitable for nothing, to the subversion of the hearers.
World English Bible (WEB) Remind them of these things, charging them in the sight of the Lord, that they don't argue about words, to no profit, to the subverting of those who hear.
Young's Literal Translation (YLT) These things remind `them' of, testifying fully before the Lord -- not to strive about words to nothing profitable, but to the subversion of those hearing;
Cross Reference 1 Samuel 12:21 in Assamese 21 কোনো অসাৰ বস্তুৰ পাছত তোমালোক নাযাবা; সেয়া তোমালোকৰ কাৰণে লাভ জনক নহয় বা তোমালোকক ৰক্ষা নকৰে, কাৰণ এই সকলো অসাৰ।
Jeremiah 2:8 in Assamese 8 ‘এতিয়া যিহোৱা ক’ত’ বুলি তোমালোকৰ পুৰোহিতসকলে নক’লে, আৰু ব্যৱস্থাত পাৰ্গতলোকে মোক নাজানিলে, আৰু তোমালোককৰ পালকসকলেও মোৰ বিৰুদ্ধে অধৰ্ম্ম-আচৰণ কৰিলে, আৰু ভাববাদীসকলেও বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰিলে আৰু অনুপকাৰী বস্তুৰ (প্রতিমাৰ) পাছত চলিলে।”
Jeremiah 2:11 in Assamese 11 যিবোৰ ঈশ্বৰ নহয়, এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো সলনি কৰিছিল? কিন্তু মোৰ প্ৰজাসকলে উপকাৰ নকৰা বস্তুৰ লগত নিজৰ গৌৰৱ সলনি কৰিলে।
Jeremiah 7:8 in Assamese 8 চোৱা! উপকাৰ কৰিব নোৱাৰা মিছা কথাত তোমালোকে বিশ্বাস কৰিছা।
Jeremiah 16:19 in Assamese 19 হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্ব্ব-পুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
Jeremiah 23:32 in Assamese 32 যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
Jeremiah 23:36 in Assamese 36 “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা; কাৰণ প্ৰতিজনৰ বাক্যেই তালৈ ভাৰস্বৰূপ হ’ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ যিহেৱাৰ বাক্য বিপৰীত কৰিছা।
Habakkuk 2:18 in Assamese 18 কটা-প্ৰতিমাই তোমাক কি উপকাৰ কৰে? যে তাৰ বাবে নিৰ্মাণকাৰীয়ে যেতিয়া তাক কাটে বা গলোৱা ধাতুৰ পৰা যেতিয়া প্রতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক; যেতিয়া নিৰ্মাণকাৰীয়ে নিষ্প্রাণ মূৰ্ত্তি তৈয়াৰ কৰে, তেতিয়া তেওঁ নিজৰ হাতৰ কাৰ্মত বিশ্বাস কৰে।
Matthew 16:26 in Assamese 26 কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ প্ৰাণকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
Acts 13:10 in Assamese 10 আৰু ক’লে, “হেৰৌ সকলো কপট আৰু দুষ্কৰ্মেৰে পৰিপূৰ্ণ হোৱাটো, চয়তানৰ পুতেক আৰু সকলো প্রকাৰ ধাৰ্মিকতাৰ শত্ৰু, তই প্ৰভুৰ সৰল পথ বিপৰীত কৰিবলৈ ৰখা নাই নে?
Acts 15:24 in Assamese 24 আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা কেইজনমান লোকে গৈ আপোনালোকক আমাৰ আজ্ঞাৰ অবিহনে শিক্ষা দি প্ৰাণ অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।
Romans 14:1 in Assamese 1 যি জন বিশ্বাসত দুৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়।
Galatians 1:7 in Assamese 7 আচলতে কোনো অন্য শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে।
Ephesians 4:17 in Assamese 17 এতেকে প্ৰভুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ।
1 Thessalonians 4:1 in Assamese 1 সর্বশেষত, হে প্রিয় ভাই সকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলে, সেইভাৱেই আপোনালোকে চলিছে। আমি প্রভু যীচুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন-যাপন কৰে।
2 Thessalonians 3:6 in Assamese 6 ভাই সকল, আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আপোনালোকক এই আদেশ দিওঁ যে, কোনো ভায়ে যদি অনিয়মকৈ চলে আৰু আমাৰ পৰা আপোনালোকে পোৱা শিক্ষা অনুসাৰে নচলে, তেনেহলে তাৰ লগ এৰক।
1 Timothy 1:4 in Assamese 4 কাৰণ তেওঁলোকে বাধাৰহে সৃষ্টি কৰে৷ গল্প-কথা আৰু অন্তহীন বংশ তালিকাত মনোযোগ নিদিবা৷ এইবোৰে অযথা তর্ক-বিতর্কৰ সৃষ্টি কৰে আৰু ঈশ্ৱৰৰ কামত সহায় নকৰে৷ ঈশ্ৱৰৰ কাম বিশ্ৱাসৰ দ্ৱাৰা হয়৷
1 Timothy 1:6 in Assamese 6 এইবোৰৰ পৰা কোনো কোনো এফলীয়া হৈ অনৰ্থক কথাৰ বাবে বিপথে গ’ল৷
1 Timothy 4:8 in Assamese 8 কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ঈশ্বৰভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।
1 Timothy 5:21 in Assamese 21 ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় নিৰ্দেশনা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা।
1 Timothy 6:4 in Assamese 4 তেওঁ অহংকাৰী আৰু একোকে নাজানে। তেওঁ বাগযুদ্ধৰ যোগেদি অনৰ্থক বাদ-বিবাদ কৰে; এইবোৰৰ পৰাই হিংসা, বিবাদ, নিন্দা, দুষ্ট-ধাৰণাৰ উৎপন্ন হয়৷
1 Timothy 6:13 in Assamese 13 সকলোৰে জীৱন দিওঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যি জনে পন্তীয় পীলাতৰ আগত সেই উত্তম স্বীকাৰৰূপে সাক্ষ্য দিছিল, সেই খ্ৰীষ্ট যীচুৰ সাক্ষাতেও, মই তোমাক এই আজ্ঞা দিছোঁ যে,
2 Timothy 1:6 in Assamese 6 এই কাৰণে মই তোমাক সোঁৱৰাইছো যে, মোৰ হাত তোমাৰ ওপৰত দিয়াৰ দ্বাৰাই ঈশ্ৱৰৰ যি অনুগ্রহৰ বৰ তোমাক দান কৰা হ’ল, সেই বৰ পুনৰ জাগ্ৰত কৰা৷
2 Timothy 2:16 in Assamese 16 কিন্তু নিন্দাযুক্ত অসাৰ কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈ বাট দেখুৱাই লৈ যায়৷
2 Timothy 2:23 in Assamese 23 কিন্তু মূৰ্খতা আৰু অযথা তৰ্ক-বিতৰ্কৰ পৰা দূৰত থাকা৷ কিয়নো এইবোৰে বিৰোধ জন্মায় কাজিয়া সৃষ্টি কৰে৷
2 Timothy 4:1 in Assamese 1 মই ঈশ্বৰৰ আৰু যি জন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকৰ্তা, সেই খ্ৰীষ্ট যীচুৰ দৃষ্টিত আছোঁ, তেওঁৰ আবির্ভাৱ আৰু ৰাজ্য হ’ব; মই তোমাক নিৰ্দেশ দিওঁ যে,
Titus 3:9 in Assamese 9 কিন্তু মূঢ় বাদ-বিবাদ, বংশাৱলী বিবাদ আৰু বিধানৰ বিষয়ে বাগযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথকে থাকিবা; কিয়নো সেইবোৰ অনুপকাৰী আৰু অনর্থক।
Hebrews 13:9 in Assamese 9 আপোনালোক নানা বিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহ’ব; কিয়নো সেই আহাৰ ব্যৱহাৰ কৰা সকলৰ হিতজনক নহ’ল, সেই আহাৰৰ দ্বাৰাই নহয়, অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় স্থিৰ কৰা ভাল৷
2 Peter 1:13 in Assamese 13 কিন্তু মই এইটো সঠিক বুলি ভাৱো যে, যিমান দিন মই এই তম্বুৰূপ অস্থায়ী দেহত থাকিম, সিমান দিনলৈকে এই বিষয়বোৰ সোঁৱৰাই দি আপোনালোকক জাগ্রত কৰি ৰখা মোৰ উচিত।