2 Timothy 2:10 in Assamese 10 এই কাৰণে যি সকলক মনোনীত কৰা হ’ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্ৰাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ।
Other Translations King James Version (KJV) Therefore I endure all things for the elect's sakes, that they may also obtain the salvation which is in Christ Jesus with eternal glory.
American Standard Version (ASV) Therefore I endure all things for the elect's sake, that they also may obtain the salvation which is in Christ Jesus with eternal glory.
Bible in Basic English (BBE) But I undergo all things for the saints, so that they may have salvation in Christ Jesus with eternal glory.
Darby English Bible (DBY) For this cause I endure all things for the sake of the elect, that *they* also may obtain the salvation which [is] in Christ Jesus with eternal glory.
World English Bible (WEB) Therefore I endure all things for the chosen ones' sake, that they also may obtain the salvation which is in Christ Jesus with eternal glory.
Young's Literal Translation (YLT) because of this all things do I endure, because of the choice ones, that they also salvation may obtain that `is' in Christ Jesus, with glory age-during.
Cross Reference Proverbs 8:35 in Assamese 35 কাৰণ যি জনে মোক বিচাৰি পায়, তেওঁ জীৱন পায়, আৰু তেওঁ যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
Matthew 24:22 in Assamese 22 সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো প্ৰাণীৰে ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হ’ব।
Matthew 24:24 in Assamese 24 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
Matthew 24:31 in Assamese 31 তেতিয়া তুৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূত সকলক পঠাব; তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোক সকলক আনি গোটাব।
John 11:52 in Assamese 52 কিন্তু যীচুৱে যে কেৱল ইহুদী জাতিৰ কাৰণে মৃত্যুবৰণ কৰিব, তেনে নহয়; কিন্তু ঈশ্বৰৰ যি সকলো সন্তান চাৰিওফালে সিচঁৰতি হৈ আছে, সেই সকলোকে যেন একত্রিত কৰিব পাৰে, এই কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব।
John 17:9 in Assamese 9 মই তেওঁলোকৰ কাৰণে প্ৰার্থনা কৰিছোঁ। মই গোটেই জগতৰ কাৰণে প্ৰার্থনা কৰা নাই, কিন্তু যি সকলক মোক দিলা, তেওঁলোকৰ কাৰণেহে কৰিছোঁ; কিয়নো তেওঁলোক তোমাৰ৷
John 17:24 in Assamese 24 হে পিতৃ, মই বিচাৰো, তুমি মোক যি দিছা, যি ঠাইত মই আছোঁ, তেওঁলোকো যেন মোৰ লগত সেই ঠাইত থাকে, তুমি যি মহিমা মোক দিছা সেই মহিমা যেন তেওঁলোকে দেখিবলৈ পায়; কাৰণ জগত স্থাপন কৰাৰ পূর্বেই তুমি মোক প্ৰেম কৰিলা৷
Romans 2:7 in Assamese 7 যি সকলে সৎকৰ্ম্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷
Romans 9:23 in Assamese 23 আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে,
1 Corinthians 9:22 in Assamese 22 দূৰ্বল সকলক পাবলৈ, তেখেতসকলৰ ওচৰত দূৰ্বল সকলৰ দৰে দূৰ্বল হ’লোঁ; যাতে তেখেতসকলক ৰক্ষা কৰিব পাৰোঁ৷
2 Corinthians 1:6 in Assamese 6 কিন্তু আমি যদি যন্ত্রণাগ্রস্ত, তেনেহলে সেয়ে আপোনালোকৰ সান্ত্বনা আৰু পৰিত্ৰাণ৷ নাইবা আমি যদি সান্ত্বনা প্রাপ্ত, তেনেহলে সেয়া জনো আপোনালোকৰ সান্ত্বনাৰ বাবে আৰু সেই সান্ত্বনাই আমি ভোগ কৰা একে দুখকে ধৈৰ্যৰে সহন কৰাই নিজ কাৰ্য সাধন কৰে।
2 Corinthians 4:15 in Assamese 15 কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পায় ধন্যবাদত উপচি পৰে।
2 Corinthians 4:17 in Assamese 17 আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া আৰু লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়।
Ephesians 3:13 in Assamese 13 গতিকে মোৰ নিবেদন এই যে, আপোনালোকৰ কাৰণে মই যি ক্লেশ ভোগ কৰিছোঁ, তাৰ বাবে আপোনালোক নিৰুৎসাহ নহব; সেই সকলোবোৰেই আপোনালোকৰ গৌৰৱ।
Colossians 1:24 in Assamese 24 এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ।
Colossians 1:27 in Assamese 27 ঈশ্বৰে তেওঁৰ মূল্যবান মহিমাময় নিগূঢ় তত্ব অনা-ইহুদী সকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে, সেই নিগূঢ় তত্ব সকলো লোকৰ কাৰণে; আৰু সেই নিগূঢ় তত্ব হ’ল স্বয়ং খ্ৰীষ্ট, যি জন আপোনালোকৰ মাজত আছে৷ তেৱেঁই আমাৰ গৌৰৱৰ আশা৷
1 Thessalonians 5:9 in Assamese 9 কিয়নো আমি ক্ৰোধৰ পাত্ৰ হ’বলৈ নহয়, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে;
2 Thessalonians 2:14 in Assamese 14 আমাৰ শুভবার্তাৰ দ্বাৰাই পৰিত্রাণ পাবলৈ তেওঁ আপোনালোকক আমন্ত্রণ কৰিলে যাতে আপোনালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ গৌৰৱৰ ভাগী হয়।
1 Timothy 1:13 in Assamese 13 যদিও আগেয়ে মই খ্ৰীষ্টৰ নিন্দক আছিলোঁ, অত্যাচাৰী আৰু হিংস্ৰ আছিলোঁ, তথাপি তেওঁ মোক দয়া কৰিলে; কাৰণ মই নুবুজি, বিশ্বাস নকৰাকৈ সেইবোৰ কৰিছিলোঁ৷
2 Timothy 2:3 in Assamese 3 খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈনিকৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা।
1 Peter 2:10 in Assamese 10 ‘আগেয়ে আপোনালোক প্ৰজা নাছিল, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ’ল; দয়াৰ পাত্ৰ নাছিল, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ’ল’।
1 Peter 5:10 in Assamese 10 আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।