2 Thessalonians 2:10 in Assamese 10 বিনাশ পথৰ যাত্রী সকলক অধাৰ্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্রাণ পাবৰ কাৰণে সত্যতাৰ প্ৰেমৰ কার্যক গ্রহণ নকৰিলে।
Other Translations King James Version (KJV) And with all deceivableness of unrighteousness in them that perish; because they received not the love of the truth, that they might be saved.
American Standard Version (ASV) and with all deceit of unrighteousness for them that perish; because they received not the love of the truth, that they might be saved.
Bible in Basic English (BBE) And with every deceit of wrongdoing among those whose fate is destruction; because they were quite without that love of the true faith by which they might have salvation.
Darby English Bible (DBY) and in all deceit of unrighteousness to them that perish, because they have not received the love of the truth that they might be saved.
World English Bible (WEB) and with all deception of wickedness for those who are being lost, because they didn't receive the love of the truth, that they might be saved.
Young's Literal Translation (YLT) and in all deceitfulness of the unrighteousness in those perishing, because the love of the truth they did not receive for their being saved,
Cross Reference Proverbs 1:7 in Assamese 7 যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ- অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।
Proverbs 2:1 in Assamese 1 হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা,
Proverbs 4:5 in Assamese 5 প্ৰজ্ঞা আৰু বিবেচন শক্তি অৰ্জন কৰা; মোৰ মুখৰ পৰা ওলোৱা বাক্য নাপাহৰিবা আৰু ত্যাগ নকৰিবা।
Proverbs 8:17 in Assamese 17 যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।
Matthew 13:11 in Assamese 11 উত্তৰত তেওঁ শিষ্য সকলক ক’লে, “স্বৰ্গৰাজ্যৰ বিষয়বোৰৰ নিগূঢ়-তত্ত্ববোৰ তোমালোকক জানিবলৈ সুযোগ দিয়া হৈছে; কিন্তু তেওঁলোকক দিয়া হোৱা নাই।
John 3:17 in Assamese 17 কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে।
John 3:19 in Assamese 19 সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
John 5:34 in Assamese 34 অৱশ্যে মোৰ মানুহৰ পৰা পোৱা সাক্ষ্যৰ প্রয়োজন নাই; তথাপি মই এইবোৰ কথা কৈছোঁ, যাতে আপোনালোকে পৰিত্ৰাণ পাব পাৰে।
John 8:45 in Assamese 45 মই সত্য কথা কওঁ বাবে আপোনালোকে মোক বিশ্বাস নকৰে।
Romans 2:7 in Assamese 7 যি সকলে সৎকৰ্ম্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷
Romans 6:17 in Assamese 17 কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ’ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ’ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক।
Romans 10:1 in Assamese 1 হে ভাইসকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে, তেওঁলোকে যেন পৰিত্ৰাণ পায়।
Romans 16:18 in Assamese 18 কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।
1 Corinthians 1:18 in Assamese 18 বিনাশৰ পথত চলা লোক সকললৈ ক্রুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্রাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ।
1 Corinthians 16:22 in Assamese 22 কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷
2 Corinthians 2:15 in Assamese 15 কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ।
2 Corinthians 2:17 in Assamese 17 কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।
2 Corinthians 4:2 in Assamese 2 ইয়াৰ পৰিৱৰ্তে সকলো লজ্জাজন পথ আৰু গোপন কাৰ্য ত্যাগ কৰিলোঁ। আমি শঠতাৰে (ধুৰ্ত্তাচাৰী হৈ) জীৱন যাপন নকৰিলো, আৰু ঈশ্বৰৰ বাক্যত কোনো ভাঁজ নিদিলো। সত্যতা প্ৰকাশৰ যোগেদি আমি ঈশ্বৰৰ দৃষ্টিত আৰু প্ৰতিজন মানুহৰ বিবেকৰ ওচৰতো নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।
2 Corinthians 11:13 in Assamese 13 কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ।
2 Corinthians 11:15 in Assamese 15 এতেকে তাৰ দাস সকলেও ধাৰ্মিক দাস সকলৰ বেশ ধৰাটো বৰ মহৎ বিষয় নহয়; কিন্তু তেওঁলোকৰ নিজ কৰ্মৰ দ্ৱাৰাই তেওঁলোকৰ শেষ হ’ব৷
Ephesians 4:14 in Assamese 14 তেতিয়া পুনৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ।
1 Thessalonians 2:16 in Assamese 16 আমি অনা-ইহুদী সকলক পাপৰ পৰা উদ্ধাৰ পাবৰ বাবে শিক্ষা দিওঁ, কিন্তু তেওঁলোকে আমাক পৰিত্ৰাণৰ কথা কবলৈ যাওতে বাধা আৰোপ কৰে৷ সেয়েহে ঈশ্বৰৰ ক্ৰোধ চূড়ান্ত ৰূপত তেওঁলোকলৈ নামি আহিছে৷
1 Timothy 2:4 in Assamese 4 তেওঁৰ ইচ্ছা এয়ে যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।
Hebrews 3:13 in Assamese 13 যি সময়লৈকে ‘আজি’ বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক।
James 1:16 in Assamese 16 হে মোৰ প্ৰিয় ভাই সকল, আপোনালোক ভ্ৰান্ত নহব।
2 Peter 2:12 in Assamese 12 কিন্তু জ্ঞানহীন, বুদ্ধিহীন পশুবোৰ নিজৰ স্বভাৱগত বাসনাৰ অধীন, যাৰ জন্ম মৰিবৰ বাবেই হৈছে; ভণ্ড শিক্ষক সকলো এনে বিচাৰ-বুদ্ধিহীন পশুৰ নিচিনা; তেওঁলোকে যি নাজানে, সেই বিষয়ে নিন্দা কৰে। নিজৰ মন্দতাতে সিহঁত ধ্বংস হৈ যাব।
2 Peter 2:18 in Assamese 18 কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।