2 Thessalonians 1:5 in Assamese 5 এইবোৰ বিষয় ঈশ্বৰৰ ন্যায় সোধ-বিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে আপোনালোকে দুখভোগ কৰিছে, সেই ৰাজ্যৰ যোগ্যপাত্রৰূপে আপোনালোক গণিত হ’ব।
Other Translations King James Version (KJV) Which is a manifest token of the righteous judgment of God, that ye may be counted worthy of the kingdom of God, for which ye also suffer:
American Standard Version (ASV) `which is' a manifest token of the righteous judgment of God; to the end that ye may be counted worthy of the kingdom of God, for which ye also suffer:
Bible in Basic English (BBE) Which is a clear sign of the decision which God in his righteousness has made; to give you a part in his kingdom, for which you have undergone this pain;
Darby English Bible (DBY) a manifest token of the righteous judgment of God, to the end that ye should be counted worthy of the kingdom of God, for the sake of which ye also suffer;
World English Bible (WEB) This is an obvious sign of the righteous judgment of God, to the end that you may be counted worthy of the Kingdom of God, for which you also suffer.
Young's Literal Translation (YLT) a token of the righteous judgment of God, for your being counted worthy of the reign of God, for which also ye suffer,
Cross Reference Job 8:3 in Assamese 3 ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে? সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে?
Psalm 9:7 in Assamese 7 কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।
Psalm 33:5 in Assamese 5 তেওঁ ধাৰ্ম্মিকতা আৰু ন্যায়বিচাৰ ভাল পায়; সমগ্র পৃথিবী যিহোৱাৰ দয়াৰে পৰিপূৰ্ণ।
Psalm 50:6 in Assamese 6 আকাশ-মণ্ডলে তেওঁৰ ধাৰ্ম্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা । (চেলা)
Psalm 72:2 in Assamese 2 তেওঁ ধাৰ্ম্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
Psalm 99:4 in Assamese 4 যি ৰজা শক্তিশালী, তেওঁ ন্যায় ভাল পায়; তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা; তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায়বিচাৰ আৰু ধাৰ্ম্মিকতা সাধন কৰিলা।
Psalm 111:7 in Assamese 7 তেওঁৰ হাতৰ কাৰ্য্যবোৰ বিশ্বস্ত আৰু ন্যায়পূর্ণ; তেওঁৰ সকলো বিধি বিশ্বাসযোগ্য।
Jeremiah 9:24 in Assamese 24 কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰে, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে, যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্ম্মিকতা সিদ্ধ কৰোঁতা যিহোৱা; কিয়নো এইবোৰত মই সন্তুক পাওঁ, ইয়াক যিহোৱাই কৈছে।
Daniel 4:37 in Assamese 37 এতিয়া মই নবুখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছো; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহঙ্কাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।
Luke 20:35 in Assamese 35 কিন্তু যি সকলে সেই যুগৰ আৰু মৃত লোক সকলৰ মাজৰ পৰা পুনৰুত্থান পাবৰ যোগ্য বুলি গণ্য হয়, তেওঁলোকে বিয়া নকৰাই আৰু বিয়া দিয়াও নহয়।
Luke 21:36 in Assamese 36 কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”
Acts 13:46 in Assamese 46 তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে ক’লে, “প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷
Acts 14:22 in Assamese 22 তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”
Romans 2:5 in Assamese 5 কিন্তু আপোনাৰ কঠিনতা আৰু মন-পালটন নকৰা হৃদয়ে, ঈশ্বৰৰ ধাৰ্মিকতাপূৰ্ণ সোধ-বিচাৰৰ ন্যায় প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে।
Romans 8:17 in Assamese 17 আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ’বলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও সঁচা উত্তৰাধিকাৰী হওঁ।
Ephesians 4:1 in Assamese 1 এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক।
Philippians 1:28 in Assamese 28 আপোনালোকৰ বিৰুদ্ধী সকলৰ বাবে কোনো বিষয়ত ত্ৰাসযুক্ত নহ’ব; সেয়ে তেখেত সকলৰ অৰ্থে বিনাশ, কিন্তু আপোনালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্ৰাণৰ প্ৰমাণ হয়।
Colossians 1:12 in Assamese 12 আমি নিবেদন কৰোঁ আৰু আনন্দেৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোক সকলৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশীদাৰ হ’বলৈ যোগ্য কৰিলে৷
1 Thessalonians 2:14 in Assamese 14 হে ভাই সকল, যিহূদাত খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি মণ্ডলী সমূহ আছে, আপোনালোকৰ অৱস্থা সেই মণ্ডলীবোৰৰ নিচিনা; ইহুদী সকলৰ পৰা তেওঁলোকে যিবোৰ দুখ-কষ্ট ভোগ কৰিছে, সেই একে নিৰ্যাতন আপোনালোকেও স্বজাতীয় লোকৰ হাতত ভোগ কৰি আছে।
2 Thessalonians 1:6 in Assamese 6 ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে আপোনালোকক ক্লেশ দিয়ে, তেওঁ সেই সকলক নিশ্চয় ক্লেশ দিব,
2 Thessalonians 1:11 in Assamese 11 এই কাৰণে আমিও আপোনালোকৰ বাবে সদায় প্রার্থনা কৰি থাকো, যাতে আমাৰ ঈশ্বৰে আপোনালোকক তেওঁৰ আমন্ত্রণৰ যোগ্যপাত্র বুলি গণ্য কৰিব৷ তাতে তেওঁৰ শক্তিত আপোনালোকে যেন মঙ্গলভাৱেৰে সকলো ভাল কাম কৰাৰ ইচ্ছা আৰু বিশ্বাসৰ প্রতিটো কার্য যেন সম্পূর্ণ কৰে;
2 Timothy 2:12 in Assamese 12 আমি যদি সহন কৰোঁ, তেনেহলে তেওঁৰ সৈতে ৰাজত্বও কৰিম৷ আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেনেহলে তেৱোঁ আমাক অস্বীকাৰ কৰিব৷
Hebrews 10:32 in Assamese 32 সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক, আপোনালোকে পোহৰ পোৱাৰ পাছত, যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল৷
1 Peter 4:14 in Assamese 14 আপোনালোক ধন্য, যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিৰ হৈ আছে।
Revelation 3:4 in Assamese 4 কিন্তু যি সকলে নিজৰ কাপোৰ অশুচি নকৰিলে, এনে কিছুমান লোকৰ নাম চার্দ্দিত আছে। তেওঁলোকে মোৰ সৈতে অহা-যোৱা কৰিব, তেওঁৰ কাপোৰ বগা আৰু তেওঁলোক যোগ্য।
Revelation 15:4 in Assamese 4 আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় প্ৰকাশিত কৰা হ’ল৷”
Revelation 16:7 in Assamese 7 পাছত মই বেদীয়ে এই কথা কোৱা শুনিলোঁ, “হয়, হে সকলোৰে ওপৰত শাসন কৰা প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰ-আজ্ঞাবোৰ সত্য আৰু ন্যায়।”
Revelation 19:2 in Assamese 2 তেওঁৰ সকলো সোধ-বিচাৰ, সত্য আৰু ন্যায়; তেওঁ সেই মহা-বেশ্যাৰ বিচাৰ কৰিলে, সেই বেশ্যাই নিজৰ বেশ্যা-কৰ্মৰ দ্বাৰা পৃথিৱী ভ্ৰষ্ট কৰিছিল৷ যি ৰক্তপাত তাইয়ে বোৱাইছিল, তেওঁ নিজৰ সেই দাস সকলৰ ৰক্তপাতৰ প্ৰতিশোধ ল’লে৷”