2 Samuel 12:13 in Assamese 13 তেতিয়া দায়ূদে নাথনক ক’লে, “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, “কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।
Other Translations King James Version (KJV) And David said unto Nathan, I have sinned against the LORD. And Nathan said unto David, The LORD also hath put away thy sin; thou shalt not die.
American Standard Version (ASV) And David said unto Nathan, I have sinned against Jehovah. And Nathan said unto David, Jehovah also hath put away thy sin; thou shalt not die.
Bible in Basic English (BBE) And David said to Nathan, Great is my sin against the Lord. And Nathan said to David, The Lord has put away your sin; death will not come on you.
Darby English Bible (DBY) And David said to Nathan, I have sinned against Jehovah. And Nathan said to David, Jehovah has also put away thy sin: thou shalt not die.
Webster's Bible (WBT) And David said to Nathan, I have sinned against the LORD. And Nathan said to David, The LORD also hath put away thy sin; thou shalt not die.
World English Bible (WEB) David said to Nathan, "I have sinned against Yahweh." Nathan said to David, "Yahweh also has put away your sin. You will not die.
Young's Literal Translation (YLT) And David saith unto Nathan, `I have sinned against Jehovah.' And Nathan saith unto David, `Also -- Jehovah hath caused thy sin to pass away; thou dost not die;
Cross Reference Leviticus 20:10 in Assamese 10 যি লোকে পৰস্ত্ৰীৰে সৈতে ব্যভিচাৰ কৰিব, যি লোকে ওচৰ-চুবুৰীয়াৰ মহিলাৰে সৈতে ব্যভিচাৰ কৰিব, সেই ব্যভিচাৰী আৰু সেই ব্যভিচাৰীনী দুয়োৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
Leviticus 24:17 in Assamese 17 আৰু যি জনে আন এজনক বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।
Numbers 35:31 in Assamese 31 আৰু প্ৰাণদণ্ডৰ যোগ্য মানুহ বধীৰ প্ৰাণৰ বাবে তোমালোকে কোনো প্ৰায়শ্চিত্ত নল’বা; কিন্তু তাৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।
1 Samuel 15:20 in Assamese 20 চৌলে চমূৱেলক ক’লে, “মই অৱশ্যে যিহোৱাৰ বাক্যলৈ পালন কৰিলোঁ। আৰু যিহোৱাই মোক যি বাটেদি পঠাইছিল, সেই বাটেদি গ’লো। অমালেকৰ ৰজা অগাগক মই বন্দী কৰিলোঁ, আৰু অমালেকীয়াসকলক সম্পূৰ্ণভাৱে ধ্ৱংস কৰিলোঁ।
1 Samuel 15:24 in Assamese 24 তাৰ পাছত চৌলে চমূৱেলক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো যিহোৱাৰ আজ্ঞা আৰু আপোনাৰ বাক্য লঙ্ঘন কৰিলো; কাৰণ মই লোকসকলক ভয় কৰি তেওঁলোকৰ কথা শুনিলোঁ।
1 Samuel 15:30 in Assamese 30 তেতিয়া চৌলে ক’লে, “মই পাপ কৰিলোঁ; তথাপি মই বিনয় কৰোঁ, বৃদ্ধ লোকসকলৰ আৰু ইস্ৰায়েলৰ আগত মোৰ মান ৰাখক। মোৰ লগত ঘুৰি আহক, তাতে মই যেন আপোনাৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”
2 Samuel 24:10 in Assamese 10 এইদৰে দায়ূদে লোকসকলক গণনা কৰোৱাৰ পাছত, তেওঁৰ মনে তেওঁক দোষী কৰিলে। তেতিয়া দায়ূদে যিহোৱাক ক’লে, “এই কৰ্ম কৰি মই মহা পাপ কৰিলোঁ; কিন্তু হে যিহোৱা বিনয় কৰোঁ, নিজ দাসৰ অপৰাধ ক্ষমা কৰা, কিয়নো মই অতিশয় অজ্ঞানৰ কৰ্ম কৰিলোঁ।”
1 Kings 13:4 in Assamese 4 যেতিয়া ৰজাই, বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে ঘোষণা কৰা সেই ঈশ্বৰৰ লোকজনৰ কথা শুনিলে, তেতিয়া তেওঁ যজ্ঞবেদীৰ পৰা হাত মেলি ক’লে, “তেওঁক ধৰা৷” তেতিয়া সেই ঈশ্ৱৰৰ লোকজনৰ বিৰুদ্ধে মেলা ৰজাৰ নিজ হাত এনেকৈ শুকাই গ’ল যে, তেওঁ সেই হাত পুনৰ কোঁচাব নোৱাৰিলে।
1 Kings 21:20 in Assamese 20 তেতিয়া আহাবে এলিয়াক কলে, “হে মোৰ শত্ৰু, তুমি মোক বিচাৰি পালা নে?” তেতিয়া তেওঁ ক’লে, “হয়, মই তোমাক বিচাৰি পালোঁ, কিয়নো যিহোৱাৰ দৃষ্টিত যি পাপ, তুমি তাকে কৰিবলৈ নিজকে বেচি দিলা।
1 Kings 22:8 in Assamese 8 এনেতে ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “এনে এজন আৰু ভাববাদী আছে যাৰ দ্বাৰাই আমি যিহোৱাৰ সহায়ৰ বাবে পৰামৰ্শ লব পাৰো; তেওঁ যিম্লাৰ পুত্র মীখায়া, কিন্তু মই তেওঁক ঘিণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, কেৱল অমঙ্গলহে প্ৰচাৰ কৰে।” তেতিয়া যিহোচাফটে ক’লে, “মহাৰাজে যেন সেই ধৰণে কথা নকওঁক।”
2 Kings 1:9 in Assamese 9 তাৰ পাছত ৰজাই এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠাই দিলে। এলিয়া সেই সময়ত পাহাৰৰ ওপৰত বহি আছিল। সেনাপতিজন এলিয়াৰ ওচৰলৈ উঠি গৈ ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক নামি আহিবলৈ কৈছে।”
2 Chronicles 16:10 in Assamese 10 তেতিয়া আচাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত থ’লে, কিয়নো সেই কথাতে দৰ্শকৰ ওপৰত তেওঁৰ খং উঠিছিল। সেই সময়ত আচাই প্ৰজাসকলৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে।
2 Chronicles 24:20 in Assamese 20 পাছে যিহোয়াদা পুৰোহিতৰ পুত্ৰ জখৰিয়াৰ ওপৰত ঈশ্বৰৰ আত্মা স্থিতি হ’ল; তেওঁ লোকসকলতকৈ ওখ ঠাই এটাত থিয় হৈ তেওঁলোকক ক’লে, “ঈশ্বৰে এই কথা কৈছে: ‘তোমালোকে কিয় যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিছাহঁক? এইদৰে তোমালোকে কৃতকাৰ্য্য নহ’বা? যিহেতু তোমালোকে যিহোৱাক ত্যাগ কৰিলা, এই হেতুকে তেওঁ তোমালোককো ত্যাগ কৰিলে’৷”
2 Chronicles 25:16 in Assamese 16 ভাববাদীজনে ৰজাক সেই কথা কৈ থকাত, ৰজাই তেওঁক ক’লে, “আমি জানো তোমাক ৰাজ মন্ত্ৰী পাতিলোঁ? মনে মনে থাকা; তোমাৰ কিয় মৰিবলৈ মন?” তেতিয়া সেই ভাববাদীয়ে ক্ষান্ত হৈ ক’লে, “মই জানো যে ঈশ্বৰে তোমাক বিনষ্ট কৰিবলৈ থিৰ কৰিছে, সেই বাবে তুমি এই কাম কৰিলা আৰু মোৰ পৰামর্শ নুশুনিলা৷”
Job 7:20 in Assamese 20 হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ, তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ’ল? কিয় তুমি মোক লক্ষ্যৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছোঁ?
Job 33:27 in Assamese 27 সি মানুহৰ আগত গীত গাই কব, “মি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই।
Psalm 32:1 in Assamese 1 ধন্য সেই লোক, যাৰ অপৰাধ ক্ষমা কৰা হয়; যাৰ পাপ ঢকা হয়।
Psalm 51:4 in Assamese 4 তোমাৰ বিৰুদ্ধে, কেৱল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিছো; তোমাৰ দৃষ্টিত যি বেয়া মই তাকে কৰিলো; তুমি তোমাৰ বাক্যত ধাৰ্ম্মিক, তোমাৰ বিচাৰ নিখুঁত।
Psalm 51:16 in Assamese 16 কিয়নো তুমি বলিদানত সন্তুষ্ট নোহোৱা; হোৱা হ’লে মই তাক দিলোহেঁতেন; হোমবলিতো তুমি সন্তুষ্ট নোহোৱা।
Psalm 130:3 in Assamese 3 হে যিহোৱা, তুমি যদি অপৰাধৰ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
Proverbs 25:12 in Assamese 12 শুদ্ধ সোণেৰে গঢ়া সোণৰ আঙঠি বা অলঙ্কাৰ যেনে, জ্ঞানী লোকৰ অনুযোগ শুনা কাণো তেনে।
Proverbs 28:13 in Assamese 13 যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।
Isaiah 6:5 in Assamese 5 মই তেতিয়া কলোঁ, মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছো।
Isaiah 38:17 in Assamese 17 মই তেনে কষ্ট অনুভৱ কৰাটো মোৰ বাবে লাভজনক আপুনি মোক ধ্বংসৰ গাঁতৰ পৰা ৰক্ষা কৰিলে; কিয়নো আপুনি মোৰ সকলো পাপ আপোনাৰ পাছফালে দলিয়াই পেলালে।
Isaiah 43:24 in Assamese 24 তুমি ধন দি মোৰ বাবে উত্তম সুগন্ধি কিনা নাই, নাইবা তুমি তোমাৰ বলিৰ তেলেৰে মোক তৃপ্ত কৰা নাই; কিন্তু তোমাৰ পাপ বোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা, আৰু তোমাৰ অপৰাধবোৰেৰে মোক চিন্তিত কৰিলা।
Isaiah 44:22 in Assamese 22 তোমাৰ ঘন মেঘৰ দৰে অপৰাধবোৰ , আৰু তোমাৰ মেঘৰ দৰে পাপবোৰ মচি পেলাম; তুমি মোলৈ ঘূৰি আহাঁ, কিয়নো মই তোমাক মুক্ত কৰিলোঁ।
Lamentations 3:32 in Assamese 32 যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব।
Micah 7:18 in Assamese 18 পাপ ক্ষমা কৰা, আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া, এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে, কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখোৱাবলৈ ভাল পায়।
Zechariah 3:4 in Assamese 4 সেইবাবে দূতে ক’লে আৰু তেওঁৰ আগত থিয় হৈ থকাসকলক ক’লে, “এওঁৰ গাৰ পৰা মলিন বস্ত্ৰ সোলোকাই পেলোৱা।” তেতিয়া তেওঁ যিহোচূৱাক ক’লে, “চোৱা! মই তোমাৰ অপৰাধ তোমাৰ পৰা আতৰালোঁ, আৰু মই তোমাক উত্তম বস্ত্ৰ পিন্ধাম।”
Matthew 14:3 in Assamese 3 কিয়নো হেৰোদে লোক সকলৰ দ্বাৰাই যোহনক বান্ধি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। নিজৰ ভায়েক ফিলিপৰ ভার্যা হেৰোদিয়াৰ কাৰণে তেওঁ এইদৰে কৰিছিল।
Matthew 14:10 in Assamese 10 তেওঁ মানুহ পঠিয়াই কাৰাগাৰত যোহনৰ শিৰচ্ছেদ কৰালে।
Luke 15:21 in Assamese 21 তেতিয়া পুতেকে ক’লে, ‘দেউতা স্বর্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ’।
Acts 2:37 in Assamese 37 এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনি সকলক তেওঁলোকে ক’লে, “হে ভাইসকল, আমি এতিয়া কি কৰিম?”
Acts 13:38 in Assamese 38 এই কাৰণে, হে ভাইসকল, সেই জন যীচুৰ দ্বাৰাই আপোনালোকৰ আগত পাপ-মোচনৰ ন্যায় বিষয়ৰ গ্ৰহণীয়তা প্ৰচাৰ কৰা হৈছে৷
Romans 8:33 in Assamese 33 ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা।
Hebrews 9:26 in Assamese 26 সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখভোগ কৰিব লাগিলহেঁতেন; কিন্তু এতিয়া তেওঁ আত্ম-বলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ’ল।
1 John 1:7 in Assamese 7 কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।
Revelation 1:5 in Assamese 5 আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী, তেওঁৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক। যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে,