2 Peter 3:15 in Assamese 15 মনত ৰাখিব, আমাৰ ঈশ্বৰৰ দীৰ্ঘ-সহিষ্ণুতাই আপোনালোকক পৰিত্ৰাণৰ সময় দিছে; এইদৰে আমাৰ প্ৰিয় ভাই পৌলেও ঈশ্বৰে দিয়া জ্ঞান অনুসাৰে আপোনালোকলৈ লিখিলে;
Other Translations King James Version (KJV) And account that the longsuffering of our Lord is salvation; even as our beloved brother Paul also according to the wisdom given unto him hath written unto you;
American Standard Version (ASV) And account that the longsuffering of our Lord is salvation; even as our beloved brother Paul also, according to the wisdom given to him, wrote unto you;
Bible in Basic English (BBE) And be certain that the long waiting of the Lord is for salvation; even as our brother Paul has said in his letters to you, from the wisdom which was given to him;
Darby English Bible (DBY) and account the longsuffering of our Lord [to be] salvation; according as our beloved brother Paul also has written to you according to the wisdom given to him,
World English Bible (WEB) Regard the patience of our Lord as salvation; even as our beloved brother Paul also, according to the wisdom given to him, wrote to you;
Young's Literal Translation (YLT) and the long-suffering of our Lord count ye salvation, according as also our beloved brother Paul -- according to the wisdom given to him -- did write to you,
Cross Reference Exodus 31:3 in Assamese 3 মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম।
Exodus 31:6 in Assamese 6 চোৱা, মই দান ফৈদৰ অহীচামকৰ পুত্ৰ অবলীয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ; সেয়েহে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব।
Exodus 35:31 in Assamese 31 যিহোৱাই বচলেলক তেওঁৰ আত্মাৰে পৰিপূৰ্ণ কৰিলে, তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা, আৰু সকলো প্ৰকাৰ শিল্প কৌশল দিলে।
Exodus 35:35 in Assamese 35 যিহোৱাই এই দুয়োজনক সকলো প্রকাৰ কাৰ্য কৰিবলৈ বিশেষ দক্ষতা দিলে। তেওঁলোক সূতাৰ আৰু ধাতূৰ কাৰ্য কৰাত দক্ষতাসম্পন্ন। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বছা কৰ্ম, আৰু কাপোৰ বোৱা কাৰ্য কৰে। তেওঁলোকে সকলো প্রকাৰৰ শিল্পকাৰ্য কৰে, আৰু তেওঁলোক শিল্পিসুলভ নক্সাকাৰ।
1 Kings 3:12 in Assamese 12 এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলো। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
1 Kings 3:28 in Assamese 28 ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।
1 Kings 4:29 in Assamese 29 ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে আৰু সমূদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় বুজিবলৈ এক বহল মন দিলে।
Ezra 7:25 in Assamese 25 হে ইজ্ৰা, আপোনাৰ ঈশ্বৰে আপোনাক দিয়া জ্ঞানেৰে, ঈশ্বৰৰ বিধান জনা এজনক শাসনকৰ্ত্তা আৰু বিচাৰকৰ্ত্তা নিযুক্ত কৰা উচিত, কাৰণ তেতিয়া তেওঁ নদীৰ সিপাৰে থকা লোকসকলক সেৱা কৰিব পাৰিব, আৰু যি সকলে বিধান নাজানে তেওঁলোকক নিশ্চয় শিকোৱাও প্রয়োজন।
Proverbs 2:6 in Assamese 6 কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়।
Ecclesiastes 2:26 in Assamese 26 যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁক তেওঁ প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দান কৰে; কিন্তু তেওঁ পাপীক হ’লে, ধন-সম্পদ গোটোৱা আৰু জমা কৰাৰ কার্য দিয়ে, যাতে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰা লোকক দিব পাৰে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
Daniel 2:20 in Assamese 20 ঈশ্বৰৰ নাম যুগে যুগে চিৰকাললৈকে ধন্য হওক; কিয়নো জ্ঞান আৰু পৰাক্ৰম তেওঁৰেই।
Luke 21:15 in Assamese 15 কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।
Acts 7:10 in Assamese 10 সকলো ক্লেশৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰি তেওঁক মিচৰ দেশৰ ৰজা ফৰৌণৰ সাক্ষাতে অনুগ্ৰহ আৰু জ্ঞান দান কৰিলে। তাতে ফৰৌণে তেওঁক মিচৰ দেশৰ আৰু নিজ গৃহৰ অধিকাৰী পাতিলে।
Acts 15:25 in Assamese 25 সেয়েহে আমি কেইজনমানক মনোনীত কৰিবলৈ একমত হ’লো আৰু তেওঁলোকক আমাৰ প্রিয় ভাই বার্ণব্বা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালোঁ।
Romans 2:4 in Assamese 4 নে আপুনি তেওঁৰ স্নেহশীল, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে? যি ঈশ্বৰৰ স্নেহশীলতাই আপোনাক মন-পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানে নে?
1 Corinthians 2:13 in Assamese 13 আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।
1 Corinthians 3:10 in Assamese 10 ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়।
1 Corinthians 12:8 in Assamese 8 তাতে আত্মাৰ দ্বাৰাই এজনক বুদ্ধিৰ কথা, একে আত্মাৰ ইচ্ছা অনুসাৰে আন জনক জ্ঞানৰ কথা,
Ephesians 3:3 in Assamese 3 সেইদৰে ঈশ্বৰে মোক তেওঁৰ যি প্ৰকাশিত বাক্য জানিবলৈ দিলে, সেই সত্যৰ নিগূঢ়-তত্ব বিষয়ে মই আপোনালোকলৈ আগেয়ে অলপ লিখিছিলো।
1 Timothy 1:16 in Assamese 16 এই কাৰণেই মোক প্ৰথমে দয়া কৰা হ’ল, যাতে প্ৰধান পাপী যি মই, মোৰ যোগেদি যেন যীচু খ্ৰীষ্টই তেওঁৰ অসীম সহনশীলতা দেখুৱাব পাৰে আৰু অনন্ত জীৱন পাবলৈ যি সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিব, সেই সকলৰ বাবে মোক এক দৃষ্টান্ত স্ৱৰূপে ৰাখিলে৷
James 1:5 in Assamese 5 কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্বৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
James 3:17 in Assamese 17 কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, অকপট আৰু নিৰ্মল।
1 Peter 3:20 in Assamese 20 সেইবোৰ নোহৰ সময়ত ঈশ্বৰৰ আবাধ্য আছিল৷ নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল৷ ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, তাতে আঠ টা আত্মা সেই জলৰ পৰা উদ্ধাৰ পালে৷
2 Peter 3:9 in Assamese 9 প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷