2 Peter 2:14 in Assamese 14 সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ প্ৰাণ কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত সন্তান।
Other Translations King James Version (KJV) Having eyes full of adultery, and that cannot cease from sin; beguiling unstable souls: an heart they have exercised with covetous practices; cursed children:
American Standard Version (ASV) having eyes full of adultery, and that cannot cease from sin; enticing unstedfast souls; having a heart exercised in covetousness; children of cursing;
Bible in Basic English (BBE) Having eyes full of evil desire, never having enough of sin; turning feeble souls out of the true way; they are children of cursing, whose hearts are well used to bitter envy;
Darby English Bible (DBY) having eyes full of adultery, and that cease not from sin, alluring unestablished souls; having a heart practised in covetousness, children of curse;
World English Bible (WEB) having eyes full of adultery, and who can't cease from sin; enticing unsettled souls; having a heart trained in greed; children of cursing;
Young's Literal Translation (YLT) having eyes full of adultery, and unable to cease from sin, enticing unstable souls, having an heart exercised in covetousnesses, children of a curse,
Cross Reference 2 Samuel 11:2 in Assamese 2 পাছত এদিন সন্ধিয়া সময়ত, দায়ূদে শয্যাৰ পৰা উঠি তেওঁৰ ৰাজগৃহৰ চালৰ ওপৰত ঘূৰি ফুৰি আছিল৷ তাতে তাৰ পৰা চাই এগৰাকী মহিলাক গা ধুই থকা দেখিলে; মহিলা গৰাকী দেখিবলৈ অতি শুৱনি আছিল।
Job 31:7 in Assamese 7 মই যদি অবাটে খোজ চলালোঁ, মোৰ মন যদি চকুৰ পাছে পাছে চলিল, আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে,
Job 31:9 in Assamese 9 মই যদি পৰৰ তিৰোতাত মোহ গলোঁ, আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলোঁ,
Proverbs 6:25 in Assamese 25 তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা।
Isaiah 1:16 in Assamese 16 নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা,
Isaiah 34:5 in Assamese 5 কাৰণ যেতিয়া মোৰ তৰোৱালে স্বৰ্গত পূর্ণ হোৱাকৈ তেজ পান কৰিব; চোৱা, এইটো এতিয়া ইদোমৰ ওপৰলৈ আহিব, সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম।
Isaiah 65:20 in Assamese 20 সেই ঠাইৰ পৰা কোনো অলপদিনীয়া কেঁচুৱা, বা সম্পূৰ্ণ আয়ুস নোপোৱা কোনো বুঢ়া লোকক মৈদামলৈ নিয়া নহ’ব; ডেকা লোক এশ বছৰ বয়সীয়া হৈ মৰিব, আৰু পাপী জনে এশ বছৰ বয়স পাই অভিশপ্ত হৈ মৰিব।
Jeremiah 13:23 in Assamese 23 কূচীয়া লোকে জানো নিজৰ ছাল, বা নাহৰফুটুকী বাঘে জানো নিজ গাৰ ফুটুকা-ফুটুকীবোৰ, সলনি কৰিব পাৰে? যদি পাৰে, তেন্তে কু-কৰ্ম্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম্ম কৰা সম্ভৱ।
Matthew 5:28 in Assamese 28 কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।
Matthew 12:34 in Assamese 34 বিষক্ত সৰ্পৰ বংশধৰ সকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
Matthew 25:41 in Assamese 41 তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক ক’ব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।
Mark 13:22 in Assamese 22 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হ’ব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷
John 5:44 in Assamese 44 আপোনালোকে এজনে আন জনৰ পৰা প্রশংসা (মহিমা) পাবলৈ আশা কৰে, কিন্তু যি প্রশংসা (মহিমা) একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?
Romans 16:18 in Assamese 18 কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।
1 Corinthians 11:19 in Assamese 19 কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ (প্ৰকৃত) মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।
Ephesians 2:3 in Assamese 3 আমি সকলোৱেই এসময়ত মাংস আৰু মনৰ ইচ্ছাৰে কার্য কৰিছিলোঁ আৰু আমাৰ মাংসিক কু-অভিলাষবোৰৰ কামনা পূর্ণ কৰি সেই বিশ্বাসবিহীন লোক সকলৰ মাজত জীয়াই আছিলোঁ। আমিও আন সকলোৰে নিচিনা, স্বভাবতে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলোঁ।
Ephesians 4:14 in Assamese 14 তেতিয়া পুনৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ।
Colossians 2:18 in Assamese 18 কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হ’বলৈ নিদিব৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।
James 1:8 in Assamese 8 কিয়নো সেই মানুহ, দুই মনৰ; তেওঁ নিজৰ সকলো গতিতে অস্থিৰ।
2 Peter 2:3 in Assamese 3 তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
2 Peter 2:18 in Assamese 18 কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
2 Peter 3:16 in Assamese 16 আৰু এইবোৰ বিষয়ৰ প্ৰসঙ্গ কৰি সকলো পত্ৰত লিখিলে; কোনো কোনো ঠাইত বুজিবলৈ টান কথা আছে; অজ্ঞ আৰু বিশ্বাসত দুর্ব্বল মানুহবোৰে ধৰ্মশাস্ত্ৰৰ অন্যান্য কথাৰ যেনেকৈ বিকৃত অর্থ কৰে, তেনেকৈ পৌলৰ কথাৰ বিকৃত অর্থ কৰি নিজকেই বিনাশৰ পথত লৈ যায়।
1 John 2:16 in Assamese 16 কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।
Jude 1:11 in Assamese 11 তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু মূল্য পোৱাৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।
Revelation 12:9 in Assamese 9 সেই ড্ৰেগন, যি দিয়াবল বা চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।