2 Peter 1:8 in Assamese 8 কিয়নো আপোনালোকৰ যদি এই সকলো গুণ থাকে আৰু সেইবোৰ আপোনালোকৰ মাজত বৃদ্ধি পায়, তেনেহলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ তত্ব-জ্ঞানত আপোনালোক কৰ্মহীন বা নিষ্ফল নহ’ব।
Other Translations King James Version (KJV) For if these things be in you, and abound, they make you that ye shall neither be barren nor unfruitful in the knowledge of our Lord Jesus Christ.
American Standard Version (ASV) For if these things are yours and abound, they make you to be not idle nor unfruitful unto the knowledge of our Lord Jesus Christ.
Bible in Basic English (BBE) For if you have these things in good measure, they will make you fertile and full of fruit in the knowledge of our Lord Jesus Christ.
Darby English Bible (DBY) for these things existing and abounding in you make [you] to be neither idle nor unfruitful as regards the knowledge of our Lord Jesus Christ;
World English Bible (WEB) For if these things are yours and abound, they make you to be not idle nor unfruitful to the knowledge of our Lord Jesus Christ.
Young's Literal Translation (YLT) for these things being to you and abounding, do make `you' neither inert nor unfruitful in regard to the acknowledging of our Lord Jesus Christ,
Cross Reference Proverbs 19:15 in Assamese 15 এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়, কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে, তেওঁ ভোকত থাকিব।
Matthew 13:22 in Assamese 22 কাঁইটনিত পৰা কঠিয়াবোৰ এনে ধৰণৰ লোক, তেওঁলোকে বাক্য শুনে, কিন্তু সংসাৰৰ চিন্তা-ভাৱনা আৰু ধন-সম্পত্তিৰ মায়াই সেই বাক্যক হেচি ধৰে; তেতিয়া তেওঁ বিফল হয়।
Matthew 20:3 in Assamese 3 প্রায় নটা বজাত তেওঁ আকৌ ওলাই গ’ল আৰু আন কিছুমান বনুৱাক বজাৰত থিয় হৈ থকা দেখি, তেওঁ সিহঁতকো ক’লে,
Matthew 20:6 in Assamese 6 পুনৰ প্রায় পাঁচ মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতকো সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা?
Matthew 25:26 in Assamese 26 কিন্তু তেওঁৰ প্ৰভুৱে উত্তৰ দি তেওঁক ক’লে, ‘হেৰ দুষ্ট এলেহুৱা দাস, মই যি ঠাইত নবওঁ, তাতে দাওঁ আৰু যি ঠাইত নিসিচোঁ, তাতে চপাঁও, ইয়াকে যদি তুমি জানিছিলা;
John 5:42 in Assamese 42 কিন্তু মই আপোনালোকক জানো যে, আপোনালোকৰ অন্তৰত ঈশ্বৰৰ প্রতি প্ৰেম নাই।
John 15:2 in Assamese 2 যি যি ডালত গুটি নধৰে, তেওঁ সেইবোৰ গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে; সেইবোৰত পুনৰ অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে।
John 15:6 in Assamese 6 কোনোৱে যদি মোৰ লগত নাথাকে, তেনেহলে তেওঁক শুকান ডালৰ দৰে বাহিৰলৈ পেলোৱাত, সি শুকাই যায় আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে সেইবোৰ পোৰা যায়।
Romans 12:11 in Assamese 11 পৰিশ্ৰমত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷
1 Corinthians 15:58 in Assamese 58 এতেকে, হে মোৰ প্ৰিয় ভাইসকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।
2 Corinthians 5:13 in Assamese 13 কিয়নো আমি যদি হতবুদ্ধি হৈছোঁ, তেনেহলে ঈশ্বৰৰ কাৰণেহে হৈছোঁ, আৰু আমি যদি সুবিবেচক, তেনেহলে সেয়া আপোনালোকৰ বাবে।
2 Corinthians 8:2 in Assamese 2 ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁলোকৰ আনন্দ অধিক হ’ল আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল।
2 Corinthians 8:7 in Assamese 7 কিন্তু আপোনালোকে, বিশ্বাস, বাক্য, জ্ঞান, সকলোবিধ যত্ন আৰু প্ৰেম, এই সকলোতে যেনেকৈ আমাৰ বাবে উপচি পৰিছে, তেনেকৈ সেই অনুগ্ৰহতো উপচি পৰিবলৈ চেষ্টা কৰক।
2 Corinthians 9:14 in Assamese 14 তেওঁলোকে আপোনালোকলৈ অতিশয় হাবিয়াহ কৰি আপোনালোকৰ কাৰণে প্ৰার্থনাত আছে, কিয়নো ঈশ্বৰৰ সেই মহৎ অনুগ্ৰহ আপোনালোকৰ ওপৰত আছে৷
2 Corinthians 13:5 in Assamese 5 আপোনালোক বিশ্বাসত আছে নে নাই, সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰক, আৰু সেই বিষয়ে সত্যতাৰ প্ৰমাণ চাওক। যীচু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে, সেই বিষয়ে আপোনালোকে অনুভৱ নকৰে নে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিক লোক।
Philippians 1:9 in Assamese 9 আৰু মই প্ৰাৰ্থনা কৰি আছোঁ, যাতে আপোনালোকে প্ৰেম, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে৷
Philippians 2:5 in Assamese 5 খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে আপোনালোকৰ হওক,
Colossians 2:7 in Assamese 7 তেওঁতেই দৃঢ় ৰূপে শিপা ধৰি, তেওঁত গঁথা হৈ, যেনেকৈ শিক্ষা পাইছিল, তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকক, আৰু ধন্যবাদত উপচি পৰক।
Colossians 3:16 in Assamese 16 খ্ৰীষ্টৰ বাক্যই আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। লগতে পৰস্পৰে সকলো জ্ঞানেৰে শিক্ষা আৰু চেতনা দি, ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে ঈশ্বৰলৈ হৃদয়েৰে ধন্যবাদ সহিত কৃতজ্ঞ হওক।
1 Thessalonians 3:12 in Assamese 12 আপোনালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে আপোনালোকৰ প্ৰেম বঢ়াই উপচাই দিয়ক।
1 Thessalonians 4:1 in Assamese 1 সর্বশেষত, হে প্রিয় ভাই সকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলে, সেইভাৱেই আপোনালোকে চলিছে। আমি প্রভু যীচুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন-যাপন কৰে।
2 Thessalonians 1:3 in Assamese 3 ভাই সকল, আপোনালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ; আমি এনেদৰে ধন্যবাদ কৰা উচিত, কাৰণ আপোনালোকৰ বিশ্বাস অতিশয়ৰূপে বৃদ্ধি পাইছে আৰু আপোনালোক সকলোৱে প্রেমত পৰস্পৰৰ প্রতি উপচি পৰিছে;
1 Timothy 5:13 in Assamese 13 ইয়াৰ উপৰি তেওঁলোকে ঘৰে ঘৰে ঘূৰি ফুৰি অকর্মন্য হৈ পৰে আৰু মাত্ৰ অকৰ্মন্যই নহয়, পৰচৰ্চা আৰু লোকৰ কামত হস্তক্ষেপ কৰি, অনৰ্থক কথাবোৰ ক’বলৈ শিকে, এইবোৰ তেওঁলোকে কৰা উচিত নহয়।
Titus 3:14 in Assamese 14 আমাৰ মানুহবোৰ যেন নিষ্ফল নহয়, তাৰ বাবে প্ৰয়োজনীয় অভাৱ পুৰণ কৰিবলৈ সৎকর্মত লাগি থাকিবৰ বাবে শিকক।
Philemon 1:6 in Assamese 6 তোমাৰ বিশ্বাসৰ সহভাগিতা যেন আমাৰ লগত থকা সকলো উত্তম বিষয়ৰ জ্ঞানত খ্ৰীষ্টত কাৰ্যসাধক হয়, এনে প্ৰাৰ্থনা কৰোঁ।
Hebrews 6:12 in Assamese 12 আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰো, যি সকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ প্ৰতিজ্ঞা সমূহ লাভ কৰে, আপোনালোক তেওঁলোকৰ অনুকাৰী হওক।
2 Peter 1:2 in Assamese 2 ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচুক গভীৰভাৱে জনাৰ মাজেদি আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক।