2 Peter 1:10 in Assamese 10 এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হ’বৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।
Other Translations King James Version (KJV) Wherefore the rather, brethren, give diligence to make your calling and election sure: for if ye do these things, ye shall never fall:
American Standard Version (ASV) Wherefore, brethren, give the more diligence to make your calling and election sure: for if ye do these things, ye shall never stumble:
Bible in Basic English (BBE) For this reason, my brothers, take all the more care to make your selection and approval certain; for if you do these things you will never have a fall:
Darby English Bible (DBY) Wherefore the rather, brethren, use diligence to make your calling and election sure, for doing these things ye will never fall;
World English Bible (WEB) Therefore, brothers,{The word for "brothers" here and where context allows may also be correctly translated "brothers and sisters" or "siblings."} be more diligent to make your calling and election sure. For if you do these things, you will never stumble.
Young's Literal Translation (YLT) wherefore, the rather, brethren, be diligent to make stedfast your calling and choice, for these things doing, ye may never stumble,
Cross Reference Psalm 15:5 in Assamese 5 যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে, আৰু ভেঁটি লৈ নিৰ্দোষীৰ ক্ষতি নকৰে। যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।
Psalm 37:24 in Assamese 24 তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব; কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে।
Psalm 62:2 in Assamese 2 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।
Psalm 62:6 in Assamese 6 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।
Psalm 112:6 in Assamese 6 কাৰণ ধার্মিক লোকত কেতিয়াও লৰচৰ নহ’ব; ধাৰ্ম্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।
Psalm 121:3 in Assamese 3 তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
Isaiah 56:2 in Assamese 2 যি মানুহে এই কৰ্ম্ম কৰে, আৰু যি সকলে তাক দৃঢ় ভাবে ধৰি ৰাখে তেওঁলোক আশির্বাদপ্রাপ্ত হ’ব। তেওঁলোকে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম বাৰ পালন কৰে, আৰু নিজৰ হাত যিকোনো কুকৰ্ম্ম নকৰাকৈ ধৰি ৰাখে।”
Micah 7:8 in Assamese 8 হে মোৰ শত্রু, মোৰ অহিতে আনন্দ নকৰিবা; মই পৰি যোৱাৰ পাছত, পুনৰ উঠিম, মই যেতিয়া অন্ধকাৰত বহোঁ, তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হয়।
Matthew 7:24 in Assamese 24 সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
Luke 6:47 in Assamese 47 যি কোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে, তেওঁ কাৰ নিচিনা হয়, সেই বিষয়ে মই তোমালোকক জনাওঁ,
Acts 20:24 in Assamese 24 কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।
Romans 8:28 in Assamese 28 আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
1 Thessalonians 1:3 in Assamese 3 আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু ধৈৰ্যেৰে যে আপোনালোকে ধৰি ৰাখিছে, সেয়েহে এইবোৰ কথা সোঁৱৰণ কৰি নিৰন্তৰে আমি প্রার্থনাত পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰি আছোঁ।
2 Thessalonians 2:13 in Assamese 13 প্ৰভুৰ প্ৰিয় ভাই সকল, আপোনালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্ত্তব্য; কিয়নো আত্মাই আপোনালোকক পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্রাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা আপোনালোকক প্রথম ফলৰূপে মনোনীত কৰিলে।
2 Timothy 2:19 in Assamese 19 তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে, “প্ৰভুৱে তেওঁৰ লোক সকলক জানে”, আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”
Hebrews 6:11 in Assamese 11 আমি বিচাৰো, আপোনালোক প্রত্যেক জনে যেন শেষ পর্যন্ত একেই ধৰণৰ আগ্রহ দেখুওৱা লোক হয়। তাতে আপোনালোকে সম্পূর্ণকৈ নিশ্চিত হ’ব যে, আপোনালোকৰ আশা পূর্ণ হ’ব।
Hebrews 6:19 in Assamese 19 আমাৰ যি আশা আছে, সেই আশা আমাৰ প্ৰাণৰ লঙ্গৰ স্বৰূপ; সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আঁৰ-কাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহা পবিত্র স্থানত আমাক প্রৱেশ কৰায়।
1 Peter 1:2 in Assamese 2 এতিয়া পিতৃ ঈশ্ৱৰৰ পূৰ্বজ্ঞান অনুসাৰে যীচু খ্ৰীষ্টৰ আজ্ঞাধীন হ’বলৈ পবিত্ৰ আত্মাৰ দ্ৱাৰাই শুচি কৰা হ’ল আৰু তেওঁৰ তেজ ছটিয়াই দিয়া হ’ল৷ আপোনালোকলৈ অনুগ্ৰহ হওক আৰু আপোনালোকৰ শান্তি বৃদ্ধি হওক৷
1 Peter 1:5 in Assamese 5 শেষৰ কালত প্ৰকাশিত হ’বলৈ যুগুত হোৱা পৰিত্ৰাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে।
2 Peter 1:5 in Assamese 5 ইয়াৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
2 Peter 3:17 in Assamese 17 এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো বিষয় আগেয়ে জানি সাৱধানে থাকক, আপোনালোক অনৈতিক কাৰ্য কৰা লোকৰ ভ্ৰান্তি পথত নাযাব। নিজ বিশ্বাসৰ স্থিৰতাৰ পৰা যেন পতিত নহয়, এই কাৰণে সাৱধানে থাকক।
1 John 3:19 in Assamese 19 ইয়াৰ দ্বাৰাই আমি জানো যে, সত্যৰ পৰা হওঁ; কাৰণ আমাৰ হৃদয়ে নিশ্চিত কৰে,
Revelation 3:10 in Assamese 10 তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম।
Revelation 22:14 in Assamese 14 যি সকল জীৱন-বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধোৱে, সেই লোক সকল ধন্য৷