2 Kings 21:14 in Assamese 14 মোৰ লোকসকলৰ বাকী অংশক মই ত্যাগ কৰিম আৰু শত্ৰুবোৰৰ হাতত তেওঁলোকক শোধাই দিম; তাতে তেওঁলোক শত্রুবোৰৰ চিকাৰ হ’ব আৰু তেওঁলোকৰ সকলো বস্তু শত্রুবোৰে লুট কৰি নিব।
Other Translations King James Version (KJV) And I will forsake the remnant of mine inheritance, and deliver them into the hand of their enemies; and they shall become a prey and a spoil to all their enemies;
American Standard Version (ASV) And I will cast off the remnant of mine inheritance, and deliver them into the hand of their enemies; and they shall become a prey and a spoil to all their enemies;
Bible in Basic English (BBE) And I will put away from me the rest of my heritage, and give them up into the hands of their haters, who will take their property and their goods for themselves;
Darby English Bible (DBY) And I will forsake the remnant of mine inheritance, and deliver them into the hand of their enemies; and they shall become a prey and a spoil to all their enemies;
Webster's Bible (WBT) And I will forsake the remnant of my inheritance, and deliver them into the hand of their enemies; and they shall become a prey and a spoil to all their enemies;
World English Bible (WEB) I will cast off the remnant of my inheritance, and deliver them into the hand of their enemies; and they shall become a prey and a spoil to all their enemies;
Young's Literal Translation (YLT) `And I have left the remnant of Mine inheritance, and given them into the hand of their enemies, and they have been for a prey and for a spoil to all their enemies,
Cross Reference Leviticus 26:17 in Assamese 17 আৰু মই তোমালোকলৈ কোন্দুৱাকৈ চাম, তাতে তোমালোক তোমালোকৰ শত্ৰুবোৰৰ আগত ঘাটিবা, তোমালোকক ঘিণাওতাবোৰে তোমালোকৰ ওপৰত শাসন কৰিব, আৰু কোনেও তোমালোকক নেখেদিলেও তোমালোক পলাই যাবা।
Leviticus 26:36 in Assamese 36 আৰু শত্ৰুৰ দেশত থকা তোমালোকৰ মাজৰ অৱশিষ্ট লোকসকলৰ মনলৈ ব্যাকুলতা পঠিয়াম; আৰু সৰি পৰা পাতৰ শব্দেয়ো তেওঁলোকক পলুৱাব; যেনেকৈ তৰোৱালৰ আগৰ পৰা পলাই তেনেকৈ পলাব; আৰু কোনেও তোমালোকক খেদি নিনিলেও তোমালোক পতিত হ’বা।
Deuteronomy 4:26 in Assamese 26 মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দন পাৰ হৈ যাব; সেই দেশত আপোনালোকৰ বৃদ্ধি নহব শীঘ্ৰেই বিনষ্ট হ’ব; আৰু সম্পুর্ণভাৱে সকলো ধ্বংস হ’ব।
Deuteronomy 28:25 in Assamese 25 যিহোৱাই আপোনালোকৰ শত্ৰুবোৰৰ আগত আপোনালোকক ঘটুৱাব; আপোনালোকে এক বাটে তেওঁলোকৰ অহিতে ওলাই যাব, কিন্তু সাত বাটেদি তেওঁলোকৰ আগৰ পৰা পলাই আহিব; পৃথিবীৰ সকলো ৰাজ্যৰ মাজত আপোনালোক সিচঁৰিত হ’ব।
Deuteronomy 28:31 in Assamese 31 অইন্য লোকে আপোনালোকৰ গৰু আপোনালোকৰ আগতেই বধ কৰিব, কিন্তু আপোনালোকে তাৰ মাংস খাবলৈ নাপাব; আপোনালোকৰ গাধ আপোনালোকৰ আগৰ পৰা বলপূর্বক ভাবে নিয়া হ’ব কিন্তু ওলোটাই দিয়া নাযাব; আপোনালোকৰ ভেড়া আৰু ছাগলী জাক শত্ৰুবোৰক দিয়া হ’ব, কিন্তু আপোনালোকৰ পক্ষত নিস্তাৰ কৰোঁতা কোনো নাথাকিব।
Deuteronomy 28:48 in Assamese 48 এই কাৰণে, যি শত্ৰুবোৰক যিহোৱাই আপোনালোকৰ বিৰুদ্ধে পঠাব, আপোনালোকে ভোক, পিয়াহ, বস্ত্র আৰু দৰিদ্রতা এই সকলো বস্তুৰ অভাৱত সেই শত্ৰুবোৰৰ বন্দী কাম কৰিব আৰু তেওঁ আপোনালোকক বিনষ্ট নকৰালৈকে আপোনালোকৰ ডিঙিত লোহাৰ যুঁৱলি থৈ দিব।
Deuteronomy 31:17 in Assamese 17 যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?
Judges 2:14 in Assamese 14 যিহোৱাৰ ক্রোধ ইস্ৰায়েলবাসীৰ বিৰুদ্ধে জ্বলি উঠাত তেওঁ তেওঁলোকক লুটকাৰীসকলৰ হাতত শোধাই দিলে; সিহঁতে তেওঁলোকক লুট কৰিলে; তেওঁলোকৰ চাৰিওকাষে থকা শত্ৰুবোৰৰ শক্তিশালী হাতত তেওঁলোকক দাসৰূপে বেচিলে; তাতে তেওঁলোকে শত্ৰুবোৰৰ বিৰুদ্ধে থিয় হৈ নিজক পুনৰ ৰক্ষা কৰিব নোৱাৰিলে।
2 Kings 19:4 in Assamese 4 আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
2 Kings 19:30 in Assamese 30 যিহূদাৰ জনগোষ্ঠীৰ যি লোকসকল তেতিয়াও জীৱিত থাকিব, তেওঁলোকে পুনৰ শিপা মেলিব আৰু ফল উৎপন্ন কৰিব।
2 Kings 24:2 in Assamese 2 যিহোৱাই যিহোৱাকীমৰ বিৰুদ্ধে কলদীয়া(বেবিলন), অৰামীয়া, মোৱাবীয়া আৰু অম্মোনীয়া লুট কৰোতা দলসমূহক পঠালে। যিহোৱাই তেওঁৰ দাস ভাৱবাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহূদা দেশক বিনষ্ট কৰিবলৈ তেওঁ তেওঁলোকক পঠালে।
2 Chronicles 15:2 in Assamese 2 তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
2 Chronicles 36:16 in Assamese 16 কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতসকলক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
Nehemiah 9:27 in Assamese 27 যি সকলে তেওঁলোকক দুখ দিছিল সেই শত্রুবোৰৰ হাতত আপুনি তেওঁলোকক শোধাই দিলে। তেওঁলোকৰ দুখৰ সময়ত তেওঁলোকে আপোনাৰ আগত কাঁতৰোক্তি কৰিলে। আপোনাৰ মহান অনুগ্রহৰ কাৰণে স্বৰ্গৰ পৰা তেওঁলোকৰ কাঁতৰোক্তি শুনি তেওঁলোকৰ শত্রুৰ হাতৰ পৰা বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
Psalm 37:28 in Assamese 28 কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টসকলৰ বংশক হলে ধ্বংস কৰা হ’ব।
Psalm 71:1 in Assamese 1 হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও অপমানিত হবলৈ নিদিবা।
Psalm 89:38 in Assamese 38 কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা; তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।
Psalm 106:40 in Assamese 40 তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।
Isaiah 10:6 in Assamese 6 মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালো। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
Jeremiah 12:7 in Assamese 7 মই মোৰ গৃহ ত্যাগ কৰিলোঁ; মোৰ আধিপত্য এৰি দিলোঁ। মই মোৰ প্ৰাণৰ প্ৰিয়াক শত্ৰূ হাতত শোধাই দিলোঁ।
Jeremiah 23:33 in Assamese 33 “আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।
Lamentations 1:5 in Assamese 5 তাইৰ শত্ৰুবোৰ, তাইৰ প্রভু হ’ল; আৰু তেওঁলোকৰ উন্নতি হ’ল। কিয়নো তাইৰ অপৰাধ অধিক হোৱা কাৰণে যিহোৱাই তাইক ক্লেশ দিলে। তাইৰ শিশুসকল শত্ৰুৰ হাতত বন্দী-অৱস্থালৈ গ’ল।
Lamentations 1:10 in Assamese 10 শত্ৰুৱে তাইৰ আটাই মনোহৰ বস্তুবোৰৰ ওপৰত হাত দিলে। যি জাতিবোৰক আপোনাৰ সমাজত সোমাবলৈ আপুনি নিষেধ কৰিছিল, তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে।
Lamentations 5:20 in Assamese 20 তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা? আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা?
Amos 5:2 in Assamese 2 “কুমাৰী-ইস্ৰায়েল পতিত হ’ল, তেওঁ পুনৰ নুঠিব; তেওঁক নিজৰ দেশৰ মাটিত পৰিত্যক্তা কৰি পেলাই থোৱা হৈছে, তেওঁক তুলিবলৈ কোনো নাই।”