2 Kings 2:24 in Assamese 24 তেতিয়া ইলীচাই পাছফালে ঘূৰি সিহঁতৰ ফালে চাই যিহোৱাৰ নামেৰে সিহঁতক শাও দিলে; তেতিয়া বননিৰ পৰা হঠাৎ দুজনী ভালুক ওলাই আহিল আৰু সিহঁতৰ মাজৰ বিয়াল্লিশটা ল’ৰাক ক্ষত-বিক্ষত কৰিলে।
Other Translations King James Version (KJV) And he turned back, and looked on them, and cursed them in the name of the LORD. And there came forth two she bears out of the wood, and tare forty and two children of them.
American Standard Version (ASV) And he looked behind him and saw them, and cursed them in the name of Jehovah. And there came forth two she-bears out of the wood, and tare forty and two lads of them.
Bible in Basic English (BBE) And turning back, he saw them, and put a curse on them in the name of the Lord. And two she-bears came out of the wood and put forty-two of the children to death.
Darby English Bible (DBY) And he turned back, and looked on them, and cursed them in the name of Jehovah. And there came forth two she-bears out of the wood, and tore forty-two children of them.
Webster's Bible (WBT) And he turned back, and looked on them, and cursed them in the name of the LORD. And there came forth two she bears out of the wood, and tore forty and two children of them.
World English Bible (WEB) He looked behind him and saw them, and cursed them in the name of Yahweh. There came forth two she-bears out of the wood, and mauled forty-two lads of them.
Young's Literal Translation (YLT) And he looketh behind him, and seeth them, and declareth them vile in the name of Jehovah, and two bears come out of the forest, and rend of them forty and two lads.
Cross Reference Genesis 9:25 in Assamese 25 তেতিয়া তেওঁ ক’লে, “কনানৰ ওপৰত অভিশাপ আহঁক; সি তাৰ ভাতৃসকলৰ দাসবোৰৰো দাস হওক।”
Exodus 20:5 in Assamese 5 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা সকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ।
Deuteronomy 28:15 in Assamese 15 কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য্য কৰিবলৈ যদি আপোনালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব, আৰু আপোনালোকত ফলিয়াব।
Judges 9:20 in Assamese 20 কিন্তু আপোনালোকে যদি ইয়াকে নকৰে, তেনেহ’লে অবীমেলকৰ পৰা যেন জুই ওলাই আহি আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলক পুৰি পেলাওক; আৰু আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলৰ মাজৰ পৰাও যেন জুই বাহিৰ হৈ অবীমেলকক পুৰি পেলাওক।”
Judges 9:57 in Assamese 57 চিখিমৰ লোকসকলে যি সকলো অন্যায় কৰিছিল, তেওঁলোকৰ নিজৰ মূৰৰ ওপৰত ঈশ্বৰে দণ্ড আনিলে; যিৰুব্বালৰ পুতেক যোথমৰ শাও তেওঁলোকৰ ওপৰত পৰিল।
2 Samuel 17:8 in Assamese 8 হূচয়ে আৰু ক’লে, “আপুনি জানে যে আপোনাৰ পিতৃ আৰু তেওঁৰ লোকসকল বীৰ যোদ্ধা আৰু তেওঁলোকৰ খং পোৱালি কাঢ়ি নিয়া হাবিৰ ভালুকৰ দৰে ৷ আপোনাৰ পিতৃ এজন যুদ্ধাৰু; তেওঁ সৈন্যসকলৰ লগত আজি ৰাতি নাথাকিব৷
1 Kings 13:24 in Assamese 24 যেতিয়া ঈশ্ৱৰৰ সেই লোক জনে প্ৰস্থান কৰিলে, তেতিয়া বাটৰ মাজত এটা সিংহই তেওঁক পাই বধ কৰিলে৷ তাতে তেওঁৰ মৃতদেহটো বাটত পৰি থাকিল৷ তাৰ কাষত গাধটো থিয় হৈ থাকিল আৰু মৃতদেহটোৰ কাষত সিংহটোও থিয় হৈ থাকিল।
1 Kings 19:17 in Assamese 17 সেই সময়ত এনে ঘটিব যে, যিজনে হজায়েলৰ তৰোৱালৰ পৰা পলাই যেহুৱে সেই জনক বধ কৰিব আৰু যি জন যেহুৰ তৰোৱালৰ পৰা পলাই সেই জনক ইলীচাই বধ কৰিব।
1 Kings 20:36 in Assamese 36 তেতিয়া তেওঁ তেওঁক ক’লে, তুমি যিহোৱাৰ বাক্য নমনাৰ কাৰণে তুমি মোৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তোমাক বধ কৰিব; পাছত তেওঁ তেওঁৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তেওঁক পাই বধ কৰিলে।
2 Kings 1:10 in Assamese 10 এলিয়াই সেনাপতিজনক ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া আকাশৰ পৰা জুই নামি আহি সেই সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
Nehemiah 13:25 in Assamese 25 তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক শাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি চিঙিলোঁ। মই তেওঁলোকক ঈশ্ৱৰৰ নামেৰে শপত দি কলোঁ, “আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রলৈ বিয়া নিদিব, আৰু আপোলোকৰ পুত্রলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।”
Proverbs 17:12 in Assamese 12 নিজৰ অজ্ঞানতাত মগ্ন হোৱা অজ্ঞানী লোকৰ লগত সাক্ষাৎ হোৱাতকৈ, পোৱালি আজুৰি নিয়া ভালুকৰ লগত সাক্ষাৎ হোৱাই ভাল।
Proverbs 28:15 in Assamese 15 গৰ্জ্জনকাৰী সিংহ আৰু আক্রমণকাৰী ভালুক যেনে, দৰিদ্র লোকৰ ওপৰত দুষ্ট শাসনকৰ্ত্তাও তেনে।
Jeremiah 28:16 in Assamese 16 এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা।
Jeremiah 29:21 in Assamese 21 ‘কোলায়াৰ পুত্ৰ যি আহাবে, আৰু মাচেয়াৰ পুত্ৰ যি চিদিকিয়াই মোৰ নামেৰে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰিলে, তেওঁলোকৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘চোৱা, মই তেওঁলোকক তোমালোকৰ চকুৰ আগতেই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত শোধাই দিম।
Lamentations 3:65 in Assamese 65 তুমি তেওঁলোকক মনৰ জঠৰতা প্ৰদান কৰা; তোমাৰ শাও তেওঁলোকৰ ওপৰত পৰক।
Hosea 13:8 in Assamese 8 পোৱালী কাঢ়ি চুৰ কৰি নিয়া ভালুকীৰ দৰে মই তেওঁলোকৰ ওপৰত আক্রমণ কৰি তেওঁলোকৰ হিয়া চিৰা-ছিৰ কৰিম; সিংহিনীৰ নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম; বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম।
Amos 7:17 in Assamese 17 সেইবাবে যিহোৱাই এই কথা কৈছে: ‘তোমাৰ ভার্যা নগৰখনৰ মাজত বেশ্যা হ’ব, তোমাৰ ল’ৰা-ছোৱালী তৰোৱালৰ দ্বাৰাই পতিত হ’ব, তোমাৰ মাটি জুখি জুখি আনৰ মাজত ভগাই দিয়া হ’ব; তুমি নিজেও এক অশুচি দেশত মৰিবা, ইস্ৰায়েলক নিজ দেশৰ পৰা দেশান্তৰিত হ’ব’।”
Mark 11:14 in Assamese 14 তেতিয়া তেওঁ মাত লগাই সেই গছক ক’লে, “এতিয়াৰ পৰা কোনেও তোৰ ফল কোনো কালে নাখাওঁক।” তেওঁৰ শিষ্য সকলে, তেওঁ কোৱা কথা শুনিলে।
Mark 11:21 in Assamese 21 তেতিয়া পিতৰৰ মনত পৰিল আৰু তেওঁ যীচুক ক’লে, “ৰব্বি, চাওক! আপুনি শাও দিয়া ডিমৰু গছজোপা শুকাই গ’ল।”
Acts 5:5 in Assamese 5 এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে, তেওঁলোকে বৰ ভয় খালে।।
Acts 5:9 in Assamese 9 তেতিয়া পিতৰে চাফীৰাক ক’লে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হ’লা? চোৱা, যিসকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব।”
Acts 8:20 in Assamese 20 কিন্তু পিতৰে চিমোনক ক’লে, “তুমি আৰু তোমাৰ ধন ধ্বংস হওক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়।
Acts 13:9 in Assamese 9 তাতে চৌল, যি জনক পৌলো বোলে, তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, তেওঁলৈ স্থিৰ দৃষ্টিৰে চালে,
2 Corinthians 10:6 in Assamese 6 আৰু আপোনালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হ’লে, সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছোঁ।