2 Kings 19:15 in Assamese 15 তাৰপাছত হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, দুই কৰূবৰ মাজত থকা হে ইস্রায়েলৰ ঈশ্বৰ, পৃথিবীৰ সমুদায় ৰাজ্যৰ ওপৰত একমাত্র ঈশ্বৰ আপুনিয়েই; আপুনিয়েই আকাশ-মণ্ডল আৰু পৃথিবীৰ সৃষ্টিকর্তা।
Other Translations King James Version (KJV) And Hezekiah prayed before the LORD, and said, O LORD God of Israel, which dwellest between the cherubim, thou art the God, even thou alone, of all the kingdoms of the earth; thou hast made heaven and earth.
American Standard Version (ASV) And Hezekiah prayed before Jehovah, and said, O Jehovah, the God of Israel, that sittest `above' the cherubim, thou art the God, even thou alone, of all the kingdoms of the earth; thou hast made heaven and earth.
Bible in Basic English (BBE) And Hezekiah made his prayer to the Lord, saying, O Lord, the God of Israel, seated between the winged ones, you only are the God of all the kingdoms of the earth; you have made heaven and earth.
Darby English Bible (DBY) And Hezekiah prayed before Jehovah and said, Jehovah, God of Israel, who sittest [between] the cherubim, thou, the Same, thou alone art the God of all the kingdoms of the earth: thou hast made the heavens and the earth.
Webster's Bible (WBT) And Hezekiah prayed before the LORD, and said, O LORD God of Israel, who dwellest between the cherubim, thou art the God, even thou alone, of all the kingdoms of the earth; thou hast made heaven and earth.
World English Bible (WEB) Hezekiah prayed before Yahweh, and said, Yahweh, the God of Israel, who sit [above] the cherubim, you are the God, even you alone, of all the kingdoms of the earth; you have made heaven and earth.
Young's Literal Translation (YLT) And Hezekiah prayeth before Jehovah, and saith, `O Jehovah, God of Israel, inhabiting the cherubs, Thou `art' God Himself -- Thyself alone -- to all the kingdoms of the earth: Thou hast made the heavens and the earth.
Cross Reference Genesis 1:1 in Assamese 1 আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।
Genesis 2:4 in Assamese 4 এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিসাহ। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই।
Genesis 32:28 in Assamese 28 পুৰুষজনে ক’লে, “তুমি ঈশ্বৰ আৰু মানুহৰ সৈতে যুদ্ধ কৰি বিজয়ী হলা; সেয়েহে তোমাক আৰু যাকোব নামেৰে মতা নহ’ব, কিন্তু ইস্ৰায়েল (ঈশ্বৰৰ লগত যুঁজ কৰোঁতা) বুলিহে মতা হ’ব।”
Genesis 33:20 in Assamese 20 সেই ঠাইত তেওঁ এটা যজ্ঞবেদি স্থাপন কৰি তাৰ নাম এল-এলোহে ইস্ৰায়েল ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ ৰাখিলে।
Exodus 25:22 in Assamese 22 মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা, ইস্ৰায়েলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম।
1 Samuel 4:4 in Assamese 4 সেয়েহে লোকসকলে চীলোলৈ মানুহ পঠিয়াই, কৰূব দুটাৰ মাজত বসতি কৰা বাহিনীসকলৰ যিহোৱাৰ নিয়ম-চন্দুক অনালে। সেই সময়ত এলীৰ দুজন পুত্ৰ হফনী আৰু পিনহচ সেই ঠাইত যিহোৱাৰ নিয়ম-চন্দুকৰ লগত আছিল।
2 Samuel 7:18 in Assamese 18 যেতিয়া দায়ূদ ৰজাই ভিতৰলৈ গৈ যিহোৱাৰ আগত বহি তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মইনো কোন, মোৰ বংশই বা কি, যে, তুমি মোক ইমান ওখ খাপলৈ আনিছা?
1 Kings 8:23 in Assamese 23 তেওঁ ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই; আৰু সকলো হৃদয়েৰে তোমাৰ আগত আচৰণ কৰোঁতা তোমাৰ দাস সকললৈ, আপুনি দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা;
1 Kings 18:39 in Assamese 39 লোক সকলে যেতিয়া এই কাৰ্য দেখিলে, তেতিয়া তেওঁলোকে মাটিলৈ মুখ কৰি পৰি ক’লে, “যিহোৱায়েই ঈশ্বৰ! যিহোৱায়েই ঈশ্বৰ!”
2 Kings 5:15 in Assamese 15 নামান আৰু তেওঁৰ সকলো সঙ্গী তেতিয়া ঈশ্বৰৰ লোকৰ ওচৰলৈ উভটি আহিল। ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “মই এতিয়া জানিলোঁ যে, ইস্রায়েলৰ বাহিৰে গোটেই পৃথিৱীতে আৰু ক’তো ঈশ্বৰ নাই। গতিকে এতিয়া অনুগ্রহ কৰি, আপোনাৰ এই দাসৰ পৰা এটি উপহাৰ গ্ৰহণ কৰক।”
1 Chronicles 4:10 in Assamese 10 যাবেচে ইস্ৰায়েলৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “আপুনি কোনোমতে মোক আশীৰ্ব্বাদ দিলে, মোৰ সীমাও বঢ়াই দিলে, আপোনাৰ হাত মোৰ সঙ্গে সঙ্গে থাকিল, আৰু মই যেন দূখ নাপাবৰ বাবে মোক বেয়াৰ পৰা মোক ৰক্ষা কৰিলে বৰ ভাল হয়।” তাতে, ঈশ্বৰে তেওঁ খোজাৰ দৰে তেওঁক দিলে।
2 Chronicles 5:7 in Assamese 7 পাছত পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুকটি গৃহৰ অন্তঃস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজ ঠাইত স্থাপন কৰিলে।
2 Chronicles 14:11 in Assamese 11 তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”
2 Chronicles 20:6 in Assamese 6 তেওঁ ক’লে, “হে আমাৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱা, আপুনি জানো স্বৰ্গৰ ঈশ্বৰ নহয় নে? আৰু আপুনিয়েই জানো জাতিসকলৰ সকলো ৰাজ্যৰ ওপৰত শাসনকৰ্ত্তা নহয়? আপোনাৰেই হাতত শক্তি আৰু পৰাক্ৰম থকাত আপোনাৰ অহিতে কোনেও থিয় হ’ব নোৱাৰে।
2 Chronicles 32:20 in Assamese 20 পাছত ৰজা হিষ্কিয়া আৰু আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে সেই বিষয়ে প্ৰাৰ্থনা কৰিলে আৰু স্বৰ্গৰ ফাললৈ মুখ কৰি কাতৰোক্তি কৰিলে।
Psalm 33:9 in Assamese 9 কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।
Psalm 80:1 in Assamese 1 হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক ভেড়াৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
Psalm 99:1 in Assamese 1 যিহোৱাই ৰজা; জাতিসমূহ কম্পিত হওঁক! তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; পৃথিৱী কঁপি উঠক!
Psalm 102:25 in Assamese 25 অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা; আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য্য।
Psalm 146:6 in Assamese 6 তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, তেওঁ অনন্তকাল বিশ্বস্ত থাকে।
Isaiah 41:17 in Assamese 17 দুখী আৰু অভাৱীসকলে পানী বিচাৰে কিন্তু তাত পানী নাই, আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়; মই যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইস্ৰায়েলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম।
Isaiah 43:10 in Assamese 10 যিহোৱাই কৈছে, “তোমালোকে যাতে জানিব পাৰা আৰু মোক বিশ্বাস কৰা, আৰু মইয়ে যে তেওঁ, ইয়াক বুজিব পাৰা, সেয়ে তোমালোকেই মোৰ সাক্ষী আৰু মোৰ মনোনীত দাস। মোৰ পূৰ্ব্বে কোনো ঈশ্বৰ নিৰ্ম্মিত হোৱা নাই, আৰু মোৰ পাছতো কোনো নহ’ব।
Isaiah 44:6 in Assamese 6 ইস্ৰায়েলৰ ৰজাক , তেওঁৰ মুক্তিকৰ্ত্তা,বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
Isaiah 44:8 in Assamese 8 তোমালোকে ভয় নকৰিবা বা ভয়াতুৰ নহবা। মই জানো পূৰ্ব্বৰে পৰা তোমালোকৰ আগত এই বিষয়ে প্রকাশ আৰু ঘোষনা কৰা নাই? তোমালোকেই মোৰ সাক্ষী: মোৰ বাহিৰে জানো আন কোনো ঈশ্বৰ আছে? আন কোনো শিলা নাই; মই আন কাকো নাজানো।”
Isaiah 45:22 in Assamese 22 পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
Jeremiah 10:10 in Assamese 10 কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
Daniel 4:34 in Assamese 34 সেই দিনবোৰৰ শেষত মই নবুখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ, আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ’ল। “মই সৰ্ব্বোপৰি জনাৰ প্রশংসা কৰিলোঁ, আৰু অনন্ত কাললৈকে থকা জনাক সন্মান আৰু গৌৰৱ কৰিলোঁ; কাৰণ তেওঁৰ ৰাজ শাসন চিৰকলীয়া ৰাজ শাসন, আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে স্থিৰ হৈ থাকে।
Daniel 9:3 in Assamese 3 তেতিয়া মই লঘোণ দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কিৰিলোঁ।
John 1:1 in Assamese 1 আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।