2 Kings 18:12 in Assamese 12 এইসকলো ঘটিছিল, কাৰণ ইস্রায়েলীসকলে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা নাছিল, বৰং যিহোৱাৰ বিধান, অৰ্থাৎ যিহোৱাৰ দাস মোচিৰ সকলো আজ্ঞা তেওঁলোকে অমান্য কৰিছিল। তেওঁলোকে তাক শুনিবলৈ বা পালন কৰিবলৈও ইচ্ছা কৰা নাছিল।
Other Translations King James Version (KJV) Because they obeyed not the voice of the LORD their God, but transgressed his covenant, and all that Moses the servant of the LORD commanded, and would not hear them, nor do them.
American Standard Version (ASV) because they obeyed not the voice of Jehovah their God, but transgressed his covenant, even all that Moses the servant of Jehovah commanded, and would not hear it, nor do it.
Bible in Basic English (BBE) Because they did not give ear to the voice of the Lord their God, but went against his agreement, even against everything ordered by Moses, the servant of the Lord, and they did not give ear to it or do it.
Darby English Bible (DBY) because they hearkened not to the voice of Jehovah their God, but transgressed his covenant, all that Moses the servant of Jehovah commanded; and they would not hear nor do it.
Webster's Bible (WBT) Because they obeyed not the voice of the LORD their God, but transgressed his covenant, and all that Moses the servant of the LORD commanded, and would not hear them, nor do them.
World English Bible (WEB) because they didn't obey the voice of Yahweh their God, but transgressed his covenant, even all that Moses the servant of Yahweh commanded, and would not hear it, nor do it.
Young's Literal Translation (YLT) because that they have not hearkened to the voice of Jehovah their God, and transgress His covenant -- all that He commanded Moses, servant of Jehovah -- yea, they have not hearkened nor done `it'.
Cross Reference Numbers 12:7 in Assamese 7 মোৰ দাস মোচি তেনে নহয়। তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী।
Deuteronomy 8:20 in Assamese 20 আপোনালোকৰ সন্মুখত যিহোৱাই যি সকলো জাতিক বিনষ্ট কৰিছে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনিলে তেনেদৰেই বিনষ্ট হ’ব।
Deuteronomy 11:28 in Assamese 28 কিন্তু যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদিয়ে, আৰু মই আজি আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তাৰ পৰা আঁতৰি আপোনালোকে নজনা আন দেৱতাৰ পাছত চলে, তেন্তে আপোনালোকে শাও পাব।
Deuteronomy 29:24 in Assamese 24 তাকে দেখি আন জাতিবোৰে ক’ব এনেকি, আটাই জাতিয়ে সুধিব, ‘যিহোৱাই কিয় এই দেশৰ এনে দশা কৰিলে? এই মহা ক্ৰোধ জ্বলি উঠাৰ কাৰণ কি?’
Deuteronomy 31:17 in Assamese 17 যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?
Deuteronomy 34:5 in Assamese 5 সেয়ে, যিহোৱাই কোৱা বাক্য অনুসাৰে যিহোৱাৰ দাস মোচিৰ সেই মোৱাব দেশত মৃত্যু হ’ল।
Joshua 1:1 in Assamese 1 যিহোৱাৰ দাস মোচিৰ মৃত্যুৰ পাছত, যিহোৱাই মোচিৰ পৰিচাৰক নুনৰ পুত্ৰ যিহোচূৱাক ক’লে,
1 Kings 9:6 in Assamese 6 কিন্তু তুমি বা তোমালোকৰ সন্তানসকলৰ কোনোৱে যদি কেনেবাকৈ মোৰ পাছত চলিবলগীয়া পথৰ পৰা ঘূৰা বা তোমালোকৰ আগত স্থাপন কৰা মোৰ আজ্ঞা আৰু বিধিবোৰ পালন নকৰি ইতৰ দেৱতাবোৰক সেৱা পুজা কৰা আৰু সিহঁতৰ আগত প্ৰণিপাত কৰা,
2 Kings 17:7 in Assamese 7 এই সকলো ঘটিছিল, কাৰণ যদিও ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক মিচৰৰ ৰজা ফৰৌণৰ অধীনৰ পৰা বাহিৰ কৰি মিচৰ দেশৰ পৰা লৈ আনিছিল, তথাপিও তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছিল। তেওঁলোকে আন দেৱ-দেৱীৰ পূজা কৰিছিল।
Nehemiah 9:17 in Assamese 17 তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, কৃপাময়, আৰু অনুগ্ৰহেৰে পৰিপুৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়েহে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।
Nehemiah 9:26 in Assamese 26 তাৰ পাছত তেওঁলোক অবাধ্য হ’ল আৰু আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে। তেওঁলোকে আপোনাৰ বিধান অৱহেলা কৰিলে। যি ভাববাদী সকলে তেওঁলোকক আপোনালৈ ঘূৰি আহিবলৈ সাৱধান কৰিছিল, তেওঁলোকক তেওঁলোকে বধ কৰিলে, আৰু নিন্দা কৰিলে।
Psalm 107:17 in Assamese 17 যি সকল নির্বোধ, তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে।
Isaiah 1:19 in Assamese 19 তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ’লে তোমালোকে দেশৰ উত্তম ফ’ল ভোগ কৰিবলৈ পাবা।
Jeremiah 3:8 in Assamese 8 আৰু মই দেখিলোঁ, যে, বিপদগামিনী ইস্ৰায়েলে ব্যভিচাৰ কৰিলে, এই কাৰণে মই পত্নীক ত্যাগ-পত্ৰ দি এৰি দিয়াৰ দৰে, অন্য দেশলৈ পঠিয়াই দিলো। মই তেওঁলোকক কি কৰিলো, বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সেই সকলো দেখিও ইস্রায়েলৰ দৰেই বেশ্যাকৰ্ম্ম কৰিলে। মই তেওঁলোকলৈ কি কৰিব পাৰো, তালৈ যিহূদাই ভয় নকৰিলে, কিন্তু স্ত্রীসকলে নিজৰ স্বামীক এৰি আন পুৰুষলৈ যোৱাৰ দৰে দেৱ-দেৱীৰ উপাসক হৈ মোৰ পৰা নিজলে বিমূখ কৰিলে।
Jeremiah 7:23 in Assamese 23 কিন্তু তেওঁলোকক এই আজ্ঞাহে দিছিলোঁ! যে, তোমালোকে মোৰ বাক্য শুনা, তেতিয়া মই তোমালোকৰ ঈশ্বৰ হ’ম, আৰু তোমালোক মোৰ প্ৰজা হ’বা; আৰু যি পথত চলিবলৈ মই তোমালোকক আজ্ঞা কৰোঁ, তোমালোকৰ ভালৰ অৰ্থে তোমালোকে সেই পথত চলা।
Daniel 9:6 in Assamese 6 আপোনাৰ দাস যি ভাববাদীসকলে আমাৰ ৰজা, মূখ্যলোক, পূৰ্ব্ব-পুৰুষ, আৰু দেশৰ সকলো লোকক আপোনাৰ নামেৰে কথা কৈছিল, আমি তেওঁলোকৰ কথা শুনা নাছিলোঁ।
Micah 3:4 in Assamese 4 তেতিয়া শাসনকৰ্ত্তাসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিব, কিন্তু তেওঁ তোমালোকক উত্তৰ নিদিব। সেই সময়ত তেওঁ তোমালোকৰ পৰা মুখ লুকুৱাব, কাৰণ তোমালোকে পাপ কৰ্ম কৰিছা।”
2 Thessalonians 1:8 in Assamese 8 যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তাৰ আজ্ঞা পালন নকৰে, সেই লোক সকলক তেওঁ জ্বলন্ত অগ্নিত প্রতিশোধ লব।
2 Timothy 2:24 in Assamese 24 প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে, কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ,
Hebrews 3:5 in Assamese 5 মোচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসযোগ্য আছিল। ভৱিষ্যতত যি যি কোৱা হ’ব, সেই সকলোৰে সম্বন্ধে মোচিয়ে সাক্ষ্য দি আছিল;
1 Peter 2:8 in Assamese 8 আৰু, ‘উজুটি খুউৱা শিল, আৰু বিঘ্নজনক শিল হ’ল’। তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল।
1 Peter 4:17 in Assamese 17 কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?