2 Kings 17:20 in Assamese 20 সেয়ে যিহোৱাই ইস্ৰায়েলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে, তেওঁ তেওঁলোকক কষ্ট দি আছিল; লুট কৰোঁতাসকলৰ হাতত তেওঁলোকক শোধাই দিছিল।
Other Translations King James Version (KJV) And the LORD rejected all the seed of Israel, and afflicted them, and delivered them into the hand of spoilers, until he had cast them out of his sight.
American Standard Version (ASV) And Jehovah rejected all the seed of Israel, and afflicted them, and delivered them into the hand of spoilers, until he had cast them out of his sight.
Bible in Basic English (BBE) So the Lord would have nothing to do with all the offspring of Israel, and sent trouble on them, and gave them up into the hands of their attackers, till he had sent them away from before his face.)
Darby English Bible (DBY) And Jehovah rejected all the seed of Israel; and afflicted them, and delivered them into the hand of spoilers, until he had cast them out of his sight.
Webster's Bible (WBT) And the LORD rejected all the seed of Israel, and afflicted them, and delivered them into the hand of spoilers, until he had cast them out of his sight.
World English Bible (WEB) Yahweh rejected all the seed of Israel, and afflicted them, and delivered them into the hand of spoilers, until he had cast them out of his sight.
Young's Literal Translation (YLT) And Jehovah kicketh against all the seed of Israel, and afflicteth them, and giveth them into the hand of spoilers, till that He hath cast them out of His presence,
Cross Reference Deuteronomy 11:12 in Assamese 12 আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই দেশৰ যত্ন লয়; বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো সময়ত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ চকু সেই দেশৰ ওপৰত থাকে।
1 Samuel 15:23 in Assamese 23 কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়েহে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
1 Samuel 15:26 in Assamese 26 চমূৱেলে চৌলক ক’লে, “মই তোমাৰ লগত ঘুৰি নাযাওঁ; কিয়নো তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, আৰু যিহোৱায়ো তোমাক ইস্ৰায়েলৰ ওপৰত হোৱা ৰজাপদৰ পৰা অগ্ৰাহ্য কৰিলে।”
1 Samuel 16:1 in Assamese 1 যিহোৱাই চমূৱেলক ক’লে, “মই চৌলক অগ্ৰাহ্য কৰি ইস্ৰায়েলৰ ওপৰত দিয়া তেওঁৰ ৰাজপদ গুচাই দিয়া দেখি তুমি নো কিমান সময় চৌলৰ কাৰণে শোক কৰি থাকিবা? তোমাৰ শিংটো তেলেৰে পুৰ কৰি লোৱা; এতিয়া মই তোমাক বৈৎলেহমীয়া যিচয়ৰ ওচৰলৈ পঠাওঁ; কিয়নো মই তেওঁৰ পুত্ৰ সকলৰ মাজৰ এজনক ৰজা হ’বৰ অৰ্থে বাচি ললোঁ।”
2 Kings 13:3 in Assamese 3 সেয়ে, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ অৰামৰ ৰজা হজায়েল আৰু তেওঁৰ পুত্ৰ বিন হদদৰ হাতত বাৰে বাৰে তেওঁলোকক শোধাই দিছিল ।
2 Kings 13:7 in Assamese 7 পঞ্চাশ জন অশ্বাৰোহী, দহখন ৰথ আৰু দহ হাজাৰ পদাতিক সৈন্যৰ বাহিৰে যিহোৱাহজৰ আন কোনো সৈন্য নাথাকিল; কাৰণ অৰামৰ ৰজাই বাকী সকলোকে বিনষ্ট কৰিলে। তেওঁলোকক মৰণা মৰা খলাৰ ধূলিৰ দৰে কৰিলে।
2 Kings 15:18 in Assamese 18 যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকে কৰিছিল। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কৰাইছিল, তেওঁৰ জীৱনকালত সেই সকলো পাপ কার্যৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
2 Kings 15:29 in Assamese 29 ইস্ৰায়েলৰ ৰজা পেকহৰ সময়ত অচূৰৰ ৰজা তিগ্লৎ-পিলেতৰে আহি ইয়োন, আবেল-বৈৎমাখা, যানোহ, কেদচ, হাচোৰ, গিলিয়দ, আৰু গালীল আৰু নপ্তালীৰ সকলো এলেকা অধিকাৰ কৰি ল’লে আৰু লোকসকলক বন্দী কৰি অচূৰলৈ লৈ গ’ল।
2 Kings 17:15 in Assamese 15 তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল।
2 Kings 17:18 in Assamese 18 এই হেতুকে ইস্ৰায়েলী লোকসকলৰ ওপৰত যিহোৱা অতিশয় ক্ৰোধিত হ’ল আৰু তেওঁলোকক নিজৰ সন্মুখৰ পৰা দূৰ কৰিলে; কেৱল যিহূদা গোষ্ঠীৰ বাহিৰে কোনো বাকী নাথাকিল।
2 Kings 18:9 in Assamese 9 যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চতুৰ্থ বছৰত, অৰ্থাৎ এলাৰ পুত্ৰ ইস্রায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ সপ্তম বছৰত, অচূৰৰ ৰজা চল্মনেচৰে চমৰিয়াৰ বিৰুদ্ধে আহি নগৰখন অৱৰোধ কৰিলে।
1 Chronicles 16:13 in Assamese 13 তেওঁৰ দাস ইস্ৰায়েলৰ বংশধৰসকল, তেওঁৰ মনোনীত সকলৰ মাজৰ এজন যাকোবৰ লোক,
2 Chronicles 28:5 in Assamese 5 এই হেতুকে তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁক অৰামৰ ৰজাৰ হাতত শোধাই দিছিল৷ তাতে অৰামীয়াসকলে তেওঁক পৰাজয় কৰিলে আৰু তেওঁৰ অনেক লোকক বন্দী কৰি দম্মেচকলৈ লৈ গ’ল। আহজক ইস্ৰায়েলৰ ৰজাৰ হাততো সমৰ্পণ কৰা হ’ল, যিজনে মহা-সংহাৰেৰে তেওঁক পৰাজয় কৰিলে৷
Nehemiah 9:2 in Assamese 2 ইস্ৰায়েলৰ-বংশধৰ সকলে বিদেশী সকলৰ পৰা নিজক পৃথক কৰিলে। তেওঁলোকে থিয় হৈ নিজৰ নিজৰ পাপ, আৰু তেওঁলোকৰ পুৰ্ব-পুৰুষ সকলৰ অপৰাধ স্বীকাৰ কৰিলে।
Nehemiah 9:27 in Assamese 27 যি সকলে তেওঁলোকক দুখ দিছিল সেই শত্রুবোৰৰ হাতত আপুনি তেওঁলোকক শোধাই দিলে। তেওঁলোকৰ দুখৰ সময়ত তেওঁলোকে আপোনাৰ আগত কাঁতৰোক্তি কৰিলে। আপোনাৰ মহান অনুগ্রহৰ কাৰণে স্বৰ্গৰ পৰা তেওঁলোকৰ কাঁতৰোক্তি শুনি তেওঁলোকৰ শত্রুৰ হাতৰ পৰা বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
Isaiah 45:25 in Assamese 25 যিহোৱাতেই ইস্ৰায়েলৰ আটাই বংশ ধাৰ্মিক বুলি গণিত হ’ব, আৰু তেওঁত গৌৰৱ কৰিব।
Jeremiah 6:30 in Assamese 30 যিহোৱাই তেওঁলোকক অগ্ৰাহ্য কৰা বাবে, মানুহে তেওঁলোকক “পেলনীয়া ৰূপ” বুলিব’!”
Jeremiah 31:36 in Assamese 36 “যদিহে এই স্থায়ী নিয়মবোৰ মোৰ আগৰ পৰা গুচে” - যিহোৱাই এই কথা কৈছে - তেন্তে ইস্ৰায়েল বংশও চিৰকালৰ কাৰণে মোৰ আগত এক জাতি হোৱাৰ পৰা স্থগিত হ’ব।”
Jeremiah 33:24 in Assamese 24 “এই জাতিয়ে যি কৈছে, সেই বিষয়ে জানো তুমি ভু পোৱা নাই যেতিয়া তেওঁলোকে কৈছে, ‘যিহোৱাই নিজৰ মনোনীত এই দুই গোষ্ঠীক অগ্ৰাহ্য কৰিছে’; তেওঁলোকে নিজৰ আগত মোৰ প্ৰজাসকলক এক জাতি বুলি আৰু গণনা নকৰি এইদৰে হেয়জ্ঞান কৰে।’
Jeremiah 46:28 in Assamese 28 যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; কিয়নো মই তোমাৰ লগত আছোঁ; কাৰণ, মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ, সেই সকলো জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ”’।”
Jonah 1:3 in Assamese 3 কিন্তু যোনাই যিহোৱাৰ সন্মুখৰ পৰা তৰ্চীচলৈ পলাই যাবৰ কাৰণে যাফোলৈ নামি গ’ল আৰু তাত তৰ্চীচলৈ যোৱা এখন জাহাজ পালে। তেওঁ যিহোৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজ খনত ভাড়া দি উঠিল আৰু তর্চীচলৈ যাত্রা কৰিলে।
Jonah 1:10 in Assamese 10 যোনাই যে যিহোৱাৰ সন্মুখৰ পৰা পলাই আহিছে, তেতিয়া লোকসকলে সেই বিষয়ে জানিব পাৰিলে; কিয়নো তেওঁ সেই কথা তেওঁলোকক জনালে। তেতিয়া লোকসকলে অধিককৈ ভয় খাই তেওঁক সুধিলে, “আপুনি এয়া কি কৰিলে?”
Matthew 25:41 in Assamese 41 তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক ক’ব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।
Romans 11:1 in Assamese 1 তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে? এনে নহওক; কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া।
2 Thessalonians 1:9 in Assamese 9 তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, বিনাশৰ অৰ্থে অনন্ত দণ্ড ভোগ কৰিব।