2 Kings 17:13 in Assamese 13 যিহোৱাই তেওঁৰ সকলো ভাৱবাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলো, সেই সকলো বিধান যত্নেৰে পালন কৰা।”
Other Translations King James Version (KJV) Yet the LORD testified against Israel, and against Judah, by all the prophets, and by all the seers, saying, Turn ye from your evil ways, and keep my commandments and my statutes, according to all the law which I commanded your fathers, and which I sent to you by my servants the prophets.
American Standard Version (ASV) Yet Jehovah testified unto Israel, and unto Judah, by every prophet, and every seer, saying, Turn ye from your evil ways, and keep my commandments and my statutes, according to all the law which I commanded your fathers, and which I sent to you by my servants the prophets.
Bible in Basic English (BBE) And he gave witness to Israel and Judah, by every prophet and seer, saying, Come back from your evil ways, and do my orders and keep my rules, and be guided by the law which I gave to your fathers and sent to you by my servants the prophets.
Darby English Bible (DBY) And Jehovah testified against Israel and against Judah, by all the prophets, all the seers, saying, Turn from your evil ways, and keep my commandments, my statutes, according to all the law which I commanded your fathers, and which I sent to you through my servants the prophets.
Webster's Bible (WBT) Yet the LORD testified against Israel, and against Judah, by all the prophets, and by all the seers, saying, Turn ye from your evil ways, and keep my commandments and my statutes, according to all the law which I commanded your fathers, and which I sent to you by my servants the prophets.
World English Bible (WEB) Yet Yahweh testified to Israel, and to Judah, by every prophet, and every seer, saying, Turn you from your evil ways, and keep my commandments and my statutes, according to all the law which I commanded your fathers, and which I sent to you by my servants the prophets.
Young's Literal Translation (YLT) And Jehovah testifieth against Israel, and against Judah, by the hand of every prophet, and every seer, saying, `Turn back from your evil ways, and keep My commands, My statutes, according to all the law that I commanded your fathers, and that I sent unto you by the hand of My servants the prophets;'
Cross Reference Deuteronomy 4:26 in Assamese 26 মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দন পাৰ হৈ যাব; সেই দেশত আপোনালোকৰ বৃদ্ধি নহব শীঘ্ৰেই বিনষ্ট হ’ব; আৰু সম্পুর্ণভাৱে সকলো ধ্বংস হ’ব।
Deuteronomy 8:19 in Assamese 19 আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈ আন দেৱতাবোৰৰ পাছত চলে আৰু সেইবোৰৰ সেৱা-পূজা কৰে, তেন্তে আজি মই আপোনালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, আপোনালোক ধ্বংস হৈ যাব।
Deuteronomy 31:21 in Assamese 21 তাৰ ফলত তেওঁলোকলৈ বহুত দুখ-কষ্ট আৰু বিপদ- আপদ ঘটিব; তেতিয়া এই গীতেই সাক্ষীস্বৰূপে তেওঁলোকৰ আগত সাক্ষ্য দিব; কাৰণ তেওঁলোকৰ বংশধৰসকলে মুখস্থ কৰা এই গীত নাপাহৰিব। কিয়নো, যি দেশ দিম বুলি মই প্রতিজ্ঞা কৰিছিলোঁ, তেওঁলোকক সেই দেশলৈ নিয়াৰ আগেয়েই তেওঁলোকে কৰা মনৰ পৰিকল্পনা মই জানো।”
Joshua 23:16 in Assamese 16 নিজ ঈশ্বৰ যিহোৱাই তোমালোকক আদেশ কৰা নিয়মটি যদি তোমালোকে লঙ্ঘন কৰা আৰু তোমালোকে যদি আন দেৱতাবোৰক পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব আৰু তেওঁ তোমালোকক দিয়া এই উত্তম দেশৰ পৰা, তোমালোক সোনকালে বিনষ্ট হ’বা।”
Judges 6:10 in Assamese 10 মই তোমালোকক কৈছিলোঁ, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা; মই তোমালোকক আজ্ঞা দিছিলো যে যিসকলৰ ভূমিত তোমালোকে বাস কৰিছা সেই ইমোৰীয়াসকলৰ দেৱ-দেৱীৰ পূজা তোমালোকে নকৰিবা’। কিন্তু তোমালোকে মোৰ কথা নুশুনিলা।”
Judges 10:11 in Assamese 11 যিহোৱাই তেওঁলোকক ক’লে, “মই জানো মিচৰীয়া, ইমোৰীয়া, অম্মোনীয়া আৰু ফিলিষ্টীনীয়াসকলৰ পৰা তোমলোকক উদ্ধাৰ কৰা নাছিলো?
1 Samuel 9:9 in Assamese 9 (আগৰ সময়ত ইস্ৰায়েলত, যেতিয়া এজন লোকে ঈশ্বৰৰ ইচ্ছা কি জানিব বিচাৰে, তেওঁ কয়, “আহাঁ, আমি ভাববাদীৰ ওচৰলৈ যাওঁ”।’ কাৰণ বৰ্তমানত যাক ভবিষ্যত বক্তা বোলা হয়, আগৰ সময়ত তেওঁক ভাববাদী বোলা হৈছিল)।
1 Samuel 12:7 in Assamese 7 তোমালোকে এতিয়া প্ৰস্তুত হোৱা; তোমালোকলৈ আৰু তোমালোকৰ পূৰ্ব্ব-পুৰুষসকললৈ যিহোৱাই যি উপযুক্ত কাৰ্য্য কৰিলে, তাৰ বিষয়ে যিহোৱাৰ সন্মুখত মই তোমালোকৰ লগত কথা পাতিম।
2 Kings 17:23 in Assamese 23 এইদৰে যিহোৱাই তেওঁৰ সকলো দাস অর্থাৎ ভাৱবাদীসকলৰ যোগেদি দিয়া সাৱধান বাণী অনুসাৰে নিজৰ সন্মুখৰ পৰা ইস্রায়েলক দূৰ কৰিলে। এইকাৰণেই ইস্রায়েলৰ লোকসকলক তেওঁলোকৰ নিজৰ দেশৰ পৰা অচূৰ দেশলৈ নিয়া হ’ল। আজিলৈকে তেওঁলোক সেই ঠাইতে আছে।
1 Chronicles 29:29 in Assamese 29 দায়ূদ ৰজাই তেওঁৰ জীৱনত কৰা সকলো কাৰ্য ভাববাদী চমূৱেল, ভাববাদী নাথন আৰু ভাববাদী গাদৰ ইতিহাস-পুস্তকসমূহত বৰ্ণনা কৰা হৈছে।
2 Chronicles 36:15 in Assamese 15 তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতসকলক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল;
Nehemiah 9:29 in Assamese 29 আপোনাৰ বিধানলৈ যাতে তেওঁলোক ঘূৰি আহে তাৰ বাবে আপুনি তেওঁলোকক সাৱধান কৰিলে। তথাপি তেওঁলোকে গৰ্ব্ব আচৰণ কৰি আপোনাৰ আজ্ঞাবোৰ নুশুনিলে। যি সকলে আপোনাৰ বিধান পালন কৰে, তেওঁলোকে জীৱন লাভ কৰে; কিন্তু তেওঁলোকে সেই বিধানৰ বিৰুদ্ধে পাপ কৰিলে। তেওঁলোকে বিধানবোৰ পালন নকৰিলে, তালৈ মনোযোগো নিদিলে, আনকি তেওঁলোকে সেইবোৰ নিশুনিলেও।
Psalm 50:7 in Assamese 7 হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।
Psalm 81:8 in Assamese 8 হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা, হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়!
Isaiah 1:5 in Assamese 5 তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল;
Isaiah 55:6 in Assamese 6 যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
Jeremiah 3:8 in Assamese 8 আৰু মই দেখিলোঁ, যে, বিপদগামিনী ইস্ৰায়েলে ব্যভিচাৰ কৰিলে, এই কাৰণে মই পত্নীক ত্যাগ-পত্ৰ দি এৰি দিয়াৰ দৰে, অন্য দেশলৈ পঠিয়াই দিলো। মই তেওঁলোকক কি কৰিলো, বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সেই সকলো দেখিও ইস্রায়েলৰ দৰেই বেশ্যাকৰ্ম্ম কৰিলে। মই তেওঁলোকলৈ কি কৰিব পাৰো, তালৈ যিহূদাই ভয় নকৰিলে, কিন্তু স্ত্রীসকলে নিজৰ স্বামীক এৰি আন পুৰুষলৈ যোৱাৰ দৰে দেৱ-দেৱীৰ উপাসক হৈ মোৰ পৰা নিজলে বিমূখ কৰিলে।
Jeremiah 5:29 in Assamese 29 যিহোৱাই এইদৰে ঘোষনা কৰিছে, যে এইবোৰ কাৰ্য্যৰ বাবে মই জানো তেওঁলোকক দণ্ড নিদিম? মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?
Jeremiah 7:3 in Assamese 3 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য শুধৰোৱা; তেতিয়া মই তোমালোকক এই ঠাইত বাস কৰোৱাম।
Jeremiah 7:22 in Assamese 22 কিয়নো যি দিনা মই তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ, সেই দিনা মই হোম-বলি কি মঙ্গলাৰ্থক বলিৰ বিষয়ে কোৱা বা আজ্ঞা দিয়া নাছিলোঁ।
Jeremiah 18:11 in Assamese 11 এই হেতুকে এতিয়া তুমি যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱাগৈ, যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ বিৰুদ্ধে মঙ্গল-চিন্তা কৰিছোঁ। আৰু তোমালোকৰ অহিতে কল্পনা কৰিছোঁ; তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা উলটা, নিজ নিজ পথ আৰু কাৰ্য্য শুধৰোৱা।”
Jeremiah 25:4 in Assamese 4 যিহোৱাই প্ৰতি প্ৰভাতে উঠি তেওঁৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছে, কিন্তু তোমালোকে শুনা নাই, আৰু শুনিবলৈ কাণো পতা নাই।
Jeremiah 26:4 in Assamese 4 তুমি তেওঁলোকক কোৱা, ‘যিহোৱাই এই কথা কৈছে, যি ভাববাদীসকলক মই প্ৰভাতে উঠি তোমালোকৰ ওচৰলৈ পঠিয়াই থাকোঁ, কিন্তু তোমালোকে যদি নুশুনা,
Jeremiah 35:15 in Assamese 15 মই মোৰ সকলো দাস, ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, “তোমালোকে এতিয়া নিজ নিজ কু-পথৰ পৰা ঘূৰি নিজ নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰা। আন আন দেৱতাবোৰক সেৱাপূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ’বা। তাৰ পৰিবৰ্ত্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই।”
Jeremiah 42:19 in Assamese 19 হে যিহূদাৰ অৱশিষ্টভাগ, তোমালোকক যিহোৱাই ক’লে; তোমালোক মিচৰত নোসোমাবা! মই আজি তোমালোকক সতৰ্ক কৰিলোঁ, ইয়াক নিশ্চয়ে জানিবা।
Ezekiel 18:31 in Assamese 31 যি যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধবোৰ তোমালোকৰ পৰা দূৰ কৰা আৰু তোমালোকৰ নিজৰ কাৰণে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা; কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?
Hosea 4:15 in Assamese 15 হে ইস্ৰায়েল, তুমি যদিও ব্যভিচাৰ কৰিছা, তথাপিও যিহূদা যেন সেই দোষত দোষী নহয়; তোমালোক গিলগললৈ নাযাবা, বৈৎ-আবনলৈকে উঠি নাযাবা; “জীৱন্ত যিহোৱাৰ শপত” বুলি শপত নাখাবা।
Hosea 14:1 in Assamese 1 হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আঁহা, তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত হ’লা ।
Zechariah 1:3 in Assamese 3 সেই কাৰণে তুমি লোকসকলক কোৱা: ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “তোমালোকে মোলৈ ঘূৰা!” এয়ে বাহিনীসকলৰ যিহোৱাৰ বাক্য; “তেতিয়া মই তোমালোকলৈ ঘূৰিম!” এই কথা বাহিনীসকলৰ যিহোৱাই কৈছে।
Acts 20:21 in Assamese 21 আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলক সাৱধান কৰি তেওঁলোকৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে।
2 Peter 3:9 in Assamese 9 প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷