2 Kings 11:12 in Assamese 12 তাৰ পাছত যিহোয়াদাই ৰাজকোঁৱৰ যোৱাচক বাহিৰলৈ উলিয়াই আনি তেওঁৰ মূৰত মুকুট পিন্ধাই হাতত ব্যৱস্থা-পুস্তকখন দিলে। তেওঁলোকে তেওঁক ৰাজপদত অভিষেক কৰিলে। তাতে সকলোৱে হাত তালি দি সমস্বৰে ক’লে, “মহাৰাজ চিৰজীৱী হওঁক।”
Other Translations King James Version (KJV) And he brought forth the king's son, and put the crown upon him, and gave him the testimony; and they made him king, and anointed him; and they clapped their hands, and said, God save the king.
American Standard Version (ASV) Then he brought out the king's son, and put the crown upon him, and `gave him' the testimony; and they made him king, and anointed him; and they clapped their hands, and said, `Long' live the king.
Bible in Basic English (BBE) Then he made the king's son come out, and put the crown on him and the arm-bands, and made him king, and put the holy oil on him; and they all, making sounds of joy with their hands, said, Long life to the king.
Darby English Bible (DBY) And he brought forth the king's son, and put the crown upon him, and [gave him] the testimony; and they made him king, and anointed him; and they clapped their hands, and said, Long live the king!
Webster's Bible (WBT) And he brought forth the king's son, and put the crown upon him, and gave him the testimony; and they made him king, and anointed him; and they clapped their hands, and said, God save the king.
World English Bible (WEB) Then he brought out the king's son, and put the crown on him, and [gave him] the testimony; and they made him king, and anointed him; and they clapped their hands, and said, [Long] live the king.
Young's Literal Translation (YLT) and he bringeth out the son of the king, and putteth on him the crown, and the testimony, and they make him king, and anoint him, and smite the hand, and say, `Let the king live.'
Cross Reference Exodus 25:16 in Assamese 16 মই তোমাক যি সাক্ষ্য ফলি দিম, সেই সাক্ষ্য ফলি নিয়ম চন্দুকৰ ভিতৰত ৰাখিবা।
Exodus 31:18 in Assamese 18 যিহোৱাই যেতিয়া চীনয় পৰ্ব্বতত মোচিৰ সৈতে কথা পাতি শেষ কৰিলে, তেতিয়া ঈশ্বৰে নিজৰ হাতেৰে লিখা সাক্ষ্য-ফলি দুখন মোচিক দিলে।
Deuteronomy 17:18 in Assamese 18 যেতিয়া তেওঁ সেই ৰাজসিংহাসনত বহিব, তেতিয়া তেওঁ নিশ্চয়কৈ লেবীয়া পুৰোহিতসকলৰ আগত থকা পুস্তকখনিৰ পৰা এখন আন এখন পুস্তক নিজৰ কাৰণে নকল কৰি লিখি থব।
1 Samuel 10:1 in Assamese 1 তাৰ পাছত চমূৱেলে তেলৰ বটল লৈ, চৌলৰ মুৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক’লে, “যিহোৱাৰ নিজ বংশৰ সূত্ৰে অধিপতি হ’বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই?
1 Samuel 10:24 in Assamese 24 তেতিয়া চমূৱেলে লোক সকলক ক’লে, “যিহোৱাই মনোনীত কৰা পুৰুষ জনক তোমালোকে দেখিছা নে? ইয়াত সকলো লোকৰ মাজত এওঁৰ দৰে আন কোনো নাই!” তাতে সকলো লোকে জয়-ধ্বনি কৰি ক’লে “ৰজা চিৰজীৱী হওঁক!”
1 Samuel 16:13 in Assamese 13 তেতিয়া চমূৱেলে তেল ভৰোৱা শিংটো ল’লে, আৰু ককায়েসকলৰ আগত তেওঁকেই অভিষেক কৰিলে; সেই দিনাৰ পৰা যিহোৱাৰ আত্মা দায়ূদত স্থিতি হ’ল। তাৰ পাছত চমূৱেল উঠি ৰামালৈ গ’ল।
2 Samuel 1:10 in Assamese 10 তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”
2 Samuel 2:4 in Assamese 4 তেতিয়া যিহূদাৰ পৰা লোকসকল আহিল আৰু দায়ূদক যিহূদা বংশৰ ওপৰত ৰজা অভিষেক কৰিলে। তেওঁলোকে দায়ূদক ক’লে, “যাবেচ-গিলিয়দৰ লোকসকলে চৌলক মৈদাম দিলে৷”
2 Samuel 2:7 in Assamese 7 এই হেতুকে এতিয়া তোমালোকৰ হাত সবল হওঁক আৰু সাহিয়াল হোৱা, কিয়নো তোমালোকৰ প্ৰভু চৌলৰ মৃত্যু হোৱাত, যিহূদা বংশই তেওঁলোকৰ ওপৰত মোকেই ৰজা অভিষেক কৰিলে।”
2 Samuel 5:3 in Assamese 3 এইদৰে ইস্ৰায়েলৰ আটাই বৃদ্ধলোক হিব্ৰোণত থকা ৰজাৰ ওচৰলৈ আহিল আৰু দায়ূদ ৰজাই হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে৷ আৰু তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা পাতি অভিষেক কৰিলে।
2 Samuel 12:30 in Assamese 30 আৰু তেওঁ তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা ৰাজমুকুটটি ল’লে; তাৰ সোণৰ পৰিমান এক কিক্কৰ আছিল আৰু তাত অনেক বহুমূল্য মণি আছিল৷ ৰাজমুকুটটি দায়ূদৰ মুৰত দিয়া হ’ল। তেওঁ সেই নগৰৰ পৰা অধিক লুটদ্ৰব্য উলিয়াই আনিলে।
2 Samuel 16:16 in Assamese 16 পাছে যেতিয়া দায়ূদৰ বন্ধু অৰ্কীয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া হূচয়ে অবচালোমক ক’লে, “মহাৰাজ চিৰজীৱী হওক, মহাৰাজ চিৰজীৱী হওক!”
1 Kings 1:34 in Assamese 34 সেই ঠাইতে ইস্রায়েলৰ ওপৰত তেওঁক ৰজা অভিষেক কৰিবলৈ চদোক পুৰোহিত আৰু ভাববাদী নাথনক কোৱা আৰু শিঙা বজাই তোমালোকে ক’বা, ‘ৰজা চলোমন চিৰজীৱী হওক!’
1 Kings 1:39 in Assamese 39 পাছত চাদোক পুৰোহিতে তেলেৰে ভৰা শিংটি তম্বুৰ পৰা লৈ আহিল আৰু চলোমনক ৰজা অভিষেক কৰিলে। তেতিয়া তেওঁলোকে শিঙা বজোৱাৰ পাছত সকলো লোকে ক’লে, “ৰজা চলোমন চিৰজীৱী হওক!”
2 Kings 9:3 in Assamese 3 তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁৰ মূৰত ঢালি দি ক’বা যে, “যিহোৱাই এই কথা কৈছে, ‘ইস্ৰায়েলৰ ৰজা হিচাবে মই তোমাক অভিষেক কৰিলো।’ তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা।”
2 Kings 11:2 in Assamese 2 কিন্তু সকলো ৰাজপুত্রক বধ কৰাৰ সময়ত ৰজা যিহোৰামৰ জীয়েক অর্থাৎ অহজিয়াৰ ভনীয়েক যিহোচেবাই অহজিয়াৰ পুত্র যোৱাচক ৰাজপুত্রসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে। যিহোচেবাই যোৱাচক অথলিয়াৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে তেওঁক ধাই মাকৰে সৈতে এটা শোৱা কোঁঠালিত ৰাখিলে। সেয়ে অথলিয়াই যোৱাচক বধ কৰিব নোৱাৰিলে।
2 Kings 11:4 in Assamese 4 সপ্তম বছৰত পুৰোহিত যিহোয়াদাই দেহৰক্ষীসকলৰ শত-সেনাপতি আৰু ৰক্ষক-সেনাসকলৰ শত-সেনাপতিসকললৈ বার্তা পঠাই যিহোৱাৰ গৃহত নিজৰ ওচৰলৈ মাতি আনিলে। তেওঁ তেওঁলোকৰ সৈতে এটি চর্ত কৰিলে। যিহোৱাৰ গৃহত তেওঁ তেওঁলোকক এক শপত খোৱাই লৈ ৰাজকোঁৱৰ যোৱাচক আনি তেওঁলোকক দেখুৱালে।
2 Chronicles 23:11 in Assamese 11 তাৰ পাছত তেওঁলোকে ৰাজকোঁৱৰক বাহিৰলৈ উলিয়াই আনি, তেওঁৰ মূৰত কিৰীটি আৰু হাতত সাক্ষ্যপুস্তক দি তেওঁক ৰজা পাতিলে আৰু যিহোয়াদা ও তেওঁৰ পুত্ৰসকলে তেওঁক অভিষেক কৰিলে৷ তেতিয়া সকলোৱে ক’লে, “ৰজা চিৰজীৱী হওঁক।”
Esther 2:17 in Assamese 17 ৰজাই আন সকলো মহিলাতকৈ ইষ্টেৰক বহুত ভাল পালে, আৰু আনসকলো কুমাৰীতকৈ তেওঁ ৰজাৰ দৃষ্টিত অধিক মৰম আৰু অনুগ্ৰহ পালে। সেয়ে ৰজাই তেওঁৰ মুৰত ৰাজ-মুকুট দি ৱষ্টীৰ পদত তেওঁক ৰাণী পাতিলে।
Esther 6:8 in Assamese 8 তেওঁৰ বাবে যি বস্ত্র ৰজাই পৰিধান কৰে সেই ৰাজকীয় বস্ত্র দিয়া যাওক, আৰু ৰাজকীয় মুকুটৰ সৈতে যি ঘোঁৰাত ৰজা উঠে, সেই ঘোঁৰা দিয়া যাওক।
Psalm 21:3 in Assamese 3 তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা, তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা।
Psalm 47:1 in Assamese 1 হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া; আণ্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।
Psalm 72:15 in Assamese 15 ৰজাসকল জীয়াই থাকিব! আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; লোকসকলে নিতৌ তেওঁৰ প্ৰাৰ্থনা কৰিব, ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীর্বাদ কৰিব।
Psalm 78:5 in Assamese 5 কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে; তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।
Psalm 89:39 in Assamese 39 তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা; তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।
Psalm 98:8 in Assamese 8 নদীবোৰে হাত-তালি দিয়ক; পর্বতবোৰে একেলগে আনন্দ গান কৰক,
Psalm 132:18 in Assamese 18 মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম, কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব।”
Isaiah 8:16 in Assamese 16 মোৰ সাক্ষ্যৰ কথা বান্ধি ৰাখা, কাৰ্যালয়ৰ নথি পত্রত মোহৰ মাৰি ৰাখা, আৰু ইয়াক মোৰ শিষ্যসকলক দিয়া।
Isaiah 8:20 in Assamese 20 সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত! যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ’লে ইয়াৰ কাৰণে তেওঁলোকলৈ পুৱাৰ পোহৰ নহ’ব।
Isaiah 55:12 in Assamese 12 সেয়ে তোমালোক আনন্দেৰে বাহিৰ ওলাই যাবা, আৰু তোমালোকক শান্তিৰে নিয়া হব; পৰ্ব্বত আৰু পাহাৰবোৰে তোমালোকৰ আগত উচ্ছ-স্বৰে আনন্দ কৰিব, আৰু পথাৰত থকা গছবোৰে হাত তালি দিব ।
Lamentations 4:20 in Assamese 20 আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাঁতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”
Daniel 3:9 in Assamese 9 তেওঁলোকে ৰজা নবুখদনেচৰক ক’লে, “মহাৰাজ চিৰজীৱী হওক!
Daniel 6:21 in Assamese 21 তেতিয়া দানিয়েলে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱী হওক!
Matthew 21:9 in Assamese 9 আৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই ক’লে, “হোচানা! হোচানা! দায়ুদৰ বংশৰ সন্তান৷ যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওক!”
Matthew 27:29 in Assamese 29 কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মুৰত দিলে আৰু সোঁ হাতত এডাল নিৰ্দেশক দণ্ড দি তেওঁৰ আগত আঁঠু ল’লে আৰু তেওঁক বিদ্ৰূপ কৰি ক’লে, “হে, ইহুদী সকলৰ ৰজা, জয় হওক!”
Acts 4:27 in Assamese 27 হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী লোক সকলৰ সৈতে একেলগ হৈছিল।
2 Corinthians 1:21 in Assamese 21 এতিয়া এই জন ঈশ্বৰে, আপোনালোকৰ সৈতে আমাকো খ্ৰীষ্টত স্থিৰ কৰিছে আৰু আমাক অভিষিক্ত কৰিলে৷
Hebrews 1:9 in Assamese 9 তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেল সানি অভিষিক্ত কৰিলে।”
Hebrews 2:9 in Assamese 9 তথাপি আমি যীচুক দেখিছোঁ, যি জনক স্বর্গৰ দূত সকলতকৈ অলপহে সৰু কৰা হ’ল; তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ’ল। সেয়েহে, ঈশ্বৰৰ অনুগ্রহত প্রত্যেক মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল’লে।
Revelation 19:12 in Assamese 12 তেওঁৰ চকু অগ্নিশিখা আৰু তেওঁৰ মুৰত অনেক কিৰীটি আছে৷ তেওঁৰ এটা নাম লিখা আছে, কিন্তু সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে।