2 Corinthians 6:14 in Assamese 14 অবিশ্বাসী সকলৰ সৈতে আপোনালোক অসমানভাবে সংযুক্ত নহব; কিয়নো ধাৰ্মিকতা আৰু অধাৰ্মিকতাৰ মাজত পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সহভাগিতা?
Other Translations King James Version (KJV) Be ye not unequally yoked together with unbelievers: for what fellowship hath righteousness with unrighteousness? and what communion hath light with darkness?
American Standard Version (ASV) Be not unequally yoked with unbelievers: for what fellowship have righteousness and iniquity? or what communion hath light with darkness?
Bible in Basic English (BBE) Do not keep company with those who have not faith: for what is there in common between righteousness and evil, or between light and dark?
Darby English Bible (DBY) Be not diversely yoked with unbelievers; for what participation [is there] between righteousness and lawlessness? or what fellowship of light with darkness?
World English Bible (WEB) Don't be unequally yoked with unbelievers, for what fellowship have righteousness and iniquity? Or what communion has light with darkness?
Young's Literal Translation (YLT) Become not yoked with others -- unbelievers, for what partaking `is there' to righteousness and lawlessness?
Cross Reference Exodus 34:16 in Assamese 16 সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব।
Leviticus 19:19 in Assamese 19 তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা। তোমাৰ পশুৰে সৈতে, তুমি বেলেগ বেলেগ প্ৰজাতিৰ পশুৰ জাকক ফুৰিবলৈ চেষ্টা কৰিব নিদিবা। তোমাৰ পথাৰত একেডোখৰ মাটিত দুবিধ শস্যৰ গুটি নিসিঁচিবা; আৰু দুই প্ৰকাৰ সুতা মিহলি কৰি বোৱা বস্ত্ৰ নিপিন্ধিবা।
Deuteronomy 7:2 in Assamese 2 তেওঁ যেতিয়া যুদ্ধত তেওঁলোকক আপোনালোকৰ হাতত আনি দিব আৰু আপোনালোকক বিজয়ী কৰিব, তেতিয়া আপোনালোকে তেওঁলোকক সমূলে ধ্বংস কৰি পেলাব। তেওঁলোকৰ সৈতে কোনো সন্ধি নকৰিব আৰু তেওঁলোকক দয়া নেদেখুৱাব;
Deuteronomy 22:9 in Assamese 9 দ্ৰাক্ষাবাৰীত আপোনালোকে দুই জাতৰ বীজ নলগাব; তেনে কৰিলে আপোনালোকে সিচাঁ বীজৰ শস্য আৰু দ্ৰাক্ষাবাৰীৰ ফল উভয়ে অপবিত্ৰ হ’ব।
1 Samuel 5:2 in Assamese 2 তাৰ পাছত ফিলিষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম- চন্দুক দাগোনৰ মন্দিৰলৈ নিলে আৰু দাগোনৰ কাষত ৰাখিলে।
1 Kings 18:21 in Assamese 21 এলিয়াই লোক সকলৰ ওচৰলৈ আহি ক’লে, “তোমোলোকে কিমান কাললৈকে তোমলোকৰ মন সলনি কৰি থকিবা? যিহোৱা যদি ঈশ্বৰ হয়, তেন্তে তেওঁৰ পাছত চলা; কিন্তু বাল যদি ঈশ্বৰ হয়, তেন্তে তাৰে পাছত চলা।” কিন্তু লোকসকলে তেওঁক কোনো উত্তৰ নিদিলে।
2 Chronicles 19:2 in Assamese 2 তেতিয়া হনানীৰ পুত্ৰ যেহূ দৰ্শকে তেওঁৰ লগত সাক্ষাত কৰিবলৈ গ’ল আৰু ৰজা যিহোচাফটক ক’লে, “দুৰ্জনক সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতাসকলক প্ৰেম কৰা জানো তোমাৰ উচিত? এই কাৰণে তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে।
Ezra 9:1 in Assamese 1 সেই সকলো কাৰ্য্য যেতিয়া সমাপ্ত হ’ল, তেতিয়া কৰ্ম্মচাৰীসকলে মোৰ ওচৰলৈ আহি ক’লে, “ইস্ৰায়েল লোকসকলে, পুৰোহিতসকলে, আৰু লেবীয়াসকলে আন দেশীয় ঘিণলগীয়া কাৰ্য ত্যাগ কৰা নাই; যেনে কনানীয়া, পৰিজ্জিয়া, যিবুচীয়া, অম্মোনীয়া, মোৱাবীয়া, মিচৰীয়া, আৰু ইমোৰীয়া লোকসকলৰ অতিশয় ঘিণলগা কাৰ্য্যৰ পৰা নিজকে পৃথকে ৰখা নাই।
Ezra 9:11 in Assamese 11 আপুনি আপোনাৰ ভাববাদী দাস সকলক আজ্ঞা দি যেতিয়া কৈছিল যে, এই যি দেশ তোমালোকে আধিকাৰ কৰিবলৈ প্রবেশ কৰিছা, সেইয়া অশুচি দেশ। তেওঁলোকৰ অশুচি আৰু ঘিণলগা কাৰ্য্যৰ দ্ৱাৰাই লোকসকলে ইমুৰৰ পৰা সিমুৰলৈকে সমগ্র দেশ দূষিত কৰি তুলিছে।
Ezra 10:19 in Assamese 19 সেই কাৰণে তেওঁলোকে নিজৰ ভাৰ্যাক পঠিয়াবলৈ প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোক দোষৰ বাবে জাকৰ পৰা এটা মতা ভেড়া বলিদান কৰিলে।
Nehemiah 13:1 in Assamese 1 সেই দিনা, লোকসকলে শুনিব পৰাকৈ মোচিৰ বিধান-পুস্তক পাঠ কৰা হৈছিল। বিধান-পুস্তকত লিখা অনুসাৰে গ’ম পোৱা গ’ল যে, “অম্মোনীয়া বা মোৱাবীয়া লোকসকল কেতিয়াও ঈশ্বৰৰ মহাসভালৈ আহিব নোৱাৰিব।”
Nehemiah 13:23 in Assamese 23 সেই দিনবোৰত মই দেখিবলৈ পালোঁ যে, যিহুদী লোকসকলে, অচদোদীয়া, অম্মোনীয়া, আৰু মোৱাবীয়া মহিলাক বিয়া কৰিছিল।
Psalm 16:3 in Assamese 3 পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
Psalm 26:4 in Assamese 4 প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই। অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।
Psalm 26:9 in Assamese 9 পাপীসকলৰ লগত মোৰ প্ৰাণ লৈ নাযাবা; ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।
Psalm 44:20 in Assamese 20 আমাৰ ঈশ্বৰক যদি আমি পাহৰিলো, নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,
Psalm 101:3 in Assamese 3 মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।
Psalm 106:35 in Assamese 35 বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্রিত কৰিলে, আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ শিকিলে।
Psalm 119:63 in Assamese 63 যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী।
Psalm 139:21 in Assamese 21 হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, মই জানো তেওঁলোকক ঘিণ নকৰোঁ? যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ?
Proverbs 8:18 in Assamese 18 ঐশ্চৰ্য্য আৰু মান মৰ্যদা মোৰ লগতে আছে, এনে কি অক্ষয় সম্পত্তি আৰু ধাৰ্ম্মিকতা আছে।
Proverbs 22:24 in Assamese 24 যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;
Proverbs 29:27 in Assamese 27 অন্যায়কাৰী মানুহ ন্যায় কৰা লোকসকলৰ বাবে ঘৃণনীয়; কিন্তু ন্যায়পৰায়ণ লোকৰ পথ দুষ্ট লোকৰ বাবে ঘৃণনীয়।
Malachi 2:11 in Assamese 11 যিহূদাই বিশ্বাসঘাতকতা কৰিলে; ইস্ৰায়েল আৰু যিৰূচালেমত ঘিণলগীয়া কাৰ্য্য কৰা হৈছে; কিয়নো যিহূদাই যিহোৱাৰ সেই পবিত্রস্থান, যাক তেওঁ প্রেম কৰে, তাক অপবিত্ৰ কৰিছে; যিহূদাৰ লোকে এজন বিদেশী দেৱতাৰ কন্যাক বিয়া কৰিছে।
Malachi 2:15 in Assamese 15 যিহোৱাই জানো স্বামী আৰু ভার্যাক নিজৰ আত্মাৰ এক অংশৰে এক কৰা নাই? শৰীৰ আৰু আত্মাত তেওঁলোক তেওঁৰেই। তেওঁ তেওঁলোকক কিয় এক কৰিলে? কাৰণ তেওঁ তেওঁলোকৰ দ্বাৰাই ঈশ্বৰভক্ত বংশ পাবলৈ আশা কৰি আছিল; গতিকে তোমালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হোৱা; যৌৱনকালৰ ভাৰ্য্যাৰ সৈতে কোনেও বিশ্বাস-ঘাতকতা নকৰিব।
John 7:7 in Assamese 7 জগতে তোমালোকক ঘৃণা কৰিব নোৱাৰে; মোকহে ঘৃণা কৰে; কিয়নো মই জগতৰ বিষয়ে এই সাক্ষ্য দিওঁ যে, জগতৰ সকলো কাম মন্দ।
John 15:18 in Assamese 18 জগতে যদি তোমালোকক ঘৃণা কৰে, তেনেহলে জানিব লাগে যে তোমালোকক ঘৃণা কৰাৰ পূর্বে মোকেই ঘৃণা কৰিলে।
Acts 4:23 in Assamese 23 পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গী সকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, পৰিচাৰক সকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে।
Romans 13:12 in Assamese 12 ৰাতিৰ অধিক ভাগ গ’ল, দিন ওচৰ চাপিল; এই কাৰণে আহক, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোহঁক।
1 Corinthians 5:9 in Assamese 9 মই মোৰ পত্রত লিখিছিলোঁ যে, আপোনালোকে যেন ব্যভিচাৰী মানুহৰে সৈতে আলাপ-ব্যৱহাৰ নকৰে।
1 Corinthians 7:39 in Assamese 39 স্বামী যিমান দিন জীয়াই থাকে, সিমান দিনলৈকে ভাৰ্যা তেখেতৰ বন্ধনত আবদ্ধ থাকে। কিন্তু স্বামীৰ মৃত্যু হ’লে তেখেত মুক্ত; তেতিয়া যাকে ইচ্ছা কৰে, সেই জনলৈকে বিয়া হ’ব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়।
1 Corinthians 10:21 in Assamese 21 আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে।
1 Corinthians 15:33 in Assamese 33 আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সৎ আচৰণক নষ্ট কৰে।
Ephesians 4:17 in Assamese 17 এতেকে প্ৰভুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ।
Ephesians 5:6 in Assamese 6 অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।
Philippians 2:15 in Assamese 15 যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হ’বৰ কাৰণে, আপোনালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেখেত সকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক৷
1 Thessalonians 5:4 in Assamese 4 কিন্তু হে ভাই সকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই;
James 4:4 in Assamese 4 হে ব্যভিচাৰী সকল, জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।
1 Peter 2:9 in Assamese 9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে; এইদৰে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, যাতে আপোনালোকে তেওঁৰ আচৰিত কৰ্মবোৰ প্ৰকাশ কৰে৷ এই কাৰণে,
1 Peter 4:2 in Assamese 2 এনে ব্যক্তিয়ে মাংসিক অভিলাষত জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷
1 John 1:5 in Assamese 5 আমি যি বাৰ্তা তেওঁৰ পৰা শুনি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, সেই বার্তাই হ’ল, ঈশ্বৰ পোহৰ আৰু তেওঁত আন্ধাৰ অকণ মানো নাই।
1 John 3:12 in Assamese 12 আপোনালোক কয়িনৰ নিচিনা নহব। কয়িন চয়তানৰ লোক আছিল আৰু তেওঁ পাপ আত্মাৰ পৰা হ’ল আৰু নিজ ভায়েকক বধ কৰিলে, পাছে তেওঁ কি কাৰণে তেওঁক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল।