2 Corinthians 4:6 in Assamese 6 যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ মহিমা প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যিজনা ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেইজনা ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
Other Translations King James Version (KJV) For God, who commanded the light to shine out of darkness, hath shined in our hearts, to give the light of the knowledge of the glory of God in the face of Jesus Christ.
American Standard Version (ASV) Seeing it is God, that said, Light shall shine out of darkness, who shined in our hearts, to give the light of the knowledge of the glory of God in the face of Jesus Christ.
Bible in Basic English (BBE) Seeing that it is God who said, Let light be shining out of the dark, who has put in our hearts the light of the knowledge of the glory of God in the face of Jesus Christ.
Darby English Bible (DBY) Because [it is] the God who spoke that out of darkness light should shine who has shone in our hearts for the shining forth of the knowledge of the glory of God in [the] face of [Jesus] Christ.
World English Bible (WEB) seeing it is God who said, "Light will shine out of darkness," who has shone in our hearts, to give the light of the knowledge of the glory of God in the face of Jesus Christ.
Young's Literal Translation (YLT) because `it is' God who said, Out of darkness light `is' to shine, who did shine in our hearts, for the enlightening of the knowledge of the glory of God in the face of Jesus Christ.
Cross Reference Genesis 1:3 in Assamese 3 ঈশ্বৰে ক’লে, “পোহৰ হওক,” তাতে পোহৰ হ’ল।
Genesis 1:14 in Assamese 14 তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক।
Exodus 33:18 in Assamese 18 তেতিয়া মোচিয়ে ক’লে, “বিনয় কৰিছোঁ মোক আপোনাৰ প্ৰতাপ দেখাওক।”
Exodus 34:5 in Assamese 5 যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
Psalm 63:2 in Assamese 2 এই দৰে, মই তোমাৰ আশ্রয়স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰস্থানত তোমাক চাইছিলো।
Psalm 74:16 in Assamese 16 দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই; তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।
Psalm 90:16 in Assamese 16 তোমাৰ দাসসকলৰ আগত তোমাৰ কৰ্ম্ম, আৰু তেওঁলোকৰ সন্তানসকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।
Psalm 136:7 in Assamese 7 যি জনাই মহা জ্যোতিবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Isaiah 6:1 in Assamese 1 উজ্জিয়া ৰজা মৃত্যু হোৱা বছৰত, মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলোঁ; তেওঁৰ ৰাজবস্ত্ৰ চোলাৰ পাতলিয়ে গোটেই মন্দিৰ জুৰি লৈছিল।
Isaiah 35:2 in Assamese 2 প্রচুৰ পৰিমানে ফুলিব, আনন্দ আৰু গানেৰে সৈতে উল্লাসিত হ’ব; লিবানোনৰ গৌৰৱ, কৰ্মিল আৰু চাৰোণৰ মহিমা তাক দিয়া হ’ব; তেওঁলোকে যিহোৱাৰ গৌৰৱ, আৰু আমাৰ ঈশ্বৰৰ জ্যোতি দেখিবলৈ পাব।
Isaiah 40:5 in Assamese 5 আৰু যিহোৱাৰ মহিমা প্ৰকাশ কৰা হ’ব, আৰু সকলো মৰ্ত্ত্যই একে সময়তে তাক দেখিব; কাৰণ যিহোৱাই নিজৰ মুখেৰে ইয়াকে ক’লে।
Isaiah 45:7 in Assamese 7 মই পোহৰ সৃষ্টি কৰোঁ, আৰু অন্ধকাৰ সৃজন কৰোঁ, মই শান্তি স্থাপন কৰোঁ, আৰু দুর্যোগ সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহোৱা।
Isaiah 60:2 in Assamese 2 কাৰণ চোৱা, আন্ধাৰে পৃথিৱী ঢাকিব, আৰু ঘোৰ অন্ধকাৰে লোকসমূহক ঢাকিব; কিন্তু যিহোৱা তোমাৰ ওপৰত উদয় হ’ব, আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হ’ব।
Luke 10:22 in Assamese 22 মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছে আৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।”
John 1:14 in Assamese 14 সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
John 11:40 in Assamese 40 যীচুৱে তেওঁক ক’লে, “মই জানো তোমাক কোৱা নাছিলো, যদি বিশ্বাস কৰা, তেনেহলে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা?”
John 12:41 in Assamese 41 যিচয়াই এই বিষয়ে ক’লে, কাৰণ তেওঁৰ গৌৰৱ তেওঁ দেখিছিল আৰু সেয়েহে তেওঁ কৈছিল।
John 14:9 in Assamese 9 যীচুৱে ক’লে, “হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাতো তুমি মোক চিনি পোৱা নাই নে? যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে; ইয়াৰ পাছতো পিতৃক দেখুৱাওঁক বুলি কেনেকৈ ক’ব পাৰিলা?
Acts 7:55 in Assamese 55 কিন্তু তেওঁ পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ, স্বর্গৰ ফাললৈ একেথৰে চাই ঈশ্বৰৰ মহিমা দেখিলে; তেওঁ যীচুক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিলে।
2 Corinthians 3:18 in Assamese 18 আৰু আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ মহিমা (গৌৰৱ) চাওতে চাওতে, সেই মহিমাৰ পৰা মহিমা পাই, আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ, সেই একে প্ৰতিমূৰ্তিৰ হ’ব লাগিছোঁ।
2 Corinthians 4:4 in Assamese 4 ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ মহিমা প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ জগতৰ অধিকাৰীয়ে সেই অবিশ্বাসী লোক সকলৰ মন (জ্ঞান-চকু) অন্ধ কৰিলে।
Ephesians 1:17 in Assamese 17 মই এই প্রার্থনা কৰোঁ যে, আপোনালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক।
Ephesians 5:8 in Assamese 8 কিয়নো পূর্বতে আপোনালোক যদিও আন্ধাৰত আছিল কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছে। সেয়ে পোহৰৰ সন্তান সকলৰ দৰে জীৱন-যাপন কৰক।
Philippians 2:6 in Assamese 6 যি জন অস্তিত্বত ঈশ্বৰৰ প্ৰতিৰূপ আছিল৷ তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷
Colossians 1:15 in Assamese 15 সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি৷ তেওঁ গোটেই সৃষ্টিৰ প্ৰথমজাত;
Hebrews 1:3 in Assamese 3 সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত মহিমাময় ঈশ্বৰৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
1 Peter 1:12 in Assamese 12 এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷
1 Peter 2:9 in Assamese 9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে; এইদৰে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, যাতে আপোনালোকে তেওঁৰ আচৰিত কৰ্মবোৰ প্ৰকাশ কৰে৷ এই কাৰণে,
2 Peter 1:19 in Assamese 19 ভাববাদী সকলৰ এই বাক্য আমাৰ ওচৰত অধিকৰূপে নিশ্চিত হৈছে আৰু সেই বিষয়ত মনোযোগ দিয়া আপোনালোকৰ পক্ষে ভাল। সেই বাক্য এক অন্ধকাৰ ঠাইত জ্বলি থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু আপোনালোকৰ হৃদয়ত প্রভাতী তৰাৰ উদয় নহয়, তেতিয়ালৈকে অন্ধকাৰৰ মাজতো সেয়ে পোহৰ দিব।