Cross Reference Psalm 17:3 in Assamese 3 যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা; ৰাতি মোৰ কাষলৈ আহাঁ; যদি মোক খপি পুৰি পৰীক্ষাও কৰা, তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা; মোৰ মুখে অপৰাধ নকৰে।
Psalm 26:2 in Assamese 2 হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা; মোৰ হৃদয় আৰু মনক খপি চোৱা।
Psalm 119:59 in Assamese 59 মই মোৰ পথবোৰৰ বিষয়ে চিন্তা কৰিলো, আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ।
Psalm 139:23 in Assamese 23 হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;
Jeremiah 6:30 in Assamese 30 যিহোৱাই তেওঁলোকক অগ্ৰাহ্য কৰা বাবে, মানুহে তেওঁলোকক “পেলনীয়া ৰূপ” বুলিব’!”
Lamentations 3:40 in Assamese 40 আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোহঁক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক।
Ezekiel 18:28 in Assamese 28 তেওঁ বিবেচনা কৰি তেওঁ কৰা আটাই দুষ্কৰ্ম্মৰ পৰা ঘূৰি অহাত, তেওঁ জীয়াই থাকিব; তেওঁৰ মৃত্যু নহ’ব!
Haggai 1:5 in Assamese 5 সেয়ে এতিয়া বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকৰ পথ বিবেচনা কৰা!
Haggai 1:7 in Assamese 7 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তোমালোকৰ পথ বিবেচনা কৰা!
John 6:6 in Assamese 6 ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এই কথা ক’লে, কাৰণ যীচুৱে কি কৰিব লাগিব, সেই বিষয়ে তেওঁ নিজে জানিছিল।
John 6:56 in Assamese 56 যি জনে মই দান কৰা, মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে, সেই জন মোত থাকে, ময়ো তেওঁত থাকোঁ।
John 14:23 in Assamese 23 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।
John 15:4 in Assamese 4 তোমালোক মোত সংযুক্ত হৈ থাকা, ময়ো তোমালোকৰ সৈতে সংযুক্ত হৈ থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে, ডালত যেনেকৈ গুটি ধৰিব নোৱাৰে, তেনেকৈ মোৰ লগত নাথাকিলে, তোমালোকে ফলবন্ত হ’ব নোৱাৰিবা।
John 17:23 in Assamese 23 মই তেওঁলোকত আৰু তুমি মোৰ লগত থাকিবা, এইদৰে তেওঁলোক যেন সম্পূৰ্ণকৈ এক হয়, জগতে যাতে জানে তুমি মোক পঠিয়াইছা, আৰু তুমি যেনেকৈ মোক প্ৰেম কৰিলা, তেনেকৈ তেওঁলোককো প্ৰেম কৰা৷
John 17:26 in Assamese 26 তুমি কোন হয়, সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ পাছতো মই ইয়াকে কৰি থাকিম, তেতিয়া তুমি মোক যেনে প্ৰেম কৰা, তেওঁলোকেও একেদৰে আন লোকক প্ৰেম কৰিব আৰু মই তেওঁলোকৰ লগত থাকিম।”
Romans 1:28 in Assamese 28 তেওঁলোকে ঈশ্ৱৰৰ অৱগত হ’বলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
Romans 8:10 in Assamese 10 যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে, তেনেহলে পাপৰ কাৰণে এই শৰীৰ মৰা; কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন।
1 Corinthians 3:16 in Assamese 16 আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে?
1 Corinthians 6:2 in Assamese 2 আপোনালোকে জানো নাজানে, যে ঈশ্বৰৰ পবিত্ৰ লোক সকলেই জগতৰ সোধ-বিচাৰ কৰিব? যেতিয়া আপোনালোকেই জগতৰ বিচাৰ কৰিব, তেনেহলে এতিয়া আপোনালোকে জানো অতি সামান্য বিষয়বোৰ বিচাৰ কৰিব নোৱাৰে?
1 Corinthians 6:15 in Assamese 15 আপোনালোকৰ শৰীৰ যে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ, ইয়াক আপোনালোকে নাজানে নে? তেনেহলে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গবোৰ লৈ, বেশ্যাৰ দেহৰ সৈতে যুক্ত কৰিব নে? এনে নহওক।
1 Corinthians 6:19 in Assamese 19 আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।
1 Corinthians 9:24 in Assamese 24 আপোনালোকে নাজানা নে, দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে: কিন্তু এজনেহে বঁটা পায়? সেয়ে এনেকৈ দৌৰক, যাতে পুৰস্কাৰ পাব পাৰে৷
1 Corinthians 9:27 in Assamese 27 কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো আঘাত কৰি নিয়ন্ত্রণত ৰাখিছোঁ।
1 Corinthians 11:28 in Assamese 28 কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰাৰ পাছত সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক।
1 Corinthians 11:31 in Assamese 31 কিন্তু আমি নিজৰ বিচাৰ নিজে সত্যৰূপত কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন।
2 Corinthians 6:16 in Assamese 16 আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি ঐক্য? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, বোলে, “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম; মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ লোক হ’ব।”
2 Corinthians 13:6 in Assamese 6 আৰু মই সুনিশ্চিত যে, আপোনালোকে আমাক অপ্ৰমাণিক লোক বুলি গণিত নকৰিব৷
Galatians 2:20 in Assamese 20 মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
Galatians 4:19 in Assamese 19 হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছোঁ৷
Galatians 6:4 in Assamese 4 প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
Ephesians 2:20 in Assamese 20 এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।
Ephesians 3:17 in Assamese 17 বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ হৃদয়বোৰত খ্ৰীষ্ট নিবাস কৰক, যাতে আপোনালোক তেওঁৰ প্রেমৰ ভিত্তিমূলত শিপা ধৰি সুদৃঢ় হয়।
Colossians 1:23 in Assamese 23 আপোনালোকে যি শুভবাৰ্তা শুনিছে, তাতে যদি বিশ্বাস কৰি স্থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে, সেই আশাৰ মূলৰ পৰা যদি আতৰি নাযায়, তেনেহলে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে; মই পৌল, এই শুভবাৰ্তাৰ এজন দাস৷
Colossians 1:27 in Assamese 27 ঈশ্বৰে তেওঁৰ মূল্যবান মহিমাময় নিগূঢ় তত্ব অনা-ইহুদী সকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে, সেই নিগূঢ় তত্ব সকলো লোকৰ কাৰণে; আৰু সেই নিগূঢ় তত্ব হ’ল স্বয়ং খ্ৰীষ্ট, যি জন আপোনালোকৰ মাজত আছে৷ তেৱেঁই আমাৰ গৌৰৱৰ আশা৷
Colossians 2:7 in Assamese 7 তেওঁতেই দৃঢ় ৰূপে শিপা ধৰি, তেওঁত গঁথা হৈ, যেনেকৈ শিক্ষা পাইছিল, তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকক, আৰু ধন্যবাদত উপচি পৰক।
Colossians 2:19 in Assamese 19 কিন্তু সংস্পৰ্শ আৰু বন্ধনবোৰৰ দ্বাৰাই প্ৰতিপালিত আৰু দৃঢ়ৰূপে সংযুক্ত হোৱা গোটেই শৰীৰ যি জনৰ পৰা ঐশ্বৰিক ৰূপত বৃদ্ধি পাই বাঢ়ি আছে, সেই মূৰ স্বৰূপ খ্ৰীষ্টক অৱলম্বন নকৰে৷
1 Timothy 2:15 in Assamese 15 তথাপি যদি সুবোধেৰে সৈতে বিশ্ৱাস, প্ৰেম আৰু পবিত্ৰতাত থাকি তেওঁলোকে জীৱন-যাপন কৰে, তেনেহলে মহিলাই সন্তান প্ৰসৱৰ দ্বাৰাই ৰক্ষা পাব৷
2 Timothy 3:8 in Assamese 8 যেনেকৈ যান্নি আৰু যামব্ৰিয়ে মোচিৰ বিৰোধীতা কৰিছিল, তেনেকৈ এই মিছা শিক্ষক সকলেও সত্যতাৰ প্ৰতিৰোধ কৰিছিল৷ তেখেত সকল মন ভ্ৰষ্ট আৰু বিশ্বাসৰ সম্বন্ধে অপ্ৰমাণিক৷।
Titus 1:13 in Assamese 13 এই সাক্ষ্য সঁচা। তেওঁলোক যেন বিশ্বাসত নিৰাময় হয়, এই কাৰণে তুমি তেওঁলোকক কঠোৰ অনুযোগ কৰিবা।
Titus 1:16 in Assamese 16 ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কার্যত অস্বীকাৰ কৰে৷ তেওঁলোক ঘিণলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎ কর্মৰ বাবে অনুপযোগী।
Titus 2:2 in Assamese 2 বৃদ্ধ সকল আত্মসংযমী, সন্মান পোৱাৰ যোগ্য, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈর্যত নিৰাময় হওক৷
Hebrews 4:1 in Assamese 1 এতেকে আমি সতর্ক হ’ব লাগে, যাতে অাপোনালোকৰ মাজৰ কোনো ব্যক্তিকে ঈশ্বৰৰ বিশ্রামত সোমোৱাৰ যি প্ৰতিজ্ঞা, সেই প্রতিজ্ঞাত যেন অযোগ্য দেখা নাযায়।
Hebrews 6:8 in Assamese 8 কিন্তু সেই মাটিয়ে যদি কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰে, তেনেহলে ই অকামিলা হৈ যায় আৰু সেই মাটি অভিশপ্ত হ’বলৈ গৈ আছে। তাৰ শেষগতি জ্বলন।
Hebrews 12:15 in Assamese 15 পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
James 4:4 in Assamese 4 হে ব্যভিচাৰী সকল, জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।
1 Peter 2:4 in Assamese 4 তেওঁৰ ওচৰলৈ আহক, যি জন জীৱনময় শিল মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ল, কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰাই মনোনীত আৰু বহুমূলীয়া হ’ল৷
1 Peter 5:9 in Assamese 9 তাৰ বিৰুদ্ধে থিয় হওক৷ আপোনালোকৰ বিশ্ৱাস দৃঢ় কৰি ৰাখক৷ এইটো জানিব যে, গোটেই জগতত থকা আপোনালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷
1 John 3:20 in Assamese 20 আৰু তেওঁৰ উপস্থিতিত আমাৰ অন্তৰ আশ্বাসত থাকিব৷ কিয়নো আমাৰ অন্তৰে আমাক দোষী কৰে। ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান আৰু তেওঁ সকলো জানে।
Revelation 2:5 in Assamese 5 এতেকে তুমি ক’ৰ পৰা পৰিলা, তাক সোঁৱৰণ কৰা। মন-পালটন কৰা আৰু প্রথমে কৰা কার্যকে তুমি কৰা। যদি মন-পালটন নকৰা, তেনেহলে মই তোমাৰ ওচৰলৈ আহিম আৰু তোমাৰ দীপাধাৰা নিজ ঠাইৰ পৰা স্থানচ্যুত কৰিম।
Revelation 3:2 in Assamese 2 জাগ্ৰত হোৱা আৰু যি আছে বলৱান কৰা, কিন্তু তুমি চতুর্দিশে মৰা; কাৰণ মোৰ ঈশ্বৰৰ দৃষ্টিত তোমাৰ কোনো কার্য মই পূর্ণ সমাপ্ত নাপালোঁ।