2 Chronicles 6:14 in Assamese 14 তেওঁ ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, স্বৰ্গ আৰু পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই; সকলো হৃদয়েৰে আপোনাৰ আগত আচৰণ কৰোঁতা আপোনাৰ দাসসকলৰ বাবে আপুনি দয়া আৰু নিয়ম ৰক্ষা কৰোঁতা;
Other Translations King James Version (KJV) And said, O LORD God of Israel, there is no God like thee in the heaven, nor in the earth; which keepest covenant, and showest mercy unto thy servants, that walk before thee with all their hearts:
American Standard Version (ASV) and he said, O Jehovah, the God of Israel, there is no God like thee, in heaven, or on earth; who keepest covenant and lovingkindness with thy servants, that walk before thee with all their heart;
Bible in Basic English (BBE) And he said, O Lord, the God of Israel, there is no God like you in heaven or on earth; keeping faith and mercy unchanging for your servants, while they go in your ways with all their hearts;
Darby English Bible (DBY) and said, Jehovah, God of Israel! there is no God like thee, in the heavens or on the earth, who keepest covenant and mercy with thy servants that walk before thee with all their heart;
Webster's Bible (WBT) And said, O LORD God of Israel, there is no God like thee in the heaven, nor on the earth; who keepest covenant, and showest mercy to thy servants, that walk before thee with all their hearts:
World English Bible (WEB) and he said, Yahweh, the God of Israel, there is no God like you, in heaven, or on earth; who keep covenant and loving kindness with your servants, who walk before you with all their heart;
Young's Literal Translation (YLT) and saith, `O Jehovah God of Israel, there is not like Thee a god in the heavens and in the earth, keeping the covenant and the kindness for Thy servants who are walking before Thee with all their heart;
Cross Reference Genesis 5:24 in Assamese 24 তাৰ পাছত তেওঁক পুনৰ দেখা নগ’ল; ঈশ্বৰৰ লগত অহা-যোৱাৰ সম্বন্ধ আছিল বাবেই ঈশ্বৰে তেওঁক লৈ গ’ল।
Genesis 17:1 in Assamese 1 অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
Genesis 33:20 in Assamese 20 সেই ঠাইত তেওঁ এটা যজ্ঞবেদি স্থাপন কৰি তাৰ নাম এল-এলোহে ইস্ৰায়েল ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ ৰাখিলে।
Genesis 35:10 in Assamese 10 ঈশ্বৰে তেওঁক ক’লে, “তোমাৰ নাম হৈছে যাকোব, কিন্তু তোমাক আৰু যাকোব বুলি মতা নহ’ব; তোমাৰ নাম হ’ব ইস্ৰায়েল।” এইদৰে ঈশ্বৰে তেওঁৰ নাম ইস্ৰায়েল ৰাখিলে।
Exodus 3:15 in Assamese 15 ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচাহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’
Exodus 15:11 in Assamese 11 হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?
Deuteronomy 4:39 in Assamese 39 এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
Deuteronomy 7:9 in Assamese 9 এতেকে আপোনালোকে জানিব যে, ঈশ্বৰ যিহোৱাই আপোনাৰ ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাসকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোতাঁ বিশ্বস্ত ঈশ্বৰ;
2 Samuel 7:22 in Assamese 22 এই হেতুকে হে ঈশ্বৰ যিহোৱা, তুমি মহান৷ কিয়নো আমি নিজ কাণে যি যি শুনিলোঁ, সেই সকলোৰ দৰে তোমাৰ তুল্য কোনো নাই। আৰু তোমাত বাজে আৰু কোনো ঈশ্বৰ নাই।
1 Kings 3:6 in Assamese 6 তেতিয়া চলোমনে ক’লে, “আপোনাৰ দাস মোৰ পিতৃ দায়ূদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, সেইদৰৈ আপুনি তেওঁক অতিশয় দয়া কৰিলে৷ বিশেষকৈ তেওঁক এনে মহা-অনুগ্ৰহ কৰিলে যে, আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে।
1 Kings 6:12 in Assamese 12 “তুমি এই গৃহ সাজিছা, ভাল কৰিছা; তুমি যদি মোৰ সকলো বিধি মতে চলা আৰু মোৰ শাসন-প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেই মতে কাৰ্য্য কৰা তেন্তে মই তোমাৰ পিতৃ দায়ূদক যি কৈছিলোঁ, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম।
1 Kings 8:23 in Assamese 23 তেওঁ ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই; আৰু সকলো হৃদয়েৰে তোমাৰ আগত আচৰণ কৰোঁতা তোমাৰ দাস সকললৈ, আপুনি দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা;
1 Kings 18:36 in Assamese 36 পাছত সন্ধ্যা বেলাৰ নৈবেদ্য দিয়াৰ সময়ত এলিয়া ভাববাদীয়ে ওচৰলৈ আহি ক’লে, “হে অব্ৰাহামৰ, ইচাহাকৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ঈস্ৰায়েলৰ মাজত তুমিয়েই যে ঈশ্বৰ আৰু মই তোমাৰ দাস, আৰু তোমাৰ বাক্যৰ প্ৰভাৱত মই যে এই সকলো কাৰ্য্য কৰিছোঁ, ইয়াক আজি সকলোৱে জানক।
1 Chronicles 29:10 in Assamese 10 দায়ূদে গোটেই সমাজৰ আগতে যিহোৱাৰ ধন্যবাদ কৰিলে। দায়ূদে ক’লে, “হে আমাৰ পিতৃ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা আপুনি যুগে যুগে চিৰকাললৈকে ধন্য।
1 Chronicles 29:20 in Assamese 20 দায়ূদে গোটেই সমাজক ক’লে, “এতিয়া তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰা।” গোটেই সমাজে তেওঁলোকৰ পূৰ্ব-পুৰুষৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু মুৰ দোঁৱাই যিহোৱাৰ প্রশংসা কৰিলে আৰু ৰজাৰ আগত প্ৰণিপাত কৰিলে।
Nehemiah 1:5 in Assamese 5 মই কলো, “হে যিহোৱা, আপুনি স্বৰ্গৰ ঈশ্বৰ, আপুনি মহান আৰু ঐশ্ৱৰ্য্যৱান, আপোনাক প্ৰেম কৰোঁতা আৰু আপোনাৰ আজ্ঞা পালন কৰোঁতাসকললৈ আপোনাৰ নিয়ম আৰু দয়া কেনে মহান।
Psalm 86:8 in Assamese 8 হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই; তোমাৰ কাৰ্য্যৰ লগত কোনো কাৰ্য্যৰ তুলনা নহয়।
Psalm 89:6 in Assamese 6 আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতসকলৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
Psalm 89:8 in Assamese 8 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
Psalm 89:28 in Assamese 28 তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম; মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।
Psalm 103:17 in Assamese 17 কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধার্মিকতা বংশৰ পিছত বংশ ধৰি বর্তি থাকে।
Jeremiah 10:6 in Assamese 6 হে যিহোৱা, তোমাৰ তুল্য কোনো নাই। তুমি মহান, আৰু তোমাৰ নাম পৰাক্ৰমত মহৎ।
Jeremiah 10:16 in Assamese 16 যাকোবৰ অংশ সেইবোৰৰ দৰে নহয়; কাৰণ তেওঁ সকলোৰে নিৰ্মাণকৰ্ত্তা। আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীসকলৰ যিহোৱা তেওঁৰ নাম।
Daniel 9:4 in Assamese 4 মই মোৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰৰ্থনা কৰিলো, আৰু পাপ স্বীকাৰ কৰি কলোঁ, “হে প্ৰভু আবেদন কৰো, আপুনি মহান আৰু অসাধাৰণ, আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্বাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ,
Micah 7:18 in Assamese 18 পাপ ক্ষমা কৰা, আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া, এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে, কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখোৱাবলৈ ভাল পায়।
Luke 1:6 in Assamese 6 এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।
Luke 1:50 in Assamese 50 যি সকলে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত তেওঁৰ দয়া থাকে।
Luke 1:54 in Assamese 54 তেওঁ নিজৰ দাস ইস্রায়েলক সাহায্য কৰিলে; তেওঁ দয়ালু৷
Luke 1:72 in Assamese 72 আমাৰ পূর্বপুৰুষ সকলৰ প্রতি দয়া দেখুৱাবলৈ আৰু তেওঁৰ পবিত্র বিধান সোঁৱৰণ কৰাবৰ কাৰণে তেওঁ আমাক ৰক্ষা কৰে।
1 Thessalonians 2:12 in Assamese 12 যি জন ঈশ্বৰে আপোনালোকক তেওঁৰ ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিলে, সেই জন ঈশ্বৰৰ দৃষ্টিত আপোনালোকে যেন যোগ্য জীৱন-যাপন কৰে।