2 Chronicles 23:11 in Assamese 11 তাৰ পাছত তেওঁলোকে ৰাজকোঁৱৰক বাহিৰলৈ উলিয়াই আনি, তেওঁৰ মূৰত কিৰীটি আৰু হাতত সাক্ষ্যপুস্তক দি তেওঁক ৰজা পাতিলে আৰু যিহোয়াদা ও তেওঁৰ পুত্ৰসকলে তেওঁক অভিষেক কৰিলে৷ তেতিয়া সকলোৱে ক’লে, “ৰজা চিৰজীৱী হওঁক।”
Other Translations King James Version (KJV) Then they brought out the king's son, and put upon him the crown, and gave him the testimony, and made him king. And Jehoiada and his sons anointed him, and said, God save the king.
American Standard Version (ASV) Then they brought out the king's son, and put the crown upon him, and `gave him' the testimony, and made him king: and Jehoiada and his sons anointed him; and they said, `Long' live the king.
Bible in Basic English (BBE) Then they made the king's son come out, and they put the crown on his head and gave him the arm-bands and made him king: and Jehoiada and his sons put the holy oil on him and said, Long life to the king.
Darby English Bible (DBY) And they brought forth the king's son, and put the crown upon him, and [gave him] the testimony, and made him king. And Jehoiada and his sons anointed him, and said, Long live the king!
Webster's Bible (WBT) Then they brought out the king's son, and put upon him the crown, and gave him the testimony, and made him king. And Jehoiada and his sons anointed him, and said, God save the king.
World English Bible (WEB) Then they brought out the king's son, and put the crown on him, and [gave him] the testimony, and made him king: and Jehoiada and his sons anointed him; and they said, [Long] live the king.
Young's Literal Translation (YLT) And they bring out the son of the king, and put upon him the crown, and the testimony, and cause him to reign; and Jehoiada and his sons anoint him, and say, `Let the king live!'
Cross Reference Exodus 25:16 in Assamese 16 মই তোমাক যি সাক্ষ্য ফলি দিম, সেই সাক্ষ্য ফলি নিয়ম চন্দুকৰ ভিতৰত ৰাখিবা।
Exodus 31:18 in Assamese 18 যিহোৱাই যেতিয়া চীনয় পৰ্ব্বতত মোচিৰ সৈতে কথা পাতি শেষ কৰিলে, তেতিয়া ঈশ্বৰে নিজৰ হাতেৰে লিখা সাক্ষ্য-ফলি দুখন মোচিক দিলে।
Deuteronomy 17:18 in Assamese 18 যেতিয়া তেওঁ সেই ৰাজসিংহাসনত বহিব, তেতিয়া তেওঁ নিশ্চয়কৈ লেবীয়া পুৰোহিতসকলৰ আগত থকা পুস্তকখনিৰ পৰা এখন আন এখন পুস্তক নিজৰ কাৰণে নকল কৰি লিখি থব।
1 Samuel 10:1 in Assamese 1 তাৰ পাছত চমূৱেলে তেলৰ বটল লৈ, চৌলৰ মুৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক’লে, “যিহোৱাৰ নিজ বংশৰ সূত্ৰে অধিপতি হ’বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই?
1 Samuel 10:24 in Assamese 24 তেতিয়া চমূৱেলে লোক সকলক ক’লে, “যিহোৱাই মনোনীত কৰা পুৰুষ জনক তোমালোকে দেখিছা নে? ইয়াত সকলো লোকৰ মাজত এওঁৰ দৰে আন কোনো নাই!” তাতে সকলো লোকে জয়-ধ্বনি কৰি ক’লে “ৰজা চিৰজীৱী হওঁক!”
2 Samuel 1:10 in Assamese 10 তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”
2 Samuel 5:3 in Assamese 3 এইদৰে ইস্ৰায়েলৰ আটাই বৃদ্ধলোক হিব্ৰোণত থকা ৰজাৰ ওচৰলৈ আহিল আৰু দায়ূদ ৰজাই হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে৷ আৰু তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা পাতি অভিষেক কৰিলে।
2 Samuel 16:16 in Assamese 16 পাছে যেতিয়া দায়ূদৰ বন্ধু অৰ্কীয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া হূচয়ে অবচালোমক ক’লে, “মহাৰাজ চিৰজীৱী হওক, মহাৰাজ চিৰজীৱী হওক!”
1 Kings 1:34 in Assamese 34 সেই ঠাইতে ইস্রায়েলৰ ওপৰত তেওঁক ৰজা অভিষেক কৰিবলৈ চদোক পুৰোহিত আৰু ভাববাদী নাথনক কোৱা আৰু শিঙা বজাই তোমালোকে ক’বা, ‘ৰজা চলোমন চিৰজীৱী হওক!’
1 Kings 1:39 in Assamese 39 পাছত চাদোক পুৰোহিতে তেলেৰে ভৰা শিংটি তম্বুৰ পৰা লৈ আহিল আৰু চলোমনক ৰজা অভিষেক কৰিলে। তেতিয়া তেওঁলোকে শিঙা বজোৱাৰ পাছত সকলো লোকে ক’লে, “ৰজা চলোমন চিৰজীৱী হওক!”
2 Kings 11:12 in Assamese 12 তাৰ পাছত যিহোয়াদাই ৰাজকোঁৱৰ যোৱাচক বাহিৰলৈ উলিয়াই আনি তেওঁৰ মূৰত মুকুট পিন্ধাই হাতত ব্যৱস্থা-পুস্তকখন দিলে। তেওঁলোকে তেওঁক ৰাজপদত অভিষেক কৰিলে। তাতে সকলোৱে হাত তালি দি সমস্বৰে ক’লে, “মহাৰাজ চিৰজীৱী হওঁক।”
2 Chronicles 22:11 in Assamese 11 কিন্তু ৰজাৰ জীয়েক যিহোচাবতে অহজিয়াৰ পুত্ৰ যোৱাচক বধ কৰিবলগীয়া ৰাজকোঁৱৰসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে, আৰু তেওঁক ধাইমাকে সৈতে বিছনা ৰখা কোঁঠালি এটাত ৰাখি থ’লে৷ এইদৰে যিহোয়াদা পুৰোহিতৰ ভাৰ্য্যা, যিহোৰাম ৰজাৰ জীয়েক আৰু অহজিয়াৰ ভনীয়েক সেই যিহোচাবতে যোৱাচক অথলিয়াৰ পৰা লুকুৱালে যাতে ৰাণীয়ে তেওঁক বধ কৰিব নোৱাৰে।
Psalm 2:10 in Assamese 10 গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা।
Psalm 21:3 in Assamese 3 তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা, তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা।
Psalm 78:5 in Assamese 5 কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে; তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।
Psalm 89:20 in Assamese 20 মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।
Psalm 89:39 in Assamese 39 তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা; তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।
Psalm 132:18 in Assamese 18 মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম, কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব।”
Isaiah 8:16 in Assamese 16 মোৰ সাক্ষ্যৰ কথা বান্ধি ৰাখা, কাৰ্যালয়ৰ নথি পত্রত মোহৰ মাৰি ৰাখা, আৰু ইয়াক মোৰ শিষ্যসকলক দিয়া।
Isaiah 8:20 in Assamese 20 সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত! যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ’লে ইয়াৰ কাৰণে তেওঁলোকলৈ পুৱাৰ পোহৰ নহ’ব।
Isaiah 49:23 in Assamese 23 ৰজাসকল তোমালোকৰ লালন-পালন কৰা পিতৃ হ’ব, আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্রতিপালন কৰা দাসী হ’ব; তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব, আৰু তোমালোকৰ ভৰিৰ ধুলি চেলেকিব; আৰু মইয়ে যে যিহোৱা, তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰা সকল লাজত নপৰিব।”
Matthew 21:9 in Assamese 9 আৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই ক’লে, “হোচানা! হোচানা! দায়ুদৰ বংশৰ সন্তান৷ যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওক!”
Acts 4:26 in Assamese 26 ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত(খ্ৰীষ্ট) জনৰ বিৰুদ্ধে জগতৰ ৰজা সকল একেলগে উঠিছে, শাসনকর্তা সকল একগোট হৈছে। (গীতমালা ২:১-২ পদ)
Hebrews 2:9 in Assamese 9 তথাপি আমি যীচুক দেখিছোঁ, যি জনক স্বর্গৰ দূত সকলতকৈ অলপহে সৰু কৰা হ’ল; তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ’ল। সেয়েহে, ঈশ্বৰৰ অনুগ্রহত প্রত্যেক মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল’লে।
James 1:12 in Assamese 12 যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।
James 2:5 in Assamese 5 হে মোৰ প্ৰিয় ভাই সকল, শুনক, জগতত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?
Revelation 4:4 in Assamese 4 সেই সিংহাসন খনৰ চাৰিওফালে চৌবিশ খন সিংহাসন আছিল; সেই সিংহাসনবোৰৰ ওপৰত বগা বস্ত্ৰ আৰু মুৰত সোণৰ কিৰীটি পিন্ধা চৌবিশ জন পৰিচাৰক বহি আছিল।
Revelation 4:10 in Assamese 10 তেতিয়া সেই চৌবিশ জন পৰিচাৰকে সিংহাসনত বহা জনৰ আগত দণ্ডৱৎ হৈ চিৰকাল জীৱিত জনৰ আগত প্ৰণিপাত কৰি, সেই সিংহাসনৰ আগত তেওঁলোকৰ কিৰীটিবোৰ পেলাই ক’য়,
Revelation 5:10 in Assamese 10 আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্যে তেওঁলোকক ৰাজ্য স্বৰূপ আৰু পুৰোহিত পাতিলে, তাতে তেওঁলোকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব’।
Revelation 19:12 in Assamese 12 তেওঁৰ চকু অগ্নিশিখা আৰু তেওঁৰ মুৰত অনেক কিৰীটি আছে৷ তেওঁৰ এটা নাম লিখা আছে, কিন্তু সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে।