2 Chronicles 20 in Assamese

1 তাৰ পাছত মোৱাবৰ সন্তানসকল, অম্মোনীয়াৰ সন্তানসকল আৰু তেওঁলোকৰ লগত কিছুমান মায়োনীয়া লোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল৷

2 তেতিয়া কিছুমান লোক আহি যিহোচাফটক এই সম্বাদ দিলে বোলে, “সাগৰৰ সিপাৰে থকা অৰামৰ পৰা অতিশয় অধিক লোক আপোনাৰ বিৰুদ্ধে উঠি আহিছে৷ চাওঁক, তেওঁলোক হচচোন-তামৰত অৰ্থাৎ আয়ন-গদীত আছে।”

3 তেতিয়া যিহোচাফটে ভয় কৰি যিহোৱাক বিচাৰিবলৈ ঠাৱৰ কৰিলে৷ তেওঁ যিহূদাৰ সকলো ফালে উপবাস ঘোষণা কৰিলে।

4 যিহূদাৰ লোকসকলে যিহোৱাৰ আগত সাহাৰ্য্য যাচ্‌না কৰিবলৈ গোট খালে; যিহূদাৰ আটাই নগৰৰ পৰা লোকসকলে যিহোৱাক বিচাৰ কৰিবলৈ আহিল।

5 যিহোচাফটে যিহোৱাৰ গৃহৰ নতুন চোতালখনৰ আগত যিহোৱাৰ আৰু যিৰূচালেমৰ সমাজৰ আগত থিয় হ’ল।

6 তেওঁ ক’লে, “হে আমাৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱা, আপুনি জানো স্বৰ্গৰ ঈশ্বৰ নহয় নে? আৰু আপুনিয়েই জানো জাতিসকলৰ সকলো ৰাজ্যৰ ওপৰত শাসনকৰ্ত্তা নহয়? আপোনাৰেই হাতত শক্তি আৰু পৰাক্ৰম থকাত আপোনাৰ অহিতে কোনেও থিয় হ’ব নোৱাৰে।

7 হে আমাৰ ঈশ্বৰ, আপুনিয়েই জানো আপোনাৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ আগৰ পৰা এই দেশ নিবাসীসকলক দূৰ কৰি অব্ৰাহামৰ বংশক চিৰকালৰ বাবে এই দেশ দিয়া নাই?

8 তেওঁলোকে এই দেশত বাস কৰিছিল আৰু এই ঠাইত আপোনাৰ নামৰ বাবে এক ধৰ্ম্মধাম সাজি লৈ কৈছিল,

9 ‘আমালৈ যদি অমঙ্গল ঘটে - তৰোৱাল বা বিচাৰ, সিদ্ধ দণ্ড বা মহামাৰী বা আকালে হওঁক তেতিয়া আমি এই গৃহৰ আগত আৰু আপোনাৰ আগত (কিয়নো এই গৃহত আপোনাৰ নাম আছে) থিয় হৈ, সঙ্কতৰ কালত আপোনাৰ আগত কাতৰোক্তি কৰিম; তাতে আপুনি সেই বিষয়ে শুনি আমাক উদ্ধাৰ কৰিব।’

10 এতিয়া চাওঁক, সেই অম্মোনৰ আৰু মোৱাবৰ সন্তানসকল আৰু চেয়ীৰ পৰ্ব্বতীয়া লোকসকলে যেতিয়া মিচৰ দেশৰ পৰা ওলাই অাহিছিল তেতিয়া আপুনি তেওঁলোকৰ দেশত ইস্ৰায়েলক সোমাবলৈ নিদিলে; তেতিয়া ইস্ৰায়েলে তেওঁলোকৰ পৰা এফলীয়া হ’ল আৰু তেওঁলোকক বিনষ্ট নকৰিলে৷

11 এতিয়া চাওঁক, তেওঁলোকে উপকাৰৰ সলনি আমাৰ কেনে অপকাৰ কৰিছে; আপুনি যি উত্তৰাধীকাৰ আমাক দিলে, আপোনাৰ সেই উত্তৰাধীকাৰৰ পৰা তেওঁলোকে আমাক খেদাই দিবলৈ আহিছে৷

12 হে আমাৰ ঈশ্বৰ, আপুনি তেওঁলোকৰ বিচাৰ নকৰিবা নে? কিয়নো আমাৰ অহিতে সেই যি অধিক অতিশয় লোক সমূহ আহিছে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ নিজৰ কোনো সমৰ্থ নাই৷ আমি যি কৰিব লাগিব, সেই বিষয়ে নাজানো, কেৱল আপোনালৈ চাই আছোঁ।”

13 এইদৰে শিশুসকল, মহিলাসকল আৰু তেওঁলোকৰ সন্তানসকলে সৈতে গোটেই যিহূদা যিহোৱাৰ সাক্ষাতে থিয় হ’ল।

14 তেতিয়া সেই সমাজৰ মাজৰ মত্তনীয়াৰ বৃদ্ধ পৰিনাতি, যিয়ীয়েলৰ পৰিনাতি বনায়াৰ নাতি, জখৰিয়ৰ পুত্ৰ জহজীয়েল নামেৰে আচফৰ বংশৰ এজন লেবীয়া লোকৰ ওপৰত যিহোৱাৰ আত্মা স্থিতি হ’ল।

15 জহজীয়েলে ক’লে, “হে যিহূদা, যিৰূচালেমৰ নিবাসীসকল আৰু হে মহাৰাজ যিহোচাফট; তোমালোকে কাণ দিয়া: যিহোৱাই তোমালোকক এই কথা কৈছে: ‘তোমালোকে সেই অতিশয় অধিক লোকসমূহক দেখি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কিয়নো এই যুদ্ধ তোমালোকৰ নহয়, কিন্তু ঈশ্বৰৰহে।

16 তোমালোকে কাইলৈ তেওঁলোকৰ বিৰুদ্ধে নামি যাব লাগিব৷ চোৱা, তেওঁলোকে চীচলৈ যোৱা বাটেদি উঠি আহিছে৷ তোমালোকে যিৰুৱেল মৰুপ্ৰান্তৰ আগত উপত্যকাৰ শেষ ভাগত তেওঁলোকক পাবা।

17 এই যুদ্ধত তোমালোকে যুদ্ধ কৰিবলৈ প্ৰয়োজন নহ’ব৷ হে যিহূদা আৰু যিৰূচালেম, তোমালোকে শাৰী পাতি থিয় দি থাকা আৰু তোমালোকে যিহোৱাৰ সৈতে, যিহোৱাই কৰা নিস্তাৰ দেখিবা৷ তোমালোকে ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কাইলৈ তেওঁলোকৰ বিৰুদ্ধে ওলাই যোৱা, কিয়নো যিহোৱা তোমালোকৰ লগত আছে’৷”

18 তেতিয়া যিহোচাফটে মূৰ দোঁৱাই মাটিলৈ মুখ কৰি প্ৰণিপাত কৰিলে৷ তেতিয়া যিহূদাৰ সকলো লোক অাৰু যিৰূচালেম নিবাসীসকলে যিহোৱাৰ আগত উবুৰি হৈ পৰি তেওঁৰ প্ৰণিপাত কৰিলে।

19 কহাতৰ বংশৰ আৰু কোৰহৰ বংশৰ লেবীয়াসকলে তেতিয়া উঠি থিয় হ’ল আৰু অতিশয় বৰ মাতেৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিলে৷

20 পাছত তেওঁলোকে ৰাতিপুৱাতে উঠি তকোৱাৰ মৰুপ্ৰান্তলৈ ওলাই গ’ল৷ ওলাই যোৱা সময়ত, যিহোচাফটে থিয় হৈ ক’লে, “হে যিহূদা আৰু যিৰূচালেম নিবাসীসকল, মোলৈ কাণ দিয়া! তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা, তাতে তোমালোক সমর্থন পাবা আৰু তেওঁৰ ভাববাদীসকলত বিশ্বাস কৰা, তাতে তোমালোক কৃতকাৰ্য হ’বা।”

21 তাৰ পাছত তেওঁ লোকসকলৰ সৈতে মন্ত্ৰণা কৰি ৰণলৈ সাজু হোৱাসকলৰ আগে আগে “যিহোৱাৰ স্তুতি গান কৰা; কিয়নো তেওঁৰ দয়া চিৰকাললৈকে থাকে”, এই কথা কৈ কৈ, যিহোৱাৰ উদ্দেশ্যে গীত গাবলৈ আৰু পবিত্ৰ শোভাৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ কিছুমান লোকক নিযুক্ত কৰিলে।

22 যেতিয়া তেওঁলোকে গীত গাবলৈ আৰু প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া যিহূদাৰ বিৰুদ্ধে অহা অম্মোনৰ আৰু মোৱাবৰ সন্তানসকলৰ বিৰুদ্ধে যিহোৱাই গুপুত ঠাইত খাপ দি থকা শত্ৰুৰ সেনাসকলক নিযুক্ত কৰিলে; তাতে তেওঁলোক পৰাস্ত হ’ল।

23 কিয়নো অম্মোনৰ আৰু মোৱাবৰ সন্তানসকলে নিঃশেষে বিনষ্ট আৰু সংহাৰ কৰিবলৈ, চেয়ীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠি আহিছিল৷ যেতিয়া তেওঁলোকে চেয়ীৰ নিবাসীসকলক সংহাৰ কৰি উঠিছিল, তেতিয়া তেওঁলোকে নিজৰ মাজতে ইজনে সিজনক বিনষ্ট কৰিলে।

24 যিহূদাৰ লোকসকলে যেতিয়া মৰুপ্ৰান্তৰ প্ৰহৰী-দুৰ্গলৈ আহিল, তেতিয়া তেওঁলোকে সেই ঠাইৰ পৰা সেই অতিশয় লোকসমূহৰ সৈন্যদললৈ মুখ ঘুৰাই চাই দেখিলে যে, তেওঁলোক মৰা শ হৈ মাটিত পৰি আছে; ৰক্ষা পোৱা এজনো নাই।

25 তেতিয়া যিহোচাফট আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ লুটদ্ৰব্য আনিবলৈ গৈ শৱৰ লগত বহুত সম্পত্তি আৰু বহুমূল্য বাখৰ পালে৷ তেওঁলোকে সেইবোৰ নিজৰ বাবে তেওঁলোকৰ গাৰ পৰা উলিয়াই আনিলে৷ তাতে ইমান ধন হ’ল যে তেওঁলোকৰ যিমান ধন কঢ়িয়াব পৰা ক্ষমতা আছিল তাতোকৈয়ো অধিক ধন তেওঁলোকে বৈ নিলে৷ সেই লুটদ্ৰব্য ইমান অধিক আছিল যে সেইবোৰ লৈ যাবলৈ তেওঁলোকৰ তিনি দিন লাগিল।

26 তাৰ পাছত চতুৰ্থ দিনা তেওঁলোকে বৰাখা উপত্যকাত গোট খালে৷ সেই ঠাইত তেওঁলোকে যিহোৱাৰ ধন্যবাদ কৰিলে আৰু সেই কাৰণে আজিলৈকে সেই ঠাই বৰাখা (ধন্যবাদ) উপত্যকা বুলি প্ৰখ্যাত আছে।

27 তাৰ পাছত যিহূদা আৰু যিৰূচালেমৰ প্ৰতিজন লোকে আৰু তেওঁলোকৰ অগ্ৰগামী যিহোচাফটে আনন্দেৰে যিৰূচালেমলৈ ঘূৰি আহিবলৈ নিশ্চিত কৰিলে; কিয়নো যিহোৱাই তেওঁলোকৰ শত্ৰুবোৰৰ ওপৰত তেওঁলোকক আনন্দিত কৰিছিল।

28 তাতে তেওঁলোকে নেবল, বীণা আৰু তুৰী বজাই যিৰূচালেমলৈ যিহোৱাৰ গৃহলৈ আহিল।

29 যিহোৱাই ইস্ৰায়েলৰ শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰা কথা আন আন দেশৰ সকলো লোকে শুনি, ঈশ্বৰৰ প্ৰতি ভয় পালে।

30 এইদৰে যিহোচাফটৰ ৰাজ্য সুস্থিৰ হ’ল; কিয়নো তেওঁৰ ঈশ্বৰে তেওঁক চাৰিওফালে শান্তি দিছিল।

31 যিহোচাফটে যিহূদাৰ ওপৰত ৰাজত্ব কৰিলে। তেওঁ পঁয়ত্ৰিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত পঁচিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল।

32 তেওঁ তেওঁৰ পিতৃ আচাৰ পথত চলিছিল, আৰু তেওঁৰ পৰা নুঘূৰি, যিহোৱাৰ সাক্ষাতে সদাচৰণ কৰিছিল।

33 তথাপি পবিত্ৰ ঠাইবোৰ গুচুউৱা নহ’ল আৰু তেওঁলোকে তেতিয়াও নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰলৈ নিজ নিজ মন যুগুত নকৰিলে।

34 যিহোচাফটৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰে পৰা শেষলৈকে ইস্ৰায়েলৰ ৰজাসকলৰ বুৰঞ্জীৰ লগতে হনানীৰ পুত্ৰ যেহুৰ ইতিহাস-পুস্তকখনিত লিখা আছে।

35 ইয়াৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে ইস্ৰায়েলৰ অতি দুৰাচাৰী অহজিয়া ৰজাৰ লগত যোগ দিলে।

36 বিশেষকৈ তেওঁ সাগৰলৈ যাবৰ কাৰণে জাহাজ সজাৰ অৰ্থে, তেওঁৰ লগত যোগ দিলে৷ তেওঁলোকে ইচিয়োন গেবৰত কেইবাখনো জাহাজ সাজিলে।

37 তেতিয়া মাৰেচাৰ দোদাবাহুৰ পুত্ৰ ইলীয়েজৰে যিহোচাফটৰ বিৰুদ্ধে এই ভাববাণী প্ৰচাৰ কৰিলে; তেওঁ ক’লে, “কিয়নো তুমি অহজিয়াৰ লগত যোগ দিলা, এই কাৰণে যিহোৱাই তোমাৰ কাৰ্য্যবোৰ ধ্ৱংস কৰিলে।” তাতে সেই জাহাজবোৰ ভগ্ন হ’ল যাতে তেওঁলোক অন্য দেশলৈ যাব নোৱাৰে।