2 Chronicles 19:7 in Assamese 7 এতেকে এতিয়া তোমালোকে যিহোৱালৈ ভয় ৰাখিবা; তোমালোকে সাৱধান হৈ কাৰ্য্য কৰা কিয়নো আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিত অন্যায়, কি মুখ চোৱা, কি ভেটি খোৱা নহয়।”
Other Translations King James Version (KJV) Wherefore now let the fear of the LORD be upon you; take heed and do it: for there is no iniquity with the LORD our God, nor respect of persons, nor taking of gifts.
American Standard Version (ASV) Now therefore let the fear of Jehovah be upon you; take heed and do it: for there is no iniquity with Jehovah our God, nor respect of persons, nor taking of bribes.
Bible in Basic English (BBE) So now let the fear of the Lord be in you; do your work with care; for in the Lord our God there is no evil, or respect for high position, or taking of payment to do wrong.
Darby English Bible (DBY) And now, let the terror of Jehovah be upon you; be careful what ye do, for there is no iniquity with Jehovah, nor respect of persons, nor taking of presents.
Webster's Bible (WBT) Wherefore now let the fear of the LORD be upon you; take heed and do it: for there is no iniquity with the LORD our God, nor respect of persons, nor taking of gifts.
World English Bible (WEB) Now therefore let the fear of Yahweh be on you; take heed and do it: for there is no iniquity with Yahweh our God, nor respect of persons, nor taking of bribes.
Young's Literal Translation (YLT) and now, let fear of Jehovah be upon you, observe and do, for there is not with Jehovah our God perverseness, and acceptance of faces, and taking of a bribe.'
Cross Reference Genesis 18:25 in Assamese 25 ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্ম্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্ম্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?”
Genesis 42:18 in Assamese 18 তৃতীয় দিনা যোচেফে তেওঁলোকক ক’লে, “তোমালোকে মই কোৱাৰ দৰে কৰি প্রাণ ৰক্ষা কৰা; কিয়নো মই ঈশ্বৰ ভয়কাৰী লোক হওঁ।
Exodus 18:21 in Assamese 21 তুমি এই লোকসকলৰ মাজৰ পৰা সক্ষম, ঈশ্বৰক সন্মান কৰা, আৰু অন্যায় ঘৃণা কৰা, সত্যবাদী লোকক মনোনীত কৰা। লোকসকলৰ ওপৰত তেওঁলোকক সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি নিযুক্ত কৰা।
Exodus 18:25 in Assamese 25 মোচিয়ে সকলো ইস্ৰায়েলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি, লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে।
Exodus 23:8 in Assamese 8 তোমালোকে ভেঁটী নলবা; কাৰণ ভেঁটীয়ে, ভেঁটীলোৱা সকলক অন্ধ কৰে, আৰু ধাৰ্ম্মিক সকলৰ কথা বিপথগামী কৰে।
Deuteronomy 10:17 in Assamese 17 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়।
Deuteronomy 16:18 in Assamese 18 ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো ফৈদ অনুসাৰে আপোনাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত আপুনি আপোনাৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিব। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব।
Deuteronomy 32:4 in Assamese 4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
Nehemiah 5:15 in Assamese 15 কিন্তু পূৰ্ব্বতে থকা দেশাধ্যক্ষসকল যিসকল মোৰ আগতে আছিল, তেওঁলোকে লোকসকলৰ ওপৰত গধুৰ বোজা দিছিল, আৰু তেওঁলোকৰ দৈনিক খোৱা বস্তু আৰু দ্ৰাক্ষাৰস বাবে লোকসকলৰ পৰা তেওঁলোকে চল্লিশ চেকল ৰূপ লৈছিল। তাৰ উপৰিও তেওঁলোকৰ দাস সকলে লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। কিন্তু মই সেইদৰে কৰা নাই, কাৰণ মই ঈশ্বৰলৈ ভয় কৰোঁ।
Job 34:19 in Assamese 19 তেন্তে, যি জনাই অধ্যক্ষবিলাকক মুখলৈ নাচায়, আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি! কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু।
Isaiah 1:23 in Assamese 23 তোমালোকৰ শাসনকৰ্ত্তাসকল বিদ্ৰোহী আৰু চুৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকৰ আগত নাহে।
Isaiah 33:15 in Assamese 15 যি জনে ধাৰ্মিকতাৰ পথত চলে, আৰু ন্যায় কথা কয়, যি জনে অত্যাচাৰ কৰি পোৱা লাভ ঘিণ কৰে, যি জনে ভেটি ল’বলৈ অস্বীকাৰ কৰে, যি জনে চৰম অপৰাধৰ আচনি নকৰে, আৰু কুকৰ্মলৈ চকু নিদিয়ে।
Micah 7:3 in Assamese 3 অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত; শাসনকৰ্ত্তাই ধন খোজে, বিচাৰকৰ্ত্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে, আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়; সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে।
Matthew 22:16 in Assamese 16 এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়াৰ মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে, কোনো ব্যক্তিৰ সৈতে পক্ষপাত নকৰে।
Acts 10:34 in Assamese 34 তেতিয়া পিতৰে মাত দিলে আৰু ক’লে, “ইয়াকে মই সঁচাকৈ উপলদ্ধি কৰিছোঁ যে, ঈশ্বৰে কাৰো পক্ষপাতীত্ব নকৰে৷
Romans 2:11 in Assamese 11 কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷
Romans 3:5 in Assamese 5 কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে, তেনেহলে আমি কি ক’ম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছোঁ৷
Romans 9:14 in Assamese 14 তেনেহলে আমি কি ক’ম? ঈশ্বৰত অধাৰ্মিকতা আছে নে? এনে নহওক।
Galatians 2:6 in Assamese 6 মণ্ডলীত যি সকল মান্যৱন্ত বুলি খ্যাত, তেওঁলোকে হ’লে মোক একোকে নজনালে। তেওঁলোক কি প্রকাৰৰ লোক আছিল, তাতে মোৰ একো প্রয়োজন নাই। ঈশ্বৰে মানুহৰ সমাদৃত বিষয়বোৰ গ্ৰহন নকৰে।
Ephesians 6:9 in Assamese 9 আপোনালোক যি সকল প্রভু, আপোনালোকেও আপোনালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে, স্বর্গত তেওঁলোক আৰু আপোনালোকৰ এজনেই প্ৰভু আছে, আৰু তেওঁত কোনো পক্ষপাত নাই।
Colossians 3:25 in Assamese 25 কিয়নো যি জনে অন্যায় কৰে, তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব আৰু তাত পক্ষপাতীত্ব নাই।
1 Peter 1:17 in Assamese 17 আৰু যি জনে পক্ষপাত নকৰাকৈ প্ৰত্যেক জনৰ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰে, তেওঁক যদি পিতৃ বুলি মাতিছে, তেনেহলে আপোনালোকৰ জীৱন-যাপনৰ কাল ভক্তিত ভয়েৰে নিয়াব৷