2 Chronicles 19:2 in Assamese 2 তেতিয়া হনানীৰ পুত্ৰ যেহূ দৰ্শকে তেওঁৰ লগত সাক্ষাত কৰিবলৈ গ’ল আৰু ৰজা যিহোচাফটক ক’লে, “দুৰ্জনক সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতাসকলক প্ৰেম কৰা জানো তোমাৰ উচিত? এই কাৰণে তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে।
Other Translations King James Version (KJV) And Jehu the son of Hanani the seer went out to meet him, and said to king Jehoshaphat, Shouldest thou help the ungodly, and love them that hate the LORD? therefore is wrath upon thee from before the LORD.
American Standard Version (ASV) And Jehu the son of Hanani the seer went out to meet him, and said to king Jehoshaphat, Shouldest thou help the wicked, and love them that hate Jehovah? for this thing wrath is upon thee from before Jehovah.
Bible in Basic English (BBE) And Jehu, the son of Hanani the seer, went to King Jehoshaphat and said to him, Is it right for you to go to the help of evil-doers, loving the haters of the Lord? because of this, the wrath of the Lord has come on you.
Darby English Bible (DBY) And Jehu the son of Hanani, the seer, went out to meet him, and said to king Jehoshaphat, Shouldest thou help the ungodly, and love them that hate Jehovah? Therefore is wrath upon thee from Jehovah.
Webster's Bible (WBT) And Jehu the son of Hanani the seer went out to meet him, and said to king Jehoshaphat, Shouldst thou help the ungodly, and love them that hate the LORD? therefore is wrath upon thee from before the LORD.
World English Bible (WEB) Jehu the son of Hanani the seer went out to meet him, and said to king Jehoshaphat, Should you help the wicked, and love those who hate Yahweh? for this thing wrath is on you from before Yahweh.
Young's Literal Translation (YLT) and go out unto his presence doth Jehu son of Hanani, the seer, and saith unto king Jehoshaphat, `To give help to the wicked, and to those hating Jehovah, dost thou love? and for this against thee `is' wrath from before Jehovah,
Cross Reference Exodus 20:5 in Assamese 5 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা সকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ।
Deuteronomy 5:9 in Assamese 9 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱাপূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ।
Deuteronomy 7:10 in Assamese 10 কিন্তু তেওঁক ঘিণ কৰাসকলক বিনষ্ট কৰি তেওঁ তেওঁলোকক প্ৰতিফল দিয়ে; তেওঁক ঘিণ কৰা লোকলৈ তেনে কৰাত তেওঁ পলম নকৰে; যিহোৱাই তেওঁৰ সাক্ষাতেই তেওঁলোকক প্ৰতিফল দিব।
Deuteronomy 32:41 in Assamese 41 যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ, ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰো, তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম, আৰু মোক ঘিণাওঁতা সকলক প্ৰতিফল দিম।
Deuteronomy 33:11 in Assamese 11 হে যিহোৱা, তুমি তেওঁৰ তাৰ সম্পত্তিত আশীৰ্ব্বাদ কৰা, তেওঁৰ সকলো হাতৰ কাৰ্য্য গ্ৰহণ কৰা; তেওঁৰ বিৰুদ্ধে উঠা শত্রুবোৰৰ কঁকাল ভাঙি দিয়া;। তেওঁক ঘিণাওঁতাসকলৰ কঁকাল ভাঙি দিয়া, যাতে পুনৰ উঠিব নোৱাৰে।”
1 Samuel 9:9 in Assamese 9 (আগৰ সময়ত ইস্ৰায়েলত, যেতিয়া এজন লোকে ঈশ্বৰৰ ইচ্ছা কি জানিব বিচাৰে, তেওঁ কয়, “আহাঁ, আমি ভাববাদীৰ ওচৰলৈ যাওঁ”।’ কাৰণ বৰ্তমানত যাক ভবিষ্যত বক্তা বোলা হয়, আগৰ সময়ত তেওঁক ভাববাদী বোলা হৈছিল)।
1 Kings 16:1 in Assamese 1 পাছত হনানীৰ পুত্ৰ যেহূৰ ওচৰলৈ বাচাৰ বিৰুদ্ধে যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
1 Kings 16:7 in Assamese 7 হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷
1 Kings 16:12 in Assamese 12 এই দৰে যেহূ ভাববাদীৰ দ্বাৰাই বাচাৰ বিৰুদ্ধে কোৱা যিহোৱাৰ বাক্য অনুসাৰে জিম্ৰীয়ে তেওঁৰ সকলো বংশ বিনষ্ট কৰিলে।
1 Kings 21:25 in Assamese 25 কিন্তু যি জনক নিজ পত্নী ঈজেবলে উত্তেজিত কৰাই যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল।
2 Chronicles 16:7 in Assamese 7 সেই সময়ত হনানী দৰ্শকে যিহূদাৰ আচা ৰজাৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ ওপৰত নিৰ্ভৰ নকৰি অৰামৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰিলা; এই কাৰণে অৰামৰ ৰজাৰ সৈন্যসামন্ত তোমাৰ হাতৰ পৰা পলাই সাৰিল।
2 Chronicles 18:1 in Assamese 1 সেই সময়ত যিহোচাফটে অধিক ধন আৰু সন্মান লাভ কৰিলে; আৰু তেওঁ আহাবৰ লগত মিতিৰ পাতিলে।
2 Chronicles 18:3 in Assamese 3 ইস্ৰায়েলৰ আহাব ৰজাই যিহূদাৰ ৰজা যিহোচাফটক ক’লে, “আপুনি ৰামোৎ-গিলিয়দলৈ মোৰ লগত যাব নে?” তাতে যিহোচাফতে উত্তৰ দি ক’লে, “আপুনি যেনে ময়ো তেনে আৰু মোৰ প্ৰজা যেনে আপোনাৰ প্ৰজাও তেনে; সেই যুদ্ধত আমি আপোনাৰ লগত উপস্থিত থাকিম।”
2 Chronicles 18:7 in Assamese 7 তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “আমি যাৰ দ্বাৰাই যিহোৱাক সুধিব পাৰোঁ, এনে এজন লোক আছে; কিন্তু মই তেওঁক ঘিণ কৰোঁ কিয়নো তেওঁ মোৰ বিষয়ে কেতিয়াও মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, সদায় কেৱল অমঙ্গলহে প্ৰচাৰ কৰে; তেওঁ যিম্লাৰ পুত্ৰ মীখায়া।” তেতিয়া যিহোচাফতে ক’লে, “মহাৰাজে যেন তেনে কথা নকওঁক।”
2 Chronicles 18:28 in Assamese 28 তাৰ পাছত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে উঠিল।
2 Chronicles 20:34 in Assamese 34 যিহোচাফটৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰে পৰা শেষলৈকে ইস্ৰায়েলৰ ৰজাসকলৰ বুৰঞ্জীৰ লগতে হনানীৰ পুত্ৰ যেহুৰ ইতিহাস-পুস্তকখনিত লিখা আছে।
2 Chronicles 24:18 in Assamese 18 তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ ত্যাগ কৰি, আচেৰা মুৰ্ত্তিবোৰক আৰু নানা প্ৰতিমাবোৰক পূজা কৰিবলৈ ধৰিলে৷ তেওঁলোকৰ সেই দোষৰ কাৰণে যিহূদালৈ আৰু যিৰূচালেমলৈ ঈশ্বৰৰ ক্ৰোধ আহিল।
2 Chronicles 32:25 in Assamese 25 কিন্তু হিষ্কিয়াই পোৱা উপকাৰ অনুসাৰে যিহোৱাক প্ৰতিদান নিদিলে, কিয়নো তেওঁৰ মন গৰ্ব্বী হ’ল৷ এই হেতুকে তেওঁৰ, যিহূদাৰ আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ হ’ল।
Psalm 15:4 in Assamese 4 যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়, কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়, যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,
Psalm 21:8 in Assamese 8 তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।
Psalm 68:1 in Assamese 1 ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাসকল তেওঁৰ আগৰ পৰা দূৰ হওঁক।
Psalm 71:15 in Assamese 15 মই মুখেৰে তোমাৰ ধাৰ্ম্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম; তথাপিও মই বুজি পোৱা নাই।
Psalm 90:7 in Assamese 7 তোমাৰ ক্ৰোধে আমাক গ্রাস কৰে, তোমাৰ কোপত আমি ব্যাকুল হওঁ।
Psalm 139:21 in Assamese 21 হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, মই জানো তেওঁলোকক ঘিণ নকৰোঁ? যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ?
Proverbs 1:10 in Assamese 10 হে মোৰ পুত্র, পাপীলোকে যদি তোমাক তেওঁলোকৰ পাপ কাৰ্যত প্রলোভিত কৰে, তেওঁলোকক অনুসৰণ নকৰিবা।
John 15:18 in Assamese 18 জগতে যদি তোমালোকক ঘৃণা কৰে, তেনেহলে জানিব লাগে যে তোমালোকক ঘৃণা কৰাৰ পূর্বে মোকেই ঘৃণা কৰিলে।
John 15:23 in Assamese 23 যি জনে মোক ঘৃণা, সেই জনে মোৰ পিতৃকো ঘৃণা কৰে।
Romans 1:18 in Assamese 18 যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্ৱর্গৰ পৰা প্ৰকট হয়;
Romans 1:30 in Assamese 30 তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷
Romans 1:32 in Assamese 32 আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।
Romans 8:7 in Assamese 7 কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা; সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে৷
1 Corinthians 11:31 in Assamese 31 কিন্তু আমি নিজৰ বিচাৰ নিজে সত্যৰূপত কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন।
Ephesians 5:11 in Assamese 11 আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহব; বৰং সেইবোৰৰ দোষ দেখুৱাই দিয়ক;
James 4:4 in Assamese 4 হে ব্যভিচাৰী সকল, জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।
2 John 1:10 in Assamese 10 যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব।