2 Chronicles 14:11 in Assamese 11 তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”
Other Translations King James Version (KJV) And Asa cried unto the LORD his God, and said, LORD, it is nothing with thee to help, whether with many, or with them that have no power: help us, O LORD our God; for we rest on thee, and in thy name we go against this multitude. O LORD, thou art our God; let no man prevail against thee.
American Standard Version (ASV) And Asa cried unto Jehovah his God, and said, Jehovah, there is none besides thee to help, between the mighty and him that hath no strength: help us, O Jehovah our God; for we rely on thee, and in thy name are we come against this multitude. O Jehovah, thou art our God; let not man prevail against thee.
Bible in Basic English (BBE) And Asa made prayer to the Lord his God and said, Lord, you only are able to give help against the strong to him who has no strength; come to our help, O Lord our God, for our hope is in you, and in your name we have come out against this great army. O Lord, you are our God; let not man's power be greater than yours.
Darby English Bible (DBY) And Asa cried unto Jehovah his God, and said, Jehovah, it maketh no difference to thee to help, whether there be much or no power: help us, O Jehovah our God, for we rely on thee, and in thy name have we come against this multitude. Jehovah, thou art our God; let not man prevail against thee.
Webster's Bible (WBT) And Asa cried to the LORD his God, and said, LORD, it is nothing with thee to help, whether with many, or with them that have no power: help us, O LORD our God; for we rest on thee, and in thy name we go against this multitude. O LORD, thou art our God; let not man prevail against thee.
World English Bible (WEB) Asa cried to Yahweh his God, and said, Yahweh, there is none besides you to help, between the mighty and him who has no strength: help us, Yahweh our God; for we rely on you, and in your name are we come against this multitude. Yahweh, you are our God; don't let man prevail against you.
Young's Literal Translation (YLT) And Asa calleth unto Jehovah his God, and saith, `Jehovah! it is nothing with Thee to help, between the mighty and those who have no power; help us, O Jehovah, our God, for on Thee we have leant, and in Thy name we have come against this multitude; O Jehovah, our God thou `art'; let him not prevail with Thee -- mortal man!
Cross Reference Exodus 14:10 in Assamese 10 ফৌৰণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
Leviticus 26:8 in Assamese 8 আৰু তোমালোকৰ পাঁচজনে এশ জনক আৰু তোমালোকৰ এশজনে দহ হাজাৰ জনক খেদি দিব, আৰু তোমালোকৰ শত্ৰুবোৰ তোমালোকৰ আগত পতিত হ’ব।
Deuteronomy 32:27 in Assamese 27 কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্রোধাগ্নিলৈ ভয় কৰিলো, কিয়নো তেওঁলোকৰ শত্রুপক্ষই ভুল বুজি কব পাৰে যে, “আমাৰ হাতেৰেই বিজয়ী হ’লো; এই সকলো কৰাজন যিহোৱা নাই।”
Deuteronomy 32:30 in Assamese 30 এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে, আৰু দুজনে দশ সহস্রজনক খেদাব পাৰে? যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে, যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে।
Deuteronomy 32:36 in Assamese 36 যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসসকলক কৃপা কৰিব।
Joshua 7:8 in Assamese 8 হে প্ৰভু, ইস্ৰায়েলে নিজ শত্ৰুবোৰলৈ পিঠি দিলে, এতিয়া মই কি ক’ম?
Judges 7:7 in Assamese 7 তেতিয়া যিহোৱাই গিদিয়োনক ক’লে, “চেলেকি পানী খোৱা এই তিনি শ লোকক লৈয়ে মই তোমালোকক উদ্ধাৰ কৰিম আৰু মিদিয়নীয়াসকলক তোমালোকৰ হাতত দিম; আন সকলো লোকক তেওঁলোকৰ নিজৰ ঠাইলৈ ঘূৰি যাবলৈ দিয়া।”
1 Samuel 2:9 in Assamese 9 তেওঁৰ বিশ্ৱস্ত লোকসকলৰ খোজ তেওঁ ৰক্ষা কৰিব, কিন্তু দুষ্টবোৰক আন্ধাৰত গুপুতে ৰাখিব৷ আৰু কোনো মানুহে নিজ বলেৰে জিকিব নোৱাৰিব।
1 Samuel 14:6 in Assamese 6 যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।”
1 Samuel 17:35 in Assamese 35 মই তাৰ পাছত খেদি গৈ তাক প্ৰহাৰ কৰিলো আৰু তাৰ মুখৰ পৰা সেই ভেড়া ৰক্ষা কৰিলোঁ; তাৰ পাছত সি মোৰ বিৰুদ্ধে উঠি থিয় হ’ল, আৰু মই তাৰ ডাঢ়িত ধৰি আঘাত কৰি তাক বধ কৰিলোঁ।
1 Samuel 17:45 in Assamese 45 দায়ূদে সেই ফিলিষ্টীয়াজনক উত্তৰ দি ক’লে, “তুমি তৰোৱাল, বৰছা, আৰু যাঠি লৈ মোৰ ওচৰলৈ আহিছা। কিন্তু মই হ’লে, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ সৈন্যসকলৰ ঈশ্ৱৰৰ নামেৰে আৰু তুমি যাক ইতিকিং কৰিছা, তেওঁৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ।
1 Kings 20:27 in Assamese 27 তেতিয়া ইস্ৰায়েলৰ সন্তান সকলক গোটোৱা হৈছিল আৰু তেওঁলোকৰ কাৰণে যুদ্ধ কৰিবলৈ আহাৰীয় দ্ৰব্য যোগোৱা আছিল। তেওঁলোকে অৰামীয়াসকলৰ বিৰুদ্ধে যাত্ৰা কৰিলে আৰু তেওঁলোকৰ সন্মুখত ছাউনি পাতিলে। তাতে ইস্ৰায়েলৰ সন্তানসকলক ছাগলী পোৱালিৰ দুটা সৰু জাকৰ নিচিনা দেখা গ’ল, কিন্তু অৰামীয়াসকল দেশ জুৰি আছিল।
1 Chronicles 5:20 in Assamese 20 তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ঐশ্ৱৰীয় সহায় পাইছিল। এইদৰে হাগৰীয়াসকল আৰু তেওঁলোকৰ লগত থকা সকলোকে তেওঁলোকে পৰাজিত কৰিলে। কিয়নো তেওঁলোকে যুদ্ধত ঈশ্বৰৰ আগত কাতৰোক্তি কৰিলে আৰু তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনিলে, কাৰণ তেওঁলোকে তেওঁত বিশ্বাস কৰিছিল।
2 Chronicles 13:12 in Assamese 12 আৰু চোৱা, ঈশ্বৰ আমাৰ সঙ্গী হৈ আমাৰ আগত যাওঁতা হৈছে; আৰু তেওঁৰ পুৰোহিতসকল তোমালোকৰ বিৰুদ্ধে মহাধ্বনি কৰা তেওঁলোকৰ তূৰীও আছে। হে ইস্ৰায়েলৰ সন্তানসকল, তোমালোকে তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, কিয়নো তেতিয়া তোমালোকে কৃতকাৰ্য্য নহ’বা৷
2 Chronicles 13:14 in Assamese 14 পাছত যিহূদাৰ লোকসকলে মুখ ঘূৰাই যেতিয়া তেওঁলোকৰ আগফালে আৰু পাছফালে যুদ্ধ হোৱা দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু পুৰোহিতসকলে তূৰী বজালে;
2 Chronicles 13:18 in Assamese 18 এইদৰে সেই সময়ত ইস্ৰায়েলৰ সন্তানসকলক বশ কৰা হ’ল; যিহূদাৰ সন্তানসকল জয়ী হ’ল, কিয়নো তেওঁলোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ওপৰত তেওঁলোকে ভাৰসা ৰাখিছিল।
2 Chronicles 18:31 in Assamese 31 এই হেতুকে ৰথৰ অধ্যক্ষসকলে যিহোচাফটক দেখি, “এৱেই ইস্ৰায়েলৰ ৰজা”, এই বুলি, তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ’ল; তাতে যিহোচাফটে আটাহ পাৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁক সহায় কৰিলে আৰু তেওঁৰ ওচৰৰ পৰা আঁতৰ হৈ যাবলৈ তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
2 Chronicles 20:12 in Assamese 12 হে আমাৰ ঈশ্বৰ, আপুনি তেওঁলোকৰ বিচাৰ নকৰিবা নে? কিয়নো আমাৰ অহিতে সেই যি অধিক অতিশয় লোক সমূহ আহিছে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ নিজৰ কোনো সমৰ্থ নাই৷ আমি যি কৰিব লাগিব, সেই বিষয়ে নাজানো, কেৱল আপোনালৈ চাই আছোঁ।”
2 Chronicles 32:8 in Assamese 8 তেওঁৰ লগত মাংসময় বাহুহে আছে, কিন্তু আমাক সহায় কৰিবলৈ আৰু আমাৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱা আমাৰ লগত আছে।” তাতে লোকসকল যিহূদাৰ ৰজা হিষ্কিয়াৰ কথাত সান্তনা পালে।
2 Chronicles 32:20 in Assamese 20 পাছত ৰজা হিষ্কিয়া আৰু আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে সেই বিষয়ে প্ৰাৰ্থনা কৰিলে আৰু স্বৰ্গৰ ফাললৈ মুখ কৰি কাতৰোক্তি কৰিলে।
Psalm 9:19 in Assamese 19 হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক।
Psalm 18:6 in Assamese 6 সঙ্কটৰ কালত মই যিহোৱাক মাতিলো, সহায় বিচাৰি মোৰ ঈশ্বৰৰ ওচৰত কাতৰোক্তি জনালো; তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, মোৰ কাতৰোক্তি তেওঁৰ ওচৰলৈ গ’ল আৰু তেওঁৰ কাণত পৰিল।
Psalm 20:5 in Assamese 5 তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম; আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম; যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক।
Psalm 20:7 in Assamese 7 অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰো আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
Psalm 22:5 in Assamese 5 তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে; তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল।
Psalm 34:6 in Assamese 6 এই দুখীয়ে প্ৰাৰ্থনা কৰাত যিহোৱাই শুনিলে, সকলো সঙ্কটৰ পৰা তেওঁক পৰিত্ৰাণ কৰিলে।
Psalm 37:5 in Assamese 5 তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।
Psalm 50:15 in Assamese 15 সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
Psalm 79:9 in Assamese 9 হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ, তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা; তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।
Psalm 91:15 in Assamese 15 তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
Psalm 120:1 in Assamese 1 মোৰ সঙ্কটৰ কালত মই যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ; তাতে তেওঁ মোক উত্তৰ দিলে।
Proverbs 18:10 in Assamese 10 যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
Isaiah 2:22 in Assamese 22 নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে?
Isaiah 26:3 in Assamese 3 যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পুৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
Isaiah 26:13 in Assamese 13 হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ বাহিৰে আন প্ৰভুসকলে আমাৰ ওপৰত অধিকাৰ কৰিছিল, কিন্তু আমি কেৱল আপোনাৰ নামৰ স্তুতি কৰিম।
Isaiah 40:29 in Assamese 29 তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে।
Isaiah 41:10 in Assamese 10 ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
Jeremiah 1:19 in Assamese 19 তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক ঘটোৱাব নোৱাৰিব, কিয়নো মই তোমাৰ লগত থাকিম আৰু তোমালোকক উদ্ধাৰ কৰিম। আৰু ই নিশ্চয়কৈ ঘটিব কিয়নো মই, যিহোৱাই ইয়াকে ক’লো!”
Amos 5:9 in Assamese 9 তেওঁ শক্তিশালী সৈন্যবোৰৰ ওপৰত হঠাৎ বিনাশ উপস্থিত কৰায়, তাতে দুৰ্গবোৰৰ ওপৰলৈ ধ্বংস নামি আহেঁ।
Zechariah 2:8 in Assamese 8 কিয়নো বাহিনীসকলৰ যিহোৱাই মোক সন্মানিত কৰিলে, আৰু তোমালোকক লুণ্ঠণ কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠিয়ালে; কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে, সেইজনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।
Matthew 16:18 in Assamese 18 ময়ো তোমাক কওঁ, ‘তুমি পিতৰ অৰ্থাৎ শিল, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব’।
John 14:1 in Assamese 1 “তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।
John 14:27 in Assamese 27 মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
Acts 2:21 in Assamese 21 কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব’।
Acts 3:16 in Assamese 16 আৰু সেই যীচুৰ নামত বিশ্বাস কৰাৰ কাৰণে, এই যি মানুহ জনক আপোনালোকে চিনি পাইছে, এওঁক তেওঁৰ নামেই বলৱান কৰিলে আৰু তেওঁৰ পৰা জন্মোৱা বিশ্বাসে আপোনালোকৰ সন্মূখত এওঁক সম্পূৰ্ণ সুস্থ কৰি খোজ কঢ়ালে।
Acts 9:4 in Assamese 4 তেতিয়া তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক স্বৰ্গীয়-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?”
Romans 8:31 in Assamese 31 তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
2 Corinthians 12:9 in Assamese 9 তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৰ্বহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷