1 Timothy 6:9 in Assamese 9 কিন্তু যি সকলে ধনৱন্ত হ’বলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ মূৰ্খ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়।
Other Translations King James Version (KJV) But they that will be rich fall into temptation and a snare, and into many foolish and hurtful lusts, which drown men in destruction and perdition.
American Standard Version (ASV) But they that are minded to be rich fall into a temptation and a snare and many foolish and hurtful lusts, such as drown men in destruction and perdition.
Bible in Basic English (BBE) But those who have a desire for wealth are falling into danger, and are taken as in a net by a number of foolish and damaging desires, through which men are overtaken by death and destruction.
Darby English Bible (DBY) But those who desire to be rich fall into temptation and a snare, and many unwise and hurtful lusts, which plunge men into destruction and ruin.
World English Bible (WEB) But those who are determined to be rich fall into a temptation and a snare and many foolish and harmful lusts, such as drown men in ruin and destruction.
Young's Literal Translation (YLT) and those wishing to be rich, do fall into temptation and a snare, and many desires, foolish and hurtful, that sink men into ruin and destruction,
Cross Reference Genesis 13:10 in Assamese 10 তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্ব্বে এই সমতল ভূমি তেনেকুৱা আছিল।
Numbers 22:17 in Assamese 17 কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক।
Numbers 31:8 in Assamese 8 আৰু তেওঁলোকে আন আন হত লোকৰ লগত মিদিয়নৰ ৰজাসকলক, অৰ্থাৎ ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবা, এই মিদিয়নীয়া পাঁচজন ৰজাক বধ কৰিলে; আৰু বিয়োৰৰ পুত্র বিলিয়মকো তেওঁলোকে তৰোৱালেৰে বধ কৰিলে।
Deuteronomy 7:25 in Assamese 25 আপোনালোকে তেওঁলোকৰ দেৱতাবোৰৰ খোদিত মুৰ্ত্তিবোৰ জুইত পুৰি ভষ্ম কৰিব; আপোনালোক যেন ফান্দত নপৰে, এই কাৰণে সেইবোৰত থকা ৰূপ বা সোণলৈ লোভ নকৰিব আৰু তাক নিজৰ কাৰণে নল’ব; কিয়নো সেইবোৰ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ অতিশয় ঘিণলগীয়া বস্তু।
Joshua 7:11 in Assamese 11 ইস্ৰায়েলে পাপ কৰিলে৷ মই তেওঁলোকক আজ্ঞা কৰা নিয়মটিও লঙ্ঘন কৰিলে৷ তেওঁলোকে বৰ্জিত বস্তুৰ পৰাই কিছু চুৰ কৰি ল’লে, চুৰ কৰিও ভাও ধৰিলে আৰু তেওঁলোকৰ বস্তুৰ মাজত সেই বর্জিত বস্তু লুকুৱাই ৰাখিলে।
Joshua 7:24 in Assamese 24 পাছত যিহোচূৱা আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে জেৰহৰ পুত্ৰ আখানক আৰু সেই ৰূপ, চোলা আৰু সোণৰ জিভা আৰু তাৰ পুতেক, জীয়েক, তাৰ গৰু, তাৰ গাধ, তাৰ ভেড়া আৰু তাৰ তম্বু আদি সকলোকে ল’লে আৰু সকলোবোৰ আখোৰ উপত্যকালৈ আনিলে।
2 Kings 5:20 in Assamese 20 নামান তেওঁৰ ওচৰৰ পৰা কিছু দূৰ যোৱাৰ পাছতে ঈশ্বৰৰ লোক ইলীচাৰ দাস গেহজীয়ে নিজৰ মনতে ক’লে, “সেই অৰামীয়া নামানে অনা উপহাৰবোৰ গ্রহণ নকৰি মোৰ প্ৰভুৱে তেওঁক এনেয়ে এৰি দিলে! জীৱিত যিহোৱাৰ শপত, মই তেওঁৰ পাছে পাছে লৰি গৈ তেওঁৰ পৰা কিছু কিছু লওঁগৈ!”
Psalm 11:6 in Assamese 6 তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।
Proverbs 1:17 in Assamese 17 যি সময়ত চৰাইয়ে চাই থাকে; সেই সময়ত চৰাই ধৰিবলৈ জাল পতা বৃথা।
Proverbs 15:27 in Assamese 27 ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।
Proverbs 20:21 in Assamese 21 উত্তৰাধিকাৰ আৰম্ভণীতে শীঘ্ৰে পোৱা যায়; কিন্তু শেষত সেয়ে ভাল নহব।
Proverbs 21:6 in Assamese 6 মিছলীয়া জিভাৰ দ্বাৰাই অৰ্জন কৰা ধন-সম্পত্তি অস্থায়ী ভাপ, সেইবোৰ মৃত্যু বিচাৰে,
Proverbs 22:16 in Assamese 16 নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।
Proverbs 23:4 in Assamese 4 ধনী হ’বলৈ অধিক কষ্ট নকৰিবা, কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা।
Proverbs 28:20 in Assamese 20 বিশ্বাসী লোকে বহুতো আশীৰ্ব্বাদ পায়; কিন্তু যিজন শীঘ্রে ধনী হয়, সেই জনে দণ্ড নোপোৱাকৈ নাথাকে।
Isaiah 5:8 in Assamese 8 ঘৰৰ লগত ঘৰ, আৰু পথাৰৰ লগত পথাৰ যোগ দিয়া সকলৰ সন্তাপ হওক; কোঠালি অৱশিষ্ট নাথকালৈকে, দেশত কেৱল তোমালোক অবশিষ্ট থাকিবা।
Hosea 12:7 in Assamese 7 যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী; তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে; তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়।
Amos 8:4 in Assamese 4 তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা।
Zechariah 11:5 in Assamese 5 (সেইবোৰৰ কিনোতাঁবোৰে সেইবোৰক বধ কৰে আৰু নিজক দোষী বুলি নাভাবে; আৰু সেইবোৰক বেচোঁতা প্ৰতিজনে কয়, ‘যিহোৱা ধন্য হওঁক! কিয়নো মই ধনী হ’লো’, কাৰণ সেইবোৰৰ নিজ ৰখীয়াসকলে সেইবোৰক মৰম নকৰে।)
Matthew 13:22 in Assamese 22 কাঁইটনিত পৰা কঠিয়াবোৰ এনে ধৰণৰ লোক, তেওঁলোকে বাক্য শুনে, কিন্তু সংসাৰৰ চিন্তা-ভাৱনা আৰু ধন-সম্পত্তিৰ মায়াই সেই বাক্যক হেচি ধৰে; তেতিয়া তেওঁ বিফল হয়।
Matthew 19:22 in Assamese 22 এই কথা শুনি যুৱক জন অতি দুঃখিত হ’ল আৰু আতৰি গ’ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।
Matthew 26:15 in Assamese 15 আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তেতিয়া তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷
Matthew 27:3 in Assamese 3 তেতিয়া তেওঁক শত্ৰুৰ হাতত অৰ্পণ কৰা যিহুদাই তেওঁক দোষী কৰি দণ্ডাজ্ঞা দিয়া দেখি মনত অনুতপ্ত হৈ খেদ পাই প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলক সেই ত্ৰিশ টা ৰূপৰ মুদ্ৰা ওভোতাই দিলে;
Mark 4:19 in Assamese 19 সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ সোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়।
Luke 21:35 in Assamese 35 কিয়নো সেইদিন জগতত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব।
Acts 5:4 in Assamese 4 সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই ক্ষমতাৰ অধীনত নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেনেহলে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা ক’লা।”
Acts 8:20 in Assamese 20 কিন্তু পিতৰে চিমোনক ক’লে, “তুমি আৰু তোমাৰ ধন ধ্বংস হওক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়।
Ephesians 4:22 in Assamese 22 আপোনালোকে প্ৰৱঞ্চনাপূর্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূর্বকালৰ জীৱন-যাপনৰ বন্ধন সোলোকাই থবলৈ শিক্ষা পালে।
1 Timothy 1:9 in Assamese 9 তথাপি, বিধান ধাৰ্মিক লোকৰ নহয়, কিন্তু সেয়া দিয়া হৈছিল, সেই লোক সকলৰ কাৰণে, যি সকল বিধানহীন আৰু বিদ্ৰোহী, ভক্তিহীন আৰু পাপী, অশুচি, আৰু অধার্মিক, যি সকল পিতৃবধী, মাতৃবধী, নৰবধী,
1 Timothy 3:7 in Assamese 7 ইয়াৰ ওপৰিও তেওঁ বাহিৰত থকা লোক সকলৰ মাজত সুখ্যাতিযুক্ত হোৱা দৰকাৰ, যাতে তেওঁ নিন্দিত নহয় আৰু চয়তানৰ ফান্দত নপৰে; এই কাৰণে সুখ্যাতি থকা লোক হ’ব লাগে৷
2 Timothy 2:26 in Assamese 26 আৰু চয়তানৰ ইচ্ছা সাধনৰ অর্থে তাৰ ফান্দত বন্দী হৈ থাকিলেও, তেওঁলোকে চেতনা পাই ওলাই আহিব পাৰিব।
James 5:1 in Assamese 1 এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক।
2 Peter 2:3 in Assamese 3 তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
2 Peter 2:15 in Assamese 15 এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে অধাৰ্মিক কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল।
1 John 2:15 in Assamese 15 আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই।
Jude 1:11 in Assamese 11 তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু মূল্য পোৱাৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।