1 Timothy 6:12 in Assamese 12 বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷
Other Translations King James Version (KJV) Fight the good fight of faith, lay hold on eternal life, whereunto thou art also called, and hast professed a good profession before many witnesses.
American Standard Version (ASV) Fight the good fight of the faith, lay hold on the life eternal, whereunto thou wast called, and didst confess the good confession in the sight of many witnesses.
Bible in Basic English (BBE) Be fighting the good fight of the faith; take for yourself the life eternal, for which you were marked out, and of which you gave witness in the eyes of all.
Darby English Bible (DBY) Strive earnestly [in] the good conflict of faith. Lay hold of eternal life, to which thou hast been called, and hast confessed the good confession before many witnesses.
World English Bible (WEB) Fight the good fight of faith. Lay hold of the eternal life to which you were called, and you confessed the good confession in the sight of many witnesses.
Young's Literal Translation (YLT) be striving the good strife of the faith, be laying hold on the life age-during, to which also thou wast called, and didst profess the right profession before many witnesses.
Cross Reference Deuteronomy 26:3 in Assamese 3 তেতিয়া যি জন পুৰোহিত থাকিব আপোনালোকে গৈ তেওঁক ক’ব, “যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্ব-পুৰুষসকলৰ আগত শপত খাইছিল, সেই দেশত মই সোমালো ইয়াক আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰ কৰিছোঁ।”
Deuteronomy 26:17 in Assamese 17 আজিয়েই আপোনালোকে স্বীকাৰ কৰিছে যে, যিহোৱাই অপোনালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে আপোনলোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁৰ বাক্যলৈ কাণ দিব।
Psalm 63:8 in Assamese 8 মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।
Proverbs 3:18 in Assamese 18 যিসকলে তেওঁক ধৰি ৰাখে, তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ; আৰু যি সকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী।
Song of Solomon 3:4 in Assamese 4 তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই , মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে, মই তেওঁক এৰি নিদিলোঁ; যি গৰকীয়ে মোক গর্ভত ধাৰণ কৰিছিল, মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো।
Isaiah 44:5 in Assamese 5 এজনে ক’ব, মই যিহোৱাৰেই, আনজনে নিজকে যাকোবৰ বুলি ক’ব, আৰু আন এজনে ‘মই যিহোৱাৰ হ’য়’এই বুলি নিজৰ হাতত লিখিব, আৰু ইস্ৰায়েলৰ নামেৰে জনাজাত হ’ব।”
Zechariah 10:5 in Assamese 5 তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব।
Luke 12:8 in Assamese 8 মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব।
Romans 8:28 in Assamese 28 আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
Romans 9:23 in Assamese 23 আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে,
Romans 10:9 in Assamese 9 কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব।
1 Corinthians 9:25 in Assamese 25 ক্রীড়াবিদসকলে যি অভ্যাস কৰে, সেয়া খেলত জিকিবলৈ কৰে, আৰু তেখেতসকলে সকলোভাৱে ইন্দ্ৰিয়-দমন কৰে। এইবোৰ তেখেতসকলে বিনাশী কিৰীটি পাবলৈ কৰে, কিন্তু আমি হ’লে, অবিনাশী কিৰীটি পাবলৈ ইয়াকে কৰোঁ।
2 Corinthians 6:7 in Assamese 7 সত্যৰ বাক্যত, ঈশ্বৰৰ শক্তিত, সোঁ আৰু বাওঁফালে ধাৰ্মিকতাৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে, সকলো সময়ত যোগ্য-পাত্ৰ দেখুৱাইছোঁ ৷
2 Corinthians 9:13 in Assamese 13 আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই অনুমোদিত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷
2 Corinthians 10:3 in Assamese 3 কিয়নো আমি মাংসত থাকিলেও, মাংস অনুসাৰে যুদ্ধ নকৰোঁ;
Ephesians 6:10 in Assamese 10 অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।
Philippians 3:12 in Assamese 12 মই এইবোৰ এতিয়ালৈ গ্ৰহণ কৰিব পৰা নাই, সেই বাবে মই এতিয়াও সিদ্ধ হোৱা নাই; কিন্তু যি কাৰণত খ্ৰীষ্ট যীচুৰ দ্বাৰাই মোক ধৰি ৰখা হ’ল, মই যেন কোনো প্ৰকাৰে সেইবোৰক মোৰ পাব পাৰোঁ, তাৰ বাবে মই চলি আছোঁ।
Colossians 3:15 in Assamese 15 এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক।
1 Thessalonians 2:12 in Assamese 12 যি জন ঈশ্বৰে আপোনালোকক তেওঁৰ ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিলে, সেই জন ঈশ্বৰৰ দৃষ্টিত আপোনালোকে যেন যোগ্য জীৱন-যাপন কৰে।
1 Thessalonians 5:8 in Assamese 8 কিন্তু আমি হলে দিনৰ সন্তান হোৱাত, আহক আমি সংযমী হওঁ; বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি, মূৰত পৰিত্ৰাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধোহঁক।
2 Thessalonians 2:14 in Assamese 14 আমাৰ শুভবার্তাৰ দ্বাৰাই পৰিত্রাণ পাবলৈ তেওঁ আপোনালোকক আমন্ত্রণ কৰিলে যাতে আপোনালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ গৌৰৱৰ ভাগী হয়।
1 Timothy 1:18 in Assamese 18 মই তোমাক এই আদেশ দিওঁ, হে মোৰ পুত্ৰ তীমথিয়; মই তোমাৰ সম্বন্ধে জনোৱা ভাৱবাণীৰ দৰে, তুমি তাতে একমত হৈ সেই অনুসাৰে যেন উত্তম যুজঁত প্ৰাণপণ কৰা৷
1 Timothy 6:13 in Assamese 13 সকলোৰে জীৱন দিওঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যি জনে পন্তীয় পীলাতৰ আগত সেই উত্তম স্বীকাৰৰূপে সাক্ষ্য দিছিল, সেই খ্ৰীষ্ট যীচুৰ সাক্ষাতেও, মই তোমাক এই আজ্ঞা দিছোঁ যে,
1 Timothy 6:19 in Assamese 19 আৰু সেইৰূপে প্ৰকৃত জীৱন-ধাৰণ কৰি পৰকালৰ বাবে নিজৰ অৰ্থে তেওঁলোকে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক।
2 Timothy 1:9 in Assamese 9 কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে। এয়া আমাৰ কর্মৰ দৰে নহয়, কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে। এই অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল।
2 Timothy 4:7 in Assamese 7 মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ।
Hebrews 3:14 in Assamese 14 আৰম্ভণীতে খ্রীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকো, তেনেহলে আমি খ্ৰীষ্টৰ সহভাগী;
Hebrews 6:18 in Assamese 18 ঈশ্বৰে এই কার্য দুটা অপৰিবর্তনীয় বিষয়ৰ দ্বাৰাই কৰিছিল, যি বিষয়ত ঈশ্বৰে মিছা-কোৱা অসাধ্য। আমি যি সকলে ঈশ্বৰৰ ওচৰত আশ্রয় বিচাৰি পলাই আহিলোঁ, আমি আমাৰ আগত থকা আশাক যেন দৃঢ়তাৰে ধৰিবলৈ প্রচুৰ উৎসাহ পাওঁ, তাৰ কাৰণে ইয়াকে কৰিলোঁ।
Hebrews 13:23 in Assamese 23 আমাৰ ভাই তীমথিয়ক জেলৰ পৰা মুকলি কৰা হৈছে, ইয়াকে জানিবা; তেওঁ সোনকালে আহিলে, তেৱেঁ সৈতে মই আপোনালোকক দেখা কৰিবলৈ যাম।
1 Peter 3:9 in Assamese 9 অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
1 Peter 5:10 in Assamese 10 আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।
1 John 2:25 in Assamese 25 আৰু এয়ে আমাৰ আগত কৰা তেওঁৰ প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰতিজ্ঞা; অনন্ত জীৱন।
Revelation 3:3 in Assamese 3 এতেকে তুমি কি গ্ৰহণ কৰিলা আৰু শুনিলা, সেইবোৰ সোঁৱৰণ কৰা, পালন কৰা আৰু মন-পালটোৱা। কাৰণ তুমি যদি জাগ্ৰত নোহোৱা, তেনেহলে মই চোৰৰ নিচিনাকৈ আহিম, আৰু কোন সময়ত মই তোমাৰ বিৰুদ্ধে আহিম, সেই বিষয়ে তুমি নাজানিবা।