1 Timothy 6:10 in Assamese 10 ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।
Other Translations King James Version (KJV) For the love of money is the root of all evil: which while some coveted after, they have erred from the faith, and pierced themselves through with many sorrows.
American Standard Version (ASV) For the love of money is a root of all kinds of evil: which some reaching after have been led astray from the faith, and have pierced themselves through with many sorrows.
Bible in Basic English (BBE) For the love of money is a root of all evil: and some whose hearts were fixed on it have been turned away from the faith, and been wounded with unnumbered sorrows.
Darby English Bible (DBY) For the love of money is [the] root of every evil; which some having aspired after, have wandered from the faith, and pierced themselves with many sorrows.
World English Bible (WEB) For the love of money is a root of all kinds of evil. Some have been led astray from the faith in their greed, and have pierced themselves through with many sorrows.
Young's Literal Translation (YLT) for a root of all the evils is the love of money, which certain longing for did go astray from the faith, and themselves did pierce through with many sorrows;
Cross Reference Genesis 29:14 in Assamese 14 লাবনে তেওঁক ক’লে, “তুমি সচাঁকৈয়ে মোৰ শৰীৰৰ হাড় আৰু মঙহৰ লোক।” তাৰপাছত যাকোব লাবনৰ ঘৰত এমাহ থাকিল।
Genesis 29:26 in Assamese 26 তেতিয়া লাবনে ক’লে, “ডাঙৰ জনীৰ আগেয়ে সৰু জনীক বিয়া দিয়া আমাৰ নিয়ম নাই।
Genesis 29:31 in Assamese 31 যিহোৱাই লেয়াক অৱহেলা কৰা দেখি, তেওঁক গৰ্ভধাৰণৰ ক্ষমতা দিলে; কিন্তু ৰাহেল নিঃসন্তান হ’ল।
Genesis 34:23 in Assamese 23 তেওঁলোকৰ পশুধন আৰু সা-সম্পত্তি - অর্থাৎ সকলো জীৱ-জন্তুৱেই জানো আমাৰ নহ’ব? গতিকে আহঁক, আমি তেওঁলোকৰ সেই কথাত মান্তি হওঁহক; তাতে তেওঁলোকে আমাৰে সৈতে বাস কৰিব।
Genesis 38:16 in Assamese 16 তাতে তেওঁ বাটৰ দাঁতিলৈ তাইৰ ওচৰলৈ গৈ, তাইক নিজ পো-বোৱাৰীয়েক বুলি নেজানি তাইক ক’লে, “আহাঁ, মই তোমাৰ লগত শয়ন কৰোঁ। তাতে তামাৰে ক’লে, “মোৰ লগত শয়ন কৰাৰ বাবদ আপুনি মোক কি দিব?”
Exodus 23:7 in Assamese 7 মিছা অভিযোগ দিওঁতে আনলোকৰ সৈতে সহযোগ নকৰিবা, নিৰ্দ্দোষী বা ধাৰ্ম্মিক লোকক হত্যা নকৰিবা; কাৰণ মই দুষ্টলোকক নিৰ্দ্দোষী নকৰিম।
Deuteronomy 16:19 in Assamese 19 আপুনি বলপুর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্ম্মিকৰ কথা ওলোটাই।
Deuteronomy 23:4 in Assamese 4 কিয়নো মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত আপোনালোকৰ যাত্রা পথত তেওঁলোকে অন্ন আৰু জল লৈ অহা নাছিল, বৰং আপোনালোকক শাও দিবলৈ তেওঁলোকে অৰাম-নহৰয়িম (মেচোপটেমিয়া) দেশৰ পথোৰ নগৰৰ পৰা বিয়োৰৰ পুতেক বিলিয়মক ধন দি আনিছিল।
Deuteronomy 23:18 in Assamese 18 পুৰষ হওঁক বা মহিলাই হওঁক, যি জনে বেশ্যাৰ জীৱন কটায়, তেওঁৰ উপার্জনৰ ধন কোনো সঙ্কল্প-সিদ্ধিৰ অৰ্থে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ নানিব; কাৰণ সেই ধৰণৰ পুৰুষ আৰু মহিলাক আপোনালোকৰ ঈশ্বৰ যিহোৱাই ঘৃণা কৰে।
Judges 17:10 in Assamese 10 তেতিয়া মীখাই তেওঁক ক’লে, “তুমি মোৰ লগত থাকি মোৰ পিতৃ আৰু পুৰোহিত হোৱা; মই বছেৰেকত তোমাক দহ চেকল ৰূপ, এযোৰ কাপোৰ আৰু তোমাৰ খোৱা বস্তু দিম।” তেতিয়া সেই লেবীয়া মানুহজন তেওঁৰ ঘৰলৈ গ’ল আৰু তেওঁৰ লগত থাকিবলৈ সন্মত হ’ল;
Judges 18:19 in Assamese 19 তেতিয়া তেওঁলোকে তেওঁক ক’লে, “মনে মনে থাকা! মুখত হাত দি আমাৰ লগত ব’লা, আমাৰ পিতৃ আৰু পুৰোহিত হোৱা। এজন মানুহৰ এটা পৰিয়ালৰ পুৰোহিত হোৱা তোমাৰ ভাল নে, নাইবা ইস্ৰায়েলৰ এক ফৈদ আৰু এক জনগোষ্ঠীৰ পুৰোহিত হোৱা ভাল?”
Judges 18:29 in Assamese 29 আৰু তেওঁলোকৰ পূৰ্ব্ব-পুৰুষ ইস্ৰায়েলৰ পুত্ৰ যি দান, তেওঁৰ নামেৰে সেই নগৰৰ নাম লয়িচ আছিল।
2 Samuel 4:10 in Assamese 10 যেতিয়া কোনো এজন মানুহে বৰ ভাল খবৰ আনিছো বুলি ভাবি মোক কৈছিল, ‘চাওঁক, চৌল মৰিল’, তেতিয়া মই তেওঁক ধৰি চিক্লগত বধ কৰিলোঁ আৰু এইটোৱেই বাতৰি অনাৰ বাবে তেওঁক মই দিয়া তেওঁৰ পুৰস্কাৰ আছিল।
2 Kings 5:27 in Assamese 27 এই হেতুকে নামানৰ কুষ্ঠৰোগ তোমাৰ আৰু তোমাৰ বংশধৰ সকলৰ মাজত চিৰকাল লাগি থাকিব।” তেতিয়া গেহজী ইলীচাৰ সন্মুখৰ পৰা গুছি গ’ল আৰু তেওঁৰ গাৰ ছাল হিমৰ নিচিনা বগা কুষ্ঠৰোগ হ’ল।
Psalm 32:10 in Assamese 10 দুষ্টলোকৰ যাতনা অধিক; কিন্তু যিজনে যিহোৱাত নিৰ্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে।
Proverbs 1:19 in Assamese 19 সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়; অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়।
Proverbs 1:31 in Assamese 31 তেওঁলোকে তেওঁলোকৰ পথৰ ফল ভোগ কৰিব, তেওঁলোকে নিজৰ পৰিকল্পনাৰ ফলেৰে পৰিপূৰ্ণ হ’ব।
Isaiah 1:23 in Assamese 23 তোমালোকৰ শাসনকৰ্ত্তাসকল বিদ্ৰোহী আৰু চুৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকৰ আগত নাহে।
Isaiah 56:11 in Assamese 11 সেই কুকুৰবোৰৰ অধিক ভোক লাগে; সিহঁতৰ কেতিয়াও যথেষ্ট নহয়; তেওঁলোক নিৰ্ণয় ল’ব নোৱাৰা ভেড়া-ৰখীয়া, তেওঁলোক সকলোৱে নিজৰ বাটে ঘূৰি গ’ল, আৰু অন্যায় লাভৰ বাবে প্রতিজনেই লোভী।
Jeremiah 5:27 in Assamese 27 সজা যেনেকৈ চৰাইৰে পূৰ, তেওঁলোকৰ ঘৰ তেনেকৈ ছলেৰে পৰিপূৰ্ণ। এই কাৰণে তেওঁলোক বৰ লোক আৰু ধনী হ’ল।
Ezekiel 13:19 in Assamese 19 মিছা কথালৈ কাণ দিওঁতা মোৰ প্ৰজাসকলৰ আগত তোমালোকে মিছা কথা কৈ, মৰিব নলগাসকলৰ প্ৰাণ বধ কৰিবলৈ আৰু জীয়াই থাকিব নলগাসকলৰ প্ৰাণ জীয়াই ৰাখিবলৈ কেই-খামোচমান যৱৰ আৰু কেইডোখৰ মান পিঠাৰ কাৰণে মোৰ প্ৰজাসকলৰ মাজত মোক অপবিত্ৰ কৰিলা।
Ezekiel 16:33 in Assamese 33 আটাই বেশ্যাক লোকে ধন দিয়ে; কিন্তু তোমাৰ আটাই প্ৰেমকাৰীক তুমিহে ধন দিয়া আৰু তোমাৰ লগত বেশ্যাকৰ্ম্ম কৰিবলৈ, চাৰিওফালৰ পৰা তোমাৰ প্ৰেমকাৰীবোৰ আহিবৰ কাৰণে তেওঁলোকক ভেঁটী দিয়া।
Ezekiel 22:12 in Assamese 12 ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।
Micah 3:11 in Assamese 11 তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
Micah 7:3 in Assamese 3 অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত; শাসনকৰ্ত্তাই ধন খোজে, বিচাৰকৰ্ত্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে, আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়; সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে।
Malachi 1:10 in Assamese 10 “ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসর্গ গ্ৰহণ নকৰিম।
Matthew 23:13 in Assamese 13 কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
Acts 1:16 in Assamese 16 “হে ভাইসকল, ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ যীচুক বন্দী কৰাৰ প্ৰয়োজন আছিল; কিয়নো যীচুক বন্দী কৰা সকলক যিহুদাই বাট দেখুউৱাৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মূখেৰে পূৰ্বতে প্রকাশ কৰিছিল।
1 Timothy 3:3 in Assamese 3 আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত৷
1 Timothy 6:9 in Assamese 9 কিন্তু যি সকলে ধনৱন্ত হ’বলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ মূৰ্খ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়।
1 Timothy 6:21 in Assamese 21 কোনো কোনোৱে সেই ধৰণৰ জ্ঞান প্রকট কৰি স্বীকাৰ কৰা বিশ্বাসৰ পথৰ পৰা এফলীয়া হৈ গ’ল৷ ঈশ্বৰৰ অনুগ্রহ তোমালোক সকলোৰে লগত থাকক।
2 Timothy 4:10 in Assamese 10 কিয়নো দীমাই এই বর্তমান সংসাৰৰ প্ৰেমত পৰিল, আৰু মোক ত্যাগ কৰি থিচলনীকীলৈ গ’ল; ক্ৰীষ্কেন্ত গালাতীয়ালৈ আৰু তীত দালমাতিয়ালৈ গ’ল।
Titus 1:11 in Assamese 11 তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে।
James 5:19 in Assamese 19 হে মোৰ ভাই সকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে,
2 Peter 2:7 in Assamese 7 কিন্তু লোটক তেওঁ ৰক্ষা কৰিছিল। লোট ধাৰ্মিক লোক আছিল। সেই নগৰৰ বিধানহীন মানুহবোৰৰ অনৈতিক চাল-চলনত তেওঁ অতি ব্যথিত হৈছিল।
Jude 1:11 in Assamese 11 তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু মূল্য পোৱাৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।
Revelation 2:14 in Assamese 14 কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কিছুমান কথা আছে, তুমি কিছুমান লোকক ৰাখিছা, যি সকলে নিবিড় ভাবে বিলিয়মৰ শিক্ষা ধৰি আছে; যি জনে ইস্রায়েলৰ সন্তান সকলৰ আগত বিঘিনি পেলাবলৈ বালাকক শিক্ষা দিছিল। সেইদৰে তেওঁলোকে মূর্তিৰ সন্মুখত বলিদান কৰা প্রসাদ খাইছিল আৰু ব্যভিচাৰ কৰিছিল।
Revelation 18:13 in Assamese 13 ডালচেনি, মচলা, ধুপ, সুগন্ধি তেল, ধুনা-এঁঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুড়ি, ঘেঁহু ধান, মেষ, ঘোঁৰা আৰু ৰথ, দাস, আৰু মানুহৰ প্ৰাণবোৰ, এতিয়া কোনেও নিকিনে৷