1 Timothy 5:21 in Assamese 21 ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় নিৰ্দেশনা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা।
Other Translations King James Version (KJV) I charge thee before God, and the Lord Jesus Christ, and the elect angels, that thou observe these things without preferring one before another, doing nothing by partiality.
American Standard Version (ASV) I charge `thee' in the sight of God, and Christ Jesus, and the elect angels, that thou observe these things without prejudice, doing nothing by partiality.
Bible in Basic English (BBE) I give you orders before God and Christ Jesus and the angels of God's selection, to keep these orders without giving thought to one side more than another.
Darby English Bible (DBY) I testify before God and Christ Jesus and the elect angels, that thou keep these things without prejudice, doing nothing by favour.
World English Bible (WEB) I charge you in the sight of God, and Christ Jesus, and the chosen angels, that you observe these things without prejudice, doing nothing by partiality.
Young's Literal Translation (YLT) I testify fully, before God and the Lord Jesus Christ, and the choice messengers, that these things thou mayest keep, without forejudging, doing nothing by partiality.
Cross Reference Leviticus 19:15 in Assamese 15 তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা।
Deuteronomy 1:7 in Assamese 7 এতিয়া তোমালোকে ঘূৰি যাত্ৰা কৰা। ইমোৰীয়াসকলে বাস কৰা পাহাৰীয়া অঞ্চললৈ যোৱা। তাৰ ওচৰ পাজৰৰ সকলো ঠাইলৈকে যোৱা। তাৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথল, পাহাৰীয়া অঞ্চল, নিম্ন ভূমি অঞ্চল, নেগেভ আৰু সমুদ্ৰতীৰলৈ যোৱা। কনানীয়াসকলৰ দেশৰ লগতে লিবানোনৰ পাহাৰলৈকে ইউফ্রেটিচ (ফৰাৎ) নামৰ মহানদী পর্যন্ত যোৱা।
Deuteronomy 33:9 in Assamese 9 যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে, ‘মই তেওঁলোকক দেখা নাই।’ নিজৰ ভাই-ককাইক স্বীকাৰ নকৰিলে, এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে; তেওঁ তোমাৰ বাক্যক পহৰা দিছে আৰু তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে।
Psalm 107:43 in Assamese 43 যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক, যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক।
Psalm 119:34 in Assamese 34 তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰো, সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰো।
Proverbs 18:5 in Assamese 5 দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়, আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়।
Malachi 2:9 in Assamese 9 “সকলো লোকৰ সন্মুখত মই তোমালোকক তুচ্ছ আৰু ঘৃণাৰ পাত্র কৰিলো; কাৰণ মোৰ পথত তোমালোকে চলা নাই, কিন্তু তাৰ পৰিবর্তে ব্যৱস্থাৰ বিষয়ত লোকসকলৰ লগত পক্ষপাতিত্ব কৰিলা।”
Matthew 16:27 in Assamese 27 কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।
Matthew 25:41 in Assamese 41 তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক ক’ব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।
Matthew 28:20 in Assamese 20 মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।”
Luke 20:21 in Assamese 21 পাছত তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আপুনি সত্য কথা কৈছে, আৰু উপদেশ দিছে আৰু কাৰো মুখলৈ নাচাই, পক্ষপাত নকৰাকৈ ঈশ্বৰৰ পথ দেখুৱাই আছে, ইয়াক আমি জানোঁ।
Acts 15:37 in Assamese 37 তেতিয়া বার্ণব্বাই তেওঁলোকৰ লগত যোহনকো নিবলৈ ইচ্ছা কৰিলে। এই যোহনক মার্ক বুলিও মতা হয়।
2 Corinthians 5:16 in Assamese 16 এই কাৰণে এতিয়াৰে পৰা কোনো এজনকে আমি মাংস অনুসাৰে নাজানিম; একেদৰে খ্ৰীষ্টক আগেয়ে মাংস অনুসাৰে জানিলেও, এতিয়াৰ পৰা নাজানিম।
1 Thessalonians 5:27 in Assamese 27 মই আপোনালোকক প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে, এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়।
1 Timothy 6:13 in Assamese 13 সকলোৰে জীৱন দিওঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যি জনে পন্তীয় পীলাতৰ আগত সেই উত্তম স্বীকাৰৰূপে সাক্ষ্য দিছিল, সেই খ্ৰীষ্ট যীচুৰ সাক্ষাতেও, মই তোমাক এই আজ্ঞা দিছোঁ যে,
2 Timothy 2:14 in Assamese 14 তুমি এই সকলো কথা তেখেত সকলক সোঁৱৰাই থাকিবা, আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেত সকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাগযুদ্ধবোৰে একো লাভ নজন্মাই কিন্তু শুনা লোক সকলক নাশ কৰে।
2 Timothy 4:1 in Assamese 1 মই ঈশ্বৰৰ আৰু যি জন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকৰ্তা, সেই খ্ৰীষ্ট যীচুৰ দৃষ্টিত আছোঁ, তেওঁৰ আবির্ভাৱ আৰু ৰাজ্য হ’ব; মই তোমাক নিৰ্দেশ দিওঁ যে,
James 2:1 in Assamese 1 হে মোৰ ভাই সকল, আমাৰ গৌৰৱময় প্ৰভু যীচু খ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস, পক্ষপাতেৰে ধাৰণ নকৰিব।
James 3:17 in Assamese 17 কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, অকপট আৰু নিৰ্মল।
2 Peter 2:4 in Assamese 4 স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হ’বলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে।
Jude 1:6 in Assamese 6 আৰু যি স্বৰ্গৰ দূত সকলে নিজৰ আধিপত্য নাৰাখি, নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহা-দিনৰ সোধ-বিচাৰৰ অৰ্থে, অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে।
Revelation 12:7 in Assamese 7 এতিয়া স্বৰ্গত যুদ্ধ হ’ল৷ মিখায়েল আৰু তেওঁৰ দূত সকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে; সেই ড্ৰেগন আৰু তাৰ দূত সকলেও যুদ্ধ কৰিলে৷
Revelation 14:10 in Assamese 10 তেনেহলে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব৷ যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সাক্ষাতে আৰু সেই মেষ পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব৷