1 Timothy 1:13 in Assamese 13 যদিও আগেয়ে মই খ্ৰীষ্টৰ নিন্দক আছিলোঁ, অত্যাচাৰী আৰু হিংস্ৰ আছিলোঁ, তথাপি তেওঁ মোক দয়া কৰিলে; কাৰণ মই নুবুজি, বিশ্বাস নকৰাকৈ সেইবোৰ কৰিছিলোঁ৷
Other Translations King James Version (KJV) Who was before a blasphemer, and a persecutor, and injurious: but I obtained mercy, because I did it ignorantly in unbelief.
American Standard Version (ASV) though I was before a blasphemer, and a persecutor, and injurious: howbeit I obtained mercy, because I did it ignorantly in unbelief;
Bible in Basic English (BBE) Though I had said violent words against God, and done cruel acts, causing great trouble: but I was given mercy, because I did it without knowledge, not having faith;
Darby English Bible (DBY) who before was a blasphemer and persecutor, and an insolent overbearing [man]: but mercy was shewn me because I did it ignorantly, in unbelief.
World English Bible (WEB) although I was before a blasphemer, a persecutor, and insolent. However, I obtained mercy, because I did it ignorantly in unbelief.
Young's Literal Translation (YLT) who before was speaking evil, and persecuting, and insulting, but I found kindness, because, being ignorant, I did `it' in unbelief,
Cross Reference Numbers 15:30 in Assamese 30 কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Hosea 2:23 in Assamese 23 মই তাইক মোৰ কাৰণে দেশত ৰোপণ কৰিম। লো-ৰুহামাক (দয়াৰ পাত্র নোহোৱাজনীক) মই দয়া কৰিম; লো-অম্মীক (মোৰ প্রজা নোহোৱাজনক) মই ক’ম “তুমি মোৰেই প্ৰজা” আৰু তেওঁ ক’ব “আপুনিয়েই মোৰ ঈশ্বৰ।”
Luke 12:47 in Assamese 47 যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সেই দাসে ভালেমান কোব খাব।
Luke 23:34 in Assamese 34 তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা; কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ল’লে।
John 9:39 in Assamese 39 যীচুৱে ক’লে, “মই এই জগতলৈ সোধ-বিচাৰ কৰিবলৈ আহিছোঁ, যাতে যি সকলে দেখা নাপায়, তেওঁলোকে দেখা পায় আৰু যি সকলে দেখা পায়, তেওঁলোক যেন অন্ধ হয়।”
Acts 3:17 in Assamese 17 হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে।
Acts 8:3 in Assamese 3 কিন্তু চৌলে ঘৰে ঘৰে গৈ পুৰুষ আৰু মহিলাক বলেৰে ধৰি আনি বন্দীশালত থৈ মণ্ডলীত উৎপাত কৰিব ধৰিলে।
Acts 9:1 in Assamese 1 সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ’ল,
Acts 9:5 in Assamese 5 চৌলে উত্তৰ দি ক’লে, “হে প্ৰভু, আপুনি কোন?” তেতিয়া প্ৰভুৱে ক’লে, “যি জনক তুমি তাড়না কৰি আছা, মই সেই যীচু;
Acts 9:13 in Assamese 13 কিন্তু অননিয়ই উত্তৰ দিলে, “হে প্ৰভু, সেই মানুহে যিৰূচালেমত আপোনাৰ পবিত্ৰ লোক সকলৰ কিমান অপকাৰ কৰিলে, সেই বিষয়ে মই অনেকৰ পৰা শুনিলোঁ৷
Acts 22:4 in Assamese 4 আৰু এই পথৰ পুৰুষ আৰু মহিলা সকলক বান্ধি বন্দীশালত শোধাই দি, আনকি মৰণলৈকে তেওঁলোকৰ ওপৰত তাড়না কৰিছিলোঁ৷
Acts 26:9 in Assamese 9 ময়ো সেইদৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ,
Romans 5:20 in Assamese 20 ইয়াৰ বাহিৰেও অপৰাধ অধিক হ’বলৈ বিধান সোমাই আহিল; কিন্তু যি ঠাইত পাপ অধিক হ’ল, সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল।
Romans 11:30 in Assamese 30 কাৰণ যেনেকৈ আপোনালোকে আগেয়ে ঈশ্বৰৰ অবাধ্য আছিল, কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালে;
1 Corinthians 7:25 in Assamese 25 যি সকলৰ বিয়া হোৱা নাই, তেখেতসকলৰ বিষয়ে মই প্রভুৰ পৰা কোনো আজ্ঞা পোৱা নাই; তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্রভুৰ দয়াত মই নিজস্ব মত প্রকাশ কৰিছোঁ।
1 Corinthians 15:9 in Assamese 9 কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ।
Galatians 1:13 in Assamese 13 আপোনালোকেতো শুনিছে যে, ইহুদী ধর্ম পালন কৰাৰ সময়ত মই কি ভাৱে জীৱন-যাপন কৰিছিলোঁ; কেনে নির্মমভাৱে ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অধিক পৰিমাণে তাড়না কৰি, তাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলোঁ।
Philippians 3:6 in Assamese 6 মই উদ্যমেৰে মণ্ডলীৰ তাড়নাকাৰী আৰু বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী আছিলোঁ৷
1 Timothy 1:16 in Assamese 16 এই কাৰণেই মোক প্ৰথমে দয়া কৰা হ’ল, যাতে প্ৰধান পাপী যি মই, মোৰ যোগেদি যেন যীচু খ্ৰীষ্টই তেওঁৰ অসীম সহনশীলতা দেখুৱাব পাৰে আৰু অনন্ত জীৱন পাবলৈ যি সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিব, সেই সকলৰ বাবে মোক এক দৃষ্টান্ত স্ৱৰূপে ৰাখিলে৷
Hebrews 4:16 in Assamese 16 এতেকে সাহসিকতাৰ সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হ’বলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
Hebrews 6:4 in Assamese 4 কিয়নো যি সকলে এবাৰ পোহৰ প্রাপ্ত হৈছে, তেওঁলোকেই স্বৰ্গীয় দানৰ আস্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ’ল৷
Hebrews 10:26 in Assamese 26 যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে;
1 Peter 2:10 in Assamese 10 ‘আগেয়ে আপোনালোক প্ৰজা নাছিল, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ’ল; দয়াৰ পাত্ৰ নাছিল, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ’ল’।
2 Peter 2:21 in Assamese 21 কাৰণ যি পবিত্র বিধান তেওঁলোকে লাভ কৰিছিল, তাৰ পৰা যদি উলটি যায়, তেনেহলে তেওঁলোকৰ বাবে সেই ধাৰ্মিকতাৰ পথ নজনাই ভাল আছিল।