1 Thessalonians 5:14 in Assamese 14 ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।
Other Translations King James Version (KJV) Now we exhort you, brethren, warn them that are unruly, comfort the feebleminded, support the weak, be patient toward all men.
American Standard Version (ASV) And we exhort you, brethren, admonish the disorderly, encourage the fainthearted, support the weak, be longsuffering toward all.
Bible in Basic English (BBE) And our desire is that you will keep control over those whose lives are not well ordered, giving comfort to the feeble-hearted, supporting those with little strength, and putting up with much from all.
Darby English Bible (DBY) But we exhort you, brethren, admonish the disorderly, comfort the faint-hearted, sustain the weak, be patient towards all.
World English Bible (WEB) We exhort you, brothers, admonish the disorderly, encourage the fainthearted, support the weak, be patient toward all.
Young's Literal Translation (YLT) and we exhort you, brethren, admonish the disorderly, comfort the feeble-minded, support the infirm, be patient unto all;
Cross Reference Isaiah 35:3 in Assamese 3 তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা।
Isaiah 40:1 in Assamese 1 তোমালোকৰ ঈশ্বৰে কৈছে, মোৰ লোকসকলৰ শান্ত্বনা হওক।
Isaiah 40:11 in Assamese 11 তেওঁ ভেড়া ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত ভেড়া পোৱালীক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
Isaiah 63:9 in Assamese 9 তেওঁলোকৰ সমস্ত দূখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্ব্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
Jeremiah 6:12 in Assamese 12 তেওঁলোকৰ ঘৰবোৰ, পথাৰবোৰ আৰু তেওঁলোকৰ মহিলাসকলক অন্যক দিয়া যাব। কাৰণ যিহোৱাই কৈছে, মই দেশনিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম।
Ezekiel 3:17 in Assamese 17 “হে মনুষ্য-সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ কাৰণে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সেই বিষযে় সাৱধানে থকিবলৈ দিয়া।
Ezekiel 33:3 in Assamese 3 তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি শিঙা বজাই লোকসকলক সতৰ্ক কৰে!
Ezekiel 34:16 in Assamese 16 “মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!
Matthew 12:20 in Assamese 20 জয়যুক্তৰূপত ন্যায়-বিচাৰ প্রচাৰ নকৰে মানে, তেওঁ থেতেলি যোৱা নল নাভাঙিব, ধোৱাঁই থকা শলিতাও নুনুমাব;
Luke 22:32 in Assamese 32 কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ; আৰু তুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।”
John 21:15 in Assamese 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এওঁলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষ-পোৱালি সকলক চৰোৱা।”
Acts 20:27 in Assamese 27 কিয়নো আপোনালোকক ঈশ্বৰৰ আটাই পৰিকল্পনা জনাবলৈ মই পাছ নুহুহকিলো।
Acts 20:31 in Assamese 31 এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকুলোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক।
Acts 20:35 in Assamese 35 সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দূৰ্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল, ‘গ্ৰহণ কৰাতকৈ দান কৰা ধন্য’।”
Romans 12:1 in Assamese 1 এতেকে, হে ভাইসকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ আত্মিক আৰাধনা।
Romans 14:1 in Assamese 1 যি জন বিশ্বাসত দুৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়।
Romans 15:1 in Assamese 1 কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দুৰ্বল লোক সকলৰ দুৰ্বলতাৰূপ ভাৰ বোৱা উচিত।
1 Corinthians 4:14 in Assamese 14 মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ, এনে নহয়; কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ।
1 Corinthians 13:4 in Assamese 4 প্ৰেম সহনশীল আৰু স্নেহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী,
Galatians 5:22 in Assamese 22 কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
Galatians 6:1 in Assamese 1 হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
Ephesians 4:2 in Assamese 2 আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক।
Ephesians 4:32 in Assamese 32 পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।
Colossians 1:28 in Assamese 28 সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷
Colossians 3:12 in Assamese 12 এতেকে ঈশ্বৰৰ মনোনীত জন, প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;
1 Thessalonians 2:7 in Assamese 7 মাকে নিজৰ সন্তানক লালন-পালন কৰাৰ নিচিনাকৈ আমিও আপোনালোকৰ ওচৰত অতি মৃদুশীল আছিলোঁ।
2 Thessalonians 3:6 in Assamese 6 ভাই সকল, আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আপোনালোকক এই আদেশ দিওঁ যে, কোনো ভায়ে যদি অনিয়মকৈ চলে আৰু আমাৰ পৰা আপোনালোকে পোৱা শিক্ষা অনুসাৰে নচলে, তেনেহলে তাৰ লগ এৰক।
2 Thessalonians 3:11 in Assamese 11 কাৰণ, আমি শুনিবলৈ পাওঁ যে, আপোনালোকৰ কোনো কোনোৱে অনিয়মকৈ চলে আৰু একো কাম নকৰি অনাধিকাৰ চৰ্চ্চা কৰি ফুৰে।
1 Timothy 3:3 in Assamese 3 আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত৷
1 Timothy 6:11 in Assamese 11 কিন্তু, হে ঈশ্বৰৰ লোক, তুমি এই সকলোৰে পৰা পলোৱা৷ ধাৰ্মিকতা, ঈশ্বৰভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য, মৃদুভাৱ, এইবোৰক পাবলৈ চেষ্টা কৰা।
2 Timothy 2:24 in Assamese 24 প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে, কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ,
2 Timothy 4:2 in Assamese 2 তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো যুগুত হৈ থাকিবা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগণি দিয়া।
Titus 1:6 in Assamese 6 যি জন নিৰ্দোষী, এগৰাকী মহিলাৰ স্বামী, যি জনৰ সন্তান সকল বিশ্বাসী আৰু দুষ্ট বা অবাধ্য বুলি পৰিচিত নহয়, তেনে ব্যক্তিক পৰিচাৰকৰূপে গণ্য কৰিবা।
Titus 1:10 in Assamese 10 কিয়নো বিশেষকৈ চুন্নৎ হোৱা লোক সকলৰ মাজত অনর্থক বাক্য কওঁতা, শৃংখলাহীন, ভাণ্ডনা কৰোঁতা আৰু অনেক অবাধ্য লোক আছে৷
Hebrews 5:2 in Assamese 2 মানুহৰ অজ্ঞতা আৰু ভ্রান্ত অৱস্থাত মহা-পুৰোহিত জনে তেওঁলোকৰ প্রতি সহানুভুতিশীল হ’ব পাৰে, যিহেতু তেৱোঁ আন লোক সকলৰ দৰে নিজৰ দুর্বলতাৰ দ্বাৰা বেষ্টিত।
Hebrews 12:12 in Assamese 12 এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক;
Hebrews 13:3 in Assamese 3 বন্দীয়াৰ সকলক লগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক; নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱা সকলক সোঁৱৰণ কৰক।